বৌদ্ধিক অৱক্ষয়ৰ কেইটামান দিশ আৰু ৰাজনীতিত পৰা এইসমূহৰ কু-প্ৰভাৱ
যিখন ৰাজ্যত সাহিত্য সভাৰ নামত “সাহিত্য কৰ্মী”য়ে গুৰিয়াগুৰি, ঘুচিয়াঘুচি খেলে; সাহিত্য অকাডেমী বঁটা দুই নম্বৰী ধাণ্ডা কৰি ঘটে; কিতাপ জমা দিয়াৰ শেষ তাৰিখৰ তিনিমাহৰ পিছত প্ৰকাশিত কিতাপে বঁটা লুটি অনা বুলি স্পষ্ট হৈ পৰাত ইমান তালফাল লগাৰ পিছতো “প্ৰতিভাৱানে” বঁটাতো খামুচি ধৰিয়েই থাকে; “বৌদ্ধিক” মানুহৰ মাজতে ইমানবিলাক লবী থাকে; তেনে ৰাজ্যত ৰাজনৈতিক নেতা-কৰ্মী বা বিষয়াবৰ্গই নৈতিকভাৱে কাৰ প্ৰতি মনত ভয় ৰাখিব?? তেওঁলোকে কাৰ প্ৰতি সম্পূৰ্ণ আন্তৰিক শ্ৰদ্ধাযুক্ত সম্ভ্ৰম ৰাখিব?? যদি শ্ৰদ্ধা জনাব পৰা মানুহবোৰ এনেকৈ বিলুপ্ত হৈ গৈ থাকে তেন্তে বেছি উৎকৰ্ষ আশা কৰাটো অলীক কল্পনা মাথোঁ৷
বিবিধ ক্ষেত্ৰত সততে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকা কেইজনমান গল্পকাৰ, কবিৰ একো বক্তব্য নেদেখি প্ৰফাইলবিলাক খুলি চালোঁ৷ সততে ৰাজনৈতিক প্ৰতিক্ৰিয়া, ব্যংগ, satire লিখি থকাসকলক চালোঁ৷ নাই, যোৱা তিনিদিন তেওঁলোক নিমাত৷ গল্প-কবিতা বিলাকোতো একো একোটা প্ৰতিক্ৰিয়াই, সেইবোৰ সদায় কি লোকৰ কথাতে দিব? নিজৰ ক্ষেত্ৰত? বাতৰি-কাকতবোৰো খুলি চালোঁ, নাই, কোনো বিবৃতিও নাই তেওঁলোকৰ৷ সাহিত্য অকাডেমীৰ মিটিঙত ভাগ লোৱা বুলি ফটো দি ফূৰ্টি কৰাসকলো নিমাত৷ কাৰণ আগলৈ ফ্ৰীতে অহা-যোৱাৰ, ফ্ৰীতে খোৱা-বোৱাৰ, ফ্ৰীতে “জেগা চোৱা”ৰ সুবিধা নাপাব! ফ্ৰী বস্তুৰ প্ৰতি দুৰ্বলতাটো বৰ সাংঘাটিক দুৰ্বলতা৷ যিসকল মানুহ মদৰ প্ৰতি সাংঘাটিক আসক্ত; দেখা যায় যে তেওঁলোক তাতোকৈ বেছি আসক্ত ফ্ৰীতে পোৱা মদৰ প্ৰতি৷
“বৌদ্ধিক মহল”ৰ অৱক্ষয় আৰু “বৌদ্ধিক মহল”ৰ প্ৰতি ৰাইজৰ আস্থাহীনতাৰ পৰিৱেশ অহাটো শুভ লক্ষণ নহয়৷ বিভিন্ন প্ৰক্ৰিয়াৰে এইবোৰ পৰিৱেশ আহিবলৈ লৈছে, আৰু সেয়া ঘূৰাই অনাৰ প্ৰচেষ্টা দেখা পোৱা নাই৷ ৰাজনৈতিক নেতাৰ প্ৰতি ৰাইজৰ আনুগত্য ভাল কথা, সেয়া যে বহুতো নেতাই আহৰণ কৰিবলৈ সক্ষম হৈছে সেয়া তেওঁলোকৰ কৃতিত্ব, কিন্তু ৰাজনৈতিক নেতাতকৈয়ো উচ্চ আনুগত্য যদি সাহিত্য-সংস্কৃতি তথা “বৌদ্ধিক” মানুহখিনিয়ে ধৰি ৰাখিব নোৱাৰে, প্ৰতিটো স্তৰতে সেয়া নাইকীয়া কৰি গৈ থাকে, তেন্তে ৰাজনীতি ঠেৰুচিগা হৈ নপৰিবনে?
