অতীতৰ ‘শান্তি স্বৰূপ ভাটনাগৰ বঁটা’ আৰু নতুনকৈ প্ৰৱৰ্তিত ‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ’

‘শান্তি স্বৰূপ ভাটনাগৰ বঁটা’ ইতিমধ্যে বন্ধ হৈছে। এই বঁটা বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদে (CSIR) প্ৰদান কৰিছিল আৰু CSIR ৰ প্ৰতিষ্ঠা দিৱস ২৬ ছেপ্তেম্বৰত সদায় ঘোষণা কৰা হৈছিল। এই বঁটা বিজ্ঞানৰ মুঠতে সাতটা বিষয়ত দিয়া হৈছিল আৰু প্ৰতিবাৰে প্ৰতিটো বিষয়ত সৰ্বাধিক দুজনক বঁটা প্ৰদান কৰা হৈছিল, যাৰ বয়স ৪৫ বছৰতকৈ কম। ইয়াৰ বাবে প্ৰাৰ্থীসকলক মনোনীত কৰিছিল উচ্চ প্ৰতিষ্ঠানসমূহৰ সঞ্চালক, উপাচাৰ্য, পূৰ্বৰ এই বঁটা প্ৰাপক আদিয়ে। আৰু মনোনীতসকলৰ পৰা প্ৰাপক কেইজনক নিৰ্বাচন কৰিছিল বিশেষজ্ঞ বিজ্ঞানীৰ একোটা দলে। এই বঁটাক দেশৰ বিজ্ঞানৰ সৰ্বোচ্চ বঁটা হিচাপে গণ্য কৰা হৈছিল। বঁটাৰ লগত ৫ লাখ টকা প্ৰদান কৰিছিল আৰু প্ৰাপকগৰাকীৰ ৬৫ বছৰ পৰ্যন্ত প্ৰতি মাহে ১৫ হাজাৰকৈ টকা প্ৰদান কৰা হৈছিল। এক-দুই বছৰ আগতে দেশৰ বহু সংখ্যক বিজ্ঞান বঁটা বন্ধ কৰি দিয়া হৈছিল আৰু এই লৈ বিতৰ্ক সৃষ্টি হৈছিল। এই প্ৰশ্নও উঠিছিল যে বিজ্ঞানীক টকা কিয় লাগে। বিজ্ঞানীৰ বাবে বিজ্ঞানীয়ে প্ৰতিষ্ঠা কৰি বিজ্ঞানীয়ে দিয়া বিজ্ঞান বঁটাৰ প্ৰয়োজন কিমান? যিহেতু ফাণ্ডসমূহ চৰকাৰী, গতিকে প্ৰতিষ্ঠানসমূহে কাক বঁটা বা ফেল’শ্বিপ দিব তাত চৰকাৰৰ অধিকাৰ থাকিব লাগে নে নালাগে? এইবোৰৰ মাজতে ২০২২ ৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা ঘোষণা প্ৰায় এবছৰ পলম হৈ গৈছিল। তাৰ পাছত শান্তি স্বৰূপ ভাটনাগৰ বঁটা বন্ধ হৈছে। এইদৰে, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান অকাডেমিয়ে (INSA) প্ৰদান কৰা INSA Medal for Young Scientists কো ধৰি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ বিভিন্ন শাখাৰ শতাধিক বঁটা এক-দুই বছৰ আগতে বন্ধ হ’ল।

এইসমূহক নিলগাই চৰকাৰে ‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ’ গঠন কৰে আৰু এইবাৰৰ পৰা প্ৰদান কৰা আৰম্ভ হৈছে। ইয়াৰ নিৰ্বাচন প্ৰক্ৰিয়া সুকীয়া। ইয়াৰ আৰ্হি ঠিক পদ্ম বঁটাৰ দৰে। ইয়াত আৰ্থিক মাননী প্ৰদান কৰা নহয়। ইয়াৰ বাবে নিজেও নিজক মনোনীত কৰিব পাৰে। ৰাজ্য চৰকাৰ, মন্ত্ৰী আদিয়েও পাৰে। বিজ্ঞান মন্ত্ৰণালয়সমূহৰ সচিব, বিশেষজ্ঞ বিজ্ঞানী আদিক লৈ নিৰ্বাচক কমিটিখন গঠন কৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ মন্ত্ৰীয়ে। এই বঁটাসমূহ চাৰিটা ভাগত প্ৰদান কৰা হয়।

