ডায়েৰি আৰু তিনিটা কাহিনী

নতুন বছৰৰ পৰা দুটা কাম কৰিবলৈ লৈছোঁ: এটা হৈছে খোজ কঢ়া, আনটো ডায়েৰি লিখা। প্ৰথমটোত আধা ঘণ্টা, দ্বিতীয়টোত পাঁচ-দহ মিনিট।

ডায়েৰি লিখিম বুলি ভবাৰ কাৰণটো হ’ল– অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰত থকা কিছুমান বিশিষ্ট ব্যক্তি বা গুৰুত্বপূৰ্ণ কাম কৰি থকা ব্যক্তিৰ লগত, প্ৰায় প্ৰতিদিনে কমেও এজনৰ লগত, কিবাকিবি বিভিন্ন কাৰণত মোৰ যোগাযোগ, কথাবাৰ্তা বা আলোচনা হয়। তেওঁলোকৰ লগত জড়িত কিছুমান কথা লিখাটো জৰুৰী। কিন্তু লগালগ প্ৰবন্ধ লিখাটো সম্ভৱ নহয় আৰু বহুদিনৰ পাছত কেতিয়াবা লিখিম বুলি ভাবিলেও বহু কথা পাহৰা হয়। গতিকে ডায়েৰিত লিখি থ’লে, সেইবোৰ পাছত কেতিয়াবা মানুহে পঢ়িব পাৰিব। সেই ব্যক্তিসকলৰ বিষয়ে আৰু সমাজৰ কিছুমান কাম-কাজৰ ধৰণৰ বিষয়ে মানুহে জানিব পাৰিব। তেনেকুৱা কেইটামান কাহিনী:

ক)

সিদিনাৰ কথা, নতুন বছৰ সোমাইছে। শুই উঠি দেখিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক, Game Theory ৰ এজন প্ৰসিদ্ধ গৱেষক, সুৰজিত বৰকটকীদেৱৰ এটা মেছেজ আছে। তেওঁ ‘সমগ্ৰ শিক্ষা’ৰ এটা প্ৰশিক্ষণ অনুষ্ঠানত বক্তৃতা আগবঢ়াব, য’ত কেইবাখনো জিলাৰ গণিত-বিজ্ঞানৰ কেইবাশ স্কুল শিক্ষকে অংশ ল’ব। আৰু তাতে তেওঁৰ বক্তৃতাটোত মোৰ ‘অংক নহয় আতংক’ কিতাপখনৰ পৰা কেইটামান উদাহৰণ দিব বিচাৰিছে। কিতাপখনৰ কথা তেওঁ উল্লেখ কৰিব, কিন্তু তথাপি মোৰ অনুমতি ল’ব খুজিছে। বিদ্যায়তনিক চেমিনাৰ — অৰ্থাৎ নিজৰ গৱেষণা-কৰ্মৰ বিষয়ে গৱেষকসকলৰ সমুখত দিয়া বক্তৃতা, বৈজ্ঞানিক নতুন বিষয়-বস্তুৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰী বা যিকোনো মানুহৰ সমুখত দিয়া বক্তৃতা, আৰু জনপ্ৰিয় কথিকা — এই তিনিও ক্ষেত্ৰতে তেওঁ সমানে সিদ্ধহস্ত। সেয়েহে, প্ৰশিক্ষণ অনুষ্ঠানটো তেওঁ দিবলগীয়া বক্তৃতাটোৰ সম্পৰ্কে লগে লগে মোৰ মনলৈ এক ধাৰণা আহিল।

এতিয়া কথাটো হ’ল– এই যে মেচেজটো, দেখাত সাধাৰণ যেন লগা কথাটোত এটা বহু ডাঙৰ কথা সোমাই আছে। তেওঁ কিতাপখনৰ কথা উল্লেখ কৰিবই, তথাপি তেওঁ অনুমতি ল’ব বিচাৰিছে। এই কথাটোৰ পৰা বহুতো মানুহে শিকিবলগীয়া আছে।

