
ডেনটন কুউলিৰ এষাৰ কথা
চাৰজিঅ’ কেনেভেৰো (Sergio Canavero) নামৰ ইটালীয় স্নায়ুশল্যচিকিৎসক এজনৰ নেতৃত্বত এটি চিকিৎসকগোটে এই বছৰৰ শেষৰ পিনে মানৱ মূৰ প্ৰত্যাৰোপণ কৰাৰ (transplant) পৰিকল্পনা কৰিছে। এজন মানুহৰ মূৰটো ডিঙিৰ পৰা স্থানান্তৰিত কৰি আন এজন মানুহৰ ডিঙিত লগোৱাৰ পৰিকল্পনাটোৱে বিবিধ দিশৰ পৰা বিতৰ্ক সূচনা কৰিছে এই বুলি যে এই কাম কৰিবলৈ অনুমতি দিয়া উচিত নে অনুচিত। চিকিৎসকসকল সফল হ’বনে? এই অস্ত্ৰোপচাৰ কৰাটো মানৱীয় কাম হয় নে? লগে লগেই ব্যক্তিজনৰ মৃত্যু হ’ব নেকি? আৰু যদি মৃত্যু নহয়য়ো, মানুহে পূৰ্বতে কোনোদিন দেখা নোপোৱা মৃত্যুতকৈয়ো ভয়াবহ অৱস্থা এটাৰ মুখামুখি হ’ব নেকি? ইত্যাদি বিবিধ প্ৰশ্ন ভুমুকি মাৰিছে।
মানুহৰ হৃদযন্ত্ৰ প্ৰথম প্ৰত্যাৰোপণ কৰাৰ সময়তো বিতৰ্ক চলিছিল। জীৱনৰ অৰ্থ সংক্ৰান্তীয় প্ৰশ্নও উঠিছিল। হৃদযন্ত্ৰতেই মানৱীয়তা নাথাকে নেকি আৰু ইয়াক এজনৰ পৰা আন এজনলৈ নিয়া উচিত নে সেই লৈ তৰ্ক চলিছিল। যিবোৰ আজি অৰ্থহীন। আজি প্ৰতি বছৰে প্ৰায় চাৰি হাজাৰ মানুহৰ হৃদপিণ্ড প্ৰত্যাৰোপণ কৰা হয়।
অৱশ্যে এই বিতৰ্কবোৰৰ যে কোনো সুপ্ৰভাৱ নাই এনে নহয়, এইবোৰে কামটো নিখুঁতভাৱে হোৱাতো সহায় কৰে। মানৱ মূৰ প্ৰত্যাৰোপণৰ প্ৰচেষ্টাই কি ফলাফল দিয়ে, চিকিৎসা-বিজ্ঞানক ক’লৈ লৈ যায় সেয়া আমি জানিবলৈ হয়তো আৰু ২০-৩০ বছৰ ৰ’ব লাগিব।
মানৱ হৃদপিণ্ড প্ৰত্যাৰোপণ কৰাত প্ৰথম সফলতা অৰ্জন কৰিছিল খ্ৰিষ্টিয়ান বাৰ্নাৰ্ড (Christiaan Barnard) নামৰ আফ্ৰিকীয় চিকিৎসক এজনে, ১৯৬৭ চনৰ ৩ ডিচেম্বৰত। চিকিৎসা-বিজ্ঞানীয়ে কয় যে “Brain death” বোলা কথাটো এই সময়তেই প্ৰথম ওলায়। মগজুটোৰ মৃত্যুৰ পিছতো যে কিছু সময়লৈকে কিছুমান অংগ সক্ৰীয় অৱস্থাত থাকে আৰু সেইবোৰ আন মানুহৰ গাত লগাব পৰা যায় সেয়া সেই সময়তেই প্ৰথম সঠিককৈ নিৰ্ণিত হ’ল।

ডেনটন কুউলিৰ অস্ত্ৰোপ্ৰচাৰৰ কৌশল চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ গোট খোৱা চিকিৎসকসকল
