বিজ্ঞানী-শিল্পীৰ বিফলতা আৰু হতাশা

এবাৰ এজন গণিতজ্ঞই টুইটাৰত কাৰোবাক কৈছিল যে তেওঁ যিমান কাম কৰে তাৰে ৯০ শতাংশই বিফল হয়, বাকী দহ শতাংশহে প্ৰকাশ কৰিব পৰা যায়। সেয়া দেখা পাই টিমোথি গাৱাৰ্ছ নামৰ গণিতজ্ঞজন আচৰিত হৈছিল আৰু তেওঁ উত্তৰ দিছিল যে— আপোনাৰ কেৱল ৯০ শতাংশহে বিফল হয় নেকি, মোৰচোন ৯৯ শতাংশই বিফল হয়। টিমোথি গাৱাৰ্ছ এজন ফিল্ড্‌ছ্‌ মেডেলিষ্ট। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত তেওঁ এশ শতাংশ নম্বৰেৰে স্বৰ্ণ পদক লাভ কৰিছিল। বিন্যাস তত্ত্ব (combinatorics) আৰু ফলনীয় বিশ্লেষণ (functional analysis) সংযোগী গৱেষণাৰে তেওঁ গণিত জগতখনলৈ কিছুমান চমকপ্ৰদ ফলাফল আগবঢ়াই দিছে। আৰু কেৱল এয়াই নহয়, বৰ্তমান সময়ৰ এজন অসাধাৰণ গণিতজ্ঞ হিচাপে বিশ্বৰ গণিত জগতখনক তেওঁ পৰিচালনাও কৰিছে বিচক্ষণতাৰে। নায়কৰ দৰে আকৰ্ষণীয় চেহেৰা, ওঁঠত মিঠা হাঁহি, আৰু সপ্ৰতিভ কঠনভংগীক অলংকাৰ হিচাপে লৈ তেওঁ হৈ উঠে এজন বৈজ্ঞানিক যোদ্ধাও। Elsevier, Springer আদি জাৰ্নেল প্ৰকাশন বৃহৎ কোম্পানীসমূহে শিক্ষা-প্ৰতিষ্ঠানসমূহৰ পৰা অত্যন্ত বেছি পৰিমাণৰ ধন শোষণ কৰা ধৰণৰ কাৰ্যৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰি বিনামূলীয়া বিকল্প ব্যৱস্থা প্ৰৱৰ্তনৰ চেষ্টা চলোৱা মূল ব্যক্তিসকলৰ মাজত তেৱোঁ এজন। বিশ্বৰ গণিত-বিজ্ঞান জগতৰ বিভিন্ন ইচ্ছ্যুত সততে মাত মতা তেওঁ এটি সাহসী ব্যক্তিত্ব। এনে এজন মানুহেও তেওঁৰ গৱেষণা-কৰ্মৰ ৯৯ শতাংশই বিফল হয় বুলি কোৱাটো নাটকীয়তা নেকি? নহয়, নাটকীয়তা নহয়! এয়া সঁচা। বৈজ্ঞানিক জগতত প্ৰায় সকলোৰে বাবে এয়া অতিকে সঁচা কাহিনী। 

বিজ্ঞানীসকলে আচলতে বেছিভাগ সময় বিফলতাৰ সৈতেই কটাব লগা হয়। কিন্তু, শিল্পী-সাহিত্যিকতকৈ বিজ্ঞানীসকলে হতাশা, বিষণ্ণতা আদিক অধিক হাৰত নিয়ন্ত্ৰণত ৰাখিব পাৰে যেন ধাৰণা হয়। ইয়াৰ সঠিক সমীক্ষা নাই যদিও, বিভিন্ন লেখা, উক্তি আদিৰ পৰা এনে ধাৰণাই হয়। এই সম্পৰ্কীয় মনঃস্তাত্ত্বিক গৱেষণাও চকুত পৰে। তেনে লেখাত এনে কথাও পোৱা যায় যে শিল্পী-সাহিত্যিকৰ এই অৱস্থাবোৰক মহিমামণ্ডিত (glorify) বা romanticize ও কৰি অহা হৈছে দূৰ অতীজৰ পৰাই। ইয়াৰ বিপৰীতে বিজ্ঞানীসকলে হতাশা, বিষণ্ণতা আদিক গঠনমূলকভাৱে চম্ভালি লয়। কাৰণ সেয়াই তেওঁলোকৰ দৈনন্দিন জীৱন। সেয়া অৱধাৰিত। তেওঁলোকে অহৰহ যুঁজেই দি থাকিব লগা হয়। সৃষ্টিশীল প্ৰত্যাহ্বান লোৱাৰ সামৰ্থ্যখিনিৰ পাছতহে তেওঁলোকৰ কাম আৰম্ভ হয়। যিটো নাই সেইটো তেওঁলোকে বাহিৰ কৰিব লগা হয়। প্ৰতিকূলতা জয় কৰিবলৈ চলোৱা যুঁজৰ দৰেই এই যুঁজ। কিবা এটা সমাধান কৰাৰ তাড়না বা আকুলতাই তেওঁলোকক অহৰহ ক্ৰিয়া কৰি থাকে।

