টোকাবহী (অণু-প্ৰবন্ধ) : ২১ – ৩০
(২১)
ষ্টিফেন হকিং সম্পৰ্কীয় দুটামান আমোদজনক কথা:
ক) ষ্টিফেন হকিঙে অক্সফ’ৰ্ডত স্নাতক ডিগ্ৰী লৈ কেম্ব্ৰিজত পঢ়িবলৈ গৈছিল। তেনে সময়তে তেওঁৰ বেমাৰটো বেছি হ’বলৈ আৰম্ভ কৰিছিল। কথা কওঁতে খোকোজা লাগিছিল, উচ্চাৰণ বেয়া হৈছিল। তেতিয়া কেম্ব্ৰিজত থকা প্ৰায়ভাগেই ভাবিছিল যে হকিঙে অক্সফ’ৰ্ডৰ পৰা অহা বুলি দেখুৱাবলৈকে কথাবোৰ তেনেকৈ কৈছিল।
[এই সম্পৰ্কে বহলাই কৈছিল এজন ভাৰতীয় বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰে। নাৰ্লিকাৰ কেম্ব্ৰিজত হকিঙতকৈ এটা শ্ৰেণীৰ ওপৰৰ ছাত্ৰ আছিল। দুয়োৱে একেলগে টেবুল-টেনিছো খেলিছিল, পঢ়া কথাও আলোচনা কৰিছিল।]
খ) চিকিৎসকে কৈছিল যে হকিং মাথোঁ দুবছৰহে বাচি থাকিব। তেতিয়া তেওঁৰ বয়স ২২-২৩ বছৰ। কিন্তু, তেনে সময়তো তেওঁ আৰম্ভ কৰা কাম এৰি নিদিছিল। আৰু সকলো জানিও প্ৰেয়সীগৰাকী তেওঁৰ লগত বিয়া হৈ গৈছিল। প্ৰেয়সী তথা পত্নীগৰাকীয়ে হকিঙৰ বহুত প্ৰতিপাল কৰিছিল।
গ) হকিং জীয়াই আছিল, কিন্তু তেওঁৰ অৱস্থা ক্ৰমে ক্ৰমে অতি বেয়ালৈ গৈ আছিল। কিন্তু তেওঁ ইতিমধ্যেই বিশ্ববিখ্যাতো হৈ উঠিছিল। তেওঁৰ বাবে নাৰ্চ নিযুক্ত কৰিবলগীয়া হৈছিল। আৰু বিশ্ববিখ্যাত বিজ্ঞানীজনক প্ৰতিপাল কৰিবলৈ নাৰ্চকেইগৰাকী বলিয়াৰ দৰে হৈ পৰিছিল, কোনে হকিঙক বেচি সন্তুষ্ট কৰিব পাৰে! অসুস্থ হোৱা সত্ত্বেও হকিঙৰ গুণ-গৰিমাই তেওঁলোকক আকৰ্ষণ কৰিছিল, চুম্বকে লো আকৰ্ষণ কৰা দৰে। এগৰাকী নাৰ্চ হকিঙৰ প্ৰেমত পৰিছিল। আৰু হকিঙে পূৰ্বৰ প্ৰেয়সী তথা পত্নীক বাদ দি ৫৩ বছৰ বয়সত নাৰ্চগৰাকীক বিয়া কৰাইছিল।
ঘ) হকিং কেৱল এজন বিজ্ঞানীয়েই নহয়, তেওঁ আছিল এজন বিজ্ঞান লেখকো, যি বিজ্ঞান জনপ্ৰিয়কৰণত বহুত অৱদান আগবঢ়ালে। তাৰোপৰি ধৰ্মীয় গোড়াসকলৰ বাবে তেওঁ ভাবুকিস্বৰূপ হৈ পৰিছিল। মানুহৰ জীৱনধাৰা, পৰিৱেশতন্ত্ৰ, সামাজিক তথা ৰাজনৈতিক বিষয়ত দিকদৰ্শন দিব পৰা বক্তব্যৰেও তেওঁ অৱদান আগবঢ়াইছিল। শাৰীৰিকভাৱে ইমান অসুস্থ হৈয়ো ইমান অৱদান আগবঢ়োৱা এজন ব্যক্তি হিচাপে তেওঁ কোটি কোটি মানুহৰ অন্তৰত স্থান লাভ কৰিলে, তেওঁৰ কাহিনী মানুহৰ বাবে এটা সম্বলৰ দৰে হৈ পৰিল। এইবোৰৰ উপৰি, ওপৰৰ দুটা কথাৰ পৰা আমি দেখিলোঁ যে তেওঁ মানে এজন দুৰ্দান্ত প্ৰেমিক আছিল। মৃত্যুৰ আগদিনাৰ বুঢ়া বয়সলৈকে, হকিং বুলি নামটো কোৱাৰ লগে লগে যি এক তাৰুণ্যৰ ৰূপ মানুহৰ চকুলৈ ভাঁহি আহে, তাৰ ৰহস্য এইটোতো হয়তো জড়িত হৈ আছে।
(২২)
আজি নিতুমনি শইকীয়াই লোৱা জুবিন গাৰ্গৰ সাক্ষাৎকাৰটোত নিতুমনি শইকীয়াই বাৰে বাৰে সুধিছে যে আপুনি কিতাপ পঢ়ে কেতিয়া৷ আৰু জুবিন গাৰ্গে নপঢ়ে যেনো নালাগে, কিন্তু তেওঁ আচৰিত হৈছে, সন্দেহো কৰিছে – সময় ওলাই কেতিয়া? তেওঁ সুধিছে – আধৰুৱাকৈ পঢ়ে নেকি? নিতুমনি শইকীয়াই সময়বোৰ হিচাপ কৰি চাইছে৷ আকৌ সুধিছে তেওঁ৷
আচলতে কিছুমান মানুহ আমাৰ দৰে নহয়৷ কিছুমান মানুহে আচলতে বহুত খৰকৈ পঢ়িব পাৰে৷ জুবিন গাৰ্গৰ যিমানখিনি দক্ষতা বা যিমানখিনি তেওঁ কৰিব পাৰিছে, তাৰ পৰা ধাৰণা হয় তেওঁ খৰকৈ পঢ়িবও পাৰে৷ এবাৰ হোমেন বৰগোহাঞিলৈ কিবা লেখা এটা দিছিলোঁ, “আমাৰ অসম”ত থকা সময়তে৷ তেওঁ ক্ষন্তেক পিছতেই ফোন কৰিলে, মই আচৰিত হৈ গ’লোঁ৷ ইমান পটকৈ তেওঁ সেইটো পঢ়িলে কেনেকৈ? সম্পূৰ্ণ নপঢ়িলেও, অলপ পঢ়িবলৈকো সময় লাগিব৷ ধাৰণা হয়, তেৱোঁ বহুত খৰকৈ পঢ়িব পাৰে৷ খৰকৈ লিখাৰ সম্পৰ্কে তেওঁ এটা প্ৰবন্ধও লিখিছিল৷ তেওঁৰ সম্পৰ্কে মোৰ ধাৰণাটো ভুল নহ’ব যেন লাগে৷
