
বৈজ্ঞানিক কাহিনী-কথন
ড° ৰুবুল মাউত এজন প্ৰসিদ্ধ বিজ্ঞানী আৰু ‘মোৰো এটা সপোন আছে’ নামৰ বহুপঠিত গ্ৰন্থখনৰ লেখক। খুৱ কম সংখ্যকেহে গম পোৱা তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে তেওঁ বহুতো ‘বাহিৰা কিতাপ’ পঢ়ে। দুবাৰমান বিভিন্ন কিতাপ সম্পৰ্কীয় তেওঁৰ বক্তব্য শুনি মোৰ এনেকুৱাও ধাৰণা হয় যে তেওঁৰ সমান কিতাপ বহুতো বুদ্ধিজীৱী বা বহুতো সাহিত্যিকেও হয়তো পঢ়াই নাই। এই বাহিৰা কিতাপ অধ্যয়নে তেওঁৰ বৈজ্ঞানিক কামত কেনেদৰে সহায় কৰে বাৰু? তেওঁৰ লগত জড়িত এই সম্পৰ্কীয় সম্পূৰ্ণ তথ্য মোৰ হাতত এতিয়া নাই বাবে সেই প্ৰসংগলৈ নাযাওঁ, কিন্তু তেওঁৰ সেই কিতাপখন বা তেওঁৰ আন লেখাবোৰ পঢ়িলে সকলোৱে ধৰিব পাৰে যে তেওঁৰ এটা আকৰ্ষণীয় ভাষা আছে। নিজৰ জীৱন কাহিনীয়েই হওক বা বৈজ্ঞানিক কাহিনীয়েই হওক, তেওঁৰ কাহিনী-কথনত এটা নিজস্ব বৈশিষ্ট্য বা গতি দেখা যায়। এইখিনিতে গুৰুত্বপূৰ্ণ আন এটা কথা হ’ল এই যে, কেইবাবছৰ আগতে প্ৰকাশিত তেওঁৰ এখন গল্পৰ কিতাপো আছে। আনহাতে, বহুতো বিশিষ্ট বিজ্ঞানীয়ে কয় যে একো একোখন গৱেষণা-পত্ৰ হৈছে একো একোটা কাহিনী। এতিয়া প্ৰশ্ন হ’ল, নিজৰ এই বৈজ্ঞানিক কাহিনী ক’বৰ বাবে, অৰ্থাৎ গৱেষণা-পত্ৰ একোখন লিখিবৰ বাবে বাহিৰা কিতাপ অধ্যয়ন আৰু নিজৰ লেখাৰ দক্ষতাটোৰ প্ৰয়োজন কিমান?
আন এজন স্বনামধন্য অসমীয়া বিজ্ঞানী ড° ভূপেন্দ্ৰ নাথ গোস্বামী, সত্তৰ বছৰ অতিক্ৰম কৰাৰ পাছতো সৌ সিদিনা যাৰ গৱেষণা-পত্ৰ প্ৰসিদ্ধ ‘Science’ পত্ৰিকাত প্ৰকাশিত হৈছে, যিজনৰ দ্বাৰা ৰুবুল মাউতো অনুপ্ৰাণিত হৈছিল, তেওঁ এবাৰ ‘গণিত চ’ৰা’ৰ এটা সাক্ষাৎকাৰত বাহিৰা কিতাপ সম্পৰ্কীয় কিছু কথা কৈছিল। ড° ভূপেন্দ্ৰ নাথ গোস্বামীয়ে আজৰি সময়ত বাহিৰা কিতাপ পঢ়ে। কাহিনী-কিতাপ পঢ়ে। সৰল কাহিনী-কিতাপ। তেওঁ কৈছিল যে— “কিতাপ আগৰ পৰাই পঢ়িছিলোঁ এই কাৰণে যে ইংৰাজীটো অলপমান শিকিব লাগে। ইংৰাজীটো আমাৰ সদায় বেয়া, সৱৰে বেয়া, এতিয়াও বেয়া, আমাৰ ইংৰাজীটো ইমান ভাল নহয়, কেতিয়াও নহয়। সেইটো কাৰণে আমাৰ লিখাবোৰ বেয়া হয়। সেইকাৰণে সেই গৱেষণা-পত্ৰবোৰ আমি ভাল পত্ৰিকাত প্ৰকাশ কৰাত সমস্যা হয়। সেইটো এটা সমস্যা, যিটোত আমি বিকশিত হ’ব লগা হয়, আমি অহৰহ অতিক্ৰম কৰাৰ চেষ্টা কৰিব লাগিব। তাৰ কাৰণে মই অলপ এইবোৰ কিতাপ পঢ়ি থাকোঁ। এটা বস্তু ল’ৰা-ছোৱালীবিলাকক মই ক’ব খুজিছোঁ যে ইংৰাজীটোৰ ভাষাটোৰ বাহিৰেও তাতোকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে গৱেষণা-পত্ৰ একোখন লিখাৰ organization টো, আৰু চিন্তা-পদ্ধতিতো। বিষয়-বস্তুটো তুমি কেনেদৰে শৃংখলাবদ্ধ কৰা। কাহিনীটো তুমি কেনেকৈ নিৰ্মাণ কৰি তোলা। সেইকাৰণে মই উপন্যাস পঢ়োঁ। উপন্যাস লিখাটোও সহজ কথা নহয়। এইটো এটা পিএইচডি-প্ৰগ্ৰেমৰ দৰে। তুমি সমস্ত বিষয়-বস্তুবোৰ organize কৰি ল’ব লাগিব। এখন কাল্পনিক-উপন্যাসতো তুমি সকলো বঢ়িয়াকৈ organize কৰিব লাগিব। তেনেকৈ নল’লে তুমি সঠিকভাৱে কাহিনীটো ক’ব নোৱাৰিবা। গৱেষণা-পত্ৰ একোখনো হৈছে একোটা Storytelling. এই Storytelling, চিন্তা-পদ্ধতি, এইবোৰ সঠিকভাৱে শৃংখলাবদ্ধ হ’ব লাগিব। সেয়েহে, যদিও তোমাৰ ভাষাটো দুৰ্বল, কিন্তু যদি তোমাৰ writing organization টো ভাল, তেতিয়া তুমি ভাল কৰিব পাৰিবা। ইংৰাজীৰ ফালৰ পৰা আমাৰ এটা দুৰ্বলতা সদায় আছেই, আমাৰ সকলোৰে আছে, হয়তো আজিকালিৰ দুই-এজন ল’ৰা-ছোৱালীৰ নাই, কিন্তু আমাৰ বেছিভাগৰে আছে এইটো।”
সাধাৰণ বিজ্ঞানৰে নহয়, গণিতৰো মই যিমানবোৰ গৱেষণা-পত্ৰ পঢ়িছোঁ বা চাইছোঁ, তাৰে কিছুমান পঢ়িবলৈ খুৱ ভাল। যিমানেই কঠিন নহওক, বিশেষ বুজিব নোৱাৰিলেও কিছুমান গৱেষণা-পত্ৰলৈ সোমাই যোৱাৰ পথটো ৰোমাঞ্চকৰ। সাধাৰণতে দেখা যায় যে তেনে গৱেষণা-পত্ৰৰ লেখকসকল science communication ত সিদ্ধহস্ত। তাৰে বহুতে সুন্দৰ প্ৰবন্ধ লিখে। বহুতে নিলিখে, কিন্তু যেতিয়াই তেওঁলোকে লিখে সেইটো এটা ভাল লেখা হৈ পৰে বা যেতিয়াই তেওঁলোকে সাধাৰণ কাহিনী কয় সেয়া যথেষ্ট আকৰ্ষণীয় হয়।
কিছুদিন আগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ অধ্যাপক ড° নয়নদীপ ডেকা বৰুৱা ছাৰে প্ৰসিদ্ধ গণিতজ্ঞ ব্ৰুচ চি. বাৰ্ণ্টৰ এখন কিতাপ আৰু তেওঁৰ লেখাৰ ভাষাৰ সম্পৰ্কে কৈছিল, যাৰ সৈতে তেওঁ BOYSCAST Fellow হিচাপে এসময়ত একেলগে গৱেষণাও কৰিছিল। যদিও সেইখন গণিতৰ উচ্চ মহলৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে লিখা কিতাপ, তাতো কিন্তু পাঠকক আকৰ্ষণ কৰি নিয়া এটা নিজস্ব বৈশিষ্ট্যপূৰ্ণ ধাৰা আছে। ছাৰে কৈছিল যে, কেনেকৈ সেই ধাৰাটোৱে পাঠ এটা আৰম্ভ কৰাৰ পাছত শেষলৈকে লৈ যাব পাৰে। মই ব্ৰুচ চি. বাৰ্ণ্টৰ পাঁচ-ছটামান চেমিনাৰ-বক্তৃতা শুনিছোঁ আৰু তাতো তেওঁৰ সেই লক্ষণটো দেখা পোৱা যায়। ব্ৰুচ চি. বাৰ্ণ্ট হৈছে মুঠতে দহখন গ্ৰন্থ ৰূপে প্ৰকাশিত ৰামানুজনৰ টোকাবহীবোৰৰ সম্পাদক (তাৰে পাঁচখনৰ সহ-সম্পাদক জৰ্জ এন্দ্ৰুজ)। সাধাৰণতে আমি সম্পাদনা-গ্ৰন্থ বুলি ক’লে লেখা সংগ্ৰহ কৰি একেলগে প্ৰকাশ কৰা কাৰ্যকে বুজোঁ। তাত সম্পাদকজনৰ মৌলিক দক্ষতাৰ বৰ বিশেষ প্ৰয়োজন নহয়, যিকোনো মানুহে কৰিলেও কামটো একেটাই হ’ব পাৰে। অৱশ্যে দুই-এটা ব্যতিক্ৰম ঘটনাও কেতিয়াবা ঘটে। যেনেকৈ, বেলেগ বেলেগ মানুহে সম্পাদনা কৰাৰ কালত ‘জ্যোতিপ্ৰসাদ ৰচনাৱলী’ৰ ৰূপ বা বৈশিষ্ট্য বেলেগ হৈছিল। জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনা প্ৰতিভাত কৰা অতি গুৰুত্বপূৰ্ণ লেখাও বাদ পৰি ৰোৱাৰ পৰিপ্ৰেক্ষিতত হোৱা প্ৰতিবাদ, আৰু পৰৱৰ্তী সময়ত পুনৰ ৰচনাৱলীখন প্ৰকাশৰ কাহিনী অসমীয়া সম্পাদনা-গ্ৰন্থৰ ক্ষেত্ৰতে নহয়, সমাজ-জীৱনৰো এটা বিশেষ ঘটনা হিচাপে জনা যায়। যি কি নহওক, ৰামানুজনৰ টোকাবহীক লৈ প্ৰকাশিত দহখন সম্পাদনা-গ্ৰন্থৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ পৃথক। ৰামানুজনে তেওঁৰ টোকাবহীকেইখনত কেইবাহাজাৰ গাণিতিক ফলাফল লিপিবদ্ধ কৰিছিল। কিন্তু সেইবোৰৰ কোনোটোৰেই সম্পূৰ্ণ প্ৰমাণ তেওঁ তাত লিপিবদ্ধ কৰি থৈ যোৱা নাছিল। সেইসমূহ প্ৰমাণৰ বাবে প্ৰাৰম্ভিক কি শিকিব লাগিব, সেইসমূহৰ কোনখিনি কোনে কেনেকুৱা পদ্ধতিৰে ইতিমধ্যে প্ৰমাণ কৰিছে, বাকী কোনখিনিৰ প্ৰমাণ নতুনকৈ আগবঢ়াব পাৰি, তাৰ পাছতো এতিয়াও কোনখিনিৰ প্ৰমাণ কিয় বাকী ৰৈ গৈছে, ইত্যাদি সমস্ত গতি-বিধিৰ ব্যাখ্যাৰে সেই সম্পাদনা-গ্ৰন্থ দহোখন প্ৰস্তুত কৰা হৈছে। এই গোটেই প্ৰক্ৰিয়াটোত ব্ৰুচ চি. বাৰ্ণ্টৰ জীৱনৰ প্ৰায় চাৰিটা দশক পাৰ হৈছে। ইয়াৰ জৰিয়তে তেওঁৰ তত্ত্বাৱধানত বহুকেইজনে ডক্টৰেটো লাভ কৰিছে। নিঃসন্দেহে ব্ৰুচ চি. বাৰ্ণ্টৰ কাহিনী-কথন ৰীতিয়ে এই গ্ৰন্থসমূহক গাণিতিক-পাঠকৰ অধিক কাষ চপাই নিয়ে। ৰামানুজন হৈছে ভাৰতে বিশ্বৰ সমুখত গৌৰৱ কৰিব পৰা বৈজ্ঞানিক প্ৰতিভাসকলৰ এটা প্ৰতীক। এই ৰামানুজনক প্ৰতিষ্ঠা কৰাত যেনেকৈ গডফ্ৰে হেৰল্ড হাৰ্ডিৰ অসামান্য বৰঙণি আছিল, তেনেকৈ পৰৱৰ্তী কালত যিসকলে ৰামানুজনক বিশ্বৰ সমুখত তুলি ধৰিছে তাৰে ভিতৰত ব্ৰুচ চি. বাৰ্ণ্টো অন্যতম। সেয়েহে, উপযুক্ত ব্যক্তিয়ে দৃষ্টিগোচৰ কৰিলে ব্ৰুচ চি. বাৰ্ণ্ট আৰু জৰ্জ এন্দ্ৰুজক পদ্মশ্ৰী ধৰণৰ সন্মানেৰে ভাৰত চৰকাৰে সন্মানিত কৰিবও পাৰে।