এই কথাখিনি মনত ঘূৰি আছে, পাৰ হৈ যোৱা সপ্তাহটোৰ নিজৰ এক কাহিনীক লৈ। প্ৰথম দুটা দিনত মন কৰিলোঁ যে, মোৰ এখনো গৱেষণা-পত্ৰ প্ৰকাশৰ বাবে কোনো জাৰ্নেলত দি থোৱা অৱস্থাত নাই, কোনো এখনো গৱেষণা-পত্ৰ মই লিখিও থকা নাই, আৰু কিবা ফলাফল ওলাবৰ বাবে হাতত জমা থকা কোনটো সমস্যাত এই মুহূৰ্তত গুৰুত্ব দিম সেয়াও ঠিক কৰা নাই। এই তিনিটা কথাই ক্ৰিয়া কৰিছিল বাৰে বাৰে। সেয়ে প্ৰথম দুটা দিন মনলৈ আহি আছিল— এতিয়া মোৰ একো কাম নাই। সম্পূৰ্ণ দুটা দিন মই পূৰা খালি অনুভৱ কৰিছিলোঁ। কিন্তু, এয়া প্ৰসিদ্ধ গল্পকাৰ অপূৰ্ব শৰ্মাৰ ‘আজি একো কাম নাই’ শীৰ্ষক গল্পটোৰ কাহিনীৰ দৰে নহয়। একো কাম নাইকিয়া হোৱাৰ এই শূন্যতাৰ অনুভৱে পূৰ কৰাৰ হেঁপাহ হে জাগ্ৰত কৰে। ই আনি দিয়ে অনুসন্ধানৰ ইচ্ছা। তৃতীয় দিনা হাতলৈ আহিল এটা নতুন সমস্যা। মই লাগিব পৰা এটা সমস্যা। যদিহে তাক সোনকালে সমাধান কৰা নহয়, তেন্তে পৃথিৱীৰ কোনোবা কোণৰ কোনোবাই আগতেই কৰি পেলাব পাৰে আৰু তেতিয়া নিজৰ সময়খিনি অথলে যাব —  সেইটোও কথা আছে। সেয়ে টোপনি খতি কৰি লাগিবলৈ ধৰিলোঁ। মাজে মাজে মনলৈ নানা সপোনো আহিল যে বছৰটো শেষ হ’বলৈ মাথোঁ কেইটামান দিন বাকী আছে, এইকেইদিনতে যদি নতুন কাম এটা হৈ যায়! কিন্তু তেনেকৈ লাগি লাগি পাঁচদিনৰ মূৰত বুজিব পাৰিলোঁ যে সমস্যাটো সমাধান কৰিব পৰা নাযাব। মোৰ দ্বাৰা নাযাব। হয়তো আনৰ দ্বাৰাও সমাধান নহ’ব। আনৰো অন্ততঃ ভালেখিনি দিন লাগিব। শেষত সেইটো বাদ দিয়াটোকে ঠিক কৰিলোঁ আৰু ফুৰিবলৈ ওলাই গ’লোঁ। তাৰমানে, পাঁচটা দিন অথলে গ’ল! বিফল হ’ল এটা সপ্তাহ! কিন্তু, সেয়া শুদ্ধ নহয়। এনেকুৱা সময়ত বিজ্ঞানীসকল হতাশ হোৱাৰ, বিষণ্ণ হোৱাৰ, বা নিজকে ক্ষুদ্ৰ অনুভৱ কৰাৰ লক্ষণ নাই। মোৰ দৰে মানুহেও তেনে অনুভৱ নকৰোঁ কেতিয়াও।