১) বিজ্ঞান ৰত্ন বঁটা

২) বিজ্ঞান শ্ৰী বঁটা

৩) বিজ্ঞান যুৱ – শান্তি স্বৰূপ ভাটনাগৰ বঁটা

৪) বিজ্ঞান টীম বঁটা

প্ৰতিবাৰে সৰ্বাধিক ৩ জনক বিজ্ঞান ৰত্ন, সৰ্বাধিক ২৫ জনক বিজ্ঞান শ্ৰী, সৰ্বাধিক ২৫ জনক বিজ্ঞান যুৱ, আৰু সৰ্বাধিক ৩ টা গোটক বিজ্ঞান টীম প্ৰদান কৰা হ’ব। ইয়াৰে বিজ্ঞান ৰত্নক দেশৰ বিজ্ঞান জগতৰ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হৈছে। এইবাৰ এই সৰ্বোচ্চ সন্মান, বিজ্ঞান ৰত্ন আগবঢ়োৱা হৈছে কেৱল এজনলৈ। প্ৰথমবাৰৰ বাবে বিজ্ঞান ৰত্ন লাভ কৰা এই ব্যক্তিজন হৈছে ‘ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান’ৰ (IISc) প্ৰাক্তন সঞ্চালক গোবিন্দৰাজন পদ্মনাভন।

ইয়াৰে তৃতীয় বঁটাটোৰ বাবে, অৰ্থাৎ বিজ্ঞান যুৱ – শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ বাবে আবেদন কৰাৰ এটা নিয়ম হৈছে যে বঁটাটো প্ৰত্যাশী প্ৰাৰ্থীজন শান্তি স্বৰূপ ভাটনাগৰ বঁটা পোৱা হ’ব নালাগিব। সৰ্বোচ্চ ৪৫ বছৰ বয়সলৈকে ইয়াৰ বাবে আবেদন কৰিব পাৰে যদিও এইবাৰ প্ৰথমবাৰত ব্যতিক্ৰম হিচাপে ৪৬ বছৰ কৰা হৈছিল।

শান্তি স্বৰূপ ভাটনাগৰ এজন ভাৰতীয় প্ৰসিদ্ধ বিজ্ঞানী। তেওঁ ৰয়েল চছাইটিৰ ফেল’ আছিল। কেৱল বিজ্ঞানীয়েই নহয়, তেওঁ হোমি ভাবা, বিক্ৰম সাৰাভাই আদিৰ দৰে দেশৰ এজন বিজ্ঞান সংগঠক আছিল। দেশত উচ্চমানৰ গৱেষণা-কেন্দ্ৰসমূহ স্থাপনৰ বাট কাটিছিল তেওঁ। তেওঁ CSIR ৰ এগৰাকী প্ৰতিষ্ঠাপক আৰু প্ৰথমগৰাকী সঞ্চালক প্ৰধান আছিল। তেওঁকে সন্মান জনাবলৈ CSIR য়ে শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰৱৰ্তন কৰিছিল। সেয়েহে তেওঁৰ নাম জড়িত থকা বঁটাটো বন্ধ কৰোঁতে তেওঁৰ প্ৰতি অসন্মান নহ’বলৈ নতুনকৈ প্ৰৱৰ্তিত ‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ’ৰ এটা বঁটাত তেওঁৰ নাম যুক্ত কৰাটো প্ৰয়োজনীয় কথা। আৰু বয়সৰ দিশৰ পৰাও ই একে আৰ্হিৰ।

ইতিমধ্যে বন্ধ হোৱা শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা অসমীয়া মুঠতে পাঁচজন। আৰু কোনেও কেতিয়াও এই বঁটা নাপায়।

এইবাৰ বিজ্ঞান যুৱ – শান্তি স্বৰূপ ভাটনাগৰ বঁটা অসমত শিক্ষা গ্ৰহণ কৰি দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত দুজনে লাভ কৰিছে। ই এক সন্মানীয় প্ৰাপ্তি। বিজ্ঞান যুৱ – শান্তি স্বৰূপ ভাটনাগৰ বঁটা পোৱা তেওঁলোক প্ৰথম অসমীয়া। কেৱল সেয়াই নহয়, ‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ’ প্ৰাপক প্ৰথম দুজন অসমীয়া বিজ্ঞানী তেওঁলোকেই।

ভৱিষ্যতে অসমলৈ বিজ্ঞান ৰত্ন, বিজ্ঞান শ্ৰী আদিও নিশ্চয় আহিব। বিজ্ঞান ৰত্নৰ এজন দাবীদাৰ হ’ব পাৰে ড৹ ভূপেন্দ্ৰ নাথ গোস্বামী। সেইদৰে বিজ্ঞান শ্ৰীৰ দাবীদাৰ হ’ব পাৰে ড৹ জয়ন্তী চুতীয়া আদি। কিন্তু ইয়াৰ বাবে হয়তো মনোনীত কৰিব লাগিব আমাৰ ৰাজ্য চৰকাৰ, প্ৰভাৱশালী মন্ত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম থকা স্বনামধন্য লোকসকলে।

No Comments

Post A Comment