অয়ন নাথ : এমআইটিত গণিতৰ পিএইচডি কৰিবলৈ যোৱা অসমীয়াজন

অয়ন নাথ নামটো সংবাদ-মাধ্যমত বহুত বেছি পৰিচিত নহয়, কিন্তু তেওঁ হৈছে এমআইটিত (MIT, Massachusetts Institute of Technology) পঢ়িবলৈ সক্ষম হোৱা অতিকে কম সংখ্যক অসমীয়াৰ ভিতৰত এজন। মোৰ হাতত সঠিক তথ্য নাই, কিন্তু কেইবাজনৰ মুখত শুনা অনুসৰি, এমআইটিত গণিতৰ পিএইচডি কৰিবলৈ সক্ষম হোৱা তেওঁ একমাত্ৰ অসমীয়া।

অয়নৰ এটা লেখা অনুসৰি— তেওঁ আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াদৰ প্ৰশিক্ষণ কেম্পত ভাগ লওঁতে এটা প্ৰশ্ন প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল। সেই কেম্পত ছাত্ৰ-ছাত্ৰীক তেনেকৈ একো একোটা প্ৰশ্ন প্ৰস্তুত কৰিবলৈ দিয়া হয়, যিটো বাকীসকলে সমাধান কৰিব লাগে। সেই প্ৰশ্নটো এনেই প্ৰস্তুত কৰিলে নহয়, সেইটো হ’ব লাগিব মৌলিক, ক’ৰবাৰ পৰা ধাৰণাবোৰ ক’পি কৰা হ’ব নালাগিব। সেই ধৰণৰ প্ৰশ্ন সৃষ্টি কৰিবলৈ ভালেখিনি জ্ঞান থাকিব লাগে, এনেই সৃষ্টি কৰিব নোৱাৰি। গাণিতিক অলিম্পিয়াদৰ প্ৰশ্নবোৰ সাধাৰণতে এনেকুৱা মৌলিক হয়। অয়নে তাত যিটো প্ৰশ্ন সৃষ্টি কৰিলে, সেই প্ৰশ্নটো গ্ৰহণ কৰা নহ’ল। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, সেইটো গ্ৰহণ নকৰাৰ কাৰণটো হ’ল সেইটো তেওঁলোকৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমাধান কৰিব নোৱাৰে।

সেই প্ৰশ্নটোৰ বাবে অয়নে প্ৰশংসাও লাভ কৰিলে আৰু সেই প্ৰত্যাখ্যানে তেওঁৰ বাবে চিন্তাৰ আন এটা বাটো মুকলি কৰি দিলে। তেওঁ প্ৰশ্নটোৰ অধিক গভীৰলৈ গ’ল, আৰু ফলাফলখিনি গৱেষণা-পত্ৰ ৰূপে লিখি ‘The American Mathematical Monthly’ নামৰ বিখ্যাত জাৰ্নেলখনলৈ পঠাই দিলে। গৱেষণা-পত্ৰখন জাৰ্নেলখনত প্ৰকাশ হ’ল। সেইখনত প্ৰকাশ হোৱাটো ডাঙৰৰ বাবেও এটা লেখত ল’বলগীয়া কথা, কিন্তু তেতিয়া অয়ন নাথ আছিল মাথোঁ হাইস্কুল-হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ।