বৌদ্ধিক সম্পদৰ চুৰিকাৰ্যৰ কথাটোত বেছিভাগ মানুহ সচেতন নহয়। এয়া হাতত খন্তি লৈ সিন্ধি দিয়াৰ নিচিনাই কথা। সমাজৰ বহু ভব্য-গব্য ধৰণৰ মানুহ একো একোজন চোৰ। তেওঁলোকে ধাৰণা চুৰ কৰে, বৌদ্ধিক সম্পদ চুৰ কৰে। আনৰ প্ৰবন্ধৰ টুকুৰা বা কাৰোবাৰ বক্তৃতাৰ টুকুৰা তেওঁলোকে সম্পূৰ্ণ পাঠ কৰি থৈ গুচি আহে, যেন সেয়া নিজৰ চিন্তাপ্ৰসূত বক্তৃতাহে। এবাৰ এখন মহাবিদ্যালয়ৰ এজন অধ্যক্ষই মোৰ লেখা কিছুমান টুকুৰা টুকুৰাকৈ নিজৰ ব্লগত দি আছিল আৰু ফেচবুকতো দি আছিল। তেওঁক সন্মান কৰা মানুহবোৰে আৰু ছাত্ৰ-ছাত্ৰীবোৰে তাতে “ছাৰ বৰ ভাল লাগিল”, “ছাৰ বহু কথা জানিলোঁ, ধন্যবাদ”, “ছাৰ উপকৃত হ’লোঁ” আদি মন্তব্য দি আছিল, আৰু তেৱোঁ ওলোটাই ধন্যবাদ দি আছিল। মই তেওঁক চিনি নাপাও, কিন্তু কেনেবাকৈ মই দেখা পাই গ’লোঁ। মই ক’লোঁ যে– “আপুনিতো এনেকুৱা কাম কৰিব নালাগে, মোক কৈ ল’ব লাগিছিল, বা মোৰ নামটো উল্লেখ কৰিব লাগিছিল।” এনেকুৱা হৈ যায় কেতিয়াবা, বহুতে নাজানিবও পাৰে, তেওঁ সেইটোকে ক’ব পাৰিলেহেঁতেন, মই ইমান ধৰিও নাথাকোঁ। কিন্তু আচৰিত, অলপ পাছত মই দেখিলোঁ, তেওঁ মোক ব্লক কৰি দিলে। নিজে জগৰ লগাইয়ো কিছুমান মানুহে এনে আচৰণ কৰে যেন যাৰ ওচৰত জগৰ লগাইছে তেওঁৰহে দোষ। কথাটো মই তেতিয়াই ফেচবুকত দিছিলোঁ, দুই-একে নাম শুধিছিল যদিও কোৱা নাছিলোঁ, তেওঁৰে বদনাম নহওক বুলি। কিন্তু এদিন বেলেগ এজনে মোক সুধিলে– “আপুনি যে এদিন অধ্যক্ষ এজনৰ কথা দিছিল, নামটো এইটো নেকি? তেওঁ মোৰো কৰি আছে এনেকুৱা।” মই বোলো হয়, এইজনেই। চাই আচৰিত, তেওঁ আকৌ তেনেকুৱাই এটা কাম কৰি আছে!

কেইমাহমানৰ আগতে দেখিলোঁ, এজন তেনেকুৱা মানুহেই একোটা লেখাৰ আৰম্ভণিখিনি অলপ সলনি কৰি নিজৰ নামত প্ৰকাশ কৰি আছে। মই যদি পদাৰ্থ বিজ্ঞানৰ মানুহ এজনক লগ পোৱাৰ কথা লিখিছোঁ, তেওঁ সেইটো জীৱ বিজ্ঞানৰ এজনক লগ পোৱা কৰি দিছে। শংকৰদেৱৰ ৰচনাখনত নামটো কাটি মহাত্মা গান্ধী লিখাৰ দৰে কৰি আছে। ফলত প্ৰবন্ধটোত ভুল কথা সোমাই পৰিছে। কিন্তু, শংকৰদেৱ আৰু মহাত্মা গান্ধীক চিনি নোপোৱা মানুহে সেইবোৰকে হয় বুলি ভাবিব। আৰু তেনেকৈয়ে তেওঁ প্ৰশংসা বুটলি আছে। মই আমোদ পাই তেতিয়া বহুতক দেখুৱালোঁ কথাটো।

