গৱেষকৰ প্ৰাচুৰ্য আৰু দেশবোৰৰ প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) নামৰ এখন আয়োগ আছিল। এই আয়োগখনে এবাৰ এই শতিকাটোৰ আৰম্ভণি সময়ৰ এটা তথ্য প্ৰকাশ কৰিছিল যে— প্ৰতি নিযুত জনতাৰ বিপৰীতে আমাৰ দেশত গৱেষকৰ সংখ্যা ১১২ জন; আৰু তাৰ বিপৰীতে চীনৰ ৬৩৩ জন আৰু আমেৰিকাৰ ৪৩৭৪ জন৷ ইয়াকে অৱলম্বন কৰি ‘দ্য চানডে ইণ্ডিয়ান’ নামৰ আলোচনীখনত কম্পিউটাৰ-বিজ্ঞানৰ তেনে তথ্যসমূহৰ ভিত্তিত এটা লেখা প্ৰকাশ হৈছিল আৰু কোৱা হৈছিল যে প্ৰযুক্তিত চীন ইমান আগবাঢ়ি যোৱাৰ ইও এটা প্ৰধান কাৰণ।

এতিয়া সততে দেখা যায়, গৱেষণাৰ ক্ষেত্ৰত চীনা লোকৰ উৎপাদন বহু বেছি পৰিমাণে ভৰি পৰিছে। বিশ্ববিদ্যালয়ৰ ৰেংকিংবোৰতো বহু সংখ্যক চীনা বিশ্ববিদ্যালয়ে উচ্চ স্থানবোৰ দখল কৰি আছে। যেনেকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত অধিক নম্বৰ লাভৰ বাবে কিছুমান অসাধু প্ৰতিযোগিতা হয়, তেনেদৰে এই সাংখ্যিক উচ্চ স্থানবোৰ লাভৰ বাবেও বিশ্ববিদ্যালয়সমূহৰ মাজত কিছুমান কৌশলী প্ৰতিযোগিতা চলে বুলি সমালোচনাও হয়। কিন্তু ইয়াৰ মাজত কিছুমান অকৃত্ৰিম আৰু সাধনালব্ধ কথাও আছে।

শিল্প-কলাৰ দৰে বিজ্ঞানতো সৃষ্টিশীলতাৰ কথা থাকে। কিন্তু শিল্প-কলাৰ কাম কৰা আৰু বিজ্ঞানৰ কাম কৰাৰ ধৰণ এতিয়াও যথেষ্ট পৃথক। এটা কবিতা লিখিবলৈ কোনেও সহ-লেখক নলয়। এখন পেইণ্টিং তিনি-চাৰিজন মিলি নাআঁকে। কিন্তু বিজ্ঞানত সেইটোকে কৰা হয়। এনেকুৱাও হ’ব পাৰে যে— এটা গল্প-কবিতা-গীত, এখন উপন্যাস, এখন পেইণ্টিং, বা এটা কাৰ্টুনৰ সম্পূৰ্ণ ধাৰণা কাৰোবাৰ মনলৈ আহি গৈছে, কিন্তু তেওঁৰ কলমেৰে শব্দবোৰ ওলাই অহা নাই বা তেওঁৰ ব্ৰাছডালে একো কাম কৰিব পৰা নাই। যদি তেওঁ সেই ধাৰণাটো আন এজনক দিয়ে, তেন্তে দুয়োজনে মিলি কামটো সম্পূৰ্ণ কৰি পেলাব পাৰে। কামটো হয়তো এজনে কৰাতকৈ অধিক উন্নতহে হ’ব। যিটো সাধাৰণতে কৰা নহয়। কিন্তু বিজ্ঞানত প্ৰায়ে তেনেকুৱাই হয়।

বিজ্ঞানত হয়তো সৃষ্টিশীল মানুহৰ সংখ্যা কম। একোটা গভীৰ বিষয়-বস্তু বা একোটা গুৰুত্বপূৰ্ণ সমস্যা সকলোৱে বাহিৰলৈ উলিয়াই আনিব নোৱাৰে। সেয়েহে মানুহে প্ৰসিদ্ধ সৃষ্টিশীল বিজ্ঞানীসকলৰ সৈতে কাম কৰিব বিচাৰে। তেওঁলোকে ধাৰণাটো দিলে বা সমস্যাটো দিলে পাছৰ কামখিনি এখোপলৈ সহজ হৈ পৰে। এনেকুৱা বহুতো সমস্যা সমাধানৰ বাবে মুকলিকৈ এৰিও দিয়া হয়। গণিতত এনেকৈ বহু সংখ্যক সৰু-বৰ অনুমান (conjecture) ভৰি আছে। আৰু এই কনজেকচাৰবোৰ পাবলৈকে কিছুমান প্ৰসিদ্ধ গণিতজ্ঞক অসংখ্য মানুহে অহৰহ অনুসৰণ কৰি থাকে। নিজৰ দক্ষতাৰে সমাধান কৰিব পৰা সমস্যাটো পাই গ’লে আধা-আধি কাম শেষেই হৈ যায়। ই একপ্ৰকাৰৰ অদৃশ্য সহযোগিতাৰ দৰে কথা, যিটো প্ৰথম মানুহজনৰ পৰা আনজনলৈ বিয়পি গৈছে।

