
মাছৰ বজাৰত নিউয়ৰ্ক চহৰ
পূজাৰ বতৰত হঠাৎ মাছ বজাৰখনৰ নাম নিউয়ৰ্ক চহৰ বুলি ঘোষণা কৰি দিয়া হ’ল। হাফপেণ্ট আৰু হাৱাই চেণ্ডেল পিন্ধি সদায় গধূলি বজাৰলৈ যোৱা মানুহবোৰে কোট-টাই মাৰি বজাৰলৈ যোৱা আৰম্ভ কৰিলে। নিউয়ৰ্ক চহৰ চাবলৈ মহানগৰৰ পৰা টিভিৰ কেমেৰাসমূহ ঢপলিয়াই আহিল, “এইখনেই সেইখন, এইখনেই সেই নিউয়ৰ্ক চহৰ, আপোনাৰ সপোন নগৰী।” বৰ বৰ হৰফেৰে নিউয়ৰ্ক চহৰৰ খবৰ কাকতৰ প্ৰথম পৃষ্ঠাত ওলাবলৈ ধৰিলে। স্থানীয় এমএলএ ছাৰে তিনি কেজি ভৰৰ কচ এটা কিনি কেমেৰাৰ সমুখত বিশ্বশান্তিৰ কথা ক’লে। মাছৰ বজাৰৰ সমুখৰ চানা বেপাৰীজনে চানা বন্ধা বহী-কাগজৰ জাপবোৰ দাঙি ধৰি ঘোষণা কৰিলে, “এইখন নিউয়ৰ্ক টাইমছ।” পূজাত কিনা ৰঙীন চচমা একোযোৰ লগাই লৈ মাছৰ বেপাৰীকেইজনে নিউয়ৰ্কৰ ষ্টেণ্ডাৰ্ড বজাবলৈ চেষ্টা কৰিলে। মোৱা মাছৰ বেপাৰীজনে তেওঁৰ দোকানখন নতুন নাম এটা কি দিলে ভাল হ’ব বুলি জীয়েকক সুধিলেগৈ; জীয়েকে ক’লে বোলে নামটো ছিলিকন ভেলী দিয়া। নিউয়ৰ্কৰ মাজ-মজিয়াত ছিলিকন ভেলী চাবলৈ দৰ্শক আৰু বাঢ়ি গ’ল। লগে লগে কুঁচিয়াৰ বেপাৰীজনে ক’লে এয়া ৱাশ্বিংটন ডিচি, এইকেইটাক কুঁচিয়া বুলি নক’বা, এইকেইটা তিমি মাছ। সিফালে থকা খালটোৰ লালুকীকেইটাই চিঞৰিলে “আমি ইলীছ মাছ।” পুঠীমাছৰ বেপাৰীজনে নিজকে এজন চিনেটৰ বুলি ঘোষণা কৰি দিলে, আৰু পুতেকক পাতি দিলে মাছৰ কণীৰ চিইঅ’। সন্ধিয়া টোৰটোৰাই থকা ভেকুলীটোৱে ক’লে এয়া পপ সংগীতৰ নতুন ধাৰা, নিউয়ৰ্ক চহৰত নতুনত্বৰ বন্যা ব’ব। কেতিয়াও টোপনি নোযোৱা নিউয়ৰ্ক চহৰত নিশা টিপটপ লাইটৰ ৰঙীন পোহৰত ইমান ভীৰ যে বেলিয়েও বাট হেৰুৱাব। মাজনিশা সিন্ধি দিবলৈ হাতত খন্তি লৈ ওলাই অহা চোৰকেইটাই নিউয়ৰ্কৰ মাজ-মজিয়াত গঢ়ি তুলিলে এটা ক্লাব; আটাইতকৈ পেটুৱাটোৱে ঘোষণা কৰিলে, “মই গডফাডাৰ”। পোহৰত বাট হেৰুৱাই দৌৰি অহা বাদুলিটোৱে খুন্দিয়াই দিলে এটা ফেঁটী সাপক। বাদুলীয়ে সুধিলে, “হৌৰা তুমি কোন?” সাপটোৱে দমত উত্তৰ দিলে, “ব’ণ্ড, জেমছ ব’ণ্ড।”
দায়লুপ্তিঃ ৰাজ্যৰ নতুন উচ্চ-শিক্ষাৰ জগতখনৰ লগত ইয়াৰ কোনো সংযোগ নাই। কোনোবাই সংযোগ বিচাৰি পালে লেখক দায়ী নহয়।
No Comments