বছৰটোৰ বিশেষ ১০জনৰ ৪জন
নবেম্বৰ-ডিচেম্বৰ— এই সময়খিনিত কিছুসংখ্যক সংবাদ-প্ৰতিষ্ঠান বা আন অনুষ্ঠান-প্ৰতিষ্ঠানে বছৰটোৰ বিশেষ দহজন বা বিশজন ব্যক্তি আদিৰ তালিকা উলিওৱাৰ যো-যা চলায়। এইসমূহৰ প্ৰত্যেকৰে উদ্দেশ্য পৃথক পৃথক। বহুতে “আনেও উলিয়াই যেতিয়া, আমিও পাৰোঁচোন” বুলি উলিয়ায়। বহুতে, বছৰটোত ইতিমধ্যে যিসকল অলপ বিখ্যাত হ’ল বা কিবাকৈ বিদেশৰ পৰা কিবা এটা-দুটা পুৰস্কাৰ আনিলে, তেওঁলোকক তালিকাভুক্ত কৰে। কিছুমান প্ৰতিষ্ঠানে একোটা অনুষ্ঠান আয়োজন কৰিবলৈ বিভিন্ন উৎসৰ পৰা যথেষ্ঠ টকা আহৰণ কৰে আৰু তাতে কিছুসংখ্যক বছা বছা ব্যক্তিক সম্বৰ্ধনা জনাই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বিচাৰে। আৰু কিছুমানে বিশেষ কিছুমান ব্যক্তিক ফ’কাচলৈ আনিব বিচাৰে যাতে তাৰ দ্বাৰা সেইসকলক কিছু সন্মান যাঁচিব পৰা যায় আৰু লগতে কিছুমান বিশেষ বিষয়ত যাতে জনসাধাৰণৰ অধিক সংখ্যকে গুৰুত্ব প্ৰদান কৰে তাক আশা কৰা যায়। অন্তৰালৰ উদ্দেশ্য যিয়েই নহওক, ফলশ্ৰুতি ভালেই পোৱা যায়, (অৱশ্যে স্বাভাৱিকভাৱেই বহু যোগ্য ব্যক্তি সদায় বাকী ৰৈ যায়)। এই তালিকাবোৰ প্ৰস্তুত কৰিবলৈ কিছু নাম প্ৰস্তাৱ কৰিবৰ বাবে আয়োজকসকলে বহুতক ব্যক্তিগতভাৱে, মেছেজৰ মাধ্যমেৰে বা কেতিয়াবা দুই-একে সকলোকে মুকলিকৈ আহ্বান জনোৱা দেখা যায়। তেনেকুৱা একো একোটা মেছেজ কেনেবাকৈ মোৰ ইনবক্সতো কেতিয়াবা সোমায়, আৰু সেয়েহে এইবাৰৰ বাবে সৰু লেখা এটাকে ব্লগত লিখিম বুলি ভাবি থাকোঁতেই তেনে এটা মেছেজ এইবাৰো পালোঁ। এইবাৰৰ মেছেজটোত দিয়া উত্তৰটোৰ লগত আৰু কিছু কথা যোগ কৰি তলৰ লেখাটোৰ জৰিয়তে চাৰিটা দিশত গুৰুত্ব দিবলৈ প্ৰস্তাৱ আগবঢ়ালোঁ, কাৰণ এতিয়ালৈকে যিমানখিনি এনে তালিকা দেখা পাইছোঁ সেইসমূহত এই বিষয়কেইটাত বা এই বিষয়সমূহত জড়িত ব্যক্তিক গুৰুত্ব দিয়া সিমান চকুত পৰা নাই।
১) তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰকান্তি চৌধুৰী।
কাৰণ—
ক) শৈক্ষিক-প্ৰশাসন ক্ষেত্ৰত তেওঁৰ সু-নেতৃত্ব।
খ) আমাৰ পৰিৱেশত পটকৈ “চঞ্চল” হৈ উঠিবলৈ বিচাৰি থকা উচ্চ শিক্ষা-প্ৰতিষ্ঠানটোৱেই হ’ল বিশ্ববিদ্যালয়, আৰু উপাচাৰ্য হিচাপে তেওঁ এখন বিশ্ববিদ্যালয় সম্পূৰ্ণ শৃঙ্খলাবদ্ধৰূপত আনৰ অনুকৰণীয়ভাৱে ৰাখিবলৈ সক্ষম হৈছে।
