বিজ্ঞানৰ উচ্চ-শিক্ষাত মাতৃভাষা আৰু ভাৰতীয় লেখক

মাতৃভাষাত উচ্চ শিক্ষা আহৰণ সম্পৰ্কে আলোচনা কৰোতে এটা উদাহৰণ বহু বেছি পৰিমাণে দিয়া হয় যে— “ফ্ৰান্স, জাৰ্মান, চীন, জাপান আদি দেশত নিজৰ ভাষাতে সকলো শিক্ষা লৈ আছে, আৰু দেশবোৰে ইমান উন্নতি কৰিছে, গতিকে আমাৰ ইয়াত অসমীয়াত কিয় নোৱাৰিব?” শেহতীয়াকৈ বহুতো বিজ্ঞান-প্ৰতিষ্ঠানলৈ এই আহ্বানো আহিছে যে ভাৰতৰ লেখকে লিখা কিতাপবোৰ পঢ়ুৱাব লাগে।

এই কথাবোৰ কোৱাৰ দৰে ইমান সৰল নহয়। “মাতৃভাষা কৰি দিলে, ভাৰতীয় লেখকৰ কিতাপ ল’ব লাগে বুলি কৈ দিলে, মাতৃভাষাত পঢ়ি যাব, আৰু আমাৰ দেশ বা ৰাজ্যৰ উন্নত হৈ যাব” — ইমান সহজ নহয়। এইবোৰৰ বহুমাত্ৰিক দিশ আছে, যিবোৰ কিন্তু ভালকৈ আলোচনা কৰা নহয়। এইখিনিলৈকে কথাবোৰ ৰাজনীতিবিদ জড়িত কথা, কিন্তু তাৰ পাছতে আহি পৰিল শিক্ষাবিদ জড়িত কথাবোৰ। আমাৰ মাজত ৰাজনীতিবিদৰ কামৰ সম্পৰ্কত অধিক চৰ্চা হয়, কিন্তু শিক্ষাবিদৰ কামৰ সম্পৰ্কত চৰ্চা একেবাৰে নহয়। যিহেতু এইবোৰ হ’বই, গতিকে এই পৰৱৰ্তী কথাবোৰ চৰ্চা হ’ব লাগে।

মাতৃভাষা, ভাৰতীয় লেখক — এই দুই প্ৰয়োগ হোৱাৰ লগে লগে কি কি সমস্যা আহিব বা সমস্যাবোৰৰ সমাধান কেনেকুৱা হ’ব তেনেকুৱা কেইটামান কথা:

১) ফ্ৰান্স, জাৰ্মান, চীন, জাপান আদি দেশবোৰে উন্নতি কৰিছে, কাৰণ তেওঁলোকৰ নিজৰ ভাষাতে শ্ৰেষ্ঠ বস্তুবোৰ আছে। তেওঁলোকে নিজ দেশৰ কাম কৰাৰ লগতে বিশ্বক নেতৃত্ব দি আছে। তেওঁলোকে যদি আন সকলো দেশৰ সৈতে নিজক বিচ্ছিন্ন কৰিও দিয়ে, তেতিয়াও নিজৰ সমলৰ ভিত্তিতে বিশ্বশ্ৰেষ্ঠ কামবোৰ সম্পন্ন কৰি থাকিব। মই গণিতৰ ক্ষেত্ৰৰ কেইটামান উদাহৰণেৰে ক’ব খুজিছোঁ। ভাৰতৰ পৰা ওলোৱা গণিতৰ ভাল জাৰ্নেলখন হ’ল ‘Indian Journal of Pure and Applied Mathematics’। কিন্তু সেইখন হ’ল বিশ্বৰ ভাল জাৰ্নেলসমূহৰ ভিতৰত একেবাৰে শেষৰপিনে থকা জাৰ্নেলহে। তেনেকুৱাই ভাল আৰু দুখনমান আছে, কিন্তু সেইসমূহৰ পাঠক সিমান আছে বুলি ধাৰণা নহয়। আৰু IJPAM খনত প্ৰকাশ পাবলৈ অৰ্থহীন ধৰণে জোখতকৈ অধিক সময় লগায়। এনে বহুতো কাৰণ মিলাই সেইখনত প্ৰকাশ কৰিবলৈ বাকী ভাল সকলো বাদ দিয়াৰ পাছতহে বিবেচনা কৰা হয়।