স্পেচএক্সৰ প্ৰতিষ্ঠাতা ইলন মাস্কে বহুকেইটা পৃথক পৃথক ক্ষেত্ৰত কোম্পানী প্ৰতিষ্ঠা কৰিছে৷ এইবোৰৰ প্ৰায়ভাগেই পৃথিৱীৰ সম্পূৰ্ণ নতুন প্ৰযুক্তি৷ ভৱিষ্যৎটোক তেওঁ বৰ্তমানলৈ লৈ আহিছে৷ তেওঁ সেয়া কৰিব পাৰিছে বহু কিতাপ অধ্যয়নৰ বাবে৷ ইমান কম বয়সতে তেওঁৰ দ্বাৰা ইমানখিনি সম্ভৱ হোৱাৰ কাৰণ হ’ল তেওঁ খৰকৈ পঢ়িব পাৰে৷ তেওঁৰ ভায়েকে এটা সাক্ষাৎকাৰত কৈছিল যে ইলনে সৰুৰে পৰা বহুত খৰকৈ পঢ়িব পাৰে৷
মই এতিয়ালৈকে যিমান লগৰ বা সমনীয়া ধৰণৰ অগ্ৰজ-অনুজ লগ পালোঁ, তাৰ ভিতৰত আটাইতকৈ খৰকৈ লিখিব আৰু পঢ়িব পাৰে মঞ্জিল শইকীয়াই৷ বহুতে চিনি পাব তেওঁক৷ তেওঁক লগ পোৱা যিকোনো মানুহেই আচৰিত হ’ব৷
আৰু খৰকৈ পঢ়িব পৰা মানুহবোৰে সেই কামটো খৰকৈ কৰিব পৰাৰ কাৰণ হ’ল – তেওঁলোকে চিন্তাও খৰকৈ কৰিব পাৰে৷ ফলত তেওঁলোকে খৰকৈ শিকিবও পাৰে৷ আৰু সেইবাবেই তেওঁলোকে বহুতো কাম কৰিব পাৰে৷ জুবিন গাৰ্গে একেদিনাই কেইবাটাও গান শিকি লগে লগে গাই শেষ কৰি থৈ যাব পৰাৰ কাৰণো সেইটোৱেই৷
এই খৰকৈ পঢ়া, খৰকৈ শিকা, খৰকৈ কাম কৰাৰ দক্ষতা নিজেও বৃদ্ধি কৰিব পাৰি৷ তাৰ বাবে সাধনা লাগিব৷ সাংঘাটিক হৈ নুঠিলেও, অন্ততঃ কিছু পৰ্যায়লৈকে বৃদ্ধি কৰিব পাৰি৷ সকলো মানুহেই এই চেষ্টা কৰিব পাৰে৷ এটা বিখ্যাত কাহিনী আছে–
বিশ্ববিখ্যাত চিত্ৰশিল্পী পাবলো পিকাচোৱে এদিন বজাৰৰ তিনিআলি নে চাৰিআলি এটাত তহলি আছিল৷ মানুহ এগৰাকীয়ে তেওঁক দেখি কাষলৈ দৌৰি গ’ল৷ মানুহগৰাকীয়ে ক’লে – মই আপোনাৰ অনুৰাগী, আপোনাৰ পুৰা ফেন মই, মোক কিবা এটা আঁকি দিবনে? মানুহগৰাকীৰ কথা শুনি পিকাচো মান্তি হ’ল৷ কাগজ-পেঞ্চিল যোগাৰ হ’ল৷ পিকাচোৱে তেওঁক কিবা এটা আঁকি দিলে৷ মানুহগৰাকী অভিভূত হৈ পাৰিল৷ আবেগেৰে ধন্যবাদ জনাই জনাই মানুহগৰাকী আঁতৰি যাবলৈ ওলাল৷ তেতিয়া পিকাচোৱে তেওঁক ৰখালে, আৰু ছবিখনৰ বাবে পইছা খুজিলে, বহু কোটি টকা৷ মানুহগৰাকী আচৰিত হ’ল, তেওঁ পিকাচোক ক’লে – এইখন ইমান কম সময় লাগিছে আঁকোতে, ইমান পইছা কিয় দিব লাগে? তেতিয়া পিকাচোৱে ক’লে – ইমান কম সময়ত সেইখন আঁকিব পৰা হ’বলৈ মই কমেও ত্ৰিছ বছৰ অনুশীলন কৰি সাধনা কৰিব লগা হৈছিল!
(২৩)
সৃষ্টিশীল কামত আত্মীয়-কুটুম্বৰ ভূমিকা
যিসকল মানুহৰ সৃষ্টিশীল দক্ষতা থাকে, উদ্ভাৱনী চিন্তাধাৰা থাকে, বৃহৎ সংখ্যক মানুহক প্ৰভাৱিত কৰিব পৰা শক্তি থাকে; তেওঁলোকৰ অতি কম সংখ্যকেহে সেই গুণসমূহ বিকাশৰ বাবে পৰিয়াল-মিতিৰ-কুটুম বা পূৰণি বন্ধু-বান্ধৱৰ সহায় পায়৷ সৰহভাগেই সহায়ৰ পৰিৱৰ্তে পদে পদে বাধাহে পায়৷
নেলছন মেণ্ডেলাই (প্ৰথম) পত্নীগৰাকীক সুখী কৰিব বিচাৰাহ’লে আফ্ৰিকাৰ কৃষ্ণাংগসকল ইমান সোনকালে স্বাধীন নহ’লহেঁতেন৷ আমিও তেওঁক চিনি নাপালোঁহেঁতন৷ কাৰণ পত্নীগৰাকীয়ে বিচাৰিছিল – মেণ্ডেলাই সাংগঠনিক কাম-কাজত লাগি থাকিব নালাগে৷ কে’ছবোৰত জয়ী হ’বৰ বাবে মেণ্ডেলাই তন্ন তন্নকৈ অধ্যয়ন কৰি সময় খৰচ কৰাটোও তেওঁ বিচৰা নাছিল৷ তেওঁ বিচাৰিছিল, মেণ্ডেলাই তেওঁকেই সময় দিয়ক, তেওঁৰ লগত ঘূৰক-ফুৰক, হুলষ্ঠুলৰ পৰা আঁতৰি থাকক, দাসত্ব স্বীকাৰ কৰি ঠাণ্ডামুণ্ডা হৈ জীৱন পাৰ কৰি দিয়ক৷ মেণ্ডেলাই তেওঁক সন্তুষ্ট নকৰিলে, আৰু পত্নীগৰাকী আঁতৰি গুচি গ’ল৷
ছক্ৰেটিছ?? তেওঁকতো পত্নী জান্তিপে গোটেই জীৱন শান্তি নিদিলে, কাম নাইকীয়া অপদাৰ্থ বুলি৷ কিন্তু ছক্ৰেটিছে যদি তেওঁক সন্তুষ্ট কৰিবলৈ তেওঁ বিচৰাধৰণৰ “পদাৰ্থ” হোৱাৰ চেষ্টা কৰিলেহেঁতেন, তেন্তে এথেঞ্চৰ কোনোবা মৰিশালীত তেতিয়াই ছক্ৰেটিছৰ হাড়ত বন গজিলহেঁতেন৷