হতাশা, উদ্বিগ্নতা আদি বৈজ্ঞানিক গৱেষকসকলৰ মাজতো দেখা যায়। বহু চেষ্টাৰ পাছত যেতিয়া বুজা যায় যে অত সময়ে কৰা কামখিনি significant নহয় বা সেইখিনিয়ে সঠিক উত্তৰটো দিব নোৱাৰে, তেতিয়া তেনে অনুভৱ হোৱাটোও স্বাভাৱিক। কিন্তু, ই সকলো গৱেষকৰ লগতে ঘটা এটা প্ৰক্ৰিয়া বুলি জনাৰ লগে লগে তেওঁলোকেও অতি সোনকালে এই অৱস্থাখিনি জয় কৰিব পাৰে। টিমোথি গাৱাৰ্ছৰ দৰে গণিতজ্ঞ-বিজ্ঞানীও ৯৯ শতাংশ সময়তে বিফল হয় বুলি যেতিয়া জনা যায়, তেতিয়া হতাশ হোৱা নাযায়। হতাশাজনক যেন লগা কথাবোৰ আচলতে গোটেই প্ৰক্ৰিয়াটোৰেই এটা অংশহে বুলি বুজি উঠিলে এয়া সহজ হৈ পৰে। তেতিয়া, মনটোক আক্ৰমণ কৰিবলৈ নিচেই কাষলৈ দৌৰি আহিব খোজা বিফলতাৰ অনুভৱে মনত প্ৰৱেশ কৰি বিহ্বল বা উদ্বিগ্ন কৰাটো বাদেই, টোকৰো মাৰিব নোৱাৰে!

জে এম কুৎচি

অৱশ্যে চিত্ৰকৰ, বিভিন্ন কলা-কুশলী বা লেখকসকলক ক্ৰিয়া কৰিব পৰা এটা বিশেষ কথাও থাকে। নিজৰ চিন্তাখিনি বা অভিজ্ঞতাখিনি শিল্পলৈ ৰূপান্তৰ কৰাৰ কষ্ট বাৰু সহিব লগা হয়। সেয়া বিজ্ঞানৰ সৈতে প্ৰায় একেই। কিন্তু তাৰ লগতে থাকে আন এটা কথাও। নিজৰ চিন্তা বা অভিজ্ঞতাখিনি আনৰ বাবে তুলি ধৰিবলৈ তেওঁলোক সেইবোৰৰ মাজলৈ পুনৰ সোমাই যাব লগা হয়, কল্পনাতে। মানৱীয় অনুভূতিৰ নানা জটিলতাবোৰ পুনৰ চকুৰ সমুখতে দেখা যেন হৈ পৰে আৰু সেইবোৰে মনত তীব্ৰভাৱে আঘাত কৰে। সিমান আঘাত সহ্য কৰিব নোৱাৰোঁ বাবেও আমি বহুতেই মহান চিত্ৰকৰ, মহান লেখক আদি হ’ব নোৱাৰোঁ। এবাৰ ল’ৰা এজনে কৈছিল, তেওঁ মোৰ ‘কুলাংগাৰ’খন পঢ়ি পাছত মাককো পঢ়িবলৈ দিলে। মাকে পঢ়ি শেষ কৰিলে, কিন্তু মাজৰ এদিন তেওঁ ভাত খাব নোৱাৰিলে। এটা ঘটনাই তেওঁৰ মনত ইমান অশান্তি সৃষ্টি কৰিলে যে তেওঁৰ মুখলৈ ভাত নগ’ল। এনেকুৱা কথা মোক আৰু কেইজনমানে কৈছে। সকলোৰে তেনেকুৱা হয় বেলেগ বেলেগ ইচ্ছ্যুত। কিন্তু সেই গোটেইখিনি কথা একে ঠাইতে আছে। য’ত বাৰে বাৰে আছে আঘাত, অবিশ্বাস, চালনা, কুটিলতা, দুৰ্দশা, নিষ্ঠুৰতা, আদিৰ কাহিনী। তাত যাকেই বিশ্বাস কৰা যায় সিয়েই লুট কৰি যায়, যাকেই নায়ক বুলি ভবা যায় সিয়েই নষ্ট কৰি থৈ যায়, যাকেই অৱলম্বন কৰা হয় সিয়েই অসাৰ বুলি প্ৰতিপন্ন হয়। কিতাপখন লিখি থাকোঁতে শেষৰ এটা বছৰত মোৰ মনলৈ ভাব আহিছিল যে মই ডিপ্ৰেছনৰ স্তৰলৈ গুচি যাম নেকি। মই ভাবিছিলোঁ যে, এইখন জাবৰেই হওক, জোঁথৰেই হওক, লিখি শেষ কৰিবই লাগিব, নহ’লে আন একো কাম কৰিব নোৱাৰিম। সেয়ে লিখাৰ লগতে মন ভালে ৰাখিবলৈ প্ৰতিদিনে এখন ৰুটিন মানি চলিছিলোঁ। এদিনো খতি নকৰাকৈ, সদায় পোন্ধৰ মিনিট সময় মটিভেচনেল বক্তৃতা শুনিছিলোঁ, দিনে দুবাৰ পোন্ধৰ মিনিটকৈ চাউথ-ইণ্ডিয়ান চিনেমাৰ বিশেষ দৃশ্য কিছুমান চাইছিলোঁ। এনেকৈ চাৰি-পাঁচটামান কাম নিয়মীয়াকৈ কৰিছিলোঁ। এইবোৰ আছিল ঔষধৰ দৰে।