কেৱল বঁটা-বাহনতে নহয়, এনে নিষ্ঠাপূৰ্ণ আচৰণৰ অভাৱ আন বহুতো ক্ষেত্ৰতো প্ৰকাশিত৷ নিৰ্বাচনৰ আগদিনা ৪০ নে ৪৩ জন বৌদ্ধিক মানুহে একগোট হৈ ৰাইজক ধমকিৰ সুৰত কৈছিল অমুকক ভোট নিদিব৷ ৰাজনৈতিক কৰ্মী বুলি পৰিচয় থকা হ‘লে তেওঁকে নিৰ্বাচনৰ আগদিনা প্ৰচাৰত জড়িত থকা বুলি দণ্ডনীয় হ‘লহেঁতেন; কিন্তু বৌদ্ধিক বুলি সাৰি গৈছিল৷ তেওঁলোকে কোৱাবোৰ একো নহ‘ল, বৰং পূৰ্বতে লাই পাই থকা ইমান ডাঙৰ ডাঙৰ দুৰ্নীতিগ্ৰস্তবোৰ গৰালত বন্দী হ‘বলৈ বাধ্য হ‘ল৷ পূৰ্বৰ দলৰো প্ৰথম দুটা সময়ত সুশাসনৰ প্ৰভাৱ আমি নিজেই পাইছোঁ, পিছত ৰাইজ অতিষ্ঠ হৈ আঁতৰাই পঠালে; ইছ্যু অনুসৰি পুনৰ পৰবৰ্তী বা তাৰ পিছৰ নিৰ্বাচনত আকৌ সেই দলকো আদৰি ল‘ব৷ এয়া গণতন্ত্ৰ৷ কিন্তু সেই “বৌদ্ধিক মহল”টোৱে ৰাইজৰ ওচৰত আস্থা ৰাখিব পাৰিলেনে? তেওঁলোকে নিজ কৰ্মেৰে ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাব পাৰিলেনে? যেতিয়া দুৰ্নীতিৰ “মহানায়ক”বোৰ বন্দী হৈছিল তেতিয়া সেই ৪০ নে ৪৩ জন বৌদ্ধিক মানুহ পুনৰ একগোট হৈ হাতত গুৱাপাণ লৈ আঠু লৈ ৰাইজৰ ওচৰত ক্ষমা খুজিব নালাগিছিল নে? যদি সেইটো তেওঁলোকে কৰিলেহেঁতেন তেতিয়া তেওঁলোক যে সঁচাকৈ ৰাইজৰ ওচৰত দায়বদ্ধ সেইটো প্ৰমাণ হ‘লহেঁতেন আৰু তেওঁলোকৰ স্থান উচ্চ হৈ থাকিলহেঁতেন৷
বৌদ্ধিক মহল সঁচাকৈ বৌদ্ধিক হোৱাটো সম্ভৱ নহ‘লে বাকীবোৰ প্ৰায় অৰ্থহীন৷ বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত কোনেও দৰ নৰখা হ‘ব৷
Co-Founder: gonitsora.com | as.gonitsora.com
No Comments