কিন্তু ইয়াতো কিছুমান ডাঙৰ সমস্যা আহি যায়। এই ক্ষেত্ৰত গোটেই পৃথিৱীজুৰি এক প্ৰকাৰৰ প্ৰতিযোগিতাৰ এখন বৃহৎ জাল সৃষ্টি হয়। যোৱা ন মাহত মোৰ এনেকুৱা চাৰিটা অভিজ্ঞতা হৈছে আৰু সেই চাৰিওটাতে জড়িত থকা ব্যক্তিবিলাক হৈছে চীনা মানুহ। আজিকালি এই সমস্যাটোৰ মুখামুখি বহু লোকেই হৈ থাকে, য’ত চীনা গৱেষকৰ পৰা তৎ নোপোৱা অৱস্থা। ইয়াৰ আৰু এটা কাৰণ আছে যে— চীনে বহু বেছি পৰিমাণে ধন খটুৱাই আছে আৰু তাৰ দ্বাৰা নিজ দেশৰ অধিক সংখ্যক মানুহক আকৰ্ষিত কৰি আছে।

যোৱা আঠ মাহৰ আগতে এজন প্ৰসিদ্ধ গণিতজ্ঞৰ গৱেষণা-পত্ৰত পোৱা কেইটামান প্ৰশ্ন আমি দুজন সহ-লেখক মিলি সমাধান কৰিলোঁ। আমাৰ গৱেষণা-পত্ৰখন লিখি সম্পূৰ্ণ কৰি যিদিনা আবেলিলৈ arXiv ত আপলোড কৰিম বুলি ঠিক কৰিছিলোঁ, সেইদিনাই পুৱা দেখা পালোঁ যে একেকেইটা প্ৰশ্নৰে সমাধান arXiv ত আপলোড হৈছে। আৰু সেইখন গৱেষণা-পত্ৰ লিখিছে দুজন চীনা গৱেষকে। অৱশ্যে, তেওঁলোকতকৈ আমাৰ কামটো অলপ বেছি সঠিক হোৱা বাবে আমাৰ গৱেষণা-পত্ৰখন ভাল জাৰ্নেল এখনত প্ৰকাশিত হ’ল।

তাৰ পাছত, যোৱা ডিচেম্বৰ-জানুৱাৰিৰ সম্পূৰ্ণ এমাহ মই অহৰহ বহি বহি এটা কনজেকচাৰ প্ৰমাণ কৰিবলৈ লাগি আছিলোঁ। বাৰে বাৰে বিভিন্ন ধৰণে চেষ্টা কৰিও সঠিক স্থানটো পোৱাগৈ নাছিলোঁ, কিন্তু মনত এনেকুৱা লাগি আছিল যে এইটোৰ সমাধান হ’বই আৰু সমাধানটো দীঘলীয়া হ’বগৈ যদিও মই কৰিব পৰাই হ’ব। এনেকৈ বহু সময়ত নিজে গম পোৱা যায় যে সামাধানটো নিজৰ দ্বাৰা হ’বগৈ। কিন্তু এমাহতো ঠিক নোহোৱাত ভাবিলোঁ যে অলপদিন এইটোৰ বিষয়ে একো চিন্তা নকৰোঁ, তাৰ পাছত আকৌ নতুনকৈ ভাবিলে কামটো হৈ যাবগৈ পাৰে। এনেকুৱা প্ৰায়ে হয়। অহৰহ লাগি থকাৰ পাছত অলপদিন কামটো এৰি দি আকৌ কৰিলে সি সহজে সমাধা হয়। লগতে এনেকুৱা এটা ভাবো আছিল যে, ইয়াৰ সমাধানটো যিহেতু দীঘলীয়া হ’ব, গতিকে সহজে কোনেও কৰিব নোৱাৰিব। কিন্তু অলপদিন পাছতে arXiv ত দেখিলোঁ যে তাৰ সমাধানটো আপলোড কৰা হৈছে। মুঠতে ২৩ পৃষ্ঠাৰ দীঘল। মই আগতে সেই সম্পৰ্কে কৰা বেলেগ এটা কামৰ ৰেফাৰেন্সো তাত দিছে। আৰু সেইখন গৱেষণা-পত্ৰও লিখিছে আন দুজন চীনা গৱেষকে!

