মিহিৰ কান্তি চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ
(সাহিত্য ডট্ অৰ্গৰ ২০১৪ চনৰ এটা সংখ্যা সম্পাদনা কৰিছিলোঁ। সেই সংখ্যাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ। পাছত সেইটো ‘আমাৰ অসম’ কাকততো প্ৰকাশ পাইছিল। ইয়াৰ ইংৰাজী অনুবাদ গণিত চ’ৰাত প্ৰকাশ পাইছিল। মূল অসমীয়া সাক্ষাৎকাৰটো মোৰ ব্লগতো সংগ্ৰহ কৰি ৰাখিলোঁ। পৰিচয় আদি সেই সময়ৰ দৰেই ৰখা হ’ল।)
অজৈৱ ৰসায়ন বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যৱহাৰিক উৎকৃষ্ট বৰঙণিৰ বাবে বিজ্ঞ মহলত অধ্যাপক মিহিৰ কান্তি চৌধুৰী সুপ্ৰসিদ্ধ। ১৯৭৩ চনত তেখেতে ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান, খৰগপুৰ (IITkgp) ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে, আৰু ইয়াৰ পাছত অধিক গৱেষণাৰ বাবে জাৰ্মানীলৈ যায়। জাৰ্মানীৰ পৰা উভটি ১৯৭৬ চনত তেখেতে উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU) ত চাকৰি জীৱন আৰম্ভ কৰে। ১৯৯৬ চনত তেখেতে ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (IITg) ত ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে আৰু পিছলৈ সেই প্ৰতিষ্ঠানৰে ক্ৰমে Dean, Students’ Affairs আৰু Dean, Research and Development পদত অধিষ্ঠিত হয়। ২০০৭ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে যোগদান কৰে।
বৰ্তমানলৈকে তেখেতৰ প্ৰায় ১৪০ খন গৱেষণা-পত্ৰ প্ৰকাশিত হৈছে আৰু তেখেতৰ উদ্ভাৱনসমূহৰ বাবে সৰ্বমুঠ ১০ টা পেটেণ্ট লাভ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC), বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC), বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR) আদিকে ধৰি বহুকেইখন ৰাষ্ট্ৰীয় পৰিষদ আৰু সমিতিৰ জুৰি বা সদস্যৰূপে তেখেত কৰ্মৰত। ১৯৮৮ চনত Fellow of the Indian Academy of Sciences (FASc) আৰু ১৯৯১ চনত Fellow of the National Science Academy (FNA) হিচাপে তেখেত নিৰ্বাচিত হয়। ১৯৮৯ চনত তেখেতে ভাৰতৰ বিজ্ঞান জগতৰ সৰ্বোচ্চ বঁটা “শান্তিস্বৰূপ ভাটনাগৰ বঁটা” লাভ কৰে।
তেখেতৰ ৱেবপেজ: http://www.tezu.ernet.in/vision/det_vc_mkc.htm
তেখেতৰ কাৰ্যকালত তেজপুৰ বিশ্ববিদ্যালয়ে আন্তঃগাঁথনি আৰু শৈক্ষিক দুয়োটা দিশেৰে বহু উন্নতি কৰিবলৈ সক্ষম হৈছে। তেখেতৰ কৰ্ম-পদ্ধতি আৰু বিভিন্ন ক্ষেত্ৰত তেখেতৰ দৃষ্টিভংগীৰ সম্পৰ্কে জানিবলৈ যোৱা ২৫ আগষ্ট তাৰিখে তেখেতৰ সৈতে সাহিত্য ডট্ অৰ্গৰ হৈ এটি কথোপকথনত মিলিত হৈছিলোঁ। তলত সেই কথোপকথনৰ সম্পূৰ্ণ অংশ পাঠকৰ বাবে আগবঢ়োৱা হ’ল।
ছাৰ, আপুনি শৈশৱ ক‘ত কটাইছিল? আপোনাৰ সেই সময়ৰ শিক্ষাৰ পৰিবেশ কেনেকুৱা আছিল?
► মেট্ৰিকলৈকে মোৰ শৈশৱ মই অসমতে কটাইছোঁ। আমাৰ সেই সয়মত কঠোৰ অনুশাসন আছিল। বিদ্যালয়ত যিসকল শিক্ষক-শিক্ষয়িত্ৰী আছিল, তেওঁলোক খুব জ্ঞানী আছিল; তেওঁলোকৰ পৰা আমি যিখিনি শিকিছোঁ সেইখিনি আমাৰ পাছৰ জীৱনত বহুত কামত আহিছে।
ৰসায়ন বিজ্ঞানৰ গৱেষণাৰ প্ৰতি আপুনি কিয় আকৰ্ষিত হ‘ল?
► কাৰণটো হ’ল, মই বিষয়টো ভাল পাওঁ আৰু ৰসায়ন বিজ্ঞান বেলেগ বিষয়ৰ লগত খুব প্ৰবলভাৱে সংযুক্ত। ৰসায়ন বিজ্ঞান মোটামুটি সকলো বিষয়তে লাগে, মানে কোনো কোনো বিশেষ ধৰণেৰে।
আপুনি বিদ্যায়তনিক ক্ষেত্ৰত বহু সফলতা অৰ্জন কৰিছে। তাৰ উপৰি, বহুকেইখন উচ্চ–শিক্ষা প্ৰতিষ্ঠানৰ প্ৰশাসনিক ক্ষেত্ৰত কৰা আপোনাৰ কাম–কাজবোৰ আদৰ্শত পৰিণত হৈছে। আনহাতে আপুনি বহুকেইখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতিৰ কাৰ্যবাহী সদস্যও। এই সমূহ কাম আপুনি কেনেকৈ একেলগে সুশৃঙ্খলিত ভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছে? আমি জানিবলৈ পাওঁ, আপুনি সপ্তাহৰ ছটা দিনত এঘাৰ ঘণ্টাকৈ অফিছত কাম কৰে। আপোনাৰ কৰ্ম–পদ্ধতিৰ বিষয়ে অলপ বহলাই ক‘ব নেকি?
► প্ৰথম কথা হ’ল, ব্যক্তি হিচাপে নিজে নিয়মানুৱৰ্তী হ’ব লাগিব। মোৰ যি লক্ষ্য আছে সেয়া খুব ভালকৈ চিন্তা কৰি লক্ষ্যটো নিৰ্ধাৰণ কৰিব লাগিব। আৰু মই যি দায়িত্ব লৈছোঁ সেই দায়িত্বটো মই ভালকৈ বুজিব লাগিব। বিশেষকৈ, যিকোনো দায়িত্ব লোৱাৰ আগতে যেতিয়া দায়িত্ব আহে, যেতিয়া প্ৰস্তাৱ আহে, তেতিয়া ডাঙৰ হওক সৰু হওক এটা প্ৰস্তাৱ পটককৈ ল’ব নালাগে। চিন্তা কৰিব লাগে যে যি কামৰ কাৰণে মোক প্ৰস্তাৱটো দিয়া হৈছে, আদৰণি জনোৱা হৈছে, সেইটো মই কৰিব পাৰিম নে নাই। যেতিয়া গম পোৱা গ’ল যে মই পাৰিম কৰিব, তেতিয়া আৰম্ভ হৈ গ’ল যাত্ৰা। যে কামটো কৰিবই লাগিব, সফলতা আনিব লাগিব। তাতে কোনোধৰণৰ যুক্তি-তৰ্ক বা excuse যিটোক কয়, সেইটোৰ মোৰ জীৱনত কোনো স্থান নাই। কৰিব লাগিব, মানে কৰিব লাগিব; কৰিম; কৰিম বুলি লৈছোঁ কৰিম; অৱশ্যেই সৎভাৱে।
বিদ্যায়তনিক ক্ষেত্ৰত আগতে মই যেতিয়া এনেকুৱা প্ৰশাসনিক দায়িত্ব লোৱা নাই, কিন্তু যেতিয়াই অলপ প্ৰশাসনিক কাম কৰিব লগীয়া হৈছিল, তেতিয়াও মই time management টো খুব ভাল দৰে কৰিছিলোঁ। দিনটোৰ যি কেইঘণ্টা মই কাম কৰিম, তাৰ ভিতৰত কেইঘণ্টা মই গৱেষণা, কেইঘণ্টা আনক পঢ়ুৱাম, আৰু কেইঘণ্টা প্ৰশাসনিক কাম কৰিম সেয়া ঠিক কৰি লৈছিলোঁ। এইটো জীৱনত বহু প্ৰয়োজনীয়। Time management মই সদায় গুৰুত্ব দিছোঁ। এতিয়া, academic administration যিটোক কয়, বিদ্যায়তনিক প্ৰশাসন, সেইটোত মোৰ বহুত বেছি সময় যায়, গৱেষণাত আজিকালি মই সিমান সময় দিব নোৱাৰোঁ। যিহেতু মই বিদ্যায়তনিক-ক্ষেত্ৰ ভাল পাওঁ, যিহেতু ভগৱানৰ আশীৰ্বাদত মোৰ ভাল ভাল প্ৰতিষ্ঠানত পঢ়াৰ সুযোগ হৈছে, দেশত, বিদেশত, ভাল ভাল অধ্যাপকক লগ পাইছোঁ, সেইবাবে মোৰ এটা জ্ঞানৰ ভাণ্ডাৰ হৈছে। মই এইটো ক’ব বিচৰা নাই যে জগতৰ সকলো কথা জানো, কিছুমান জানিব পাৰিছোঁ। সেইটোৰ লগত মোৰ নিজৰ অধ্যৱসায়— এই দুটা লগাই, আৰু ভগৱানৰ আশীৰ্বাদটো আছেই, এনেদৰে মই আগবাঢ়ি আছোঁ।
Academic administration বা মেনেজমেণ্টৰ বাবে মই কোনো ৰীতিমত প্ৰশিক্ষণ লোৱা নাই। মই common sense, সাধাৰণ জ্ঞান প্ৰয়োগ কৰোঁ। Sincerity-ত মই খুব বিশ্বাস কৰোঁ, আৰু সততা। মোৰ কেতিয়াবা কিবা দোষ-ত্ৰুটী হ’ব পাৰে, সেইটো শাশ্বত, কিন্তু নিৰ্মিত নহয়। সেইটোৱেই মূলমন্ত্ৰ। মই যেতিয়া কাম কৰোঁ হৃদয়েৰে কাম কৰোঁ। প্ৰশাসনিক কামেই হওক, ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তীতাৰ কামেই হওক। বাহ্যিকভাৱে মই বহুত কাঢ়া, কিন্তু ভিতৰত এজন বেলেগ মানুহ। এই দুটা মিলাই কাম কৰিব লাগে। আৰু শিক্ষাৰ ক্ষেত্ৰত কি হয়, বিশেষকৈ এনেকুৱা প্ৰতিষ্ঠানত, আমাৰ দ্বাদশ পৰ্যায় উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি পি.এইছ.ডি, পোষ্ট-পি.এইছ.ডি.লৈকে ছাত্ৰ-ছাত্ৰী আছে। বিভিন্ন বয়সৰ ল’ৰা-ছোৱালী থাকে। আমাৰ কেম্পাছত প্ৰায় ৪৫% ছোৱালী আছে আৰু ৫৫-৫৬% ল’ৰা। সকলো হোষ্টেলতে থাকে, কেম্পাছৰ ভিতৰত। সেইবাবে স্বাভাৱিকভাৱে মই খুব দৃঢ়ভাৱে নিয়মানুৱৰ্তীতা বজাই ৰাখিবলৈ দিয়াৰ চেষ্টা কৰিব লাগে। মোৰ সহকৰ্মী আছে, তেওঁলোক সকলো ভাল; মোৰ কথা তেওঁলোকে শুনে, আৰু মইও ভাল কথা কোৱাৰ চেষ্টা কৰোঁ। এইদৰে আমি সবেই মিলি গঢ়ি তুলিছোঁ। মেনেজমেণ্টৰ কাৰণে কোনো পাঠ্যপুথি পঢ়ি লাভ হয় বা মোৰ লাভ হৈছে, সেইটো মই ক’ব বিচৰা নাই। মই পঢ়োঁ, কিন্তু তেনেকুৱা প্ৰশিক্ষণ লৈ আহি তাৰ পাছত মই কৰি আছোঁ সেইটো নহয়, self-trained.