গ) চৌহদৰ সুন্দৰ আন্তঃগাঁথনি আৰু বৌদ্ধিক পৰিৱেশ গঢ়ি তুলি উচ্চ-মানদণ্ডৰ কৰ্মশালা, আলোচনা-চক্ৰ, “যুৱ-মহোৎসৱ” আদি নিয়মীয়াকৈ আয়োজনৰ সুবিধা গঢ়ি তুলিছে; যাৰ বাবে মহানগৰত অৱস্থিত নোহোৱাৰ পাছতো আৰু চহৰৰ পৰা যথেষ্ঠ আঁতৰত থকাৰ পাছতো দেশ-বিদেশৰ বহু প্ৰখ্যাত ব্যক্তি এইসমূহত অংশগ্ৰহণত যথেষ্ঠ সুচল হৈছে।
ঘ) শৃঙ্খলাবদ্ধ, আৰু অৰিয়াঅৰি-ৰাজনীতিহীন পৰিৱেশেৰে অধ্যাপকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে গৱেষণাত অধিক গুৰুত্ব-প্ৰদান কৰাৰ পৰিৱেশ গঢ়ি তুলিছে।
…ইত্যাদি।
এইখিনিৰ উপৰি তেওঁ নিজেই এজন স্বনামধন্য বিজ্ঞানী। এই সাক্ষাৎকাৰটোত তেওঁৰ বিষয়ে কিছু কথা জানিবলৈ পাব— http://www.xahitya.org/2014/08/14/an-exclusive-interview-with-prof-mihir-kanti-chaudhuri/ । তেওঁ বহু বছৰ পূৰ্বেই ভাৰতৰ বিজ্ঞান জগতৰ সৰ্বোচ্চ বঁটা “শান্তিস্বৰূপ ভাটনাগৰ বঁটা” লাভ কৰিছে, আৰু লগতে আন এটা কথাও ক’ব পাৰি— এই বঁটা লাভ কৰি অসমত কৰ্মৰত ব্যক্তি বৰ্তমান তেঁৱেই আছে। “জীৱন” আলোচনীখনে প্ৰতিবছৰে আগবঢ়োৱা তেওঁলোকৰ এনে তালিকাত কোনো কোনো বিজ্ঞানীক অন্তৰ্ভুক্ত কৰি আহিছে যদিও নিউজ-চেনেলকে আদি কৰি আন প্ৰতিষ্ঠানে বিজ্ঞানীক অন্তৰ্ভুক্ত কৰা বৰ এটা দেখা নাযায় (ড° জীতেন্দ্ৰ নাথ গোস্বামীক লৈ এতিয়া সততে গৌৰৱ কৰাতো সুকীয়া)। বিজ্ঞান আৰু প্ৰযুক্তিক আজি কেৱল প্ৰকৃতিৰ অধ্যয়ন বা কাৰিকৰী-চৰ্চা বুলি ধৰা নহয়; ইয়াৰ বাবেই মানৱ সভ্যতাৰ উন্নতি-সাধন হৈ আহিছে, যাক সংস্কৃতিৰো অংশ বুলি ধৰিব লাগে। উঠি অহা ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ মানুহৰ মাজত বৈজ্ঞানিক সাধনাৰ গুৰুত্বৰ কথা প্ৰচাৰৰ বাবে বিজ্ঞানী-প্ৰযুক্তিবিদক সংবাদ-মাধ্যমে আলোকপাত কৰাতো অতি প্ৰয়োজন। এনে চৰ্চা কম বাবেই, আন নালাগে, ভাৰতৰ বিজ্ঞান-ক্ষেত্ৰৰ সৰ্বোচ্ছ বঁটা শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা আন অসমীয়া প্ৰশান্ত গোস্বামী, ভূপেন্দ্ৰ নাথ গোস্বামী আদিৰ নাম প্ৰায় গোটেইবিলাক অসমীয়াই শুনিবলৈয়ে নাপায়। গতিকে, তেখেতক বিবেচনা কৰিলে বহুদিশৰ পৰা সমাজলৈ সুপ্ৰভাৱ পৰিব।