গণিতৰ এজন বিশিষ্ট অসমীয়া লেখকৰ এটা কাহিনী: অধুনিক গণিতৰ ক্ষেত্ৰত অসমৰ আৰম্ভণিকালৰ গণিতজ্ঞসকলৰ বিষয়ে জানিবলৈ আৰু অতি পুৰণিকালৰ কথাবোৰ জানিবলৈ হ’লে আমি তেওঁৰ পিনে চাব লগা হয়। তেওঁৰ ডক্টৰেট ডিগ্ৰী কি টপিকত লৈছিল পাহৰিছোঁ। কিন্তু তেওঁ এই টপিকটোতো আন এটা ডক্টৰেট ডিগ্ৰীও পাবলগীয়া মানুহ, তেনেকুৱা কামতো মানুহে ডক্টৰেট ডিগ্ৰী লৈছে। আৰু কেৱল সেয়াই নহয়, তেওঁৰ আন আন অৱদানো আছে। এতিয়া নাম উল্লেখ কৰিব খোজা নাই, কিন্তু গণিতৰ বহুতে অনুমান কৰিব পাৰিবই। তেখেতে মোক এদিন সুধিলে– “তুমি সেই মানুহজনৰ লেখা পঢ়িছানে?” মই ক’লোঁ, “পঢ়িছোঁ ছাৰ, মাজে মাজে দুই-এটা পঢ়িছোঁ।” তেখেতে ক’লে, “তেওঁ মোৰ লেখাবোৰকে লিখি আছে জানানে? মোৰ নামো উল্লেখ নকৰে। মই কাকো কোৱা নাই কথাটো, কিন্তু এইটোতো বৰ বেয়া কথা হৈছে।” মই পাছত ভালকৈ মন কৰি চালোঁ। হয় কথাটো। তেখেতে নিজস্বভাবে, নিজৰ কষ্টৰে যিখিনি অন্বেষণ কৰি আনিছে, এই আনজন মানুহে তাকে আৰামত তুলি নাম কিনি আছে। এইজন মানুহ আন বিষয়ৰ ডক্টৰেট ডিগ্ৰীধাৰী, ইতিমধ্যে আন বহু লেখা লিখি নাম কৰিছে, গতিকে মানুহে কি ভাবিব? তেওঁ নিজে বহু কষ্ট কৰি সেইবোৰ গোটাইছে বুলিয়েই ভাবিব!

এনেকুৱা বহুতো উদাহৰণ আছে।

এনে কাৰণতেই সুৰজিত বৰকটকী ছাৰৰ কথাটো লিখা দৰকাৰ। ইয়াৰ পৰা বহু মানুহে শিকিব পাৰিব।

খ)

