দুটা গাণিতিক বক্তৃতাৰ কাহিনী

নিৰ্দিষ্ট স্থানত প্ৰয়োগ হোৱা আটাইতকৈ উপযুক্ত শব্দবোৰে আৰু নাটকীয়তাই মানুহক যুগে যুগে আকৰ্ষিত কৰি আহিছে। প্ৰসিদ্ধ তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ ফ্ৰিমেন ডাইছনে বিশেষ কিবা এটা আৱিষ্কাৰ কৰাৰ মুহূৰ্তটোৰ কথা বৰ্ণনা কৰি এটা বক্তৃতাত কৈছিল যে— “মই ৰামানুজনক দুটা কথাৰ বাবে ধন্যবাদ দিছিলোঁ। বিভাজনৰ সৰ্বসম বৈশিষ্ট্য আৱিষ্কাৰ কৰাৰ বাবে আৰু সিহঁতক সমান শ্ৰেণীত বিভক্ত কৰাৰ চৰ্ত আৱিষ্কাৰ নকৰাৰ বাবে।” বাক্যটোৰ গাণিতিক শব্দবোৰ বহুতে বুজি নাপাব পাৰে, কিন্তু তাৰ পাছতে ডাইছনে কৈছিল যে— “সেইটোৱেই আছিল ৰামানুজনৰ আচৰিত কথা। তেওঁ ইমানবোৰ আৱিষ্কাৰ কৰিলে, আৰু তাৰ পাছতো তেওঁ আন মানুহে আৱিষ্কাৰ কৰিবলৈ তেওঁৰ বাগিচাত আৰু বহুত এৰি থৈ গ’ল।” ৰামানুজনে আৱিষ্কাৰ কৰা বস্তুবোৰৰ কাষে কাষে আৱিষ্কাৰ নকৰাকৈ পেলাই থৈ যোৱা বস্তুবোৰ আজিও অলেখ মানুহৰ অন্বেষণৰ কেন্দ্ৰবিন্দু হৈ আছে। ফ্ৰিমেন ডাইছনে ৰামানুজনে সৃষ্টি কৰা গাণিতিক জগতখনক বাগিচা বুলি অভিহিত কৰিছিল। আৰু ডাইছনে নটকীয়ভাৱে কোৱা এই সামান্য বাক্যকেইটায়েই ৰামানুজনৰ মহা প্ৰতিভাক অসামান্য ৰূপত তুলি ধৰিছিল। ৰামানুজনৰ জন্ম শতবাৰ্ষিকী সন্মিলন এখনত ডাইছনে আগবঢ়োৱা সেই বক্তৃতাটো গণিতৰ বিখ্যাত বক্তৃতাসমূহৰ এটা। ইয়াৰ এই “বাগিচা” শব্দটো কিমান ঠাইত ব্যৱহৃত হৈছে তাৰ সীমা-সংখ্যা নাই।

ফ্ৰিমেন ডাইছন

সাধাৰণতে পদাৰ্থবিজ্ঞানীসকলক গণিতজ্ঞ বুলি ক’লে, তেওঁলোকে বিশ্ব-প্ৰকৃতিৰ লগত জড়িত গাণিতিক নীতি কিছুমান আৱিষ্কাৰ কৰা যেন বুজা যায়। কিন্তু গণিতজ্ঞ ডাইছনে পদাৰ্থ-জগতৰ সৈতে কোনো সম্পৰ্ক নথকা সম্পূৰ্ণ বিশুদ্ধ গণিতৰ কিছুমান কামো কৰিছিল। ২০২০ চনত ৯৬ বছৰ বয়সত মৃত্যু পৰ্যন্ত ডাইছন বিশ্বশ্ৰেষ্ঠ শিক্ষা-কেন্দ্ৰ উচ্চতৰ অধ্যয়ন প্ৰতিষ্ঠানৰ (Institute for Advanced Study) অধ্যাপক আছিল।  ৰবাৰ্ট অপেহাইমাৰে ডাইছনক উচ্চতৰ অধ্যয়ন প্ৰতিষ্ঠানত জীৱনজোৰা অধ্যাপক ৰূপে নিযুক্ত কৰাৰ কাহিনীও আছিল নাটকীয়।

