
প্ৰতিবাদৰ ব্যৱসায়
প্ৰতিবাদ নামৰ ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছোঁ মইয়ো
মাৰ্কেটিঙৰ বাবে চলন্ত ৰেলত এটা মল্লযুঁজেই যথেষ্ঠ
আজিকালি গাহৰিবোৰে মূৰে মূৰে খুন্দিয়াই মৃত্যু বৰণ কৰিলেও
এটাই আনটোক শ্বহীদ ঘোষণা কৰে
“শ্বহীদ প্ৰণামো তোমাক
শ্বহীদ প্ৰণামো তোমাক”।
নাই নাই, গাহৰিবোৰে এনে নকৰে,
কাৰণ সিহঁত গাহৰি৷
যি কি নহওক, প্ৰতিবাদৰ প্ৰথম আৰু দ্বিতীয় টপিক দুটা ফ’ল্ডাৰত মজুত আছে,
“জাষ্ট অলপ” “extend” কৰি দিলেই হ’ব
আৰু পৰৱৰ্তী তৃতীয় টপিকটোৰ বাবে গুগল চাৰ্চ মাৰিম
ক্লিক-ক্লাক ক্লিক-ক্লাক
ক’পি-পেষ্ট-চেভ
তাৰ পাছত আৰু দুৰ্দান্ত প্ৰতিবাদী সত্ত্বা৷
আঃহা! অৰুন্ধতী ৰয়ে সদায় নিলিখে দিয়কচোন— “মই আন্না হ’ব নিবিচাৰোঁ৷”
ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰ কেতিয়াবা মান্দা থাকিলেও
আমাৰ ব্যৱসায় মন্দা নপৰে কেতিয়াও৷
আচ্ছা,
আমি কি কি প্ৰডাক্ট উৎপন্ন কৰিম?
বলিয়ালি, উন্মাদনা, অকৰ্মন্যতা, ওভতগোৰে নচা…
আৰু কিবা লাগিব নেকি?
এহ, এয়াই যথেষ্ঠ!
এইবিলাক উৎপন্ন কৰিবলৈ আমাৰ কেঁচামালবোৰৰ পূৰ্ণ দৃঢ়তা আছে
তাৰ বাবে দৰকাৰ হ’লে নিজৰ জিভা কামুৰি ছিঙি দিব৷
প্ৰতিবাদৰ প্ৰফেচনেলিজিমৰ বাবে আমাক ট্ৰেইনিং দিব লুইতৰ দুয়োপাৰৰ চুক-ভেকুলীসকলে
তোঁৰ-তোঁৰ টেঁৰ-তোঁৰ তোঁওট-তোঁওট।
আৰু আওমৰণে মৰিবলৈ কেঁচামালো বহুত মজুত আছে আমাৰ
দৰকাৰ হ’লে আপোনাৰ প্ৰতিবাদী সংগঠনলৈয়ো আমাৰ পৰা এইধৰণৰ মাল ক্ৰয় কৰিব পাৰে
অলপ উচটনি, অলপ জুইযেন ভাষণ…
বছ, সিমানেই যথেষ্ঠ৷ অনায়াসে গৈ মৰি দিব।
আপুনি বেকত নেতা বনি থাকিলেই হ’ল৷
ঘাই-অ’ফিচ?
আমাৰ এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ ঘাই-অ’ফিচ??
হে হে,
তাৰ বাবে আমাক যিকোনো এটা ৰাষ্ট্ৰীয় ঘাইপথেই যথেষ্ঠ দিয়কচোন৷
No Comments