এইদৰে সমস্যা একোটা সৃষ্টি কৰি ল’ব পৰাটো গণিত-বিজ্ঞানৰ তাত্ত্বিক জগতখনত অতিকে প্ৰয়োজনীয় কাম বা দক্ষতা। সমস্যাটো নিজে সৃষ্টি কৰি লোৱা মানে, ই আজব নহয়, ই significant হ’ব লাগিব। সমাধানকাৰীলৈ চিৰন্তন অপেক্ষাৰে এই সমস্যাবোৰ পৃথিৱীত বা বিমূৰ্ত জগতখনত ইতিমধ্যে আছেই। মাথোঁ তাক মনৰ চক্ষুৰে তুলি আনি শব্দৰে বা গাণিতিক ভাষাৰে প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ পাছত তাক প্ৰমাণ বা সমাধান কৰিব লাগিব। আৰু তাৰ সমাধানো বা সমাধান পদ্ধতিও হ’ব লাগিব significant. এই সমস্যাবোৰ এনেকুৱা বস্তু যেন— খালি চকুৰে আমাৰ সমুখটো শূন্য যেন লাগে, কিন্তু তাকেই আমি এটা শক্তিশালী অনুবীক্ষণ যন্ত্ৰৰ মাজলৈ লৈ আহিলে আন এখন বিশাল জগত ওলাই পৰে। সেয়ে, মনৰ অনুবীক্ষণ যন্ত্ৰটোৰ বিকাশ সাধন কৰাটো অতি দৰকাৰী কাম হৈ পৰে।

এবাৰ অধ্যাপক নয়নদীপ ডেকা বৰুৱা ছাৰৰ সৈতে কথা পাতি থাকোঁতে ছাৰে কৈছিল যে সময়ৰ লগে লগে অয়নে নিজে নিজে গাণিতিক পৰিপক্বতা (Mathematical maturity) আহৰণ কৰি গৈ থাকিব। উল্লেখযোগ্য যে, নয়নদীপ ডেকা বৰুৱা ছাৰৰো ‘The American Mathematical Monthly’ত এখন বহুচৰ্চিত চাৰ্ভে-পেপাৰ আছে।

মই অয়নৰ কামবোৰ মাজে সময়ে চাই থাকোঁ। হাইস্কুলীয়া কামখিনিৰ পৰা হঠাতে তেওঁৰ জগতখন আৰু গভীৰলৈ গুচি গ’ল। গণিতৰ জনপ্ৰিয় প্ৰবন্ধ বা কিতাপবোৰত কুৰি শতিকাৰ আৰু একবিংশ শতিকাৰ যিসকল অসামান্য গণিতজ্ঞৰ কামৰ উল্লেখ পাওঁ, সেই নাম কিছুমানহে এতিয়া দেখা পাওঁ তেওঁৰ কামত।

অয়নৰ দেউতাক হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ অধ্যাপক মিলন নাথ। অয়নৰ মাকো গণিতৰ। মিলন নাথ ছাৰে ৰৈখিক বীজগণিত (Linear Algebra) পঢ়ুৱায়। গণিতৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীক ছাৰে খুব ভাল পায়। ছাৰৰ দক্ষতাৰ বাবেই ছাৰৰ প্ৰতি মোৰ মনত একধৰণৰ মন্ত্ৰমুগ্ধৰ দৰে সন্মানৰ ভাব আছে। কেইবাবছৰৰ মূৰত, দুসপ্তাহমান আগতে ছাৰক লগ পালোঁ। আৰু স্বাভাৱিকভাবেই অয়নৰ কথা ওলাল। বিভিন্ন কথাৰ লগতে ছাৰে ক’লে যে তাক অষ্টম শ্ৰেণীমানৰ পৰা আৰু একো চাবলগীয়া হোৱা নাই, সি নিজে নিজে কৰিছে। এতিয়াতো সি কি কৰি থাকে মই একো বুজিয়েই নাপাওঁ, মাথোঁ চিহ্নবোৰহে দেখোঁ, কিনো সেইবোৰ বুজিবই নোৱাৰোঁ। এজন গণিতৰ অধ্যাপক দেউতাকৰ বাবে ইয়াতকৈ আৰু উৎসাহৰ কথা কি হ’ব পাৰে! এয়া সকলোৰে বাবে অনুপ্ৰেৰণাৰ কথা। নিশ্চিতকৈ, সকলো অয়ন নাথৰ দৰে হ’ব নোৱাৰে। কিন্তু এইধৰণৰ কথা, কাম বা সাধনাই সকলোকে উদ্দীপনা, positivity, মনোৰথ যোগান ধৰিব পাৰে।

No Comments

Post A Comment