‘গণিত বিকাশ’ আলোচনীখন সম্পাদনাৰ কিছু কাহিনী

‘অসম গণিত শিক্ষায়তন’-এ ১৯৮৭ চনৰ পৰা প্ৰকাশ কৰি অহা দ্বি-ভাষিক আলোচনী ‘গণিত বিকাশ’-এ বহুকেইটা প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। ইয়াৰ ভিতৰত ড৹ অনুপম শইকীয়াৰ দৰে ৰেংলাৰ, প্ৰসিদ্ধ গণিতজ্ঞও আছে। আৰম্ভণি কালৰ পৰাই এইখন বিভিন্ন স্তৰৰ শিক্ষক, অধ্যাপকৰ বাবেও এখন সন্মানীয় আলোচনী।

মই স্নাতক ডিগ্ৰীৰ প্ৰথম বৰ্ষত থাকোঁতে শিক্ষায়তনৰ লখিমপুৰ শাখাৰ সভাপতি নে অন্য বিষয়বাবত আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক এগৰাকী আছিল। ছাৰে মোক আলোচনীখনৰ গ্ৰাহক কৰি দিছিল। সেই সময়ত ইণ্টাৰনেট সুলভ হোৱা নাছিল, সেয়ে আলোচনীখনৰ দুটামান সংখ্যায়েই মোকো অনুপ্ৰাণিত কৰিছিল।

এতিয়ালৈকে দহজনমান ব্যক্তি আলোচনীখনৰ সম্পাদক হৈছে। প্ৰথম সম্পাদক ড৹ অমলা বেজবৰুৱা গণিতৰ ডক্টৰেট লওঁতা প্ৰথমগৰাকী অসমীয়া মহিলা। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰথমগৰাকী মহিলা অধ্যাপক আছিল। অসমৰ গণিত জগতৰ বহুকেইটা ক্ষেত্ৰত তেওঁ প্ৰথম মহিলা। আন কোনোগৰাকী সম্পাদক পাছলৈ কোনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছে। কোনোবাজনে কোনো বিশ্ববিদ্যালয়ৰ একাধিক বিভাগত অধ্যাপনা কৰিছে, নতুন বিভাগ প্ৰতিষ্ঠা কৰিছে। এনেদৰে ইয়াৰ বৰ্ণাঢ্য অধ্যায় আছে।

আৰু মই হৈছোঁ এজন (বা একমাত্ৰ) অপেছাদাৰী গৱেষক, যিমানেই যেনেকুৱা গৱেষণা নকৰোঁ কিয় মই এতিয়াও কোনো প্ৰতিষ্ঠানত জড়িত নহয়। তদুপৰি, মই নিজে সহ-প্ৰতিষ্ঠা কৰা গণিত চ’ৰা ডট কমৰ এটা বিশেষ পৰিসৰ আছে, তাৰ সম্পাদনাৰ লগতে নিজৰ লেখা-মেলা, পঢ়া-শুনা আদি লৈ অত্যন্ত ব্যস্ততাৰে সময় পাৰ কৰিছিলোঁ। সেয়েহে কেতিয়াও সমূলি ভবা নাছিলোঁ যে মই ‘গণিত বিকাশ’ৰ সম্পাদক হ’ব লাগিব।