আমাৰেই ভূপেন হাজৰিকা?? তেওঁ চাকৰি পাইছিল ৰাষ্ট্ৰসংঘত৷ ভাল চাকৰি৷ তেওঁ যদি চাকৰিটো কৰি আৰামত নিউয়ৰ্কৰ ৰেস্তোৰাবোৰত খাদ্যৰ জুতি লৈ ফুৰিলেহেঁতেন, আট্টালিকাৰ কাষে কাষে ৰৈ ফটো তুলি ফুৰিলেহেঁতেন, কেৱল পৰিয়ালৰ লগতে পাৰ কৰি অসমত অমুক নাই তমুক নাই বুলি ভাল ফৰেইনাৰ হ’লহেঁতেন, তেতিয়াও বহু মানুহ সুখী হ’লহেঁতেন৷ কিন্তু তেনে হোৱাহ’লে আজি তেওঁৰ সমাধিক্ষেত্ৰ ক’ত আছে কাৰোৰে জনা প্ৰয়োজনেই নহ’লহেঁতেন৷
ছ’ফি জেৰমেইন?? মহিলাই গণিত পঢ়াটো তেতিয়া হীন দৃষ্টিৰে চোৱা হৈছিল, আৰু এদিন গণিতৰ কিতাপ এখনত কাহিনী এটা পঢ়িবলৈ পাই গণিতত তেওঁৰ ৰাপ বহিছিল৷ জীয়েকৰ আকস্মিক গণিত-প্ৰীতি দেখি আচৰিত হৈ মাক-দেউতাকে ধমকি দিয়া আৰম্ভ কৰিলে। দেউতাকে মম, গৰম-কাপোৰ আদিও প্ৰায়ে কাঢ়ি ৰাখিলে! লাজকুৰীয়া হৈয়ো ছ’ফি জেৰমেইন কিন্তু মাক-দেউতাকক সুখী কৰিব নিবিচাৰিলে৷ তেওঁ মনে মনে বিচনা-চাদৰ মেৰিয়াই পঢ়িবলৈ ল’লে। আৰু তেওঁ আৱিস্কাৰ কৰিলে নতুন নতুন গাণিতিক কথা৷ (পিছলৈ অৱশ্যে মাক-দেউতাকে বহুত সহায় কৰিলে৷)
আমাৰ মাজতে বহু মানুহক দেখা যায় – গাড়ী-মটৰ-শ্বপিংমলৰ বিলাসিতাত ডুব যায়; অভিজাত সবাহ-সকামত পৰিয়ালক ঘূৰাই-ফুৰাই সন্তুষ্ট কৰি থাকোঁতে থাকোঁতে তেওঁলোকৰ যিকণ সৃষ্টিশীল গুণ আছিল সেইকণো হেৰাই যায়৷ তেওঁলোক পৰিবৰ্তন হয় তেওঁলোকৰ লগৰ বাকী কৰ্মচাৰীসকলৰ ধৰণৰ মানুহলৈ৷ প্ৰেয়সীক ক্ষুদ্ৰ বিলাসিতাৰ তৃপ্তি দিবলৈ গৈ প্ৰমিকৰ গুণবোৰ মৰহি যায়৷ প্ৰেমিকৰ বাধা-নিষেধ বা সংগসুখত প্ৰেয়সী গোটেই জীৱন একে স্থানতে ৰৈ যায়৷ পত্নীৰ লাহ-বিলাসত স্বামীৰ চিনাকী হেৰাই যায়৷ স্বামীৰ অব্যক্ত নিৰ্দেশত পত্নী বন্দীশালত সোমাই যায়৷ প্ৰকৃততে তেওঁলোক এজনে আনজনৰ বাবে এটা আপদত পৰিণত হয়৷
সংখ্যাত কম হ’লেও এনে বহুতক দেখা পোৱা যি নেকি ইজনে আনজনক আগুৱাই লৈ যাব পাৰে সৃষ্টিশীল ক্ষেত্ৰখনত৷ তেওঁলোকে পৰস্পৰে পৰস্পৰক সহযোগিতা কৰে তেনেবোৰ ক্ষেত্ৰতো৷ তেওঁলোক প্ৰকৃততেই হৈ পৰে সহযাত্ৰী৷
(২৪)
ৰক্ত প্ৰদানৰ অতীত আৰু বৰ্তমান
শুই উঠাৰ পৰা শোৱালৈকে কেৱল উচ্চ জাত নিম্ন জাতৰ কথা মুখত লৈ থকা মানুহ এজন অসুস্থ হৈ পৰিল৷ নীচ জাতি বুলি মানুহক চুবলৈও সদায় ঘৃণা কৰি থকা মানুহজন অৱশ হৈ পৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হ’ল৷ তেওঁক তেজ লগা হ’ল৷ তেজ দিবলৈ এজন মানুহ আগবাঢ়ি আহিল, যাক তেওঁ আগতে নীচ নীচ বুলি ঘৃণা কৰিছিল৷ মানুহজনে বিচনাত ছাটিফুটি কৰিবলৈ ধৰিলে৷ চিকিৎসকে সুধিলে – কি ভাবিছে আপুনি? তেওঁ একো উত্তৰ নিদিয়াত নীচ বুলি কোৱা মানুহজনেই ক’লে – তেখেত উচ্চ জাতিৰ, মোৰ তেজ হয়তো নল’ব তেওঁ৷ মানুহজনে সেহাই সেহাই ক’লে – ল’ম৷
জীৱৰ ৰক্ত সঞ্চালনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৱিস্কাৰ হৈছিল আজিৰ পৰা ৩৫০ বছৰ পূৰ্বে৷ তাৰ পাছতে কোনো কোনো চিকিৎসা গৱেষকে পৰীক্ষা কৰি চাইছিল যে এটা জীৱৰ পৰা আন এটা জীৱলৈ প্ৰয়োজন মতে তেজ দিব পৰা যায় নে নাযায়৷ প্ৰথম তেজ দিয়া হৈছিল এটা কুকুৰক৷ আন এটা কুকুৰৰ পৰা তেজ দি সেইটো কুকুৰক কেইবাদিনো জীয়াই ৰাখিব পৰা গৈছিল৷ তাৰ পাছত ঠায়ে ঠায়ে মানুহক তেজ দিয়াৰ পৰীক্ষা-নিৰীক্ষা চলিল৷ প্ৰথমে আন জন্তুৰ পৰা মানুহলৈ৷ বিভিন্ন স্তৰ পাৰ হৈ হৈ প্ৰায় ডেৰশ বছৰৰ পাছত মানুহৰ পৰা মানুহলৈ তেজ দিয়া কাৰ্যত সফল হ’ল দুগৰাকী চিকিৎসক৷ কিন্তু সেয়াও আছিল ঊনৈছ শতিকাৰ সময়৷ তাৰ পাছতো বহুত পৰীক্ষা-নিৰীক্ষা চলি থাকিল৷ ১৯০০ চনত কাৰ্ল লেণ্ডষ্টাইনাৰ নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে মানুহৰ তেজৰ তিনিটা গ্ৰুপ আৱিস্কাৰ কৰিলে৷ তাৰ বাবে ত্ৰিছ বছৰৰ পাছত তেওঁক নোবেল বঁটা প্ৰদান কৰা হ’ল৷ পিছলৈ তাৰ লগত আন আৱিস্কাৰো যোগ হ’ল৷ গ্ৰুপ অনুসৰি তেজ প্ৰদান কৰি হানি-বিঘিনি হ্ৰাস কৰিব পৰা কথা আৱিস্কাৰ হ’ল৷ ইয়াৰ লগে লগে তৎকালীন প্ৰয়োজনত তেজ প্ৰদান কৰিবলৈ তেজ সংগ্ৰহ কৰি ৰখাৰ পদ্ধতিও আৱিস্কাৰ হৈছিল৷ যিটোক ব্লাড-বেংক বুলি কোৱা হয়৷ মহাসমৰ দুখনে ব্লাড-বেংকৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছিল৷ আজিও নানা নিখুঁত কথা আৱিস্কাৰ হৈ আছে, যিবোৰ কথা চিকিৎসকসকলে জানিব বা সৰলকৈ বহলাই আনক ক’ব পাৰিব৷ যি কি নহওক, জৰুৰীকালীন অৱস্থাত যদিহে তেজ প্ৰদান কৰিবলগা হয়, তেন্তে তাৰ সম্পূৰ্ণ বিকল্প আজিও ওলোৱা নাই৷
তেজ প্ৰদানৰ পদ্ধতি নিখুঁত হৈ অহাৰ সমান্তৰালকৈ ইয়াৰ বিৰোধো আৰম্ভ হৈছিল৷ এটা বিশেষ গোটে ইয়াৰ বিৰুদ্ধে নানা মতবাদ প্ৰচাৰ কৰিছিল৷ সেই গোটটো আজিও আছে, যাৰ সদস্য প্ৰায় এক কোটি৷ তেওঁলোকৰ মতবাদবোৰ আছিল – জীৱ ঈশ্বৰৰ দান, তেজ ঈশ্বৰৰ বস্তু, সকলো ঈশ্বৰৰ ইচ্ছা, গতিকে তেজ লৈ জীৱনটো বচাই ৰখা অনুচিত, যিমানেই জৰুৰী নহওক কিয় তেজ লোৱা বা দিয়া অনুচিত৷ কিন্তু এই ধৰণৰ বিৰোধাচৰণে তেজ প্ৰদান প্ৰক্ৰিয়া আৱিস্কাৰত বাধা প্ৰদান কৰিব নোৱাৰিলে৷ পৃথিৱীৰ আন মানুহে ইয়াৰ প্ৰয়োজনীয়তা বুজি পালে৷ ইয়াৰ দ্বাৰা যে কাৰোৰে অপকাৰ নহয়, বৰং কোনোবাই জীৱনটো সুস্থ ৰূপে লাভহে কৰে, সেয়া প্ৰায়ভাগ মানুহে আজি বুজি পোৱা হ’ল৷ সেই বাধাবোৰত সেই আৱিস্কাৰবোৰ ৰৈ যোৱা হ’লে ১ম খণ্ডত উল্লেখ কৰা অসুষ্ঠ মানুহজনৰ ভৱিষ্যৎ একেবাৰেই অন্ধকাৰ হৈ পৰিলহেঁতেন৷
(২৫)
দুৰ্ঘটনাৰ বাতৰি পৰিবেশন কৰোঁতে সাংবাদিকসকল অলপ সচেতন হওক
লগত লগত যেতিয়া একেধৰণৰ কেইটামান বেয়া ঘটনা ঘটে, সেই ঘটনাবোৰ সম্পৰ্কীয় কথা-বতৰা কিছুমানে সাধাৰণ মানুহৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলায়৷ খবৰ শুনা বহুতো মানুহৰ আত্মবিশ্বাস আৰু উৎসাহো হেৰাই যায়৷ সেইখিনি ঘূৰি আহিবলৈ সময় লাগে৷ জনাবুজা মানুহখিনি বা সাংবাদিককেইজনৰো একো অনিষ্ট নহয়৷ কিন্তু জনাবুজা মানুহ আছেনো কেইজন??
১) “অভিশপ্ত গাড়ীখন” বুলি কৈ থকাতকৈ “দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন” বুলি ক’লে সাংবাদিককেইজনৰতো একো হানি নহয়! ঠিক আছে বাৰু, অভিশপ্তই হয়৷ কিন্তু অভিশপ্ত বুলি তেওঁলোকে কেনেকৈ জানিলে? তেওঁলোক নিজে “দেৱদূত” নেকি? ঈশ্বৰে প্ৰেৰণ কৰিছে?
২) এজন সাংবাদিকে কৈ আছিল – “কেইবাদিনো ধৰি বহুতে পূজা-অৰ্চনা দি আছে৷ আজিয়েই যেন সেই শুভ দিনটো বুলি প্ৰতিপন্ন হৈছে৷ প্ৰাৰ্থনাৰ ফল ধৰিল৷ সেইমতে আজিয়েই গাড়ীখন পাবলৈ সক্ষম হ’ল৷”
আৰে বাবা, গাড়ীখন পোৱাৰ লগে লগে তুমি পূজা-অৰ্চনাৰে শুভ দিনটো আজিয়েই আছিল বুলি যে ক’ব পাৰিলা; আগতেই নক’লা কিয়?? পোৱাৰ লগে লগে পূজা-অৰ্চনাই গাড়ীখন বিচাৰি দিলে বুলি কৈ দিলা!
৩) আকৌ “শনি বাৰে শনি লাগিল”, “শনিৰ কোপ দৃষ্টি পৰিল”৷ কেনেকৈ গম পালে?? শনিটো কোন নো?
অলপদিনৰ আগতে আমাৰ অঞ্চলত পথ দুৰ্ঘটনা এটা হৈছিল৷ মৃত্যু হৈছিল কেইবাজনৰো৷ এখন কাকতত বাতৰিটো লিখিছিল এনেকৈ – “শনিবাৰে শনি লাগিল ______ত”, “……গৃহ নির্মাণৰ বাবে ওলাই যােৱা শ্ৰমিকসকল পৰিল শনি দেৱতাৰ কোপদৃষ্টিত। ______ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰিল অভিশপ্ত বাহনখন।”
এতিয়া কথা হ’ল, শ্ৰমিকসকলৰ ওপৰত শনি দেৱতাৰ কোপদৃষ্টি পৰিল বুলি কোনে ক’লে? বাহনখন অভিশপ্ত বোলাৰ অধিকাৰ কোনে দিলে? বাতৰি-কাকতৰ সম্পাদকে এইবোৰ কথা চাই নে? নে শনিয়েও নিশা এইবোৰ সম্পাদনা কৰি থৈ যায়?
৪) আকৌ বৰষুণৰ বাতৰি লিখিব লগা হ’লে লিখে – বৰুণ দেৱতা৷ আজিকালি সাধাৰণ মানুহৰ মুখতো বৰুণ দেৱতাৰ কথা শুনাই নাযায়, তেওঁলোকেও বৰষুণৰ কাৰণবোৰ সামান্য হ’লেও জনা হৈছেগৈ৷ অথচ সেইসকল সাংবাদিকৰ সেই অৱস্থা৷ তেওঁলোকে নতুনকৈ মানুহক পিছুৱাই নিয়াৰ চেষ্টা কৰি আছে৷
তালিকাখন দীঘলীয়া নকৰোঁ৷
গাওঁ-চহৰৰ সাধাৰণ মানুহবোৰৰ মাজত কিবা দুৰ্ঘটনা ঘটিলে বহুতো অন্ধবিশ্বাস বিয়পে৷ লগতে এইবোৰক লৈ হোৱা পৰচৰ্চাবোৰ আছেই৷ এইবোৰে গোটেই পৰিৱেশটো দুষিত কৰি তোলে৷ যিবোৰ পৰিৱেশ হ’ল সভ্যতা বিকাশৰ বাধা৷ তাতে যদি বাতৰি-কাকত, নিউজ চেনেলত এইবোৰ ঘটনাৰ কথা ওলায়, তেন্তে সাধাৰণতে বাতৰি-কাকত চুই নোপোৱা বহুতো মানুহেও সেইদিনা বাতৰি-কাকতখন বিচাৰি বাতৰিটো পঢ়ি চায়, নিউজ চেনেলত কি দিছে খবৰ কৰে৷ বাতৰি-কাকততে যেতিয়া এই ভুৱা কথাবোৰ পঢ়িবলৈ পায়, নিউজ চেনেলৰ সাংবাদিকৰ মুখতে যদি এইবোৰ শুনিবলৈ পায়, তেতিয়া তেওঁলোকৰ অন্ধবিশ্বাসবোৰ গাঢ় হ’বলৈ ডাঙৰ যুক্তি এটা ওলায়; বোলে “চা চা, বাতৰিতে লিখিছে তেনেকৈ” বা “অমুক চেনেলৰ সাংবাদিকেই কৈছে”৷ এইবোৰৰ ফলত বেজ, কবিৰাজ, বাবা, মঙ্গলতীৰ দপদপনি বাঢ়ি যায়৷ ভূত লম্ভা, ডাইনী লগা, দেও উঠা আদি কাণ্ডবোৰ সংঘটিত হয়৷
বহুতো ভাল ভাল সাংবাদিক আছে৷ তেওঁলোকৰ কিবা সমিতি থকা কথাও শুনো৷ তেওঁলোকে যেন সেই সমিতিবোৰৰ দ্বাৰা এনে ধৰণৰ মতিগতিৰ সতীৰ্থ সাংবাদিকবোৰক কিছু শিক্ষা দিয়ে৷ এয়া তেওঁলোকৰ প্ৰতি বিনম্ৰ অনুৰোধ৷
(২৬)
প্ৰথম চৰ্ত – তুমি নাস্তিক হ’ব লাগিব৷
তুমি গাড়ী চলাব জানিব লাগিব৷ বাইকো চলাব পাৰিব লাগিব৷ প্ৰয়োজন হ’লে তুমি হাত লেতেৰা কৰি গাড়ীৰ চকা খুলি নতুনকৈ লগাব পাৰিব লাগিব৷ সেইবুলি তুমি লেতেৰা-ফেডেলা হৈ থাকিলে নহ’ব, তুমি পৰিস্কাৰ-পৰিছন্ন আৰু ষ্টাইলিছ হ’ব লাগিব, তোমাৰ পোচাক সদায় উজ্জ্বল হ’ব লাগিব৷
বহুতো ল’ৰাই বিয়া পাতি প্ৰেয়সীজনীক দমন কৰি ৰাখিব বিচাৰে৷ সিহঁতে বিচাৰে প্ৰেয়সীজনী আজলী গৃহিনী হওক, পঢ়া-শুনা আধাতে বাদ দিয়ক, কোনো চাকৰি নকৰক৷
নিজৰ বাবে মাহিলী এক লাখ টকা দৰমহা, ধনী ঘৰৰ পৰা অনা মূৰত সম্পূৰ্ণ গোবৰ থকা দীপলীপ সুন্দৰী পত্নী এজনী – বহুতো যুৱকৰ বাবে এইটো এটা পাৰফেক্ট কম্বিনেছন৷
তেনেকুৱা হ’লে মোৰ জীৱন সম্পূৰ্ণ বৰবাদ৷
মই তেনেকুৱা নহয়৷ তোমাৰ এটা চাকৰি থাকিবই লাগিব৷ শিল্প বুজি পোৱা এটা মন তোমাৰ থাকিব লাগিব৷ অন্ততঃ মাজে মাজে হ’লেও কোনো ভাল কামত তুমি আগৰণুৱা হ’ব পাৰিব লাগিব৷ তুমি চিৰদিন আনৰে সৃষ্টি উপভোগ কৰি থাকিলে নহ’ব, তোমাৰ নিজৰো সামান্য হ’লেও কিবা সৃষ্টিশীল কাম কৰাৰ বাসনা থাকিব লাগিব৷ সামান্য দুৰ্ঘটনাক তুমি সকলো শেষ হৈ যোৱা প্ৰলয় বুলি ভাবিব নালাগিব৷ তোমাৰ কিছুমান লক্ষ্য থাকিব লাগিব৷ তুমি ভোজন-বিলাসী হ’ব লাগিব৷ ধনে জুৰিলে মাজে মাজে তুমি ফাইভ ষ্টাৰ হোটেলতো খাদ্যৰ জুতি লৈ ফুৰ্টি কৰিব জানিব লাগিব৷ আৰু ফুটপাথত ৰৈ কম দামী ভাল খাদ্য খাবলৈ তোমাৰ সন্মানত আঘাত হ’ব নালাগিব৷ তুমি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাত এলেহুৱা হ’ব নালাগিব, মস্ত পেটুলি হৈ বুলড’জাৰৰ দৰে খোজত তুমি যাত্ৰা কৰিলে বৰ অশান্তি লাগিব৷ সৃষ্টিশীলতা মানে যে ব্যস্ততা নহয়, সেই পাৰ্থক্য তুমি বুজি পাব লাগিব৷
কিন্তু এই চৰ্তবোৰৰ পাছতো তোমাক লগ পালেই মই সকলো চৰ্ত পাহৰি গুচি যাওঁ৷ কাৰণ তুমি তুমিয়েই৷ কিন্তু সেইবুলি তুমি আজলী হ’লে যে নহ’ব, খাটাং কথা, নিজক গঢ়ি তোলাৰ তীব্ৰ বাসনা তোমাৰ থাকিবই লাগিব৷
মোৰ মগজ বহুতে ঘোলা কৰি দিব বিচাৰে,
বিয়া পতাৰ বয়স সাৰি গ’ল গ’ল বুলি৷ কিন্তু মই দেখোন এতিয়াও পঢ়ি ভাল পাওঁ প্ৰণৱ কুমাৰ বৰ্মণৰ “যি হ’ব মোৰ প্ৰেয়সী”!