গাণিতিক বক্তৃতাৰ মাজত নাটকীয় বক্তব্যৰ আৰু এটা কাহিনী। ক্লে’ গণিত প্ৰতিষ্ঠান (Clay Mathematics Institute) নামৰ সংস্থাটোৱে আয়োজন কৰা এখন বিশেষ সভাত এবাৰ ভাৰতীয় গণিতজ্ঞ মণীন্দ্ৰ আগ্ৰৱালে মৌলিক সংখ্যাৰ ইতিহাস সম্পৰ্কে এটা বক্তৃতা প্ৰদান কৰিছিল। এই প্ৰতিষ্ঠানটো হৈছে এই সহস্ৰাব্দত মানৱ জাতিয়ে সামাধান কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ কঠিন সাতটা গাণিতিক সমস্যা ঘোষণা কৰা প্ৰতিষ্ঠানটো। সেয়েহে এই প্ৰতিষ্ঠানটোৰ সভাত এজন ভাৰতীয় গণিতজ্ঞই বক্তৃতা প্ৰদান কৰাটো এটা অসামান্য কথা। আৰু সঁচাকৈয়ে মণীন্দ্ৰ আগ্ৰৱালে তেতিয়া মৌলিক সংখ্যা সম্পৰ্কীয় এক অসাধাৰণ কাম কৰি উঠিছিল আৰু নিজেও ইতিহাস ৰচিছিল। সেই সভাখনত ভৰি আছিল বিশ্বশ্ৰেষ্ঠ বহুতো গণিতজ্ঞ। প্ৰসিদ্ধ বিজ্ঞানী-গণিতজ্ঞ হ’লেও, বহুতো চেমিনাৰ-বক্তৃতা বা বৈজ্ঞানিক-বক্তৃতা বিৰক্তিদায়ক হয়। কিন্তু মণীন্দ্ৰ আগ্ৰৱালে খুৱ সুন্দৰ বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ এঘণ্টীয়া বক্তৃতাটো বাৰে বাৰে শুনিও আমনি নালাগে।

মণীন্দ্ৰ আগ্ৰৱাল

উলাম নামৰ এজন গণিতজ্ঞ-বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা Ulam spiral নামৰ এবিধ গাণিতিক বস্তু আছে। ইয়াক prime spiral বুলিও কোৱা হয়। অৰ্থাৎ, নামটোৰ পৰাই বুজা গৈছে যে, ই মৌলিক সংখ্যাৰ কিবা বৈশিষ্ট্যৰ সৈতে সংযুক্ত হৈ আছে। সেয়ে স্বাভাৱিকভাৱেই, মণীন্দ্ৰ আগ্ৰৱালৰ বক্তৃতাটোৰ শেষৰফালে উলাম স্পাইৰেলৰ কথাও ওলাল। গণিতজ্ঞ উলামে এই স্পাইৰেলটো কেনেকৈ আৱিষ্কাৰ কৰিছিল? এবাৰ এখন চেমিনাৰত বহি বহি আমনি লাগি উলামে কাগজত কলম ঘঁহাই আছিল, য’ত “এখন দীঘলীয়া আৰু অত্যন্ত ব’ৰিং গৱেষণা-পত্ৰ” উপস্থাপন কৰা হৈছিল। উলামে তেনেকৈ কলম ঘঁহাই থাকোঁতেই এই অতি গুৰুত্বপূৰ্ণ আৰু বিখ্যাত বস্তুটো আৱিষ্কাৰ কৰি পেলাইছিল। তাকে উল্লেখ কৰি বক্তৃতাটো শেষ কৰিবলৈ লৈ মণীন্দ্ৰ আগ্ৰৱালে ক’লে যে— “বহু সময়ত গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বা পৰ্যবেক্ষণ বিৰক্তিকৰ বক্তৃতাবোৰৰ মাজত সম্পন্ন হয়। গতিকে মই আশা কৰোঁ যে আপোনালোকৰ বহুতে যোৱা এঘণ্টা সময় বহীত কিবা আঁক-বাঁক কৰি কটালে আৰু অন্ততঃ কিছু সংখ্যকে কিবা গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল। ধন্যবাদ।”

লগে লগে সভাঘৰত গিৰ্জনি উঠিল আৰু হাত-তালিত গোটেইখন ৰজনজনাই গ’ল।

শীৰ্ষ ফটোতঃ প্ৰিন্সটনত ব্যস্ত অৱস্থাত ফ্ৰিমেন ডাইছন।

No Comments

Post A Comment