বৈজ্ঞানিক বিষয়-বস্তুৰ কাহিনী কিমান মধুৰ হ’ব পাৰে, সেই প্ৰসংগত সদায় মনলৈ আহে ৰেচেল কাৰ্ছনৰ ‘Silent Spring’. আইনষ্টাইন, ফাইনমেন আদি যেনেকৈ কুৰি শতিকাৰ পদাৰ্থবিজ্ঞানৰ একোগৰাকী মহানায়ক আছিল, তেনেকৈ ৰেচেল কাৰ্ছন আছিল কুৰি শতিকাৰ জীৱবিজ্ঞানৰ এগৰাকী মহানায়ক। কিন্তু, আইনষ্টাইন, ফাইনমেন আদি অসমীয়া ভাষাত যিমান চৰ্চিত, ৰেচেল কাৰ্ছন অসমীয়াত সিমান চৰ্চিত এতিয়াও নহয়। ময়ো জীৱবিজ্ঞান জড়িত কিতাপ বুলিয়েই তেওঁৰ সাংঘাটিক প্ৰসিদ্ধ ‘Silent Spring’ নামৰ কিতাপখন পঢ়া নাছিলোঁ। কিন্তু এবাৰ এনেই পঢ়িবলৈ লৈ আচৰিত হৈ গ’লোঁ। কেনেকৈ ইমান ৰোমাঞ্চকৰ হ’ব পাৰে এখন বৈজ্ঞানিক কিতাপো! একো একোটা বিখ্যাত গল্প বা একো একোখন উপন্যাসতকৈ এইবোৰত যুক্ত হৈ থকা কথন-শৈলীৰ বিচক্ষণতা কোনো গুণে কম নহয়। উদাহৰণস্বৰূপে, ভূ-পৃষ্ঠত বিশেষ তৰপ সৃষ্টি কৰি কৃষকক সাৰুৱা মাটি যোগানত, অৰ্থাৎ মানৱ জাতিক আহাৰ যোগানত সহায় কৰা, গণনাৰ সীমা অতিক্ৰম কৰি যোৱা (চকুৰে নমনা) বেক্টেৰীয়াবোৰ আৰু সাধাৰণতে মানুহৰ ঘৃণাৰ পাত্ৰ কেঁচুবোৰ ৰেচেল কাৰ্ছনৰ ভাষাত গল্প-উপন্যাসৰ একোটা চৰিত্ৰৰ দৰে হৈ উঠিছে। কেঁচুবোৰৰ এই মৌলিক ভূমিকাৰ সম্পৰ্কে মানৱ জাতিয়ে বুজিব পৰাকৈ প্ৰথমবাৰৰ বাবে ডাৰউইনে বৰ্ণনা কৰাৰ কথাও ৰেচেল কাৰ্ছনে উল্লেখ কৰিছে। হয়তো এনে দক্ষতাৰ বাবেও তেওঁলোকৰ দৰে বিজ্ঞানীসকলে অসাধাৰণ কাম কৰিবলৈ সক্ষম হৈছিল। অন্ততঃ তেওঁলোকৰ বৈজ্ঞানিক কৌতূহলত আৰু সেইমতে নিজস্ব অন্বেষণত নিশ্চয়কৈ এই গুণেও তেওঁলোকক সহায় কৰিছে।
(মুখ্য ফটোত: Charis Tsevis এ সম্পাদনা কৰা ৰেচেল কাৰ্ছনৰ এটি ৰূপ।)
Bonti Boruah
Posted at 17:03h, 19 Aprilবহুত ভাল লাগিল,আজি ডেৰ বছৰ মানৰ পৰা আপোনাৰ লেখা পঢ়ি আহিছোঁ বৰ ভাল লাগে আপোনাৰ চিন্তাবোৰে অনুপ্ৰাণিত কৰে। লিখি থাকিব এইদৰে পঢ়ি থাকিম। ড° ৰুবুল মাউতৰ নামটো শুনাৰ লগে লগেই শ্ৰদ্ধা আৰু আন্তৰিকতাৰে মন ভৰি আহে প্ৰথমেই তেখেতৰ আঁত ধৰি আপুনি বহুবোৰ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলে উপকৃত হ’লো ।
পংকজ জ্যোতি মহন্ত
Posted at 00:49h, 20 Aprilধন্যবাদ জনালোঁ।