গণিত অলিম্পিয়াডৰ দুই-এটা কামত এইবাৰো জড়িত আছিলোঁ, বিশেষকৈ প্ৰশ্ন প্ৰস্তুত কৰা কামত। প্ৰবীণ কাৰ্যকৰ্তাসকলৰ ছত্ৰছায়াত এইবাৰ অলিম্পিয়াড পৰিচালনা কৰিছিল দুজন ডেকা গণিতজ্ঞই। তাৰে এজনৰ লগত এদিন কিবাকিবি কথা পাতি আছিলোঁ। প্ৰশ্ন সম্পৰ্কতো কথা ওলাল। মোৰ মতামতটো হ’ল, আমাৰ বিশিষ্ট গণিতজ্ঞ অধ্যাপকসকলৰ পৰা প্ৰশ্ন বিচাৰিব লাগে, আৰু লগতে যিসকলে অলিম্পিয়াডত বিশেষ কৃতিত্ব অৰ্জন কৰে তেওঁলোকৰ পৰাও ল’ব লাগে। সমস্যাটো হ’ল যে, অলিম্পিয়াডৰ প্ৰশ্নবোৰত এক প্ৰকাৰৰ মৌলিকত্বৰ প্ৰয়োজন হয়। তাৰ বাবে সময় দিবলগীয়া হয়। বহুতৰ সেইটো দিকদাৰ হয়। স্কুলীয়া প্ৰশ্নবোৰত সাধাৰণতে কি হয়– যেনে, বৃত্তৰ কালি উলিয়াবলৈ দিয়া হয়। কেতিয়াবা ব্যাস দিয়ে ১০, কেতিয়াবা ১৪ বা ২৮, কেতিয়াবা ঠাল এখনৰ উলিয়াবলৈ কয়, কেতিয়াবা প্লেট একোখনৰ উলিয়াবলৈ কয়, কেতিয়াবা আনন্দ-মেলাৰ চকৰি একোটাৰ উলিয়াবলৈ দিয়ে। কিন্তু সেইটো কেলকুলেচন। সেইটো গণিত নহয়। গণিত হ’ল, বৃত্তৰ কালিৰ সূত্ৰটো কেনেকৈ উলিয়াব পাৰি সেই কৌশলটোহে। বা সেই সূত্ৰটো আন ধৰণে গভীৰভাবে ক’ত প্ৰয়োগ কৰিব পাৰি সেইটো চোৱাটো। তেনেকৈ, ১ ৰ পৰা ১০০ লৈ স্বাভাৱিক সংখ্যাবোৰৰ যোগফলটো কিমান? সেইটো এটা এটাকৈ হিচাপ কৰি যোৱাটো গণিত নহয়। বা তাৰ সূত্ৰটোত মান বহুৱাই হৰণ-পূৰণ কৰি উত্তৰটো উলিয়াই দিয়াটো গণিত নহয়। সেইবোৰো কেলকুলেচনহে। ১ ৰ পৰা ১০০ লৈ যোগ কৰা গাউছৰ সাধুটো বহুতে শুনিছে। সেই কৌশলটোহে গণিত। এনেকুৱা ধৰণৰ কৌশল কেনেকৈ খটুৱাব পাৰি — সেইটো অনুশীলন কৰোৱাটো অলিম্পিয়াডৰ উদ্দেশ্য। সেইবাবে অলিম্পিয়াডৰ প্ৰশ্ন সমাধানৰ চেষ্টা কৰিলে, ডাঙৰ মানুহেও গাণিতিক কাম কৰিবলৈ উদ্বুদ্ধ হয়। সেইমতে প্ৰশ্ন নিৰ্মাণ কৰাটো কঠিন হৈ পৰে। একেবাৰে তলৰ শাখাটোত অলপ সহজ, কিন্তু ওপৰৰ শাখাত বহুতেই কঠিন।

কিন্তু কিছুমান মানুহৰ বাবে এইটোও সহজ কাম। তেনে এজন স্বনামধন্য গণিতজ্ঞৰ লগত সেই যুৱকজনে যোগাযোগ কৰিলে। যোগাযোগ কৰা গণিতজ্ঞজন কেৱল গণিত জগতৰেই নহয়, অসমৰ শিক্ষাজগতৰ সকলো বিষয়ৰ মানুহৰ বাবেই এজন শ্ৰদ্ধাৰ ব্যক্তি। মৌলিক প্ৰশ্ন কেইটামান দিয়াটো তেওঁৰ বাবে তেনেই সাধাৰণ কাম। এনেকুৱা ক্ষেত্ৰত তেওঁ ভাল সঁহাৰি জনায়। কিন্তু, তেওঁ প্ৰশ্ন নিদিও বুলি ক’লে।

