চিন্তাৰ খোৰাক যোগাব পৰা, গণিতৰ ২০ টা সহজ সহজ কথা

ক) থাই ভাষাত Five শব্দটোৰ উচ্চাৰণটো ha নিচিনা৷ সেয়েহে থাইলেণ্ডৰ বহুতো মানুহে মেছেজ, কমেণ্ট আদিত “হাঃ হাঃ হাঃ” বুজাবলৈ “555” লিখে৷

খ) ফেক্টৰিয়েল দহ ছেকেণ্ড = পুৰা ছয় সপ্তাহ৷
ফেক্টৰিয়েল ১০ ক সংকেতৰ সহায়ত লিখা হয় এইদৰে: ১০!
আৰু ১০! = ১০.৯.৮.৭.৬.৫.৪.৩.২.১
গতিকে ১০! ছেকেণ্ড = ১০.৯.৮.৭.৬.৫.৪.৩.২.১ ছেকেণ্ড৷
= ১০.৯.৮.৭.৬.২ মিনিট৷
= ৯.৮.৭.২ ঘণ্টা৷
= ৩.৭.২ দিন৷
= ৩.২ সপ্তাহ৷
= ৬ সপ্তাহ৷

গ) সমান দৈৰ্ঘৰ কেইডালমান সূতাৰ পৰা এডাল এডাল লৈ কেইটামান বিভিন্ন আকৃতিৰ ত্ৰিভূজ সাজা; কেইটামান আয়তক্ষেত্ৰ সাজা; বৰ্গক্ষেত্ৰ সাজা; পঞ্চভুজ সাজা; ষড়ভুজ সাজা; বৃত্ত সাজা৷ এইসমূহৰ প্ৰতিটোৰে পৰিসীমা একেটাই, কাৰণ সূতাডাল চবৰে বাবে সমান দৈৰ্ঘৰ লৈছিলা৷ কিন্তু সেই বৃত্তটোৱে আগুৰা ঠাইখিনিৰ পৰিমাণ বাকী সকলোতকৈ বেছি৷

ঘ) ২০১৮ চনৰ জুলাইলৈকে মানৱ জাতিয়ে জানিবলৈ পোৱা আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ’ল: {\text{২}}^{\text{৭৭২৩২৯১৭}}-\text{১}৷ এই সংখ্যাটোত ২৩২৪৯৪২৫ টা অংক আছে৷

ঙ) পেঞ্চিল, কাটা-কম্পাছ আৰু স্কেলৰ সহায়ত তুমি এডাল বাহুক বা এটা কোণক সমানে দুভাগ কৰিব পাৰিবা৷ কিন্তু পেঞ্চিল, কাটা-কম্পাছ আৰু স্কেলৰ সহায়ত এডাল বাহুকহে সমানে তিনিভাগ কৰিব পাৰিবা, এটা কোণক সমানে তিনিভাগ কৰিব কেতিয়াও নোৱৰা৷

চ) সমতলত দুডাল অসমান্তৰাল ৰেখা ক’ৰবাত হ’লেও কটাকটি কৰিবই৷
কিন্তু আকাশত দুডাল অসমান্তৰাল ৰেখাইয়ো কেতিয়াও কটাকটি নকৰিবও পাৰে৷

ছ)
তলৰ বাক্যটো সঁচা৷
ওপৰৰ বাক্যটো মিছা৷

জ) দশমিকৰ সোঁপিনৰ দুটা স্থানলৈকে পাইৰ মানটো হ’ল ৩.১৪৷ সেয়েহে প্ৰতি বছৰে মাৰ্চ মাহৰ ১৪ তাৰিখটো পাই দিৱস বুলি উদযাপন কৰা হয়৷ ১৯৮৮ চনৰ পৰা এই দিৱস আৰম্ভ হয়৷ যোৱা কেইবছৰমানৰ পৰা অসমতো কেইবাঠাইতো এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰিছে৷

ঝ) আমি সৰুতে অংকৰ ক্লাছত শিকিবলৈ পাওঁ যে তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো ৯৯৯৷
কিন্তু আন বিভিন্ন ধৰণেও তিনিটা অংকৰে আমি সংখ্যা গঠন কৰিব পাৰোঁ৷ কোনো যোগ, বিয়োগ, পূৰণ আৰু হৰণ চিন ব্যৱহাৰ নকৰাকৈ তিনিটা অংকৰে গঠন কৰিব পৰা এটা অতি ডাঙৰ সংখ্যা হ’ল {{\text{৯}}^{\text{৯}}}^{\text{৯}}৷ এই সংখ্যাটো ৩৬৯৬৯৩১০০ টা অংকৰে গঠিত৷

ঞ) গ্ৰীক দাৰ্শনিক প্লেটোক বহুতে কেৱল দাৰ্শনিক বুলিহে জানে৷ কিন্তু তেওঁ গণিত সম্পৰ্কীয় বহুত গৱেষণা কৰিছিল৷ তেওঁ পাইৰ মানটো মোটামুটিভাৱে এইদৰে উপস্থাপন কৰিছিল π =√২+√৩৷

ট) কেইবাডালো সৰলৰেখাৰ দ্বাৰা বন্ধ হৈ থকা সমতল ক্ষেত্ৰ একোখনক বহুভূজ (polygon) বুলি কোৱা হয়৷ ইয়াৰে তিনিটা বাহু যুক্ত ক্ষেত্ৰক ত্ৰিভূজ বোলে, চাৰিটা বাহু যুক্ত ক্ষেত্ৰক চতুৰ্ভূজ বোলে৷ সেইদৰে পাঁচটা বাহু থাকিলে পঞ্চভূজ, ছটা বাহু থাকিলে ষড়ভূজ ইত্যাদি৷
যদি কোনো বহুভূজত ১০ লাখটা বাহু থাকে তাক কি বুলি কয়? ১০ লাখ বাহু থাকিলে বহুভূজটোক মহাভূজ (megagon) বুলি কোৱা হয়৷ [এই mega শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে৷ ইয়াৰ ইংৰাজী অৰ্থ great৷]

ঠ) দুটা যুগ্ম সংখ্যা যোগ কৰিলে সদায় এটা যুগ্ম সংখ্যাই পাবা৷ সেইদৰে, দুটা অযুগ্ম সংখ্যা যোগ কৰিলেও সদায় এটা যুগ্ম সংখ্যাই পাবা৷

ড) দুটা পৰিমেয় সংখ্যা যোগ কৰিলে এটা পৰিমেয় সংখ্যাই পাবা৷ তিনিটা পৰিমেয় সংখ্যা যোগ কৰিলেও যোগফলটো এটা পৰিমেয় সংখ্যাই পাবা৷ চাৰিটা যোগ কৰিলেও যোগফল পৰিমেয় পাবা, পাঁচটা যোগ কৰিলেও যোগফল পৰিমেয় পাবা৷ কিন্তু অসীম সংখ্যক পৰিমেয় সংখ্যা যোগ কৰিলে কেতিয়াবা যোগফলটো অপৰিমেয় সংখ্যা হোৱা যায়৷ সীমিত পৰিমাণৰ পৰিমেয় সংখ্যা যোগ কৰিলে কিন্তু কেতিয়া যোগফলটো অপৰিমেয় নহয়৷

ঢ) সংখ্যাটো অসীম বুলি ক’লে এটা বিৰাট ডাঙৰ সংখ্যা যেন বুজা যায়৷ কিন্তু দুটা অসীম কেতিয়াবা সমান নহ’বও পাৰে৷ কিছুমান অসীম আন কিছুমান অসীমতকৈ ডাঙৰ৷

ণ) ৰুচ গণিতজ্ঞ চ’ফিয়া কোভালেভস্কয়া (Sofia Kovalevskaya) হ’ল গণিতৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী মহিলা৷ তেওঁ ১৮৭৪ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ সেই সময়ত মহিলাই পঢ়া-শুনা কৰাত বহু সামাজিক বাধা আছিল৷ তেওঁ গোপনে অধ্যয়ন কৰিবলগীয়া হৈছিল৷ জাৰ্মানীৰ এখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এই ডিগ্ৰী লাভ কৰিছিল৷

ত) ১৯০০ চনত পেৰিছত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় গণিত সন্মিলনত বিশ্ববিখ্যাত গণিতজ্ঞ ডেভিদ হিলবাৰ্টে ২৩ টা সামাধান কৰিবলৈ বাকী থকা অতি গুৰুত্বপূৰ্ণ গাণিতিক সমস্যাৰ কথা ঘোষণা কৰিছিল৷ সেই ঘোষণাৰ পিছৰ পৰা এতিয়ালৈকে ১১৮ বছৰ পাৰ হৈ গ’ল যদিও সেই সমস্যাসমূহৰ কেইটামানৰ সমাধান বা উত্তৰ আজিও মানৱ জাতিয়ে উলিয়াব পৰা নাই৷

থ) বিজুলীবাটিকে ধৰি অজস্ৰ বস্তুৰ উদ্ভাৱক টমাছ আলভা এডিছনে সৰুতে নিউটনৰ ‘প্ৰিন্সিপিয়া মেথেমেটিকা’খন পঢ়িছিল৷ পিছত তেওঁ কৈছিল যে সেইখনে তেওঁক দিছিল কেৱল গণিতৰ প্ৰতি অৰুচি, যি অৰুচিৰ পৰা তেওঁ কেতিয়াও উদ্ধাৰ নাপালে৷ কিন্তু এজন উদ্ভাৱক হিচাপে তেওঁক গণিত বহুত প্ৰয়োজন হৈছিল আৰু তেওঁৰ কোম্পানীত কেইবাজনো গণিতজ্ঞক কাম দিবলগা হৈছিল৷ সেয়েহে তেওঁ কৌতুকেৰে কৈছিল- “মই সদায় এজন গণিতজ্ঞক নিযুক্তি দিব পাৰোঁ, কিন্তু তেওঁলোকে মোক নিযুক্তি দিব নোৱাৰে৷”