ছাৰ, গৱেষণাৰ বাবে আপুনি কেইবছৰমান জাৰ্মানীত কটাইছিল। সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে অলপ কওকচোন।
► সেই সময়ত মই, জাৰ্মানী মানে পশ্চিম জাৰ্মানীত আছিলোঁ। এতিয়াতো United Germany হৈ গ’ল। Experimental science আৰু নতুন আৱিষ্কাৰৰ কাৰণে পশ্চিম জাৰ্মানীৰ বিশেষ চিনাকি আছে। মই তেওঁলোকৰ পৰা সেইটো কেনেকৈ তেওঁলোকে লাভ কৰে জনাৰ চেষ্টা কৰিছিলোঁ। মই তাত দ্বিতীয়বাৰ ডক্টৰেট কৰিছোঁ। ডক্টৰেট কৰাৰ কাৰণ হ’ল, ডক্টৰেট কৰোঁতে যি পদ্ধতিত হয়, সেই পদ্ধতিৰে গ’লে গম পোৱা যাব যে কি কি ষ্টে’প কেনেকৈ কেনেকৈ পাৰফৰ্ম কৰি অৱশেষত তেওঁলোকে সিদ্ধি লাভ কৰে। সেইটো জানিবৰ কাৰণেই মই দ্বিতীয়বাৰ ডক্টৰেট কৰিলোঁ। মোৰ খুব বিশেষ লাভ হৈছে তাৰ পৰা। আৰু মই এটা সন্মানীয় ফে’লশ্বিপো পাইছিলোঁ, Alexander von Humboldt Fellowship বুলি, এইটো বিশ্বত নাম কৰা ফেল’শ্বিপ। সেইটোতো মোৰ ভাগ্যৰ কথা। মোৰ শিক্ষাত তাৰ শিক্ষাৰ পৰা এটা বিৰাট বৰঙণি আহিছে, যে মানুহে শিক্ষাত কেনেকৈ পদ্ধতিগতভাৱে আগবাঢ়ে, নিজা নিজা ক্ষেত্ৰত। আৰু এটা বস্তুৰে মই বিশেষকৈ উপকৃত হৈছোঁ, সেইটো হৈছে patriotism, নিজৰ দেশক ভাল পোৱা, স্বদেশপ্ৰেম। এইটো এটা বিৰাট বস্তু, মই তালৈ গৈ গম পালোঁ। মোৰ জীৱনত সেইটো এটা বিৰাট লাভ হৈছে। আজিও সেইটো মোৰ মনত আছে।
ছাৰ, ভাৰতৰ শিক্ষা–ব্যৱস্থা আৰু তাৰ শিক্ষা–ব্যৱস্থাত কেনেকুৱা ধৰণৰ পাৰ্থক্য আপুনি দেখা পাইছিল?
► মোটামুটি একোটা মিল আছে; কিন্তু তেওঁলোকৰ পাঠ্যক্ৰম, তেওঁলোকৰ পঢ়ুওৱাৰ পদ্ধতি, পৰীক্ষা-পদ্ধতি, পৰীক্ষণ-প্ৰণালী আমাতকৈ বেলেগ। এটা সাংঘাতিক পাৰ্থক্য যে আছে সেইটো নহয়, কিন্তু এটা বস্তুতেই পাৰ্থক্য আছে— তাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক দুয়োটা শ্ৰেণীয়েই বিৰাট sincere আৰু পৰীক্ষামূলক কাম তেওঁলোকে নিজে হাতে কৰি খুব ভাল পায়। এই ভাৱধাৰাটো আমাৰ ইয়াতে অলপ কম দেখিছোঁ। মই আই.আই.টি.ত নিজেও পঢ়িছোঁ, ইয়ালৈ (তেজপুৰ বিশ্ববিদ্যালয়লৈ) অহাৰ আগতে আই.আই.টি.ত পঢ়ালোঁও। আমাৰ ইয়াত এটা স্বভাৱ আছে যে সুযোগ পালেই পটককৈ কম্পিউটাৰৰ ওচৰত বহিবগৈ। মই কম্পিউটাৰৰ ওচৰত বহাটো বেয়া বুলি কোৱা নাই; কিন্তু কম্পিউটাৰটো হ’ল soft science; hard science যিটো হয়— কম্পিউটাৰটো কেনেকৈ সাজিব লাগে, কি কি বস্তু লাগে— এনেকুৱা কাম ছাত্ৰক দিলে অলপ হাত সাৰিবলৈ বিচাৰে। মোৰ নিজৰ ছাত্ৰ-ছাত্ৰী আছিল, মই দেখিছোঁ। এইটো এটা বিৰাট পাৰ্থক্য।
মৌলিক অধ্যয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বহুত পিছ পৰি আছে। মানদণ্ড আৰু সংখ্যা দুয়োটা দিশেৰে। প্ৰতি নিযুত জনতাৰ বিপৰীতে ভাৰতত গৱেষকৰ সংখ্যা আমেৰিকা, জাপান, নৰৱে, চীন আদি দেশতকৈ ১০ ৰ পৰা ৫০ গুণ পৰ্যন্ত পিছ পৰা। আনহাতে, World Intellectual Property Organization-এ ২০১২ চনত প্ৰকাশ কৰা এক তথ্য অনুসৰি ভাৰতে ২০১১ চনত দেশত উৎপাদিত মুঠ ৪২,২৯১ বিধ সামগ্ৰীৰ বাবেহে পেটেণ্টৰ আৱেদন জনাইছিল। কিন্তু একে বছৰতে চীন আৰু আমেৰিকাই আৱেদন জনাইছিল ক্ৰমে ৫২৬,৪১২ আৰু ৫০৩,৫৮২ বিধ সামগ্ৰীৰ বাবে। এইধৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ কিয় পিছ পৰি আছে আৰু কিয় অতি সীমিত সংখ্যকহে ইয়াৰ বাবে আগ্ৰহী হয় বুলি আপুনি ভাৱে?