[বিজ্ঞান অধ্যয়নত সফলতা দেখুওৱা মানুহ আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰায় নাইয়েই বাবেই এই কথাখিনিৰ গুৰুত্ব যে প্ৰায়ভাগেই বুজি নাপাব তাত নিশ্চিত। সেইবাবে এনে বিষয়ত গুৰুত্ব দিবলৈ আৰু এটা যুক্তি হিচাপে অসীম কুমাৰ বৰাৰ “অসমত চিন্তা-চৰ্চা যেন এক সংকীৰ্ণ পৰ্যায়ত ৰৈ গৈছে : সঁচাকৈ আমি পাৰিমনে?” শীৰ্ষক এটা কেইবছৰমান পুৰণা লেখা ইয়াতে দিলোঁ। (লিংকটোত ক্লিক কৰাৰ পাছত ফটোখনৰ ওপৰত ৰাইট-ক্লিক কৰি ‘View Image’ত ক্লিক কৰিলে লেখাটো স্পষ্টকৈ পঢ়িব পাৰিব।)]
২) ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ অসমীয়া সংস্কৰণৰ স্বেচ্ছাসেৱকসকল।
ৱিকিপিডিয়াকে ধৰি “ৱিকিমিডিয়া ফাউণ্ডেশ্যন”ৰ যিসমূহ প্ৰকল্প আছে, তাৰে দুটাৰ অসমীয়া সংস্কৰণ আছে। ৱিকিপিডিয়া আৰু ৱিকিউৎস। অসমীয়া ৱিকিপিডিয়া হ’ল ভাৰতীয় ভাষাৰ প্ৰথমখন ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াত বৰ্তমানলৈকে প্ৰায় চাৰি হাজাৰ প্ৰবন্ধ সন্নিবিষ্ট হৈছে আৰু অসমীয়া ৱিকিউৎসত বহুকেইখন গ্ৰন্থৰ অধ্যায়কে ধৰি বৰ্তমানলৈকে হাজাৰোধিক লেখা সন্নিবিষ্ট হৈছে। মাথোঁ কিছুসংখ্যক মানুহ স্বেচ্ছাই আগবাঢ়ি আহি এই গোটেই কামখিনি কৰিছে। এওঁলোকৰ মুঠ সংখ্যা হয়তো ১০০জনতকৈ অধিক নহ’ব, আৰু তাৰে প্ৰায় ২০জনমানৰ প্ৰত্যেকেই ইয়াত যিমানখিনি সময় দিছে সেইয়া সততে উল্লেখিত হৈ থকা আন কিছুমান কামতকৈ বহুগুণে অধিক কষ্টকৰ আৰু অধিক ফলপ্ৰসূ। তেওঁলোকৰ প্ৰায়ভাগেই চিকিৎসা, ব্যৱসায়, গৱেষণা, অভিযান্ত্ৰিকী, লেখক-মেলা, শিক্ষকতা আদিৰ কোনোবা নহয় কোনোবা ক্ষেত্ৰত সু-প্ৰতিষ্ঠিত আৰু আন কেইজনমান বৰ্তমান স্কুল-কলেজত অধ্যয়নৰত ছাত্ৰ। নিজৰ বহুমূলীয়া সময়েৰে তেওঁলোকে নিজৰ কাম সুচাৰুৰূপে চলাইয়ো ইয়াৰ বাবে ইমান সময় উলিওৱাটো খুৱ গুৰুত্বপূৰ্ণ কথা; য’তনেকি সততে বিভিন্ন অভিযোগেৰে বৰ্তী থকাসকলে অত্যধিক বন্ধু-বান্ধৱৰ লগত আদ্দা মাৰিয়েই বা মেছেজ-মেছেজ, কমেণ্ট-কমেণ্ট খেলিয়েই পাৰ কৰি দিয়ে। সেই কাম কৰা সদস্যসকলে কিবা স্বীকৃতিৰ বাবে কামখিনি নকৰে; এক সেৱাৰ মানসিকতাৰে