পুনৰ এখন গৱেষণা-পত্ৰত থকা কেইটামান সমস্যা মোৰ হাতলৈ আহিল। মোক কোৱা হ’ল যে এইকেইটা তুমি পাৰিবা যেন লাগিছে। এইটো কথা শুদ্ধ বুলি পুনৰ সুঁৱৰিব খোজোঁ যে, সঠিক প্ৰশ্নকেইটা হাতত পৰা মানেই আধা কাম সম্পূৰ্ণ হৈ গৈছে। সেয়ে উৎসাহিত হৈ লাগি গ’লোঁ। বৰ কঠিনো নাছিল। এক-দুইমাহ লাগি কেইটামান সমাধান কৰিলোঁ। যিদিনা সমাধান কৰি মই দেখুৱাবলৈ লৈছোঁ, পুৱা ই-মেইল চাই দেখিছোঁ যে arXiv ত সেইকেইটাৰ সমাধান আপলোড কৰা হৈছে। আৰু সেইখন গৱেষণা-পত্ৰও লিখিছে তিনিজন বেলেগ চীনা গৱেষকে! অৱশ্যে তেওঁলোকৰ পদ্ধতিটো বেলেগ বাবে আমাৰ কামটোৰো গুৰুত্ব আছে। কিন্তু, আমাৰ পুনৰ আলোচনা হ’ল যে ইয়াত আন এখন গৱেষণা-পত্ৰত থকা প্ৰশ্নৰ সমাধানো লগ লগাই দিব পাৰোঁ নেকি চাওঁ। পুনৰ আনখনৰ প্ৰশ্ন সমাধান কৰি হৈছে মাথোঁ, টাইপ কৰা হোৱাই নাই, তেনেতে দেখিলোঁ যে তাৰ সমাধানসমূহ arXiv ত আপলোড কৰা হৈছে। আৰু সেইখন গৱেষণা-পত্ৰও লিখিছে আন এজন চীনা গৱেষকে! অৱশ্যে তেওঁৰ ধৰণো সামান্য সুকীয়া। কিন্তু সুকীয়া হ’লেও, এইবোৰ কাহিনীয়ে কিছুমান কথা প্ৰকাশিত কৰে। এটা স্থানৰ পৰা ইমানবোৰ মানুহে ইমান তীব্ৰ বেগে কেনেকৈ কাম কৰি আছে!

ইয়াৰ দ্বাৰা এই কথাও বুজা যায় যে কামটো সম্পূৰ্ণ মৌলিক হ’ব লাগিব বুলি কথা নাই। চীনে থলুৱা চিন্তাত অধিক গুৰুত্ব দিয়াৰ সম্পৰ্কে কিছুমান কথা বাতৰি আদিত শুনা যায়। আনকি বিশ্ববিদ্যালয় বা বিজ্ঞানীৰ ৰেংক বাঢ়িবলৈ তেওঁলোকৰ নিজা বিশ্ববিদ্যালয়ৰ গৱেষকৰহে ৰেফাৰেন্স দিবলৈও নিৰ্দেশ দিয়াৰ কথাও পোৱা যায়। কিন্তু এনেকুৱা প্ৰশ্নবোৰ তেওঁলোকৰ নিজা নহয়। নিশ্চয় আন আন বিষয়তো এনেকুৱা আছে। যদিও বিজ্ঞানৰ বহুতো কথাই দেশৰ সীমা নামানে, তথাপি এনে বিচাৰত এইটোও প্ৰাসংগিক যে এইবোৰ প্ৰশ্নৰ উৎস বেলেগ দেশৰ। তেওঁলোকে মাথোঁ অহৰহ সেইবোৰ লক্ষ্য কৰি তাৰ সমাধান দিছে। অৰ্থাৎ ইয়াৰ দ্বাৰা এইটোও প্ৰতিপন্ন হয় যে— কেনেকৈ আনে দিয়া ধাৰণাটো বা প্ৰশ্নটো সোনকালে বা সৰহ সংখ্যকে খটুৱাই নতুন ফল উলিয়াইছে, তাৰে ভিত্তিতো দেশৰ বিকাশ সাধন হ’ব পাৰে।

No Comments

Post A Comment