► আপুনি যিটো কৈছে সেইটো ঠিক। আনকি আপুনি যদি কোৰিয়াৰ লগত আমাক তুলনা কৰে, কোৰিয়াও আমাতকৈ বহুত আগবাঢ়ি আছে। কাৰণটো হ’ল পেটেণ্টৰ কালছাৰটো আমাৰ দেশত আগতে তেনেকৈ নাছিল, বিশেষকৈ বিশ্ববিদ্যালয়-পদ্ধতি বা আই.আই.টি. এনেকুৱা প্ৰতিষ্ঠানত। CSIR Lab বা DRDO Lab বা ISRO Lab আদিত পেটেণ্টৰ কালছাৰটো আগতেও আছিল, যদিও সিমান জোৰ দিয়া হোৱা নাছিল। বিশ্ববিদ্যালয় বা আই.আই.টি.ৰ দৰে প্ৰতিষ্ঠানত এইটো একেবাৰে কম আছিল। আগৰ সময়ত আমি পেটেণ্ট কৰিবলৈ গ’লে সেয়া বহুত খৰচী আছিল। মই যেতিয়া নেহু, শ্বিলঙত কেৰিয়াৰ আৰম্ভ কৰিলোঁ মোৰ সদায় এটা অভিপ্ৰায় আছিল যে মই পেটেণ্ট কৰিম। মোৰ বস্তু যদি বজাৰলৈ যায়, মানুহৰ উপকাৰ হ’ব লাগে। যেতিয়া মই কামটোৰ বাবে আগবাঢ়িলোঁ বহুত খৰচ হ’ল। তাৰ পাছলৈ কি হ’ল, এই কথাবিলাক চৰকাৰ, প্ৰশাসনে গম পাই সেইটো এতিয়া বহুত সহজ কৰি দিছে। আমি নিজে ধন পৰিশোধ নকৰাকৈও DST, TIFAC আদিৰ জৰিয়তে যাব পাৰোঁ। যেনেকৈ আমাৰ বিশ্ববিদ্যালয়ত এটা IPR cell-য়েই আছে। এইটো এটা কাৰণ। আৰু মৌলিক কাৰণটো হৈছে আমি পেটেণ্টৰ মৰ্মটো ভালকৈ বুজি পোৱা নাই। আৰু এটা মানসিক বাধা আছে। মানুহৰ এটা ধাৰণা আছে যে আমি যদি পেটেণ্টৰ চিন্তালৈ যাওঁ তেন্তে আমাৰ publicationত পলম হৈ যাব পাৰে, বা publicationত বহুত পলম হ’ব, বা নহ’বও পাৰে। এই কথাটো যে সঁচা নহয় সেয়া ইমান পৰিষ্কাৰভাৱে কৈ দিয়া হোৱা নাই বা আমি বুজিবলৈ চেষ্টা কৰা নাই। যি হওক, মই কাকো দোষ দিব বিচৰা নাই, কিন্তু কথাটো অস্পষ্ট আছিল, অপৰিষ্কাৰ আছিল। মই এটা কাম কৰি, গৱেষণা কৰি কিবা এটা উলিয়ালোঁ, সেইটো বস্তুতে পেটেণ্টো ল’ব পাৰোঁ, paper ও ল’ব পাৰোঁ। এটাই পাৰ্থক্য হ’ল যে আগতে পেটেণ্টটো জমা দি দিয়াতো উচিত। তিনি মাহতো paper লিখোঁতে, ব্যাখ্যা কৰোঁতে কেতিয়াবা লাগি যায়। পেটেণ্ট জমা দি তিনি মাহৰ পাছত আমি পেপাৰ চাবমিট কৰিব পাৰোঁ, খালি ৰেফাৰেন্সটো দিব লাগিব “Patent filed for”। পেটেণ্ট গ্ৰাণ্ট হৈ আহোঁতে বাৰু অলপ সময় লাগে। মোৰ নিজা কেইটামান পেটেণ্ট আছে, মোৰ ইউ.এছ. পেটেণ্ট আছে, মোৰ পেটেণ্ট licensed হৈছে। Licensed মানে বজাৰলৈ গৈছে। এইটো খুব কষ্টসাধ্য বস্তু, কিন্তু সকলোতকৈ ডাঙৰ কথা যিটো আছিল সেইটো হ’ল আমাৰ এই কালছাৰটো নাছিল। এতিয়াও খুব বাঢ়িছে বুলি কিন্তু মই নকওঁ। এতিয়া আপুনি যিটো পৰিসংখ্যা মোক দেখুৱালে, সেইটো সঁচা। এতিয়াও যিটো অহা নাই সেইটোৰ কাৰণে আমাৰ সেই জাগৰণটো আনিব লাগিব। যি কথা মই আগতে ক’লোঁ, সেইটো পুনৰ কওঁ— পেটেণ্ট কৰিলেই যে আমি গৱেষণা পত্ৰ প্ৰকাশ কৰিব নোৱাৰোঁ এইটো একেবাৰে মনৰ পৰা দূৰ কৰিব লাগিব, এইটো একেবাৰে মিছা।
ছাৰ, আপোনাৰ বৰ্তমানলৈকে মুঠ ৮ টা পেটেণ্ট আছে।
► এতিয়া বোধহয় আঠটাতকৈ বেছি হ’ব নেকি। যি হওক, আঠটা বা দহটা…
ছাৰ আপোনাৰ এইখিনি কথাক লৈ আমি অতি গৌৰৱ কৰোঁ, ইমানখিনি কৃতিত্বৰ অধিকাৰী হৈ অসমত অৱস্থিত কোনো উচ্চশিক্ষা প্ৰতিষ্ঠানত বৰ্তমান কৰ্মৰত হিচাপে সম্ভৱতঃ কেৱল আপুনিয়েই আছে।
এটা কথা জানিব বিচাৰিছোঁ, এনে উদ্ভাৱনসমূহ আপোনাৰ প্ৰচেষ্টাত আকষ্মিকভাৱে সংযোগ ঘটিছে নে আপুনি পৰিকল্পিতভাৱে কৰি যোৱা কাম একোটাৰ ফলাফল হিচাপে লাভ কৰিছে?
► মই অলপ আগতে আপোনাক এটা কথা কৈছোঁৱেই। মই যেতিয়া বহুত সৰু আছিলোঁ, সৰু মানে বিদ্যায়তনিকভাৱে বহুত সৰু আছিলোঁ, তেতিয়াৰ পৰা মোৰ এটা ইচ্ছা আছিল যে মই কিবা এটা কৰিম, এনেকুৱা এটা কৰিম যিটো বহুত মানুহৰ কামত লাগিব। আৰু মোৰ নামো হ’ব, আৰু হ’ব পাৰে মই দুটা পইছাও পাম; এইখিনি পৰোক্ষ কথা। কিন্তু মূল ইচ্ছাটো আছিল— যদি মই কিবা এটা কৰিব পাৰোঁ…। সেইটো সময়ত টেবুল লেম্প আছিল, লেণ্টাৰ্ণ। এইবোৰ দেখি ভাবিছিলোঁ, প্ৰত্যেক মানুহেইতো এইটো ব্যৱহাৰ কৰিব লাগে, জানিব লাগে। পৰীক্ষাগাৰবোৰত বুনচেন বাৰ্ণাৰ বুলি এটা বস্তু ব্যৱহাৰ কৰে, এতিয়াও কৰে। বুনচেন চাহাবৰ নামত এইটো। তেতিয়া মই ভাবিছিলোঁ, তেওঁৰ কেনেকুৱা বুদ্ধি আছিল, তেওঁ সেইটো সাজিছে আৰু আমি এতিয়া ব্যৱহাৰ কৰিব লগা হৈছে। এই লেম্পটোৰ নামেই হৈ গ’ল বুনচেন বাৰ্ণাৰ! এই কথাবোৰ মনতে খেলি অলপ আলোড়ন হৈ আছিল যে কি কৰা যায়, কেনেকুৱা আৱিষ্কাৰ কৰা যায়। তাৰ পিছত যেতিয়া মই গৱেষণা আৰম্ভ কৰিলোঁ, প্ৰথমতেতো প্ৰশিক্ষণ। গাইড আছিল, মোটামুটিভাবে গাইডৰ কথাই মানিব লাগিব। তাৰ পাছত যেতিয়া মই স্বাধীন হ’লোঁ, independent researcher যিটো কয়, তেতিয়া মই প্ৰতিটো কাম কৰোঁতে সদায় মনত ৰাখিছিলোঁ— এইটো কাম কিবা ব্যৱহাৰিক ক্ষেত্ৰলৈ যাব নেকি, পঠিয়াব পাৰোঁনে নাই। এইধৰণেই হ’লগৈ আৰু।
লগত কঠোৰ পৰিশ্ৰম আছেই…
► কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। যিকোনো লাইনত। আপুনি যে এই কামটো কৰি আছে, ইয়াৰ পৰা আপুনি ডিব্ৰুগড়লৈ যাব বা বেলেগ ঠাইলৈ যাব, গৈ হয়তো আপুনি আধা পে’জ পাব। কঠোৰ পৰিশ্ৰম সকলোতে লাগিব, কোনো চমুপথ নাই। একমাত্ৰ, খুব বেছি যদি ব্যতিক্ৰমীভাৱে ভাগ্যৱান হয়, যি নেকি সঁচাকৈয়ে বহুত বহুত বহুতেই ব্যতিক্ৰম, তেওঁক এৰি দিলে সবেই পৰিশ্ৰম কৰিব লাগিব। আজি বিশ্বকাপ হৈ গ’ল, কিমান পৰিশ্ৰম তেওঁলোকে কৰিছে। দিনে-ৰাতিয়ে পৰিশ্ৰম কৰাৰ পিছতো ভাল ভাল দল হাৰি গ’ল, তাৰ পিছত কোনোবা জিকিল। প্ৰত্যেকটো লাইনত বিৰাট পৰিশ্ৰম কৰিব লাগে, সততা থাকিব লাগে, আৰু এটা কথা, খুব চিন্তা কৰিব লাগে। গৱেষণাত এটা বস্তু লৈ কেৱল পঢ়িলেই নহ’ব, সেইটো চিন্তা কৰিব লাগে। কি হৈছে, কেনেকৈ ইয়াতকৈ উন্নত কৰিব পাৰি, ইয়াৰ ওপৰত ভিত্তি কৰি কেনেকৈ আৰু এটা বস্তু পোৱা যায়। সেইবাবে অলপ ফাল্টু কথা-বতৰা কমকৈ ক’ব লাগে। যিটো ক’ব লাগে সেইটোৱেই ক’ব, যিটো ক’ব নালাগে চুপচাপ থাকক, চিন্তা কৰক। সফল ব্যক্তিৰ এইসমূহ কিচুমান চাবিকাঠী। বহুত পঢ়িব লাগে। কেতিয়াও ভাবিব নালাগে, তেওঁ কিবা এটা publish কৰিছে, অ’ হ’ তেওঁ কি জানে! সেইটো কেতিয়াও ভাবিব নালাগে। পঢ়ি চাওক কি লিখিছে, ভাল নালাগিলে আপুনি এৰি দিব। দেখা গৈছে যে চিৰিয়াছলি পঢ়িলে প্ৰতিটো লেখাৰ পৰা কিবা নহয় কিবা এটা শিকা যায়। আৰু ভাল ভাল মানুহে যেতিয়া বক্তৃতা দিয়ে, সেয়া যিকোনো বিষয়তেই হওক, ৰসায়নতে যে হ’ব লাগিব তেনেকুৱা কথা নাই, তেওঁলোকৰ বক্তৃতা শুনিব লাগে। এটা বস্তু মোৰ হবীৰ নিচিনা আছিল, এতিয়াও আছে, কিন্তু ইমান নিয়মীয়া নহয়। Auto-biography, আত্মজীৱনী। আত্মজীৱনী পঢ়ি মই বহুত অনুপ্ৰেৰণা পাইছোঁ। সফল ব্যক্তি, ধৰক ন’বেল বঁটা পাইছে, কেনেকৈ কেনেকৈ কোন স্তৰত তেওঁলোকে কিমান পৰিশ্ৰম কৰিব লগা হৈছে, তেতিয়া গম পোৱা যায় যে পৰিশ্ৰম কৰিব লাগে, পৰিশ্ৰমৰ কোনো বিকল্পই নাই।
আপুনি, ২০০৭ চনৰ পৰা বৰ্তমানলৈকে ৭ বছৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হৈ আছে। আপোনাৰ দিনত বিশ্ববিদ্যালয়খনত অধ্যয়নৰ বাবে এক সু–শৃঙ্খলিত পৰিবেশ গঢ় লৈ উঠিছে। কৰ্মশালা, বিভিন্ন অনুষ্ঠান আদি আয়োজন কৰিব পৰাকৈও ইয়াত সম্পূৰ্ণ সুবিধা গঢ়ি তোলা হৈছে। এই শৈক্ষিক পৰিৱেশ তথা ইয়াৰ দৃষ্টিনন্দন ৰূপে দেখি, অসমতে অৱস্থিত বিশ্ববিদ্যালয় এখনত এনে পৰিৱেশ আছে বুলি সকলো মানুহেই প্ৰথমে আচৰিত হৈ পৰে। ইয়ালৈ অহা বিদেশৰ বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ভাৰতৰ বহুজন গন্যমান্য বিজ্ঞানীয়েও এনে ভাৱ প্ৰকাশ কৰিছিল। এনে পৰিৱেশ, এনে সুবিধাসমূহ বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে অহা সমূহ ছাত্ৰ–ছাত্ৰীয়ে সূচাৰুৰূপে গ্ৰহণ কৰি নিজৰ কামত ব্যৱহাৰ কৰিছেনে? নে তেওঁলোকে এই সুবিধাসমূহ পাই অধিক আৰামী হৈ পৰিছে? আপুনি কি বুলি ভাবে?