তেওঁ প্ৰশ্ন নিদিয়াৰ কাৰণটো হ’ল, তেওঁৰ জীয়েকেও এইবাৰ অলিম্পিয়াড দিছে।

ঠিক আছে, জীয়েক যিটো শাখাত আছে, সেইটো শাখাৰ প্ৰশ্ন নালাগে, আন শাখাকেইটাৰ দিয়ক।

নাই, তেওঁৰ জীয়েকে অলিম্পিয়াড দিব বাবে তেওঁ মুঠতে অলিম্পিয়াডৰ প্ৰশ্নই নিদিয়ে।

এই কাণ্ডটো শুনিয়েই মোৰ মনলৈ আহিল– কত শিক্ষক আছে, নিজৰ সন্তানৰ পৰীক্ষা থাকিলে বা নিজে টিউচন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অফিচত প্ৰশ্ন-কাকত চাই আহিব খোজে, বা নিজে কটা প্ৰশ্ন-কাকতৰ আগতীয়া সংকেত দিব বিচাৰে, বা পৰীক্ষাহলত সহযোগ কৰিব বিচাৰে….! কিন্তু, এই মানুহজনে কোনোটো শাখাৰেই প্ৰশ্ন নাকাটে! বৰ বেছি আচৰিত হোৱা নাই, এনেকুৱা মানুহো বহুতো আছে। তথাপি শুনি কিবা এটা ভাল লাগি যোৱা কথা।

গ)

এই কাহিনীটো অলপ হাঁহি উঠা, আৰু কেইবছৰমান আগৰ। ডায়েৰিত এনেকুৱা ধৰণৰ হাঁহি উঠা বা বেয়া কাহিনীও থাকিব।

ব্যক্তিগত চিনাকিৰ ভিত্তিত মানুহ এজনক সৰু কাম এটা কৰি দিছিলোঁ। এটা বৃহৎ কামৰ ক্ষুদ্ৰ অংশ সেইটো, মোৰ কামটো তেনেকৈয়ে কৰি দিব পাৰি। কিন্তু তেনেকুৱা এটা বৃহৎ কামৰ ক্ষেত্ৰত প্ৰতিষ্ঠানৰ মুৰব্বীৰ লগত আলোচনা কৰাটো নিয়ম। গতিকে মানুহজনে প্ৰতিষ্ঠানৰ মুৰব্বীৰ লগত সময়ত আলোচনাত বহিল। মোৰ অংশটোৰ কথাও ওলাল, মুৰব্বীক দেখুৱালে, নিময় মতে মুৰব্বীৰ পৰা পৰামৰ্শ ল’লে। মুৰব্বী সন্তুষ্ট নহ’ল, লগে লগে মোলৈ ফোন লগালে, “তুমি এইটো কাম কৰিছা, ইয়াত এইবোৰ এইবোৰ বস্তু দিব লাগিব, তুমি দিয়া নাই।”

“হয় ছাৰ, হয় ছাৰ” বুলি মই কথা পাতিলোঁ। মই সাধাৰণতে বিচনাত পৰিয়েই পঢ়া-শুনা কৰোঁ, শুই শুয়েই লেপটপতো কাম কৰোঁ, তেনেকৈ কথাও পাতোঁ। কিন্তু ইমান ডাঙৰ মানুহ এজনে ফোন কৰিছে, তাকো প্ৰথমবাৰ কথা পাতিছোঁ, সেইবুলি সন্মানৰ ভাবত মই তৎক্ষণাৎ বিচনাৰ পৰা মূৰ দাঙি উঠি বহি লৈ ধুনীয়াকৈ কথা পাতিলোঁ। তেওঁ লগে লগে মোক ক’লে, “তুমি কাইলৈ ১১ বজাত মোৰ অফিচলৈ আহি যাবা।” মই নম্ৰভাবে ক’বলৈ ল’লোঁ– “ছাৰ মই নিশা দেৰিকৈ শোওঁ, ১১ বজাত শুই উঠোহে, গা ধুই খাই-বৈ ওলাই যাবলৈ অকণমান সময় লাগিব, আপুনি মোক বেলেগ এটা সময় দিব পাৰিব নেকি?” কিন্তু মই একো ক’বলৈ নাপালোঁৱেই, তেওঁ নিৰ্দেশ দি ফোনটো কাটিয়েই দিলে। মোৰ খং উঠি গ’ল। মই তেওঁৰ ওচৰত কোনো জগৰ লগোৱা নাই, তেওঁক কৰি দিয়া কিবা কাম তৎক্ষণাৎ বেয়া হৈ গৈছে সেইটোও নহয়, আৰু এইটো কাম মই কৰিছোঁ ব্যক্তিগত চিনাকিত, তেন্তে তেওঁৰ এনেকুৱা ব্যৱহাৰ কিয়? আৰে বাবা, নিজে কৰিলে ঠাণ্ডা ভাত কেইটামানত পিঁয়াজ অকণ আৰু তেল অকণ দি ভাজি দিবা, লোকে কৰিলে Mutton বিৰিয়াণী বিচাৰিবা? এইটোতো সুন্দৰ বিৰিয়াণী হৈছে, মাথোঁ Mutton নহয়, Chicken বিৰিয়াণী হৈছে। মোৰ কথাটোতো তুমি শুনিব লাগে। লগে লগেই মই সিদ্ধান্ত ল’লোঁ যে তেওঁৰ ওচৰলৈ ১১ বজাত নাযাওঁ, যি হয় হওক।