দ) আমাৰ দেশৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ এজন হ’ল জ্যোতিৰ্পদাৰ্থবিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰ৷ ইতিমধ্যে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূ্ষণ প্ৰদান কৰা হৈছে৷ আমাৰ দেশত প্ৰকৃত গৱেষণাৰ প্ৰতি আগ্ৰহী মানুহ কম৷ আৰু বহুতে সামান্য কাম কৰিয়েই বিশ্বজয়ী উদ্ভাৱণ কৰা যেন ভাৱে৷ তেওঁলোকে সেয়া পৰীক্ষা কৰি নাচায় আৰু গাণিতিকভাৱে প্ৰমাণ কৰিবলৈ চেষ্টা নকৰে৷ তাৰ গাণিতিক যুক্তি-যুক্ততাৰ প্ৰয়োজনীয়তা তেওঁলোকে বুজিবলৈকে নিবিচাৰে৷ নাৰ্লিকাৰে এবাৰ কৈছিল – “মই প্ৰায়ে কিছুমান অহৌবলিয়া মানুহৰ পৰা চিঠি পাওঁ। তেওঁলোকে বুজাবলৈ খুব চেষ্টা কৰে, তেওঁলোকৰ সূত্ৰটো আইনষ্টাইন বা নিউটনতকৈ কিয় ভাল। কেতিয়াবা তেওঁলোকে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীলৈ লিখে, তেওঁলোকে আকৌ বিজ্ঞান আৰু কাৰিকৰী দপ্তৰলৈয়ো পঠিয়াই দিয়ে। এই অনুষ্ঠানবোৰে তেতিয়া আমাৰ পৰা মতামত বিচাৰে। মোৰ উত্তৰত সাধাৰণতে মই কওঁ যে যেতিয়ালৈ তেওঁলোকে ইয়াক গণিতিকভাৱে প্ৰমাণ কৰি নেদেখুৱায়, অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ ভাষাত প্ৰকাশ নকৰে, মই বুজিবলৈ টান পাওঁ। বুজি নাপাও বুলি ক’লেতো আৰু কোনেও তৰ্ক কৰিব নোৱাৰে, সেই ব্যক্তিজনক ভুল বুলি ক’লেহে তেওঁ জ্বলি-পকি উঠিব।”

ধ) গণিত জগতৰ আটাইতকৈ সন্মানীয় বঁটা তিনিটাৰ এটা হ’ল ফিল্ডছ মেডেল৷ সাধাৰণতে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে, চল্লিছ বছৰতকৈ কম বয়সৰ চাৰিজন গণিতজ্ঞক আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘই এই বঁটা প্ৰদান কৰে৷ ব্ৰাজিলত ১ আগষ্টৰ পৰা আৰম্ভ হোৱা, সংঘৰ ২০১৮ চনৰ অধিৱেশনত এইবাৰৰ ফিল্ডছ মেডেল প্ৰদান কৰা হয়৷ এইবাৰ এই সন্মান লাভ কৰা গণিতজ্ঞ চাৰিজন হ’ল– ক’চাৰ বিৰ্কাৰ (Caucher Birkar), এলেচিঅ’ ফিগালি (Alessio Figalli), পিটাৰ শ্ব’লজে (Peter Scholze) আৰু অক্সয় ভেংকটেছ (Akshay Venkatesh)৷

ন) ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘৰ অধিৱেশন অনুষ্ঠিত হৈছিল ভাৰতবৰ্ষত৷ গণিত জনপ্ৰিয়কৰণত অৱদান আগবঢ়োৱাসকলক সন্মান জনাবলৈ সেই বছৰ “লীলাৱতী বঁটা” নামেৰে এটা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰতিষ্ঠা কৰা হৈছিল৷ এই বঁটা গৱেষণা বা নতুন উদ্ভাৱনৰ বাবে নহয়, কেৱল গণিত জনপ্ৰিয়কৰণত অৱদান আগবঢ়োৱাৰ বাবেহে৷ এই বঁটাত প্ৰদান কৰা হয় দহ লাখ টকা আৰু এই ধন যোগান ধৰে ইনফ’চিছে (Infosys)৷

[ইয়াৰে কেইটামান বেলেগ বেলেগ উৎসৰ পৰা লৈ মাথোঁ অনুবাদ কৰা হৈছে৷]

2 Comments
  • Sanjib Sharma
    Posted at 11:16h, 22 June Reply

    As far as trisection of an angle the statement at ঙ) is correct. This is one of the three geometric problems which can not by solved by Euclidian Geometry. Other two problems are (i) Squaring a Circle and (ii) Doubling a Cube. However, it is possible to trisect a line segment or side by Euclidian method, i.e. only using compass and roller.

Post A Comment