► বেছিভাগেই কৰিছে। এক সংখ্যক আছে, তেওঁলোকে বোধহয় ভাবিছে যে সকলো ঠাইত এইটোৱেই হয়। কাৰণ তেওঁলোকে বেলেগ বিশ্ববিদ্যালয় দেখা নাই। ইয়াতকৈ ভাল বা ইয়াতকৈ বেয়া, সেইটো তেওঁলোকে দেখা নাই। বাৰে বাৰে আমি তেওঁলোকক সোঁৱৰাই থাকোঁ। এই বিশ্ববিদ্যালয়ত কিন্তু প্ৰথম এটা কথা মনত ৰাখিব লাগিব, এইখন এখন বিশেষ ধৰণৰ বিশ্ববিদ্যালয়। ইয়াৰ জন্ম, জন্মটোৱেই অলপ বেলেগ ধৰণৰ। অসম আন্দোলনৰ পৰা আহিল। অসম আন্দোলনৰ পৰা আহিল —এই কথাতো আমি মনত ৰাখিব লাগে। কিমান আমাৰ তেতিয়াৰ ল’ৰা-ছোৱালী — তেওঁলোকৰ জীৱন নষ্ট হৈছে, পঢ়া-শুনা ক্ষতি হৈছে, চাকৰি-বাকৰি গ’ল, পঢ়া-শুনা কৰিব পৰা নাই…, মই সংক্ষেপে কৈছোঁ। এইবোৰ কৰাৰ পাছত এইটো এটা ফলাফল। আৰু বহুতো বেলেগ বেলেগ কথা আছে, মই সেইবোৰ ক’বলৈ বিচৰা নাই। মোৰ মনত সদায় এইটো আছিল। যেতিয়া মই উপাচাৰ্য হিচাপে ইয়ালৈ আহিলোঁ তেতিয়া বস্তুটো মোৰ মনত জাগৰিত হৈ আহিল। মই চিন্তা কৰিলোঁ, তেওঁলোকে ইমান কৰিছে, আমি তেওঁলোকক বিনিময়ত কি দিব পাৰোঁ? পোনপটীয়াকৈতো দিব নোৱাৰোঁ, আওপকীয়াকৈ আমি কি দিব পাৰোঁ? আমাৰ কৰ্মৰ জৰিয়তে? মই ভাবিলোঁ, এই বিশ্ববিদ্যালয় যিহেতু অসম আন্দোলনৰ এটা ফল, মই চেষ্টা কৰোঁ এই বিশ্ববিদ্যালয়খন এখন আদৰ্শ বিশ্ববিদ্যালয় কৰিব পাৰোঁ নে নাই। তাৰ কাৰণে বহুত পইছাও লাগে, চৰকাৰে বহুত পইছা দিয়ো আছে, কিন্তু পইছা অনাটো বহুত কষ্ট। আপোনালোকে বস্তুবোৰ দেখি নাভাবিব যে পইছা বৰষুণৰ পানীৰ দৰে আহি আছে, struggle কৰিব লাগে। আজিও মোৰ কেই কোটিমান টকাৰ ডীল আছে, সেইটো আহে যায়, আহে যায়, গৈ থাকে…, মই ভাঙি ক’বলৈ বিচৰা নাই। কথা হ’ল, মোৰ লক্ষ্য যিটো সেইটো আৰম্ভণিৰ পৰা স্পষ্ট আছিল যে মই কি কৰিবলৈ আহিছোঁ। আৰু মোৰ মনত এইটো আছিল, যিহেতু মই অৱসৰ লৈ ইয়ালৈ অহা নাই, মোৰ চাকৰি আছে, মই ইতিমধ্যে আই.আই.টি. গুৱাহাটীৰ প্ৰফেচৰ- গতিকে যদি মই কৰিব নোৱাৰোঁ, ঠিক আছে, বেয়া লাগিব, মই গুচি যাম, ইয়াত থকাৰ মোৰ কোনো মানে নাই। যি mission লৈ আহিলোঁ, যি vision মনত আছে, সেইটো যদি মই কৰিবই নোৱাৰিলোঁ, তেতিয়া মই গুচি যাম। এইটো ভাবি মই কৰি গ’লোঁ। এতিয়া আপোনালোকে বিচাৰ কৰিব, ভাল-বেয়া মই ক’বলৈ বিচৰা নাই। মই এইটো ক’ম, মই বহুত চেষ্টা কৰিছোঁ, মোৰ সহকৰ্মী সবেই মোক সহায় কৰি আছে, তেওঁলোকে কথা মানে। আপুনি পুৰা-পুৰি কেম্পাছ ঘূৰিলে গম পাব, আপুনি সম্পূৰ্ণ নিয়মানুৱৰ্তীতা দেখা পাব। সাধাৰণতে কাকো দেখিবলৈ নাপাব যি চিগাৰেট হুপি আছে, লুকাই-চুৰকৈ কৰি আছে সেইটো ব্যক্তিগত কথা, সেইটো আমি ধৰিব নালাগে। বা পান খোৱা মানুহ। আমাৰ কিন্তু বহুত পান খোৱা মানুহ আছে, গোটেই অসমতে এইটো সাধাৰণ কথা। কিন্তু আপুনি পানৰ পিক ইয়াত য’তে ত’তে সাধাৰণতে নাপাব। সকলো কিন্তু আমাৰেই মানুহ। এইবোৰ সবৰে মজ্জাগত হৈ গৈছে যে এইটো কৰিব নালাগে, এইটো বেয়া কাম। এয়েই হ’ল কথা। সামূহিকভাৱে আমাৰ ছাত্ৰ-ছাত্ৰীক ভাল বুলি মই ক’ম। খুৱ নিয়মানুৱৰ্তী। আৰু নিয়মানুৱৰ্তী হোৱাৰ কিছুমান কাৰণো আছে, আমাৰ নিৰ্দিষ্ট সময়ত পৰীক্ষা হয়, নিৰ্দিষ্ট সময়ত ফলাফল ওলায়। আমি placement ৰ খুব চেষ্টা কৰোঁ। ১০০% যে দিব পাৰোঁ, সেইটো দাবী কৰা নাই, কিন্তু আমি চেষ্টা কৰোঁ ১০০%। আমাৰো অলপ অশান্তি নথকা নহয়। কিন্তু মই ক’ম যে মই ভগৱানৰ ওচৰত কৃতজ্ঞ, আমি বহুত শান্তিত আছোঁ, যি কামৰ বাবে আহিছোঁ, কাম কৰি আছোঁ আৰু বেছিভাগ ল’ৰা-ছোৱালীয়েই নিজৰ কাম কৰি আছে। সেইকাৰণেই, আপুনি গম পাব, প্ৰতিবছৰে নামভৰ্ত্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে, ভাল ভাল ছাত্ৰ-ছাত্ৰী আহিব বিচাৰিছে। এইসমূহে কিছুমান বাৰ্তা দিয়ে, তাৰ পৰা নিশ্চয় গম পাব বিশ্ববিদ্যলয়খনে কিছুমান ভাল কাম কৰি আছে। কিন্তু এইটো ৰাইজে ক’ব, মই ক’ব নোৱাৰিম যে মই খুৱ ভাল কৰি আছোঁ, মই এইটোৱেই ক’ম আকৌ— মই আৰু মোৰ সহকৰ্মী আমি সকলো মিলি চেষ্টা কৰি আছোঁ, ভাল-বেয়া আপোনালোকে ক’ব।
বিশ্ববিদ্যালয়খনকলৈ আপোনাৰ আৰু কি কি পৰিকল্পনা আছে?
