
বাওঁপন্থী আৰু হাৰামী
২০ দিন মানৰ আগৰ কথা, মানুহ এজনে কৈছিল— “জুবিনক অকণো শান্তি নিদিয়াকৈ সদায় গালি পাৰি থকা, আৰু জুবিনৰ একো কামেই নাই বুলি কৈ থকা সেই মানুহকেইটাই এতিয়া জুবিনকে নিজৰ লগত ল’ব বিচাৰি আছে। তাতেই গম পোৱা যায় সিহঁতকেইটা কিমান হাৰামী।”
এইষাৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ, দিলেও মোৰ একো কামত নাহে, নিদিলেও একো অনিষ্ট নহয়, আৰু মই সলনি কৰিব পৰাও ইয়াত একো নাই। আৰু সেইবাবেই এই সম্পৰ্কে একো নাভাবো বুলিয়েই ভাবি লৈছিলোঁ। কিন্তু এতিয়া দেখিলোঁ সেইষাৰ কথাইচোন হয়। যেতিয়াই জুবিন গাৰ্গে বিজেপীৰ নিৰ্বাচনী প্ৰচাৰৰ গানটো গাই দিলে সিহঁতৰ মতে জুবিন বেয়া হৈ পৰিল। সেই যে শিয়ালৰ সাধুটো.., জপিয়াবলৈ শকতি নথকা শিয়ালটোৱে কৈ থৈ গৈছিল “আঙুৰ টেঙা”। নিজৰ লবীত খটুৱাবলৈ নাপালেই সিহঁতৰ মতে মানুহেই বেয়া আৰু অসাংস্কৃতিক; আনহাতে নিজৰ লবীত থাকিলেই মানুহ মহান! ইয়াকে কয় হাৰামী। সকলোৰে দৰে “বাওপন্থী”কেইটামানেও বিচাৰি আছিল জুবিনক লগত ল’বলৈ। তেওঁলোকৰ লগত থাকিলে সেইয়া হয় “সাংস্কৃতি-যাত্ৰা” আৰু তেওঁলোকৰ লগত নাথাকিলেই “সামাজিক দায়িত্বহীনতা”।
বাওঁপন্থী বুলি ক’লে মানুহৰ মনলৈ এনে এটা ভাবেই অহা দেখা পোৱা যায়— কেইটামান ৰাজনৈতিক নেতা যি অলপ সময় পাছতে কাণ-মূৰ চেপেতা কৰি টোপনিত ঢলি পৰিব আৰু কেইজনমান পণ্ডিত বুদ্ধিজীৱি যি সমালোচনাৰ ক্ষেত্ৰত নিজৰ পাণ্ডিত্যৰে খ্যাতি অৰ্জন কৰাৰ লগতে আনক নিন্দা কৰাতো সম্পূৰ্ণ জঘন্য বা সৰ্বকালৰ নিকৃষ্টতাক অতিক্ৰমৰ যোগ্য। সেইবাবেই প্ৰায়ভাগৰে অৱজ্ঞাত তেওঁলোক পচা বাঁহৰ দৰে শুকাই শুকাই কমি কমি হেৰাই গৈ আছে যদিও যিকেইজন (নিন্দুক হৈয়ো) সন্মানীয় পণ্ডিত লগত আছে তেওঁলোকৰ বাবেই ন্যূনতম সন্মানকণ হেৰুৱাই পেলাব লগা হোৱা নাই। কিন্তু এই দুয়োটা শ্ৰেণীৰ লগতে আজিৰ সময়ত কিছুমান এইধৰণৰ “হাৰামী”ও যোগ হৈছে। এই হাৰামীখিনিৰ মতিগতিটো ভাল নকৰিলে বাকী যিকণ পচা বাঁহত ৰৈ যোৱা সাৰৰ দৰে সন্মানকণ পাই আছে সেইকণো ৰাইজৰ পৰা নোপোৱা হৈ গৈ থাকিব…। তেওঁলোকৰ পণ্ডিতসকলে যদি হুগো চাভেজৰ কাহিনী বা অৰুন্ধতী ৰয়ৰ বক্তব্য আদিয়েই অধ্যয়ণ কৰি দিন কটাই থকাৰ পৰিৱৰ্তে নিজৰে এই হাৰামীসকলকো নিয়ন্ত্ৰণ নকৰে, তেন্তে তেওঁলোকে নিজৰে কবৰ খন্দাৰ দৰে কথা। কাৰণ, যিকোনো ক্ষেত্ৰৰ বিভিন্ন দলবোৰ ধ্বংস হোৱাৰ কাৰণ কেৱল তেওঁলোকৰ উচ্চতম পৰ্যায়ৰ নেতাবোৰৰ দুৰ্বলতা বা তেওঁলোকৰ অসৎ আচৰণেই নহয়; তাতকৈয়ো ডাঙৰ এটা কাৰণ হ’ল নিজৰ দলৰে তলৰ পৰ্যায়ৰ একোজাক পিলিঙাৰ কৰ্মকাণ্ড, যিজাকে দলীয় ভাৱমূৰ্তি বিনস্ত কৰি থাকে; অথচ সেইজাকৰ বহুৱামীয়ে ৰাইজক নিজৰ প্ৰতি আকৰ্ষিত কৰিব বুলিহে উচ্চতম নেতাবোৰে ভ্ৰম দেখি থাকে।
No Comments