(২৭)
প্ৰতিটো বছৰৰ কিতাপৰ আন্তঃৰাষ্ট্ৰীয় Bestsellers list বোৰলৈ চালে দেখা যায় যে – তাত থকা প্ৰায়ভাগ কিতাপেই innovation সম্পৰ্কীয়, অনুপ্ৰেৰণাদায়ক বিষয় সম্পৰ্কীয়, নেতৃত্ব-শিক্ষা সম্পৰ্কীয়, নতুন ধাৰণা তথা নতুন বিষয়-বস্তু সম্পৰ্কীয়, বা সম্পূৰ্ণ নতুন তথ্য-বস্তু উন্মোচন সম্পৰ্কীয়৷ সেই কিতাপবোৰ বহু গৱেষণাৰে লিখা হয়, বহু বছৰ জোৰা অধ্যয়নৰ ফলত সৃষ্টি হয়৷ আৰু তাৰ মাজত দুই এখন উপন্যাস, কবিতাপুথি আদিও থাকে, যিসমূহে একোটা যুগ বা ধাৰাকেই প্ৰতিনিধিত্ব কৰিব পাৰে৷
কিন্তু, তাৰ বিপৰীতে অসমত দেখা যায় – bestselling কিতাপবোৰৰ ভিতৰত থাকে গল্পধৰ্মী, কাহিনীধৰ্মী, ৰাজনৈতিক মচলাধৰ্মী কিতাপবোৰ৷ যিবোৰৰ প্ৰায়ভাগেই একেটাকে চেপেটা কৰি থকা ধৰণত আবদ্ধ৷ তাৰোপৰি সেইবোৰৰ লেখকসকলো হ’ব লাগিব সাধাৰণতে পুৰণা লেখক৷ সামাজিক বিষয়ত প্ৰায়ভাগ বুদ্ধিজীৱিৰ শ্লগানধৰ্মী কিতাপবোৰ পঢ়িলে এনে লাগে যেন তেওঁলোক অসমীয়া বৌদ্ধিক জগত ৰাখী শ্বাৱন্ত৷ কাজল, মাধুৰী, শ্ৰদ্ধা, কংকনা সেন শৰ্মা আদিৰ অভাৱ৷ যাৰ ফলত, নতুন নতুন বিষয় সম্পৰ্কীয় কিতাপ ব্যাপক সংখ্যক অসমীয়া লেখকে নিলিখে বা লিখিব নোৱাৰে; আৰু তেনেধৰণৰ বহু প্ৰভাৱশালী কিতাপবোৰ অনুবাদো নহয়৷ সেয়েহে, যি সময়ত বিশ্বত তেনেবোৰ কিতাপে নৱউন্মেষণৰ জোৱাৰ তুলি থাকে, সেই সময়ত অসমত চলি থাকে প্ৰায় মৰাসূঁতি, য’ত বৈ থাকে কেৱল শুকান মেটেকা বা ভাৱনাৰ পচা জাঁজি৷
অসমখন পিছপৰি থকা বুলি যে কোৱা হয়, তাৰ কাৰণ এটা নিশ্চয় এইটোৱো৷
(২৮)
বহুত দিনৰ মূৰত কালি নিশা যথেষ্ঠ ডাঙৰ ভূমিকম্প এটা হৈ গ’ল, শুই থকা বহুতো মানুহ চক খাই সাৰ পাই গ’ল৷ আনফালে, যোৱা কেইবাদিন ধৰি এটা বাতৰি প্ৰচাৰ হৈ আছিল/আছে যে অসমত ছাত্ৰ এজনে ৪৮ ঘণ্টাৰ পূৰ্বেই ভূমিকম্পৰ আগজাননী দিয়াৰ কৌশল উদ্ভাৱন কৰিছে, আৰু বিদেশৰ পৰা ডাঙৰ স্বীকৃতি পাইছে আৰু বিদেশৰ পৰা নিমন্ত্ৰণ পাইছে৷ কিন্তু মূল কথাটো হ’ল যে – এইটো ভূমিকম্পৰে আগজাননী কোনেও ক’তো এবাৰো নাপালে৷ অসমত এনেধৰণৰ বৈজ্ঞানিক সংবাদবোৰ অভিভাৱকৰ ইচ্ছা অনুযায়ী চলি থাকে, তেওঁলোকৰ যি ইচ্ছা তাকেই লিখাই দিয়ে৷ তেওঁলোকে এপৃষ্টামান লিখি স্থানীয় বন্ধু-সাংবাদিকক দি দিয়ে, আৰু সেইজনে বৈজ্ঞানিক-সাংবাদিকৰ মোচন এটা দি সেই পৃষ্ঠাটোৰ কথাখিনিকে সালসলনি কৰি মহা-শিৰোনাম এটা দি সংবাদ লিখি দিয়ে৷ এনেধৰণৰ বৈজ্ঞানিক সংবাদবোৰ বিশেষজ্ঞ নিৰ্ভৰ নহয়, অভিভাৱকৰ ৰুচি আৰু মূঢ়তা নিৰ্ভৰহে৷ এনেদৰেই এইসকলে একে কোবেই নিউটন, আইনষ্টাইন, ভূমিকম্প আদিকহে প্ৰত্যাহ্বান জনোৱা হৈ পৰে৷ কিছুদিন পিছতে ঢপ বুলি ওলাই পৰে৷ আজিকালি বিশ্বৰ প্ৰায়বোৰ উচ্চতম প্ৰতিষ্ঠানত অসমীয়া মানুহ আছে আৰু নতুন যুগত তেওঁলোকৰ সৈতে যোগাযোগ কৰাটো তেনেই সহজ৷ সিদিনা দেখিলোঁ, বুদ্ধিজীৱী এজনৰ সম্পৰ্কে দুজনমানে এনেকৈ লিখিছে যেন বিদেশৰ উচ্চ প্ৰতিষ্ঠানত পঢ়া আৰু বিদেশৰ মানুহে চিনি পোৱা কেৱল এজনেই অসমীয়া আছে৷ আচলতে তেনেকুৱা