আৰু আনৰ প্ৰয়োজনত ব্যৱহাৰ হোৱাৰ বাবে কৰে। গতিকে এই স্বেচ্ছাসেৱাৰ গোটেই কাৰ্যটোক এনে তালিকাত বিশেষ অন্তৰ্ভুক্তিৰে তেওঁলোকৰ প্ৰতি এক সন্মান জনোৱা বুজাব, আৰু এই কাৰ্যটোৰ গুৰুত্বৰ কথা নজনা বহুতে কথাটো আয়ত্ব কৰা এক সুযোগ পাব আৰু তেতিয়া অন্ততঃ আৰু কিছুসংখ্যক নতুনকৈ আগবাঢ়ি আহিব। “ৱিকিমিডিয়া ফাউণ্ডেশ্যন”ৰ ৱিকিপিডিয়াকে আদি কৰি গোটেই প্ৰকল্পসমূহৰ গুৰুত্ব জ্ঞান-আহৰণ, তথ্য সংগ্ৰহ, তথা নিজৰ স্থানৰ হৈ পৰিচিতি দিব পৰা ব্যক্তি বা সম্পদখিনিৰ কথা আনক জনাবলৈ কিমান প্ৰয়োজনীয় আৰু ই কিমান সুচল এক ব্যৱস্থা সেই কথা বহলাই নক’লেও হ’ব নিশ্চয়। কিন্তু নিজে ব্যৱহাৰ কৰিও বহুলোকে যেন নাজানে— এইসমূহ প্ৰাকৃতিক নহয়, মানুহৰ অবিশ্ৰান্ত কামৰ ফলদহে।
৩) ডেলিকেচী, খৰিকা, …. আদি থলুৱা ব্ৰেণ্ডসমূহ।
কাৰণ—
ইয়াত মই কেৱল খাদ্যৰ ব্ৰেণ্ডৰ কথাকে ক’ব বিচৰা নাই। কিন্তু থাউকতে ক’বলৈ আন ব্ৰেণ্ডৰ কথা নাজানো বাবেই আনে পটকৈ বুজি পাবৰ বাবে এই দুটা উল্লেখ কৰিলোঁ। উদাহৰণস্বৰূপে, পোছাকৰ ক্ষেত্ৰত, পৰম্পৰাগত ফেব্ৰিকৰ ব্যৱহাৰেৰে আজিকালি বহুতো পোছাক তৈয়াৰ কৰা দেখা গৈছে, যিসমূহ কেৱল পৰম্পৰাগত অনু্ষ্ঠানতেই পৰিধান কৰা নহয়, এনেইয়ো পিন্ধি ফুৰা-চকা কৰিব পাৰি। আৰু এইসমূহ লাহে লাহে জনপ্ৰিয় হৈছে। এনে ক্ষেত্ৰত নাম কৰা ডিজাইনাৰ কেইবাজনো ওলাইছে, কিন্তু এইসমূহ তৈয়াৰ কৰা আৰু বিপণন কৰা এটা ব্ৰেণ্ড হয়তো নাই। কোনোবাই বা বহুজন মিলি এনে পোছাকৰ এটা ব্ৰেণ্ড সৃষ্টি কৰাৰ কথা চাগে ভবা নাই, তথাপি এটা পৰিৱৰ্তন আহিছে। আজিৰ পৰা ৬-৭ বছৰৰ আগতে মাটিমাহ, লাইশাক বা ডিমৰু পাতৰ সৈতে গাহৰিৰ মঙহ, খৰিচা, বাঁহগাজ আদি খাওঁ বুলি ক’লে আমাকে লগৰে ছোৱালীয়ে হাঁহিছিল; কিন্তু আজি তেনে খাদ্যৰ জুতিৰ কথা গৰ্বৰে কৈ তেওঁলোকক লোভ লগাবহে পাৰোঁ। মুঠতে, অধিক প্ৰচলনৰ বাবে থলুৱা বস্তুত গ্লেমাৰ প্ৰদান কৰিবই লাগিব, যাৰ চাহিদা তেতিয়া বহিৰ্ৰাজ্যলৈয়ো বিয়পিব। তেনেদৰে বাঁহ-বেতৰ আচবাবতো কিছু তেনে প্ৰচেষ্টা দেখা গৈছে। এইসমূহে বহুসংখ্যক মানুহক সংস্থাপনো দিছে। আৰু তেওঁলোকৰ কাহিনী আন শতজনৰ বাবে প্ৰেৰণাও। উদাহৰণস্বৰূপে, জীৱিকাৰ তাড়নাত মাজুলীৰ পৰা মহানগৰীলৈ আহি পল্টনবজাৰৰ পদপথত মাথোঁ ছজন বহি খাব পৰা এখন হোটেল দি আজি “ডেলিকেচী”ৰ জৰিয়তে কেইবাশ মানুহক জীৱিকা উলিয়াবলৈ সুবিধা কৰিব পৰা ভুবন গাম এক প্ৰেৰণা। আনহাতে, পাঠশালাৰ গোপাল জালান আৰু তেওঁৰ খুৰাক অৰুণ জালানে প্ৰতিষ্ঠা কৰা ব্ৰেণ্ড জেবিজ(JB’s)কো হয়তো ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি।
এই গোটেই প্ৰক্ৰিয়াবোৰ আৰম্ভ হোৱা বেছি বছৰ হোৱা নাই। থলুৱা ব্ৰেণ্ড প্ৰতিষ্ঠা কৰিবলৈ চলোৱা প্ৰচেষ্টাই যেতিয়া আমাৰ নিজৰ ঠাইৰে মানুহখিনিক নিজৰে বস্তুৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিব, তেতিয়া আমাৰ নিজৰ মাজত নিজৰে বস্তুৰ চাহিদা বাহিব। আৰু তেতিয়া ক্ৰমে ক্ৰমে এইসমূহে বাহিৰৰ মানুহকো আকৰ্ষণ কৰিবলৈ ল’ব, যি আমাৰ ৰাজ্যৰ অৰ্থনীতিতো যথেষ্ঠ সুপ্ৰভাৱ পেলাব। গতিকে, থলুৱা ব্ৰেণ্ডসমূহৰ গুৰুত্ব বিশেষভাৱে উল্লেখ কৰি এতিয়া এনে কাৰ্যলৈ বহুতক উৎসাহিত কৰাটো অতি প্ৰয়োজন, কাৰণ কাম একোটা কৰিবলৈ ল’লেই নিৰুৎসাহিত কৰা মানুহৰ ভীৰ বহুত বেছি আৰু লগতে নিজৰ বা চাৰিওপিনৰ মানুহবোৰৰ আৱেগিক সমস্যাবোৰে দিয়া জ্বালা তথা অৱসাদ প্ৰবলভাবে থাকেই।
ইয়াত মই কেৱল এটা বা দুটা ব্ৰেণ্ডৰ নাম উল্লেখ কৰাৰ কথা কোৱা নাই। থলুৱা ব্ৰেণ্ড গঢ়ি তোলাৰ যি মানসিকতা সেইটোক বৰ্তমান সময়ৰ উল্লেখযোগ্য ঘটনাৰূপে প্ৰকাশ কৰাৰ কথা কৈছোঁ। আশা কৰোঁ ই কিছুমান ব্ৰেণ্ড গঢ়ি উঠাত সহায় কৰিব; ফলত John Players, adidas, woodland আদিৰ সাজপাৰ পিন্ধি “আধুনিক” যুৱক-যুৱতী বা আদহীয়াই গৰ্ব কৰাৰ দৰে স্থানীয় ব্ৰেণ্ডৰ সাজপাৰ পিন্ধিও তেওঁলোকে গৰ্ব কৰিবলৈ খুৱ সোনকালেই আগ্ৰহী হৈ পৰিব।
৪) শান্তনু কৌশিক বৰুৱা।
কাৰণ—
সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, অসম অভিধান, সহস্ৰাব্দৰ বিশ্ব, বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া, আধুনিক অসমীয়া ৰচনা সমগ্ৰ, বিশ্বৰ বৰেণ্য বিজ্ঞানী, কেইবাখনো “ইয়েৰ বুক”ৰ উপৰি জ্ঞান-বিজ্ঞানৰ আন ভালে সংখ্যক এনেধৰণৰ গ্ৰন্থৰ প্ৰণয়ক শান্তনু কৌশিক বৰুৱা কেইবাটাও প্ৰজন্মৰ কিশোৰ-কিশোৰী-যুৱক-যুৱতীৰ অনুপ্ৰেৰণা। তেওঁৰ সম্পৰ্কে বিভিন্নজনৰ সৈতে কিবা আলোচনা কৰিলে কেতিয়াবা এটা কথা ওলায়— শান্তনু কৌশিক বৰুৱা দ্বিতীয় এজন নাই; তেওঁৰ দৰে লেখক অন্ততঃ আৰু পাঁচজন লাগে; কেৱল এজন ব্যক্তি অকলে নিজেই তেওঁৰ দৰে এজন হৈ নুঠিলেও কেইবাজনেও মিলি কিশোৰ সমাজলৈ জ্ঞান-বিজ্ঞানৰ বিবিধ বিষয় যদি তেওঁৰ দৰে আগবঢ়াই দিব বিচৰা যায় তেতিয়াও কিন্তু ধৈৰ্যশীল মানুহ পৰ্যাপ্ত নহয়। “পৰ্যাপ্ত নহয়” বুলি কৈ মই অৱশ্যে “একেবাৰে নাই” বুলি ক’ব বিচৰা নাই। উদাহৰণস্বৰূপে কম্পিউটাৰ তথা ইণ্টাৰনেট জগতখনক কিশোৰ তথা আন সকলো পাঠকক পৰিচয় কৰাই দিবলৈ একাধাৰে কবি, বিজ্ঞানী ড° বিপুল জ্যোতি শইকীয়া আৰু লেখক দেৱজ্যোতি বৰাই ভালেসংখ্যক লেখা লেখিছে।
স্বনামধন্য লেখকসকলৰ যিকোনো বিষয়ক লেখাবোৰত তেওঁলোকৰ নিজৰ প্ৰচুৰ অধ্যয়নৰ গভীৰতা, বস্তুনিষ্ঠ বিশ্লেষণ আৰু দিগদৰ্শন প্ৰকাশ পোৱাৰ বিপৰীতে তেনে একো নথকাকৈ কেৱল তাৎক্ষণিক প্ৰতিক্ৰিয়া বা অভিযোগেৰে ভৰপুৰ লেখাবোৰ সপ্তাহে সপ্তাহে “কেজি হিচাপত লিখি প্ৰকাশ কৰি থকা” “লেখক”বিলাকে জ্ঞান-বিজ্ঞানৰ কিছু লেখাৰ বাবে অনুশীলন কৰা প্ৰয়োজন। নহ’লে ৰাতিপুৱা লিখিলে আবেলিলৈ একো কাম নথকা সেইখিনি লেখাৰে বুদ্ধিজীৱি বোলাবলৈ যোৱা কাৰবাৰটোৰ বাহিৰে আন একো কাম নাহে। গতিকে, এনে মহঙা পৰিস্থিতিত শান্তনু কৌশিক বৰুৱাৰ দৰে এজন ব্যক্তিক সুধী সমাজে ষ্টাৰৰ মৰ্যাদা দিবলৈ যত্ন কৰাটো খুৱ প্ৰয়োজন; যাৰ দ্বাৰা উঠি অহাসকল অনুপ্ৰাণিত হ’ব আৰু এই “লেখক”বিলাকে প্ৰয়োজন পুৰাব পৰাকৈ কিছু লিখাৰ অনুশীলন কৰিবলৈ আগ্ৰহ লাভ কৰিব।
[লেখাটো লিখোঁতে হোমেন বৰগোহাঞি, জুবিন গাৰ্গ, ডা° নোমল চন্দ্ৰ বৰা আদিৰ দৰে অত্যন্ত প্ৰভাৱশালী আৰু হাজাৰ হাজাৰ মানুহৰ অনুপ্ৰেৰণাৰ উৎস ব্যক্তিসকলক শ্ৰদ্ধাৰে নিলগাই ৰাখিছোঁ। আনহাতে, পূৰ্বে উল্লেখিত বা এতিয়াও এনে প্ৰসংগত উল্লেখ নোহোৱা, আৰু বৰ্তমানো প্ৰবল উদ্যমেৰে কাম কৰি থকা আন বহুতো ব্যক্তিৰ কথা ভৱিষ্যতে লিখিবলৈ চেষ্টা কৰিম।]
Co-Founder: gonitsora.com | as.gonitsora.com
Lakshmi prd Dev Goswami
Posted at 15:03h, 23 DecemberI congrats all the achievers.
ৰসানন্দ গগৈ
Posted at 01:48h, 24 Decemberভাল চিন্তা হৈছে !!