► তেজপুৰ বিশ্ববিদ্যালয়ৰ এতিয়াও, infrastructure যিটো লাগে, পঢ়া-শুনাৰ কাৰণে, আজি-কালিতো আপুনি গছৰ তলত বহি পঢ়িব নোৱাৰিব, পৰীক্ষাগাৰ লাগিব, পুথিভঁৰাল লাগে, কম্পিউটাৰ কেন্দ্ৰ লাগে, কম্পিউটাৰ লাগে, আন সা-সঁজুলি লাগে, ৰিনিউ কৰিব লাগে, আজি কিনি দুবছৰ-আঢ়ৈবছৰৰ পাছত আকৌ কিনিব লাগে, বিল্ডিং লাগিব, পানী লাগিব, ২৪ ঘণ্টা বিজুলী দিব লাগিব। কাৰণ কিছুমান গৱেষণা হয়— বিশেষকৈ জীৱবিজ্ঞানৰ গৱেষণাত এক ঘণ্টা দুঘণ্টাৰ বাবে যদি কাৰেণ্ট গুছি যায় তেন্তে তেওঁলোকৰ হয়তো পাঁচ-চাৰি-দহ বছৰৰ কাম নষ্ট হৈ যাব পাৰে। আমাৰ গোটেই infrastructure. infrastructure বুলি কওঁতে মই অকল ভৱন বুলি কোৱা নাই, ইয়াৰ কিছু কাম কৰিবলগীয়া আছে। অহা বছৰৰ ভিতৰত যদি আমি দুটা হোষ্টেল উলিয়াব নোৱাৰোঁ তেন্তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বঢ়াবই নোৱাৰিম। মোৰ হিচাপত আৰু ৩৫-৪০% মান কাম কৰিবলগীয়া আছে। যিহেতু এই বিশ্ববিদ্যালয়ত নিযুক্তিৰ সুবিধা থকা ক’ৰ্চ পঢ়ুওৱাৰ চেষ্টা কৰোঁ, সেইবাবে আমাৰ strategy টো অলপ বেলেগ। পৰীক্ষাগাৰ খুব ভাল হ’ব লাগিব, তাতে ৰাসায়নিক বস্তু ভাল দিব লাগিব, শিক্ষক ভাল হ’ব লাগিব, তেওঁলোকক বাহিৰৰ পৰা ট্ৰেইনিং দি আনিব লাগিব।
আমি innovation চেণ্টাৰ খুলিছোঁ। উদ্ধৱ ভৰালী, খুব নাম কৰা উদ্ভাৱক, তেওঁ আমাৰ ডাইৰেক্টৰ। তেওঁ আমাৰ ইয়ালৈ প্ৰতি সপ্তাহে আহে। তেওঁ বৈতনিক ডাইৰেক্টৰ, আমাৰ ছাত্ৰ-ছাত্ৰীক তেওঁ শিকায়। আমি এটা চেণ্টাৰ নিৰ্মাণ কৰিছোঁ। আমাৰ যিখিনি উদ্ভাৱন, আমি তাতে ৰাখিম। নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি আহিব, আমি ৰাইজকো সেইখিনি দেখুৱাম। আৰু এটা হল আমি সাজি আছোঁ।
গতিকে, কাম এতিয়াও বাকী আছে। মোৰ সময়ত মই কিমানখিনি কৰিব পাৰোঁ মই এতিয়া ক’ব নোৱাৰোঁ, কাৰণ মোৰ আৰু তিনি বছৰতকৈ অলপ কম আছে। কিন্তু যিমান পাৰোঁ মই চেষ্টা কৰিম। আছে, এতিয়াও বাকী আছে, আপোনালোকে নাভাবিব যে সকলো কাম হৈ গৈছে।
ছাৰ, আপুনি আৰু তিনি বছৰৰ পাছত ইয়াৰ পৰা যাব লাগিব বুলি কৈছেই। আজি আপুনি যি সু–পৰম্পৰা প্ৰচলিত কৰিলে, যি পৰিৱেশ গঢ়ি তুলিলে সেইটো আপুনি যোৱাৰ পাছত আপোনাৰ অনুপস্থিতিত উত্তৰ–প্ৰজন্মই ৰাখিব পাৰিব বুলি আপুনি বিশ্বাস কৰেনে?
► মই বিশ্বাস কৰোঁ পাৰিব, কিন্তু তেওঁলোকৰ এই sincerity টো থাকিব লাগিব। এইটো আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। দেখা গৈছে পৃথিৱীত, আমাৰ ইয়াত বুলি নহয়, আমাৰ দেশত অলপ বেছি হ’ব, যে বস্তু সজাৰ সময়ত বহুতে সাজি দিয়ে। তাৰ পিছত আমি সেইটো বজাই ৰাখিব নোৱাৰোঁ। সংস্কৃতিয়েই হওক বা কিবা এটা সম্পদেই হওক বা এটা বিল্ডিঙেই হওক। এইটো কাৰণে মোৰ যথেষ্ট চিন্তা হৈ আছে। কিন্তু মই ভাবোঁ হৈ যাব। কিয় হ’ব মই কওঁ— মানুহে যদি গ্ৰহণ কৰে যে এইটো আমাৰ বস্তু, আমি ভালকৈ ৰাখিব লাগিব, সেইটো ধাৰণা আহিব লাগিব। যেনেকৈ আপোনাৰ নিজা ঘৰ, আপুনি সদায় চাব যে মোৰ যিমান ক্ষমতা আছে ঘৰখন ঠিক-ঠাক কৰি ৰাখোঁ। মই চেষ্টা কৰি আছোঁ, এইটো নকওঁ যে অহা নাই, কিন্তু ১০০% অহা নাই— মই সততাৰে ক’ব লাগিব, কাৰণ এইটো ৰাইজৰ সম্পত্তি। এইটো কাৰণে মোৰ চিন্তা আছে।
মনত ১০০ শতাংশই সোমাব লাগিব যে এইটো আমাৰ বস্তু। চৰকাৰে পইছা দিব, কিন্তু সেইটোতো আমি সৎভাৱে ব্যৱহাৰ কৰিব লাগিব না! খালি পইছাইতো কথা নকয়। সেইটো কাৰণে মোৰ চিন্তা আহে, মই ট্ৰেইনিঙো দি আছোঁ, বাহিৰৰ পৰাও ভাল ভাল মানুহ আহে। মোৰ কথা হ’ল, এনেকুৱা এটা উদাহৰণ লওক— আই.আই.টি. কানপুৰ, ইণ্ডিয়ান ইনষ্টিটিউট অব চায়েন্স, টি.আই.এফ.আৰ., TISS… তেওঁলোকৰটো ডাইৰেক্টৰ সলনি হৈ আছে। তেওঁলোকৰ উপাচাৰ্য নাই, ডাইৰেক্টৰ আছে। ডাইৰেক্টৰ গৈ আছে, ডাইৰেক্টৰ আহি আছে। যাব, আহিব। কিন্তু মোটামুটি এটা সংস্কৃতি আহি গৈছে। আপুনি ইণ্ডিয়ান ইনষ্টিটিউট অব চায়েন্সৰ নাম ক’লে, আজিৰ পৰা দহ বছৰৰ আগতে যেনেকুৱা আছিল, আজি আৰু ভাল, আকৌ দহ বছৰৰ পাছত আৰু ভাল হ’ব। আমি ভাবোঁ ইয়াতো এনেকুৱা হ’ব। সেইটো কাৰণে মই ভাবোঁ যে আমাৰ স্থানীয় ৰাইজ সচেতন হ’ব লাগিব, স্থানীয় বুলি কওঁতে মই অসমৰ কথা কৈছোঁ। বহুত ভাল ভাল মানুহ আছে বিভিন্ন ঠাইত, তেওঁলোক আহিব লাগে, আমাক লীড দিব লাগে, আমাৰ ৰোল মডেল হ’ব লাগে যে— আমাৰ মিঃ ডেকা, ড° শইকীয়া এনেকুৱা হৈছে, মইও পাৰিম। এইটো অলপ হ’ব লাগিব। বাহিৰৰ পৰা ভাল মানুহ আনিব লাগিব চলাবৰ কাৰণে। ৰাইজৰ মনলৈ এইটো চিন্তা অহা উচিত যে এটা বস্তু সজা হৈছে, সেইটো আমি কেনেকৈ ৰক্ষা কৰিম। ৰক্ষা কৰাতো সহজ নহয়। আমাৰ বিজুলী বিল ২৫ লাখ, ২৪ লাখ। সেইটো লাগে, মই কোৱা নাই যে সেইটো দুৰ্ব্যৱহাৰ হৈ আছে, সেইটো নহয়। সেইটো নহ’লেতো নহ’ব, ২৪ ঘণ্টা বিজুলী দিব লাগিব, ল’ৰা-ছোৱালীয়ে কেনেকৈ পঢ়িব, পৰীক্ষাগাৰ কেনেকৈ চলিব? আৰু বহুতো কথা আছে। মই ভাবোঁ ৰক্ষা কৰাতো অসম্ভৱ নহয়, কিন্তু সকলো মানুহ ওলাই আহিব লাগিব। ইয়াৰ বাবে আপোনালোকৰো দায়িত্ব, চৰকাৰৰো দায়িত্ব, অসম ৰাজ্যবাসীৰো দায়িত্ব, কাৰণ এইটো আমাৰ বস্তু। তাৰ বাবে দৰকাৰ হ’লে আমি বাহিৰৰ মানুহো আনিব লাগিব, কিন্তু ভিতৰৰ মানুহ হ’লে ভাল, মই ভাবোঁ তেতিয়া বেলেগ এটা ভাৱ থাকে, মনৰ এটা sympathy ধৰণৰ বস্তু।
আমাৰ দেশৰ বা ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণে আপোনাক উদ্বিগ্ন কৰে নেকি? এই সম্পৰ্কীয় অযথা উদ্বিগ্নতাই ছাত্ৰ–ছাত্ৰীৰ অনিষ্ট কৰে বুলি আপুনি ভাবে নেকি? ছাত্ৰ–ছাত্ৰীয়ে এইবোৰৰ পৰা মুক্ত হোৱাতো দৰকাৰ বুলি আপুনি ভাবেনে?