নহয়৷ তাতোতকৈ তীক্ষ্ণধী শ শ অসমীয়াই বিশ্বত প্ৰতাপী আছে৷ নিউটন, আইনষ্টাইন, ভূমিকম্প আদিক প্ৰত্যাহ্বান জনোৱা বুলি ওলোৱা সেই ছাত্ৰসকল শ্ৰেণীত সামান্য চোকা নোহোৱা নহয়; ভৱিষ্যতে তেওঁলোকে সৰুসুৰা ভাল কাম কৰিবও পাৰে, কিন্তু এনেদৰেই তেওঁক কলিতে ভুৱা প্ৰচাৰৰ কবলত পৰে৷ এটা কথা কল্পনা কৰি চাওক – প্ৰিন্সটন বিশ্ববিদ্যালয় বিশ্বৰ শ্ৰেষ্ঠ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান ৫০ খনৰ মাজৰ এখন৷ তাতে এজন বা দুজন অসমীয়াই পঢ়ি থাকিব পাৰে, বা গৱেষণা কৰি থাকিব পাৰে, বা অধ্যাপকৰ পৰ্যায়ত থাকিবও পাৰে, বা এসময়ত দুই-তিনি বছৰ থাকি তেওঁলোকে আন প্ৰতিষ্ঠানলৈ যাব পাৰে, বা অসমলৈ ঘূৰি আহি কোনো প্ৰতিষ্ঠানত কামত লাগি থাকিব পাৰে৷ তেওঁলোকে গুৰুত্বপূৰ্ণ কাম কৰি থাকে, সেইবোৰ বাতৰিত ওলোৱাৰ সুযোগ নাথাকে, কাৰণ তাৰ বিষয়বোৰ গভীৰ হয়৷ কিন্তু, ধৰক প্ৰিন্সটনে কলেজীয়া ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে দুদিনীয়া কৰ্মশালা এখন আয়োজন কৰিছে৷ সেই অসমীয়াকেইজনে তাতে দুই তিনি বছৰ থাকিল, সেইবোৰ পাইয়ে আছিল৷ দুদিনৰ বাবে অসমৰ পৰা কোনোবা এজন যোৱাটো কোনো আশ্বৰ্যৰ কথা নহয়৷ আটাইকেইজন একে বয়সৰে৷ কিন্তু কেনেবাকৈ এই দুদিনীয়াজন বা তেওঁৰ অভিভাৱক যদি অলপ কিবা ধৰণৰ হয়, তেন্তে তেওঁলোকে এনেকৈ প্ৰচাৰ চলাই দিয়ে৷ কাৰবাৰটো উৎসাহ যোগোৱা পৰ্যায়ত নাথাকেগৈ, সি হৈ পৰে ভুৱা সংবাদ বা অপপ্ৰচাৰ পৰ্যায়ৰ৷ প্ৰকৃত কাম কৰা, দুই তিনি বছৰ তাতেই থকা, এতিয়াও ভাল কাম কৰি থকাসকলৰ খবৰ মাথোঁ কেইজনমানক বাদ দি আন কোনেও নাপায়৷ তেওঁলোক সংবাদ মাধ্যম গৈ নাপাইয়েই৷
(২৯)
আলফ্ৰেড নোবেল আছিল অবিবাহিত৷ কিন্তু তেওঁ তিনিবাৰমান প্ৰেমত পৰিছিল৷ তাৰে এগৰাকীয়ে হেনো এজন গণিতজ্ঞৰ লগত বিয়া হৈ গুচি গৈছিল, আৰু সেইবাবেই হেনো আলফ্ৰেডে গণিত বিষয়ৰ বাবে নোবেল বঁটাৰ প্ৰতিষ্ঠা নকৰিলে৷ এইটো কঠিতহে; ইয়াৰ সঠিক তথ্য পোৱা নাযায়৷ আকৌ, শান্তিৰ নোবেল বঁটাটো তেওঁ আন এগৰাকী প্ৰেয়সীৰ বাবেহে প্ৰতিষ্ঠা কৰিছিল৷ আৰু সেইগৰাকী প্ৰেয়সীয়ে সঁচাকৈয়ে এদিন শান্তিৰ নোবেল বঁটা লাভ কৰিছিল৷
আলফ্ৰেড নোবেলে কম্পিউটাৰ চুবলৈ পাইছিল নে নাই ঠিক নাই৷ আজি ইমান প্ৰয়োজনীয় বস্তু এটা তেতিয়া হয়তো তেওঁ দেখাই নাছিল৷ আৰু দেখিলেও, সেইবোৰ কম্পিউটাৰ কেনেকুৱা আছিল আজি বহুতৰ বাবে কল্পনা কৰাটোও কঠিন৷ ডিজিটেল কম্পিউটাৰৰ উমঘামেই নাছিল তেতিয়া৷ কাৰণ আলফ্ৰেড নোবেলৰ মৃত্যু হৈছিল আজিৰ পৰা ১২০ বছৰ আগতেই৷ ইণ্টাৰনেট কি বস্তু তেওঁ জনা নাছিল৷ আৰু ৱেবছাইট? ৱেবছাইট বোলা বস্তুটো অহা দেখোন ৩০ বছৰহে হৈছে! তাত্ত্বিক কম্পিউটাৰ বিজ্ঞান বোলা বিষয় এটা কলেজ-বিশ্ববিদ্যালয়ৰ বিষয় হ’ব বুলি কল্পনা কৰাটোও তেওঁৰ সময়ত সম্ভৱ নাছিল৷ বিষয় ৰূপে সেইটো যোগ হৈছিল তেওঁৰ মৃত্যুৰ প্ৰায় ৫০ বছৰ পাছতহে৷ আজি তেওঁ থকাহ’লে কম্পিউটাৰ বিজ্ঞানতো কিজানি নোবেল বঁটা দিয়া হ’লহেঁতেন!