মানৱ হৃদপিণ্ড প্ৰত্যাৰোপণৰ আন এজন পথিকৃৎ চিকিৎসক হ’ল ডেনটন কুউলি (Denton Cooley)। তেওঁ প্ৰথমবাৰৰ বাবে মানৱ দেহত কৃত্ৰিম হৃদপিণ্ড সংস্থাপন কৰিবলৈ সক্ষম হৈছিল। খ্ৰিষ্টিয়ান বাৰ্নাৰ্ডৰ সফলতাৰ কিছুদিন পিছতে তেওঁৰ পদ্ধতিটো কামত খটুৱাবলৈ আন কিছুসংখ্যক চিকিৎসকে প্ৰচেষ্টা চলাইছিল যদিও তেওঁলোক সফল হ’ব নোৱাৰিলে। ডেনটন কুউলিয়ে বাৰ্নাৰ্ডৰ পদ্ধতিটো ভালকৈ অধ্যয়ন কৰি সফলতাৰে মানৱ হৃদপিণ্ড প্ৰত্যাৰোপণ কৰিবলৈ সক্ষম হ’ল। পিছৰ এটা বছৰত কুউলিয়ে ২২টা হৃদপিণ্ড প্ৰত্যাৰোপণ কৰিলে। ১৯৬৯ চনত এজন মৃত্যুমুখী ৰোগীৰ বাবে হৃদপিণ্ড দাতা নোপোৱাত কুউলিয়ে কৃত্ৰিম হৃদপিণ্ড লগাই ৰোগীজনক বচাই ৰাখিবলৈ সক্ষম হয়, আৰু ৬৫ ঘণ্টাৰ পিছত দাতা পোৱাত ৰোগীজনৰ দেহত আচল হৃদপিণ্ড সংস্থাপন কৰে। কুউলিয়ে খুৱ কম দিনতে অধিক অস্ত্ৰোপ্ৰচাৰ কৰাৰ, জটিল মুহূৰ্তত খুৱ চাপৰ মাজতো প্ৰশান্ত হৈ থকাৰ খ্যাতি ৰাখি থৈ গৈছে।
কুউলি সৰুতে কিন্তু কিছু লাজুক আছিল, আৰু সমনীয়াৰ লগত বিভিন্ন আনুষ্ঠানিক কাম-কাজত বৰকৈ হলিগলিও কৰিব নোৱাৰিছিল। পিছৰ কালত তেওঁক সোধা হৈছিল যে শল্যচিকিৎসাত অসাধাৰণ আত্মবিশ্বাসৰ প্ৰয়োজন, এইয়া ক’ৰ পৰা আহিছে? এয়া সদায়েই, তেওঁৰ শিশুকালৰ পৰায়েই আছিল নে?
তেওঁ উত্তৰ দিছিল— নাই, মোৰ নাছিল। মই ভাবোঁ প্ৰত্যয় বস্তুটো অভিজ্ঞতাৰ জৰিয়তে ক্ৰমান্বৱে গঢ়ি তোলা এটা বস্তু। মই সদায় অনুভৱ কৰোঁ যে ছাত্ৰ হিচাপে মই ভাল ফলাফল দেখুওৱাৰ আৰু ইমান ভাল গ্ৰেড পোৱাৰ এটা কাৰণ হ’ব পাৰে মোৰ আত্মবিশ্বাসৰ অভাৱ। মোৰ আত্মবিশ্বাসৰ অভাৱ হৈছিল আৰু একোটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে নিজকে কেতিয়াও প্ৰস্তুত যেন অনুভৱ কৰা নাছিলোঁ, আৰু মই কিছু অতিৰিক্ত অধ্যয়ন কৰিবলগীয়া হৈছিল। সেয়েহে মই ভাবোঁ, সেই ধৰণে আত্মবিশ্বাসৰ অভাৱে ছাত্ৰাৱস্থাত ভাল কৃতিত্ব দেখুওৱাত মোক সহায় কৰিছিল। কিন্তু যিহেতু মই চিকিৎসা সংক্ৰান্তীয় প্ৰশিক্ষণ সম্পন্ন কৰিছিলোঁ, আৰু এনেধৰণৰ আনবিলাক কথা আয়ত্ব কৰিছিলোঁ, সেই পৰ্যায়ত বছৰ ধৰি মই আত্মবিশ্বাস অৰ্জন কৰি উঠিছিলোঁ। আৰু মই প্ৰতিদিনৰ অস্ত্ৰোপচাৰত একো একোটা সাংঘাটিক অভিজ্ঞতা অৰ্জনৰ কাৰবাৰত আছিলোঁ।
No Comments