► মুক্ত হৈ থকাতো উচিত। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰে, তেওঁলোকৰ চিন্তাৰ পৰিসৰ বাঢ়ে, গতিকে এইবোৰে নিশ্চয় এটা ক্ৰিয়া কৰে। শিক্ষক হিচাপে, উপাচাৰ্য হিচাপে বা ডীন হিচাপে আমি যথাসম্ভৱ তেওঁলোকক আঁতৰাই আনিব লাগে, কাৰণ এইটো সময় হৈছে তেওঁলোকে নিজক গঢ়াৰ। যদি বিপথে গুচি যায়, তেন্তে ইয়াতো নহ’ল তাতো নহ’ল। তেওঁলোকক এইটো ক’ব লাগিব যে তেওঁলোক পোনপটীয়াকৈ জড়িত হৈ পৰিব নালাগে, সচেতনতা থাকিব লাগে। সেইবাবে আমি বিদ্যায়তনিক প্ৰশাসনে তেওঁলোকক এনে এটা পৰিৱেশ দিব লাগে যে তেওঁলোকে তাত যোৱাৰ সুযোগ নাপায় বা তেওঁলোকে ভাৱে যে এইটোত আমাৰ এতিয়া যোৱাৰ প্ৰয়োজন নাই। আমি গম পাইছোঁ যে আমি ক’ৰবাত কিবা কৰিব পাৰিম, কিন্তু প্ৰথমে আমাক বা মোক, মোক গঢ়িব লাগিব, তেতিয়াহ’লে আমি বৰঙণি আগবঢ়াব পাৰিম। নহ’লে যিটো মই আগতে কৈছোঁ— ইয়াতো নহ’ল, তাতো নহ’ল। পোনপটীয়াকৈ তেওঁলোক জড়িত নোহোৱাটো ভাল বুলি মই ভাবোঁ। এই যে সময়ৰ মূল্য, আমি যে অযথা বন কৰোঁ বা বিক্ষোভ প্ৰদৰ্শন কৰোঁ, এইবোৰ কৰি যে সময় গুচি যায়, সেয়া আৰু ঘূৰি নাহে। সেইটো বুজাই দিব লাগে। মানুহৰ জীৱন সীমাবদ্ধ। আজিকালি আয়ুস বাঢ়িছে, কিন্তু বাহিলেও কিমান? ১০০ বছৰ? কিন্তু পৃথিৱীখনত ১০০ বছৰ বহুত বেছি বছৰ নহয়! গুচি যাব পটককৈ। এই ১০০ বছৰেই হওক, ৫০ বছৰেই হওক বা ৬০ বছৰেই হওক, প্ৰতিটো দিন আমি ঠিক যেনেকৈ কামত খটুওৱা উচিত তেনেকৈহে কৰা উচিত আৰু প্ৰতি দিন নহ’লেও সপ্তাহত অন্ততঃ এবাৰ introspection কৰিব লাগে যে এই সপ্তাহত মই কি কৰিলোঁ, মই কিমান সময় কামত লগালোঁ, কি পালোঁ, কি দিলোঁ। সমাজৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগে। আমাৰ বিশ্ববিদ্যালয়তে চাওক, প্ৰতি ছাত্ৰৰ বাবদ মোটামুটি দহ লাখ টকা লাগে। বিজ্ঞান-প্ৰযুক্তিত বহুত খৰচ হয়। এই দহ লাখ টকা এজন ছাত্ৰ বা ছাত্ৰীৰ ওপৰত আমি খৰচ কৰিব লাগে। এতিয়া আপুনি যদি মোক সোধে, অভিভাৱকে কিমান দিয়ে? অভিভাৱকে অতি সীমিত অংশ এটা দিয়ে। বেলেগ পইছাটো ক’ৰ পৰা আহিল? চৰকাৰৰ পৰা। চৰকাৰ কি? চৰকাৰেতো ৰাইজৰ পৰাই লয়। তাৰমানে এইটো ৰাইজে আমাক দিছে। মই এজন উপাচাৰ্য, আপুনি আজি এজন সাংবাদিক বা আপুনি এজন গৱেষক, আপোনাক আপোনাৰ মা-দেউতাই যিমান পাৰিছে দিছে, কিন্তু সেইটো পৰ্যাপ্ত নহয়; আপুনি ভালকৈ চিন্তা কৰিলে গম পাব আমাক ৰাইজে আগবঢ়াই আনিছে। গতিকে ৰাইজৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। আমি অলপ পঢ়া-শুনা কৰি চাকৰি পাইছোঁ, কেৱল পইছাৰ কথা বুলি নহয়— আমাৰ সমবেদনা, পৰামৰ্শ, আমাৰ সু-পৰামৰ্শ দিয়াৰ এটা দায়িত্ব আছে। এইখিনি আমি বুজিব লাগিব। স্বদেশপ্ৰেম— আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ জিলাক আমি ভাল পাব লাগিব। আমি চেষ্টা কৰিম জিলাখন ভাল কৰিবলৈ, এইটো ভাৱ আহিব লাগিব।
অধিক পৰীক্ষাৰ মুখামুখি হ‘ব লগা হ‘লে ছাত্ৰ–ছাত্ৰীৰ মনত চাপৰ সৃষ্টি হয় আৰু সি তেওঁলোকৰ প্ৰতিভা বিকাশত বাধা দিয়ে বুলি এষাৰ কথা আছে। সেইটো আপুনি বিশ্বাস কৰেনে?
► নাই, মই এইটো বিশ্বাস নকৰোঁ। ছাত্ৰ-ছাত্ৰীক কি হৈছে, ছাত্ৰ-ছাত্ৰীক মানে আমাকো, অলপ চাপত থাকিবলৈ দিব লাগে। আপুনি আৰম্ভণিতে মোৰ ৰেফাৰেন্স দি কৈছে যে মই ইমান ঘণ্টা কাম কৰি থাকোঁ। ইমান ঘণ্টা কাম কৰিবলগা হয় মানে আপুনি নিশ্চয় গম পাইছে যে মই এটা চাপতে আছোঁ। চাপটো চৰকাৰে দিছে, ৰাইজে দিছে নে মই নিজে লৈছোঁ সেইটো বেলেগ কথা। চাপত নাথাকিলে মানুহ নিয়মানুৱৰ্তী নহয়। আৰু এটা কথা, পৰীক্ষাৰ সংখ্যা বেছি, পৰীক্ষাৰ সংখ্যা কম, এইটো গভীৰভাৱে চিন্তা কৰি ক’ব লাগে। মই ভাবোঁ, এই যে ছেমিষ্টাৰ চিষ্টেম, continuous evaluation, ইয়াত ছেল্ফ থিংকিং, ছেল্ফ লাৰ্নিং আদিত সহায়ক হয়। ছেমেষ্টাৰৰ শেষ হৈ গ’ল যেতিয়া কোনো টেনচন নাই, বেক লগাৰ সমস্যা নাই, তেতিয়া আজৰি সময়, internship কৰক, নিজে গৱেষণা কৰক, বা পাৰ্ট-টাইম চাকৰি কৰক, পাৰ্ট-টাইম চাকৰিটো বিদেশত হয়। নিয়মানুৱৰ্তীতাৰ বাবে এইটো খুব ভাল। আপুনি যদি ছাত্ৰ-ছাত্ৰীক সোধে, তেওঁলোকে প্ৰথম ক’ব যে এইটো বেয়া, কাৰণ ভাল বস্তুটো তেওঁলোকে বুজাৰ ক্ষমতা হোৱা নাই। আমাৰ দায়িত্ব, তেওঁলোকক বুজাই দিব লাগিব, কিয় ভাল। যদি কাৰোবাৰ অসুখ হৈছে, ঘৰত কিবা অসুবিধা হৈছে তেন্তে continuous evaluation হ’লে এটা পৰীক্ষাই ছাত্ৰজনৰ জীৱনটো ওল্টা-পুল্টা কৰি দিব নোৱাৰে। কাৰণ এটা পৰীক্ষাৰ বৰঙণি খুব কম। সাতটা পৰীক্ষাত ভাগ হৈছে, তেন্তে এটা পৰীক্ষাই একো বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। আৰু ধৰক মই এজন ভাল ছাত্ৰ নহয়, মোৰ ছটা পৰীক্ষাই বেয়া, তেন্তে এটা পৰীক্ষা ভাল কৰি মই প্ৰথম স্থান পাই গ’লোঁ, সেইটো নহয়। এটা মানদণ্ড থাকি যায়। আৰু বেক নাথাকে। ধৰি লওক, দহ দিন যিটো পঢ়া হৈছে, লগে লগে যদি সেইটোৰ পৰীক্ষাটো হৈ যায়, তেন্তে আপোনাক যি পঢ়াইছে, যি বুজাইছে তাৰ পৰীক্ষা দি শেষ হৈ যায়। continuous evaluation ত শিক্ষকৰ দায়িত্ব বহুত বেছি। তেওঁলোকে ছাত্ৰ-ছাত্ৰীক বুজাই সাজু কৰি তুলিব লাগিব। সেইমতে প্ৰশ্ন-কাকত কাটিব লাগিব, পৰীক্ষণ কৰিব লাগিব। Continuous evaluation আৰু internal asasement ত আৰু এটা সৌন্দৰ্য আছে। কোনো কাৰণত যদি মই এটা পৰীক্ষা বেয়া কৰিছোঁ সেইটোতে মোৰ গোটেই পৰীক্ষা বেয়া হৈ নাযায়। পৰীক্ষকে গোটেই ছেমেষ্টাৰত দেখিছে যে এই ল’ৰাজন ভাল, কিবা এটা কাৰণে এই পৰীক্ষা বেয়া হৈছে তেতিয়া পৰীক্ষকৰ অধিকাৰ আছে তেওঁ কি গ্ৰেড দিব। এইটো মানে নহয় যে বেলেগক দিয়া নাই। ঠিক ওলোটাকৈ, ল’ৰাটোৱে যদি সদায় বেয়া কৰি আছে, এটাত খুব ভাল নম্বৰ পাই গৈছে হঠাৎ, পৰীক্ষকে ঠিৰ কৰিব পাৰে যে তেওঁক ইয়াতকৈ আৰু বেছি দিব নোৱাৰি। তাতে আমাৰ সততাটো থাকিব লাগিব। আৰু ইয়াত শিক্ষক খুৱ সচেতন হ’ব লাগিব। দৰাচলতে এই পদ্ধতি শিক্ষকৰ পৰিশ্ৰম বেছি হয়। আৰু ছাত্ৰ-ছাত্ৰীয়ে যিটো কয়, তেওঁলোকৰ স্বাধীন চিন্তা কৰাৰ সময়টো কমি যায়, সেইটো