আন এক সমস্যা হ’ল ভাৰতে বেয়া জাৰ্নেল প্ৰকাশত চবতকৈ চৰা বুলি প্ৰায়ে সমীক্ষা, বাতৰি আদি ওলাই থাকে। আনহাতে Lap Lambert ৰ দৰে fraud প্ৰতিষ্ঠানৰ পৰা কিতাপ উলিওৱা ‘বিশেষজ্ঞ’ ভৰ্তি। আজিকালি আৰু এটা সমস্যা ওলাইছে। Lap Lambert ৰ কথা জনাজাত হোৱাৰ লগে লগে আন কিছুমান পদ্ধতিৰে একাডেমিক জগতত জালিয়াতি কৰি কিতাপ উলিওৱা হয়।

২) ডিগ্ৰীত ‘মডাৰ্ন এলজেব্ৰা’ৰ এখন প্ৰশ্ন-কাকত থাকে। আমাৰ দিনত তাত দিয়া হৈছিল এজন ভাৰতীয় লেখকৰ কিতাপ। একদম নৰম কিতাপ। পিছত জানিবলৈ পাইছিলোঁ, পাঠ্যক্ৰমত সেইখন দিয়াৰ কাৰণটো হ’ল যিসকলে পাঠ্যক্ৰম প্ৰস্তুত কৰিছে, তেওঁলোকে বিষয়টোত একো ভাল কাম কৰাই নাই, তেওঁলোকে ভাল কিতাপ পঢ়িয়েই পোৱা নাই।

এখন ৰাষ্ট্ৰীয় কৰ্মশালাত জিৰণিৰ সময়ত কেইজনমান বক্তাই কেইজনমান ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতি আছিল। বহুতো ৰাষ্ট্ৰীয় কৰ্মশালা বা চেমিনাৰত বা আজিকালিৰ ৱেবিনাৰত নামটোহে ৰাষ্ট্ৰীয় লগাই দিয়া হয়; সেইবোৰৰ কিছুমান প্ৰকৃততে ৰাষ্ট্ৰীয় নালাগে মৌজাটো বা গলিটোৰ চেমিনাৰো নহয়। ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় চেমিনাৰ/ৱেবিনাৰ এনেকুৱাই বুলি ঠগন খায়। ৰাষ্ট্ৰীয় বুলি কোৱা লগে লগে তাত দেশৰ ভিতৰতে নাম থকা বক্তা উপস্থিত থাকিব লাগিব, আৰু দেশৰ বিভিন্ন কোণৰ বিবিধ প্ৰতিষ্ঠানৰ পৰা অহা অংশগ্ৰহণকাৰীৰ মাজত চিন্তাৰ আদান-প্ৰদান হ’ব লাগিব। ওপৰত উল্লেখ কৰা কৰ্মশালাখন তেনেকুৱাই আছিল, তাত কেইবাজনো ভাটনাগৰ বিজয়ী বা পৰৱৰ্তী সময়ৰ বিজয়ীও উপস্থিত আছিল। এজন বক্তাই ছাত্ৰ-ছাত্ৰীকেইজনক সুধিলে যে তোমালোকে মডাৰ্ন এলজেব্ৰাৰ কি কিতাপ পঢ়িছা। উচ্চতৰ প্ৰতিষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে ভাল ভাল কিতাপৰ কথা ক’লে, ভাল ভাল কথা শিকাৰ কথা ক’লে। কিন্তু কেইখনমান কলেজৰ পৰা যোৱা কেইজনমানে তেতিয়াও পঢ়ি আছিল বা পঢ়ি থাকিব লগা হৈছিল পাঠ্যক্ৰমত দিয়া সেই নৰম কিতাপখন। বক্তাজনে শুনি অতিষ্ঠ হৈ ক’লে যে তোমালোকে সেইধৰণৰ কিতাপ পঢ়ি থাকিব নালাগে নহয়! আৰু পাঠ্যক্ৰমততো ভাল কিতাপবোৰ দিব লাগে! তেওঁ বেছিকৈ কৈ থাকিবলৈয়ো বেয়া পালে। এইখিনিতে সুকীয়া সমস্যা এটা হ’ল, যিসকলে এইবোৰ জানে তেওঁলোকে কথাবোৰ ব্যাপক হাৰত জনসাধাৰণে জনাকৈ কোৱাটোত গুৰুত্ব নিদিয়ে।