২০২০ চনত, শিক্ষায়তনৰ পৰা যেতিয়া সম্পাদক হ’বলৈ আহ্বান জনালে, ভাবিলোঁ যে সৰুতে নিজকো অনুপ্ৰাণিত কৰা আলোচনীখনৰ কাম কৰাটোৱেই ভাল হ’ব। বিভিন্ন দিশেৰে, বিভিন্ন কাৰণত আলোচনীখনলৈ অলপ স্থবিৰতা আহিছিল। ভাবিছিলোঁ যে এটা গতি দিব পাৰিম। মোৰ সৈতে সহযোগী হ’বলৈ বৰ্তমান আহমেদাবাদ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকা আৰু সেই সময়ত কাৰ্ডিফ বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেল গৱেষণা কৰি থকা ড৹ মঞ্জিল প্ৰতীম শইকীয়াকো আহ্বান জনোৱা হৈছিল। তেওঁকো সৰুতে আলোচনীখনে অনুপ্ৰাণিত কৰিছিল। তেওঁ জড়িত হোৱাটো ময়ো বিচাৰিছিলোঁ, কাৰণ আমি ২০১১ চনৰ পৰা একেলগে বিভিন্ন কাম কৰি আছোঁ, আমাৰ চিন্তাধাৰা আৰু পৰিকল্পনা ভালেখিনি মিলে, সেইমতে আমি নতুন কাম কিছুমান সম্পন্ন কৰাটো সহজ হৈ পৰে। আৰম্ভণিতে আমাৰ আন সহযোগী আছিল প্ৰাঞ্জল দাস, প্ৰিয়াংকুশ ডেকা আদি। আৰু এইদৰে অকল ‘গণিত বিকাশ’ৰে নহয়, ‘অসম গণিত শিক্ষায়তন’ৰ এক নতুন উদ্যমী যাত্ৰাৰ আৰম্ভ হৈছিল বৰ্তমানৰ কাৰ্যকৰী সভাপতি বীৰব্ৰত দাস চৌধুৰীৰ তৎপৰতাত।

ছমহীয়া আলোচনীখন আমাৰ সময়ত তিনিমহীয়া হ’ল। অনলাইন মাধ্যমত সকলোৰে বাবে উপলভ্য কৰা হ’ল। এইখন সাধাৰণ কিশোৰ, অলিম্পিয়াডৰ প্ৰতিযোগীৰ পৰা ডাঙৰ মানুহলৈকে সকলোৱে পঢ়া আলোচনী। জনপ্ৰিয় ধাৰা আৰু বিদ্যায়তনিক— দুয়োটা স্তৰৰ লেখা থাকে। আমি চেষ্টা কৰিছিলোঁ বিভিন্ন প্ৰান্তৰৰ নতুন নতুন লেখকে লিখক। গণিতৰ উন্নত গৱেষণা কৰা প্ৰতিভাবান নতুন অসমীয়া গৱেষকক নিজৰে গৱেষণা-কৰ্ম সম্পৰ্কে লিখিবলৈ দি এক সন্মান জনোৱা আৰু পাঠকৰ মাজত ভাল জাৰ্নেলৰ পৰিচয় কৰাই দিয়াৰো চেষ্টা কৰিছিলোঁ। বিশিষ্ট গণিতজ্ঞ আৰু গণিত জনপ্ৰিয়কৰণত অৱদান যোগোৱা কেইবাজনো ব্যক্তিৰ সাক্ষাৎকাৰো প্ৰকাশ কৰা হৈছিল।

আশা কৰোঁ, এই গতি অব্যাহত থাকিব, বা নতুন দিশো ওলাব। বিশ্বৰ নতুন যুগৰ গণিতজ্ঞসকলৰ চিন্তা-চৰ্চাৰ সম্পৰ্কে অসমীয়া ভাষাত আলোচনীখনৰ জৰিয়তে পাঠকে পঢ়িবলৈ পাই থকাটো হ’ব অন্যতম দিশ।

মই লিখা সম্পাদকীয়সমূহ একেটা পিডিএফত ডাউনলোড কৰিবলৈঃ

মই সম্পাদনা কৰা সংখ্যাসমূহঃ

Vol 67

Vol 68

Vol 69

Vol 70

Vol 71

Vol 72

Vol 73

Vol 74

Vol 75

Vol 76

Vol 77

Vol 78

Vol 79 & Vol 80

মই সম্পাদনা কৰা সংখ্যাসমূহৰ বেটুপাতঃ

No Comments

Post A Comment