কিন্তু, গণিত আৰু কম্পিউটাৰ বিজ্ঞানত নোবেল বঁটাৰ দৰে অতি সন্মানীয় কেইটিমান বঁটা আছে৷
১) ট্যুৰিং বঁটা৷ ইয়াক কম্পিউটাৰ বিজ্ঞানৰ নোবেল বঁটা বুলি কোৱা হয়৷ এলান ট্যুৰিং নামৰ গণিতজ্ঞ তথা কম্পিউটাৰ বিজ্ঞানীজনৰ নামেৰে এইটো বঁটা দিয়া হয়৷
২) এবেল বঁটা৷ ইয়াক গণিতৰ নোবেল বঁটা বুলি কোৱা হয়৷
৩) ফিল্ডছ মেডেল৷ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে চল্লিছ বছৰতকৈ কম বয়সৰ চাৰিজন গণিতজ্ঞক দিয়া হয়৷
আজি এইবাৰৰ ট্যুৰিং বঁটা ঘোষণা কৰা হৈছে৷ এইবাৰ তিনিজন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে৷ ১৯৬৬ চনৰ পৰা প্ৰদান কৰা এই বঁটা সম্ভৱতঃ কেৱল এজন ভাৰতীয়ই লাভ কৰিছিল৷ আৰু তেৱোঁ স্নাতক ডিগ্ৰী লৈয়েই ভাৰতৰ পৰা গুচি গৈছিল৷
নোবেল বঁটা সম্পৰ্কীয় বাতৰি আমাৰ কাকতবোৰত গুৰুত্ব সহকাৰে প্ৰকাশ হয়৷ একেদৰেই এই তিনিটাৰ সম্পৰ্কীয় বাতৰিও প্ৰকাশ কৰা উচিত৷ এবছৰত দুটা দিন, আৰু আন এটাত চাৰি বছৰৰ মূৰত এটা দিন৷ ইয়াৰ বাবে কাকতৰ প্ৰথম পৃষ্ঠাত ঠাইৰ অভাৱ নিশ্চয় নহয়৷ লাগে মাথোঁ সম্পাদকৰ কিছু সচেতনতা৷ ইয়াৰ দ্বাৰা ভাল দিশে বহু মানুহৰ আগ্ৰহো বৃদ্ধি পাব৷ অন্ততঃ সেই দিশত কিছু সহায় হ’ব৷
(৩০)
আনৰ পৰা সুখ আশা কৰি থকা মানুহে জীৱনত পদে পদে দুখ পায়৷ কাৰণ সুখ আনে কাকোৱেই দিব নোৱাৰে৷ ফলত তেনে আশা কৰি থকা মানুহে সুখৰ বাবে লোকৰ ওচৰত আক্ষেপ কৰি কৰিয়েই জীৱন পাৰ কৰি দিব লগা হয়৷ আৰু লোকৰ পৰা তেনে আশা কৰি কৰি তেওঁলোকে সেই সকলোকো অতিষ্ঠ কৰি ৰাখে অহৰহ৷ সুখৰ উৎসটো হ’ল নিজৰ মগজুটো, যিটো সম্পূৰ্ণ নিজৰ ভিতৰত আছে৷ নিজৰ মগজুৰ ভিতৰত সুখৰ এখন জগত গঢ়ি লোৱা মানুহে সুখ সুখ বুলি লোকলৈ আশা কৰি নাথাকে৷ যিকোনো পৰিস্থিতি, যিকোনো দুৰ্দশা পাৰ হৈ যোৱাৰ পাছতো তেনে মানুহে সুখ আহৰণ কৰিব পাৰে৷ সেইবাবেই দুয়োখন ভৰি বা দুয়োখন হাত ছিগি যোৱা মানুহো সুখী হ’ব পাৰিছে৷ নিজৰ বুলিবলৈ কোনো নথকা মানুহেও হাঁহি মাৰিব পাৰিছে৷ সেইবুলি মই মানুহৰ হাত-ভৰিবোৰ ছিগি যাওক, দুৰ্দশাই সকলোকে ঘেৰি ধৰক, কাৰণ সুখী হ’ব জনাসকল তেনেকৈয়ো সুখী হ’বই – সেই অৰ্থত কথাটো কোৱা নাই৷ ক’ব বিচাৰিছোঁ – সেই সকলো হোৱাৰ পাছতো মনৰ যি এক ইতিবাচক শক্তি, সেয়া গঢ়িব লাগিব নিজে৷ তেতিয়াহে মনলৈ সুখ আহিব৷ সেইবাবেই “এটা দ্বীপ সাতটা কবৰ” জাতীয় উপন্যাসক কোনেও মহৎ উপন্যাস বুলি নকয়৷ উপন্যাসখন পঢ়ি মোৰো বেয়া নালাগে৷ এবাৰেই নহয়, কেইবাবাৰো পঢ়িছোঁ৷ ভাষা অতি শুৱলা, এক প্ৰকাৰৰ ব্যতিক্ৰমী শুৱলা৷ সেইবাবেও লেখকগৰাকী জনপ্ৰিয়৷ তেওঁৰ কল্পনাশক্তি যথেষ্ট, আৰু সেই কল্পনাৰে কাহিনী এটা পাঠকৰ আগত দাঙি ধৰাত তেওঁ সিদ্ধহস্ত৷ কাহিনীত থাকে এটা গতি, যিটোৱে পাঠকক থমকি ৰ’ব নলগাকৈ গতি কৰাই লৈ যায়৷ তেওঁ চাচপেন্স দিব পাৰে বিৰল দক্ষতাৰে৷ উপন্যাসখনত তেওঁ তুলি ধৰিছে পাঠকৰ অচিনাকি কিছুমান বস্তু, যিবোৰে পাঠকক তীব্ৰ কৌতুহলী কৰি তোলে৷ কিন্তু ইমানবোৰৰ পাছতো সেইখন মহৎ নোহোৱা, বা এখন নিম্ন মানৰ উপন্যাস হোৱাৰ কাৰণ হ’ল তাত দেখুওৱা মানুহৰ নিম্ন চিন্তাধাৰা৷ দ্বীপটোত উপস্থিত হৈয়েই তেওঁলোকে কবৰৰ চিন্তাই কৰিলে৷ বাচি থাকিবলৈ মানৱীয় কোনো সামুহিক প্ৰচেষ্টা নলৈ চব আওমৰণে মৰিবলৈ ধৰিলে৷ হতাশগ্ৰস্ত মানুহৰ কাহিনীও সেয়া নহয়, কিন্তু হতাশগ্ৰস্ত হোৱাটোৱেই উচিত হোৱা ধৰণৰ ভাৱ জাপি দিলে লেখকে৷ কিন্তু মানৱীয় ক্ষমতাৰ কাহিনীবোৰে সদায় বেলেগ কথাহে কয়৷ সেই মানুহে তাতেই জীয়াই থাকিবলৈ সাধনা কৰিব৷ তেওঁলোকে দ্বীপটোৰ বস্তুবোৰেৰেই গঢ়ি তুলিব নতুন জগত৷ তাতেই তেওঁলোকে সভ্যতা আৰম্ভ কৰিব৷ তেওঁলোকে কোনো মুহূৰ্ততে নিজৰ কবৰটো চাই জীয়াই নাথাকে৷ তেওঁলোকৰ মগজুৰ জগতখনক অহৰহ কবৰটোত লৈ নাথাকে৷ মৃত্যুৰ অন্তিম ক্ষণতো তেওঁলোকে বিশাল জগতৰ উজ্বলতা উপভোগ কৰিব, কবৰৰ এচুক এন্ধাৰক দৃষ্টি নিবদ্ধ কৰাৰ একমাত্ৰ লক্ষ্যস্থান বুলি নাভাবে৷ মানুহৰ নিজৰ সেই শক্তিটোৱেই মানুহক সুখী কৰে৷ যিটো আনত নাই, আছে কেৱল নিজত৷
টোকাবহী (অণু-প্ৰবন্ধ) : ১১ – ২০
টোকাবহী (অণু-প্ৰবন্ধ) : ১ – ১০
Co-Founder: gonitsora.com | as.gonitsora.com
No Comments