মিছা কথা। এটা হিচাপ কৰি চাওক, কেইঘণ্টা তেওঁলোকে ক্লাছ কৰে, ক্লাছৰ কাৰণে কেইঘণ্টা পঢ়ে, তাৰ পাছত তেওঁলোকে কেইঘণ্টা আড্ডা মাৰি নষ্ট কৰে, কেই বজাৰ পৰা কেই বজালৈ টোপনি যায়। টোপনিৰ সময়টো ৰাখক, সেইটো দিবই লাগিব। অলপ খেলা-ধুলাৰ কাৰণে দিব লাগিব। বাকী সময়খিনি কি কৰি আছে? এইটো প্ৰশ্ন আমাৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিছিল, তেতিয়া মই বুজাই দিলোঁ— কোৱা, তুমি কেইটাৰ পৰা কেইটালৈ ক্লাছ কৰা, কেইটাত খাবলৈ যোৱা, কেই বজাৰ পৰা কেই বজালৈ শোৱা, কেই বজাৰ পৰা কেই বজালৈ খেলা…, তাৰ পাছত দেখা গৈছে যে সাত-আঠ ঘণ্টা ৰৈ যায়। মই যদি অজুহাত দিব বিচাৰোঁ দহটা অজুহাত দিব পাৰিম। কিন্তু আপুনি সম্পূৰ্ণ বৈজ্ঞানিকভাৱে হিচাপ কৰি চাওক তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিছে। তেতিয়া তেওঁলোকৰ মুখৰ মাত নাইকীয়া হৈ গ’ল। মই তেওঁলোকক ক’লোঁ যে— এইয়া তোমালোকৰ ভালৰ কাৰণে কৰা হৈছে; তোমালোকে বিৰোধ আচৰণ কৰিব নালাগে।
এই পদ্ধতিটো অন্য ঠাইত ব্যৱহাৰ হৈ গৈছে আৰু তেওঁলোকে উন্নতি কৰি আছে। গতিকে ভাল বস্তুটো আমি ল’ব লাগে। মই কোৱা নাই যে সব বস্তু আমি আমেৰিকা বা চীনৰ পৰা আমদানি কৰি আনিম। যিটো ভাল সেইটো আমি অনা উচিত, আমাৰ যিটো ভাল সেইটো আমি প্ৰয়োগ কৰা উচিত। সম্পূৰ্ণৰূপে আমি আমেৰিকান-চিষ্টেম, জাৰ্মান-চিষ্টেম লৈ আহিব লাগিব সেইটো কোৱা নাই, বুজি লওক, বুজি লৈ সেইটো আপুনি স্থানীয়কৰণ কৰক। ছেমিষ্টাৰ পদ্ধতি, Continuous evaluation এইটো বহুত ভাল। ছাত্ৰ-ছাত্ৰীৰ বোজা কমে, পঢ়া-শুনা ভাল হয়, নিয়মানুৱৰ্তীতা বাঢ়ে। পৰীক্ষাটো এটা বোজা নহয়, এটা মজা। আৰু বাকী অলপ স্মাৰ্ট হ’ব লাগে। আমি যিটো কৰিছিলোঁ এতিয়া সেইটো কৰিলে নহ’ব। ছমাহৰ সোমাই থাকিলোঁ ছমহীয়া-পৰীক্ষা হ’ব, আৰু ছমাহৰ পাছত বছৰেকীয়া-পৰীক্ষা হ’ব; এতিয়া দিনে-পোহৰে প্ৰশিক্ষিত হ’ব লাগিব।
আনকেইটামান কথা জানিব বিচাৰিছোঁ। আপুনি কামৰ পৰা আজৰি পোৱা সময়খিনিত কি কৰে? আপুনি চিনেমা উপভোগ কৰেনে? আপোনাৰ হবি কি? অলপ আগতে আপুনি কৈছেই, আপুনি আত্মজীৱনী পঢ়ি আপুনি ভাল পায়; বাহিৰা আৰু কেনেধৰণৰ কিতাপ পঢ়ি আপুনি ভাল পায়?
► নাই, মই চিনেমা নাচাওঁ। মই প্ৰধানকৈ দেশ-বিদেশৰ খবৰ চাওঁ, টেলিভিছনত; আৰু মই পঢ়া-শুনা কৰোঁ। তাৰ বাহিৰে মোৰ বেলেগ ৰাপ নাই। বাহিৰা কিতাপ বুলি ক’বলৈ গ’লে, খুব ভাল উপন্যাস পালে মই পঢ়োঁ, কিন্তু বেছি সময় নাপাওঁ। আৰু ৰিভিউ আৰ্টিকল পালে মই পঢ়োঁ, যিকোনো বিষয়ৰ। ধৰি লওক, অহা শীতকালৰ পোছাকযোৰ কেনেকুৱা হ’ব, ৰংটো কি হ’ব, কিয় হ’ব; শনিবাৰ-দেওবাৰে সময় পালে মই এনেবোৰ লেখা পঢ়োঁ। তাৰ উপৰি ব্যায়াম কৰিলে কি ভাল হয়, নিজক সুস্থ-সবল কৰি ৰাখিবৰ বাবে প্ৰতিদিনে কি কি কৰিব লাগে— যিখিনি ঘৰতে নিজে কৰিব পাৰি, কি কি বস্তু খাব লাগে, ৰাগিয়াল বস্তু কিয় খাব নালাগে, যদি খায় তেন্তে কিমান পৰিমাণে খাব লাগে, এইবোৰ কথা মই পঢ়োঁ। সপ্তাহান্তিকত এনেকুৱা ভাল লেখা পোৱা যায়।
উঠি অহা প্ৰজন্মলৈ তথা সমাগ্ৰিকভাৱে সমাজলৈ আপুনি এই মুহূৰ্তত কি পৰামৰ্শ দিব বিচাৰে?
► নতুন প্ৰজন্মক ক’বলগীয়া এটাই, কঠোৰ পৰিশ্ৰম।
আৰু চৰকাৰৰ প্ৰতি মোৰ এটা আবেদন আছে, সেইটো হ’ল— উচ্চ-শিক্ষাত আৰু বহুত বেছি খৰছ কৰিব লাগে। আৰু এটা কৰিব লাগে সেইটো হ’ল— freedom with accountability. আপুনি যদি মোক এটা কাম কৰিবলৈ দিয়ে, মোক স্বাধীনতা দিব লাগিব। দিয়াৰ আগতে আপুনি চিন্তা কৰি লওক, যে মোক দিব নে মিঃ যাদৱক দিব নে মিঃ কৰিমক দিব। যেতিয়া আপুনি দিব, তেওঁক স্বাধীনতা দিব লাগিব। স্বাধীনতা with accountability, যে ছমাহৰ মূৰত তুমি এইটো দেখুৱাব লাগিব, এক বছৰৰ মূৰত তুমি এইটো দেখুৱাব লাগিব, তিনি বছৰৰ ভিতৰত এইটো দেখুৱাব লাগিব। কাঢ়াভাৱে, মানে দেখুৱাবই লাগিব। এইটো খুব প্ৰয়োজনীয় হৈছে আজিকালি। আৰু skill, attitude, aptitude…। মই পৰহি গুৱাহাটীত আছিলোঁ, এ পি জে আব্দুল কালাম ছাৰ আহিছিল, তাতে মোক কিবা ক’বলৈ দিছিল। তেতিয়া মই সেইটো ক’লোঁ, আমাক কি কি লাগে অহা প্ৰজন্মৰ কাৰণে। আমাৰ সকলোতকৈ দুখৰ বিষয় হ’ল, আপুনি এইফালে পাব বহুত ল’ৰা-ছোৱালী শিক্ষিত, চাৰ্টিফিকেটধাৰী; আৰু সেইফালে পাব চাকৰি খালি পৰি আছে। এওঁলোকে চাকৰি পোৱা নাই, তেওঁলোকে চাকৰি দিয়া নাই। এইটো কিয় হ’ল? এইটো কিয় হৈ আছে? ধৰক আপুনি এই কামটো কৰি আছে, আপুনি এই কামটো মোক কৰিবলৈ তেতিয়াই দিব যেতিয়া আপুনি নিশ্চিত হ’ব যে এই মানুহজনক দিলে কামটো হ’ব। মোৰ যেনেকুৱা ডিগ্ৰী থাকক, সেইটো সিমান গুৰুত্বপূৰ্ণ কথা নহয়। এটা ন্যূনতম ডিগ্ৰী লাগে সেইটোৱেই ঠিক আছে। এই যে skill-টো সেইটো আমাৰ অভাৱ। এই skill-টো বঢ়াব লাগে, attitude, aptitude বঢ়াব লাগে। আৰু এটা বস্তু, যিহেতু আমি বহুৰ্জাতিক ক্ষেত্ৰত কাম কৰিব লাগে, সেইবাবে আমাৰ মাতৃভাষাৰ লগতে ইংৰাজী ভাষাটো শিকাত অধিক গুৰুত্ব দিব লাগে। কাৰণ, ধৰক আমি চীনা ব্যক্তি এজনৰ লগত যোগাযোগ কৰিবলগা হ’ব পাৰে, তেতিয়াই আমাক সংযোগী ভাষা এটা প্ৰয়োজন হৈ পৰে, এইটোৰ ওপৰত যথাসম্ভৱ জোৰ দিব লাগিব, কিন্তু তাৰ মানে এইটো নহয় যে মাতৃভাষাক কোনোভাৱে অৱজ্ঞা কৰিব, কাৰণ তাতে বহুত সম্পদ আছে। চাকৰিৰ কাৰণে আমাৰ যিটো কাম, আমিতো কৰিব লাগিব। এইকেইটা বহু দৰকাৰি কথা, চৰকাৰে ভালকৈ নজৰ দিব লাগে। আৰু এটা কথা হৈছে— কেন্দ্ৰীয় বিশ্ববিদ্যালয়, IITs, IIMs, IIIT বা ISAC, আমি পোনে পোনে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাওঁ; কিছুমানে বেছি পায়, কিছুমানে কম পায়। যিহওক, আমি পাওঁ। কিন্তু, ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কাৰণে এতিয়া নতুন এটা প্ৰগ্ৰেম আৰম্ভ হৈছে RUSA, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। এইটোৰ লাভ উঠাব লাগে; ইয়াৰ বাবে ৰাজ্য চৰকাৰ, শিক্ষা-ক্ষেত্ৰৰ পৰিকল্পনাকাৰী, অধ্যক্ষ, সুচিন্তাশীল সামাজিক ব্যক্তি, সকলোৱেই এইটো লক্ষ্য কৰিব লাগে, ইয়াৰ সুবিধাটো অৱশ্যেই গ্ৰহণ কৰিব লাগে। তেতিয়া যিবোৰ ৰাজ্যিক বিশ্ববিদ্যালয়, যেনেকৈ ধৰক গুৱাহাটী, ডিব্ৰুগড়…. যিবোৰ কেন্দ্ৰীয় নহয়, আৰু যিবোৰ মহাবিদ্যালয় আছে সম্পূৰ্ণৰূপে চৰকাৰী নহয়, partially deficit আমি যিটোক কওঁ, এইসমূহৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ২২২ কোটি নে ২২৫ কোটি টকা মোকোলাই দিছে। বিশেষকৈ, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে। আমাৰ এটা সুবিধা আছে। বেলেগ ৰাজ্যত RUSA ৰ পৰা ৬৫% কেন্দ্ৰীয় চৰকাৰে দিব, বাকী ৩৫% ৰাজ্য চৰকাৰে দিব। কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত ৯০% কেন্দ্ৰীয় চৰকাৰে দিব, বাকী ১০% ৰাজ্য চৰকাৰে দিব লাগিব। এইটো হ’ল arithmetic. কিন্তু ৯০ আৰু ১০ মিলি যে ১০০ হ’ল, এই ১০০টো যাতে কামত লাগে। যেনেকৈ আমাৰ বিশ্ববিদ্যালয়ত চাওক, আমি চেষ্টা কৰিছোঁ ১০০তকৈ বেছি যাতে কামত লাগক, সেইবাবে আপুনি আজি সেইখিনি কথা আমাক ক’লে, আমাৰ শুনি ভাল লাগিল। গতিকে, সেইটো কৰিব লাগিব, যে যি কামৰ কাৰণে পইছা আহিছে সেই কামতে পইছা ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ’লে আমাৰ ভৱিষ্যত বহুত ভাল।
নহ’লে আপুনি নিশ্চয় জানে, প্ৰতিবছৰে দ্বাদশ পৰ্যায় উত্তীৰ্ণ হৈ এক লাখতকৈ বেছি ল’ৰা-ছোৱালী বাহিৰলৈ যায়। পঢ়া-শুনাৰ কাৰণে। তাৰ ভিতৰত ১০-১১ শতাংশ যায় ইঞ্জিনিয়াৰিং আৰু বিজিনেছ মেনেজমেণ্টৰ বাবে, তাৰ পাছত অলপ সংখ্যক ৩.৫ ৰ পৰা ৪ শতাংশ মেডিকেলত যায়, বাকী মূলতঃ কলা শাখাত যায়, ৭-৮ শতাংশ যায় গৱেষণাত। ১০০ শতাংশ ধৰি এইটো এটা মোটামুটি হিচাপ। এতিয়া প্ৰশ্ন কৰিব লাগে, বাহিৰলৈ কিয় যায়? আৰু বাহিৰত শিক্ষা পোৱাৰ পাছত কিমানজন ঘূৰি আহে? প্ৰথমটোৰ উত্তৰ মই পিছত দিম, দ্বিতীয়টোৰ উত্তৰ হ’ল— মাত্ৰ ৫ শতাংশ ঘূৰি আহে, ৯৫ শতাংশ নাহে। কিয় যায়? কিয় নাহে? তাৰ কাৰণ হ’ল— unemployment, socio-political problem, educational infrastructure. এই তিনিটা কাৰণত আমাৰ ল’ৰা-ছোৱালী বাহিৰলৈ গৈ আছে, আৰু নাহে। ইয়াৰ ফলত কি হয়, প্ৰতি বছৰে ১৫০ হাজাৰ কোটিতকৈ অধিক টকা বাহিৰলৈ গৈ আছে। গড়ে যদি এজন ছাত্ৰৰ পঢ়াৰ বাবে ৫০০০ টকাকৈ ধৰে, সেইটো হিচাপ কৰি দেখা গৈছে যে ১৫০ হাজাৰ কোটি প্ৰতি বছৰে গৈ আছে। ঠিক আছে, এটা অংশৰ পৰা আন এটা অংশলৈ গৈছে, দেশতে আছে। কিন্তু বস্তুটো আৰু গভীৰভাৱে চাব লাগিব। যদি এই পইছাটো বাহিৰলৈ নগ’লহেঁতেন, আমাৰ ৰাজ্যতে থাকিলহেঁতেন, ইয়াৰ ফলত অধিক নিয়োগ, অধিক বিকাশ আমি লাভ কৰিলোহেঁতেন। এই বিশ্ববিদ্যালয়লৈকে চাওক, এই বিশ্ববিদ্যালয় ইয়ালৈ অহাৰ কাৰণে ৫০ জন মানুহ বা ১০০ জন মানুহে ৰান্ধনীঘৰৰ কাম পাইছে, বেলেগে কিবা সহায়কাৰী কাম পাইছে, অফিছত ভাল ভাল কাম পাইছে। গতিকে এই বিশ্ববিদ্যালয় যদি ইয়ালৈ নাহি এই পইছাখিনি বেলেগ ঠাইলৈ গ’লহেঁতেন, এই বিকাশ ইয়াত নহ’লহেঁতেন। এইটো এটা কথাহে। আন এটা কথা হ’ল— আমাৰ এই অঞ্চল, আমাৰ এই ৰাজ্য অসম, আমাক যদি বিকাশ দৰকাৰ তেন্তে আমাক টেকনিকেল মেন পাৱাৰ লাগে। টেকনিকেল বুলি কওঁতে মই কেৱল ইঞ্জিনিয়াৰ বুজোৱা নাই, আপুনিও এজন টেকনিকেল, আপুনি যে ৰেকৰ্ড কৰি আছে, তাৰ পাছত এডিট কৰিব, সেইটো মই কৰিব নোৱাৰোঁ। টেকনিকেল মেন পাৱাৰ যদি ঘূৰি নাহে, তেন্তে আমি কেনেকৈ উন্নতি কৰিম? য’তেই আছোঁ তাতেই থাকি যাম। আৰু বেলেগ আগবাঢ়ি গৈ থাকিব। গভীৰভাৱে এই সকলো কথা ভবাৰ দৰকাৰ আছে। চৰকাৰ, সমাজ, আজি সবেই এইটো চিন্তা কৰিব লাগে, যাতে আমি ইয়াতে ভাল ব্যৱস্থা কৰোঁ। মই কোৱা নাই ১০০ শতাংশ বহিৰ্গমন বন্ধ হৈ যাব, আৰু হ’বও নালাগে। কিছুমান মানুহ যাব লাগে। কিন্তু এই পৰিস্থিতিত, যে আমাৰ ইয়াত সুবিধাই নাই, সেইটো পৰিস্থিতিত আমাৰ মানুহ যাব লগা হ’ব নালাগে। ইয়াৰ বাবে মই ভাবোঁ চৰকাৰে অকলে কৰিব নোৱাৰে আৰু ব্যক্তিগত-খণ্ডক অকলে কৰিবলৈ দিব নালাগে। ভালকৈ মন কৰিব, চৰকাৰে অকলে কৰিব নোৱাৰে, কাৰণ বহু খৰচী। ব্যক্তিগত-খণ্ডক অকলে কৰিবলৈ দিব নালাগে, মই সকলোকে বেয়া বুলি কোৱা নাই, কিন্তু তেওঁলোকৰ এটা প্ৰৱণতা থকে— আপুনি যদি ৫ টকা লগাই, তেন্তে আপুনি নিশ্চয় ভাবিব যে আপোনাৰ ৫ টকাটো ঘূৰি আহক নহ’লে মই বাচিম কেনেকৈ? তাৰ লগত যদি দুই-তিনি টকা লগাই দিয়ে তেন্তে পেটটো পুৰা হৈ থাকে; মই ভাবোঁ সেইটোত কোনো অন্যায় নাই, কিন্তু ৫ টকা লগাই যদি আপুনি ৫০০ টকা আনিব সেইটোতো নহ’ব। সেইটোৰ কাৰণ এটা ষ্ট্ৰীম থাকিব লাগে, প্ৰাইভেট-পাব্লিক পাৰ্টনাৰশ্বিপ হ’লে আৰু যদি কঠোৰ নীতি-নিময় থাকে, মই ভাবোঁ তেন্তে আগবাঢ়িব পাৰিম। কথাখিনিত কোনেও বেয়া ভাবিব নালাগে। আৰু প্ৰাইভেট পাৰ্টিক কনট্ৰেক্টৰ হিচাপে ধৰিব নালাগে, পাৰ্টনাৰ হিচাপে ধৰিব লাগে। তেতিয়া এটা সন্মান থাকে, শ্ৰদ্ধা থাকে আৰু এটা involvement থাকে। তেতিয়াই ভাব আহিব যে মই অকল পইছাৰ বাবে কাম কৰা নাই। এই যে PPP, এটা P মই, গতিকে মোৰো এটা নাম আছে, মোৰো এটা সন্মানৰ কথা আছে। মই ভাবো এইদৰে আগুৱাই গ’লে কাম হ’ব। সবতকৈ ডাঙৰ কথা কি জানিছেনে, আমাৰ কাৰণে, বিশেষকৈ অসমৰ কাৰণে— আন্তৰিকতা, পৰিকল্পনা আৰু সততা.; বহু অভাৱ হৈছে…! ৰাইজে বেয়া পাব নালাগে। মোৰো হ’ব পাৰে। কিন্তু এইটো সঁচা কথা।
ছাৰ, আপোনাৰ ইমানখিনি বহুমূলীয়া সময় দিয়া বাবে সাহিত্য ডট্ অৰ্গৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনালোঁ, আৰু আপোনাৰ কৰ্মময় জীৱন সুন্দৰ হৈ থাকক সেয়াই কামনা কৰিলোঁ।
► আপোনালৈকো ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল। এটা কথাই কওঁ, কেতিয়াও কষ্ট কৰিবলৈ ভয় নকৰিব। তেতিয়া আৰু কোনো সীমা দেখা নাপাব, মাথোঁ আকাশেই তেতিয়া একমাত্ৰ সীমা…।
[সাক্ষাৎকাৰটি গ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন সহায় আগবঢ়োৱা বাবে উপাচাৰ্যৰ ব্যক্তিগত সহায়ক ৰাজকিৰণ দলেক সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।]
সাক্ষাৎগ্ৰহণ: সাহিত্য ডট্ অৰ্গৰ হৈ পংকজ জ্যোতি মহন্ত।
Co-Founder: gonitsora.com | as.gonitsora.com
No Comments