পাছদিনা সাৰ পাই বিচনাতে কিবা কৰি আছোঁ, নুঠো বুলিয়েই শুই উঠা নাই। তথাপি ১ মান বজাত যাম বুলি ভাবিছিলোঁ, কিন্তু সময়ত মন নোযোৱা হ’ল। ইফালে মই অলপ অন্যমনস্ক। সৰু কাম হ’লেও কিবা এটাত মন দিলে সহজে আন কথা পাহৰি যাওঁ। বহুবাৰ গৈ থকা বাট-পথো পাহৰি যাওঁ, বজাৰলৈ গ’লে দুটামান বস্তু আনিবলৈ থাকি যায়। তেনেকৈয়ে, সেইদিনাও পাছবেলালৈ মই তেওঁৰ তালৈ যোৱাৰ কথাটো সম্পূৰ্ণ পাহৰি থাকিলোঁ।

আবেলি ৪ মান বজাত মই কামটো কৰি দিয়া মানুহজনে ফোন কৰিলে, “ছাৰে মাতিছিল যে নগ’লা নেকি তুমি? মোলৈ ফোন কৰিছে– ল’ৰাটো নাহিল। তুমি গৈ আহা, এতিয়া তেওঁ আছে।”

মই গ’লোঁ, তেওঁৰ ৰুমত পাঁচজনমান মানুহৰ মিটিং চলি আছে। PS জনে বহিবলৈ দিলে। মিটিং শেষ হোৱাত বাকীকেইজন ওলাই গ’ল। মোক সোমাই যাবলৈ ক’লে। তেতিয়া তেওঁৰ মাত-কথা মিহি, মুখত হাঁহি ওলাই আছে। কামটোৰ কথা পাতিলোঁ, ব্যৱহাৰ-পাতি ভাল লাগিল, চাহ খাবলৈ ক’লে, মই চাহ নাখাৱেই বুলি জনালোঁ। আহিবৰ সময়ত পিছফালৰ পৰা মাতি তেওঁ হাঁহি মাৰি সুধিলে, “তুমি কি নাহিলাইহেঁতেন নেকি? তেওঁলৈ ফোন নকৰা হ’লে নাহিলাহেঁতেন?”

মই নম্ৰভাবে অলসুৱাকৈ ক’লোঁ, “ছাৰ মই শোৱা দেৰি হয়। সেইবাবে শুই উঠাও দেৰি। পাছত পাহৰি থাকিলোঁ।”

সেই কামটোত মই আৰু একোৱেই নকৰিলোঁ। মানে কৰিব লগা সমুলি নহ’লেই। একো নকৰাকৈয়ে, আগতে কৰা ভাগেই সুন্দৰকৈ চলি গ’ল।

কিছুদিনৰ পাছত বাতৰিত পঢ়িবলৈ পালোঁ, এটা বৃহৎ কেলেংকাৰীত তেওঁ নিলম্বিত হ’ল। নামটো এতিয়া নকওঁ, প্ৰায়ভাগে চিনি পাব। পাছত ডায়েৰি ফাদিল হ’লে আশা কৰোঁ আপোনালোক দুই-একে হয়তো পঢ়িব, তেতিয়াই গম পাব।

No Comments

Post A Comment