৩) কেইবাবছৰৰ আগলৈকে এখন বিশ্ববিদ্যালয়ৰ অধীনৰ ডিগ্ৰী ক’ৰ্চত Elementary number theory ৰ এখনো প্ৰশ্ন-কাকত নাছিল। এইটো কেনেকুৱা আচৰিত কথা, Elementary number theory নপঢ়াকৈয়ে স্নাতক হ’ব লগা হৈছে! পিছত এখন কাকত দিয়া হ’ল, কিন্তু পাঠ্যক্ৰমত দিয়া হ’ল ভাৰতীয় লেখকৰ এখন কিতাপ, যিখনো বৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। ভাৰতীয় বুলিয়েই বেয়া কিতাপ হ’ব তেনে নহয়, বহুতো ভাল কিতাপ লিখা হৈছে, অসমৰে জ্যোতিপ্ৰসাদ মেধিয়ে ভাল কিতাপ লিখি থৈ গৈছে। মুঠতে ইয়াত ক’ব বিচৰা কথাটো হ’ল, ভাৰতীয় কিতাপহে ল’ব লাগে বুলি কোৱাটোত বহুতো সমস্যা আছে, যিবোৰ দূৰ কৰিব লাগিব।

প্ৰাথমিক, হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰীৰ কথা অলপ সুকীয়া, সেই সম্পৰ্কীয় আলোচনাবোৰো বেলেগ হ’ব। কিন্তু ডিগ্ৰীৰ পৰা কেনে কিতাপ থকা উচিত? ভাল কিতাপ বুলি কোনবোৰক ক’ব পাৰি? ভাল কিতাপত লেখকজনৰ এটা মৌলিক অৱদান থাকে। ওপৰত উল্লেখ কৰা দুয়োখন কিতাপ হৈছে তিনিখনমান ভাল কিতাপৰ পৰা টুকি লৈ অলপ সাল-সলনি ঘটাই উলিওৱা সাধাৰণ মানৰ কিতাপহে। সেইদৰে হ’লে সেই দুখন ভাৰতীয় বুলিও ক’ব নোৱাৰি। হলীউদৰ ভাল চিনেমা এখন ক’পী কৰি কোনোবা জলীউডত নিৰ্মাণ কৰা সাধাৰণ চিনেমা এখনৰ দৰেহে।

৪) অনুবাদ কৰিব বিচাৰিলে, দেশৰে হওক বা বিদেশৰে হওক, ভাল কিতাপবোৰহে অনুবাদ কৰিব লাগে। যিহেতু ই গোটেই দেশখনৰে কাম, গতিকে বিদেশৰ ডাঙৰ প্ৰতিষ্ঠানৰ পৰা প্ৰকাশিত কিতাপ অনুবাদৰ ব্যৱস্থা কৰাটো অসম্ভৱ নহ’ব।

৫) এনেকুৱা কামবোৰত গোটেই দলটোত বহু সময়ত কিছুমান অযোগ্য মানুহ সোমাই পৰা দেখা যায়। ফলত গোটেই থূপটোত কাম কৰাৰ পৰিৱেশ হেৰাই যায়। ৭ নং পৃষ্ঠাটো নি ২৭ নং পৃষ্ঠাত, ২৭ নং পৃষ্ঠাটো নি ২০ নং পৃষ্ঠাত, হৰিটো যদু কৰি, যদুটো গনেশ কৰি, এনেকুৱা কাম কিছুমান কৰি নতুনত্ব অনা যেন কৰা হয়। এখন পাঠ্যপুথিত দেখিছিলোঁ, ইউক্লিডৰ ‘এলিমেণ্ট্‌ছ’খনৰ কথা লিখা হৈছে, আৰু সেইখন কেৱল জ্যামিতিৰ কিতাপ বুলি কোৱা হৈছে। কিন্তু সেইটো শুদ্ধ নহয়। এই বুনিয়াদী ভুলটো হৈছে, সেই কিতাপখন দুখনমান নৰম কিতাপ গোটাই অনুবাদ কৰি লিখা বাবে। ইউক্লিডৰ এলিমেণ্ট্‌ছ’খনৰ কথা লিখিবলৈ হ’লে এলিমেণ্ট্‌ছ’খনৰ বিষয়ে জানিব লাগিব, অধ্যয়ন থাকিব লাগিব, যিটো পাঠ্যপুথি লিখাজনে কৰা নাই, অ’ৰ-ত’ৰ পৰা কিবাকিবি তুলি দি দিছে।

No Comments

Post A Comment