এণ্টাৰ্কটিকাৰ পৰা অসমলৈ অহা এটা ফ’ন-কলৰ কাহিনী
“Wild Continent” বুলি পৰিচিত এণ্টাৰ্কটিকা মহাদেশত প্ৰথম খোজ পেলোৱা অসমীয়াজন হ’ল ৰাঘৱ চন্দ্ৰ ডেকা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ পিছলৈ তেওঁ ভূ-চুম্বকীয় বিজ্ঞানৰ লগত জড়িত হয়৷ ১৯৮৭ চনত ১৫ জনীয়া ভাৰতীয় বিজ্ঞানী দলৰ এজন সদস্য হিচাপে তেওঁ মহাদেশখনৰ এটা অঞ্চলত প্ৰায় ১৪ মাহ থাকি আহে৷ ভাৰতে এণ্টাৰ্কটিকা অভিযান আৰম্ভ কৰিছিল তাৰ মাথোঁ ছবছৰ আগৰ পৰাহে৷ ১৮৫০ চনৰ পূৰ্বেই মহাদেশখনৰ নিলগত মানুহে প্ৰথম খোজ পেলাবলৈ সক্ষম হোৱাৰ পাছতো পৃথিৱীৰ পঞ্চম বৃহৎ এই মহাদেশখনৰ বাসিন্দা আজিও মাথোঁ ৫০০০ মানহে হ’ব, আৰু তেওঁলোকো বৈজ্ঞানিক কামত বিশেষভাৱে থকা লোকহে৷ পৃথিৱীৰ আটাইতকৈ শীতল, আটাইতকৈ শুকান, আটাইতকৈ অধিক আৰু প্ৰবল ধমুহা বলি থকা, বেলেগ বেলেগ অঞ্চলত একেৰাহে দুমাহৰ পৰা ছমাহ পৰ্যন্ত নিশা হৈ থকা, আটাইতকৈ বেচি সংখ্যক পাহাৰ-পূৰ্ণ, ৯৮ শতাংশৰো অধিক অংশ কিলোমিটাৰ জোখৰ ডাঠ বৰফেৰে আবৃত এই মহাদেশখনত মানুহৰ অতি সামান্য এটা অসাৱধানতায়েই জীৱন কাঢ়ি লৈ যাব পাৰে৷ পোচাকৰ সামান্য খুঁতেই শৰীৰ অকামিলা কৰা, কোঠালীৰ সামান্য ভুল কামেই দুষিত বায়ুৱে নিদ্ৰাতেই জীৱন কাঢ়ি নিয়া, আটাইতকৈ শুকান ঠাই হিচাপে সহজেই জুয়ে ক্ষতি কৰিব পৰা, অসাৱধান এটা খোজতেই কোমল বৰফেৰে সৰকি শীতল গভীৰত জীৱন্তে কবৰ যোৱা ইত্যাদি উদাহৰণ বহুত৷
সেই সময়ত ভাৰতীয় দলটোৰ প্ৰত্যেকৰে বাবে এণ্টাৰ্কটিকাৰ পৰা ঘৰলৈ এমাহৰ মূৰত ৬ মিনিটকৈ কথা পতাৰ ব্যৱস্থা কৰা হৈছিল৷ সেয়া আছিল বিনামূলীয়া আৰু সেই ৬ মিনিটৰ বাবেই চৰকাৰে কেইবা হাজাৰকৈ টকা খৰচ কৰিবলগীয়া হৈছিল৷ কোনোবাই কেতিয়াবা কথা পতাৰ সুবিধা কৰিব নোৱাৰিলে পাছৰ মাহত ১২ মিনিট দিয়া হৈছিল৷ তেওঁলোকে সেই কথা-বতৰা ৰেক’ৰ্ড কৰি পিছ্ত বাৰে বাৰে শুনিছিল৷ আমাৰ অসম বা ভাৰতত প্ৰতিখন চহৰ আৰু গাঁৱত হাতে হাতে ম’বাইল ল’ব পৰা সুবিধা হোৱানো কেইবছৰৰ পৰা হৈছে? ১০ বছৰ? ১৯৮৭-৮৮ চনত গাঁৱৰ কাৰোবাৰ কথা পাতিব লগা হ’লে ৪০০ কি.মি. পৰ্যন্ত দূৰৰ চহৰত থকা কোনোবা সম্পৰ্কীয়ৰ ঘৰলৈ গৈয়ো কথা পাতিব লগা হৈছিল৷ প্ৰতিটো খোজতেই কষ্ট কৰিবলগীয়া হোৱা এটা জীৱন, অধিক যোগাযোগহীন, ওচৰত ক’তো জনবসতি নথকা, মূল মানৱ সমাজৰ পৰা হাজাৰ হাজাৰ মাইল দূৰ, বহু দিন ধৰি বেলিৰ পোহৰ নথকা অঞ্চল, মাহ পিছত মাহ ধৰি ফলমূলহীন একেই খাদ্য, মৃত্যুৰ পৰা হাত সৰা সঘন মুহূৰ্ত, … এইধৰণৰ গোটেই কথাবোৰ মিলি বিজ্ঞানীসকল কেতিয়াবা হতাশাত ভাগি পৰিছিল৷ তেনে পৰিস্থিতিত সেই ৬ মিনিটটো তেওঁলোকৰ জীৱন-সম্বল হৈ পৰে৷
এবাৰ ৰাঘৱ চন্দ্ৰ ডেকাই ঘৰলৈ যোগাযোগ কৰিব নোৱাৰি খুৱ ভাগি পৰিছিল৷ তেতিয়া তেওঁলোকৰ দলপতিজনে খুৱ চেষ্টা কৰি অৱশেষত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰিব পাৰিলে৷ কিন্তু মুখ্যমন্ত্ৰী তেতিয়া বাহিৰত থকা বাবে তেওঁ তেওঁৰ ছেক্ৰেটাৰীক অনুৰোধ কৰিলে যে যিকোনো উপায়ে যেন এটা জৰুৰী খবৰ বিজ্ঞানী ডেকাৰ ঘৰত দিয়ে৷ তাৰ পাছত বিজ্ঞানী ডেকাই যেতিয়া ছেক্ৰেটাৰীজনৰ লগত কথা পাতিলে তেতিয়া ছেক্ৰেটাৰীজনে কি উত্তৰ দিলে জানেনে?? ডেকাৰ দৰেই পৰিচিত-অপৰিচিত হাজাৰ হাজাৰ মানুহৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত আৰ্জিত জ্ঞান কিতাপৰ পাতৰ পৰা মুখষ্ঠ কৰি উচ্চ পৰ্যায়ৰ চাকৰি লাভ কৰা ছেক্ৰেটাৰীজনে ডেকাক উত্তৰ দিলে যে— দেশ-বিদেশৰ বহুধৰণৰ ফ’ন তেওঁলৈ আহে, কিমানৰ ঘৰত তেওঁ খবৰ দিব!! বিজ্ঞানী ডেকাই ফ’ন নম্বৰটো তেওঁক দি মাথোঁ ফ’ন এটা কৰি ঘৰত খবৰ এটা দিবলৈ কোৱাৰ পাছতো তেওঁ কোনোদিন ফ’নটো নকৰিলে!!!
Co-Founder: gonitsora.com | as.gonitsora.com
No Comments