আচৰিতো লাগে যে, মানৱীয় জটিলতা বা সামাজিক অৱক্ষয়ৰ কাহিনীবোৰ ইটোৰ পাছত সিটোকৈ মহান লেখকসকলে কেনেকৈ লিখি যাব পাৰে! কিন্তু তেওঁলোকেও তাৰ বাবে মূল্য ভৰিব লগা হয়। বাক্য বা পেৰাগ্ৰাফ একোটা সঠিককৈ লিখিব নোৱৰাৰ বিফলতা তেওঁলোকে বাৰে বাৰে সহ্য কৰিব লগা হয়। ‘Heart of Darkness’ৰ লেখক, যাক কুৰি শতিকাৰ শ্ৰেষ্ঠ ঔপন্যাসিকসকলৰ এজন বুলি কোৱা হয়, সেইজন যোছেফ কনৰাডে হেনো কৈছিল যে— আঠ ঘণ্টা কঠোৰ পৰিশ্ৰম কৰি তেওঁ তিনিটামান বাক্য লিখে আৰু শেষত হতাশাত ভাগি পৰি সেইকেইটাও কাটি পেলাই টেবুলৰ কাষৰ পৰা উঠি গুচি আহে। আন এজন অসাধাৰণ লেখক, বৰ্তমান ৮৫ বছৰ বয়সীয়া, জে এম কুৎচি। দুবাৰকৈ বুকাৰ বঁটা লাভ কৰা, আৰু নোবেল বঁটা লাভ কৰা জে এম কুৎচিৰ কাহিনীত কিছুমান চৰিত্ৰৰ পৰা এটা এটাকৈ সকলো আঁতৰাই লৈ যোৱা হৈছে। চূড়ান্ত পৰ্যায়লৈকে সকলো হেৰুৱাই কেনেকৈ পশুৰ পৰা পৃথক হৈ আছে মানুহ, কেনেকুৱা মানৱীয় অৱস্থা ৰৈ গৈছে তাৰ পাছতো, সেইবোৰ তেওঁ পৰীক্ষা কৰি চাইছে তেওঁৰ কাহিনীত। আৰু তেওঁ নিজে কিমান সহ্য কৰিছে? তেওঁক বহুবছৰ লগ পোৱা কোনোবা এজনে হেনো কৈছিল যে কোনোদিনেই তেওঁৰ মুখত এবাৰো হাঁহি দেখা পোৱা নাছিল।

(শীৰ্ষ ফটোত টিমোথি গাৱাৰ্ছ)

No Comments

Post A Comment