কমল শইকীয়াৰ দুৰ্ঘটনাটো

বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো বৰ্তমান দেখিলে মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন লগা হৈ পৰিছে। কিন্তু বয়সেতো ভাটী দিয়াই নাই, বৰং অৱসৰ ল’বলৈ এতিয়াও সাত বছৰ বাকী আছেই...। “আগতে সকলো ভাল আছিল, এতিয়া সব বেয়া। এতিয়াৰ ল’ৰা-ছোৱালীবোৰ ইমান বেয়া হ’ল, আগতে আমি এনে নাছিলোঁ”— সাধাৰণতে যিটো বয়সত মানুহবোৰে এনেকৈ বেছিকৈ ভাবিবলৈ আৰম্ভ কৰে ঠিক সেইটো বয়সতে তেওঁ উপনীত হৈছেহি। পুৱা শুই উঠাৰ পাছত কৰিবলৈয়ো তেওঁৰ একো পচন্দৰ কাম নাই; কাকতবোৰ পঢ়িবলৈয়ো একো “বাতৰি” বা “কথা” তেওঁ নোপোৱা হৈছে আজিকালি। “কিনো ৰাস্তাই-ঘাটে মানুহবোৰে আজিকালি ৰাতিপুৱা দৌৰি ফুৰা ফেছনটো ওলাল” বুলি পুৱাই পুৱাই পথেৰে খোজকাঢ়ি ফুৰা মানুহবোৰ দেখিও তেওঁ বৰ বিৰক্ত হয়। “চাওঁচোন আজি, সেইজাকৰ নিচিনাকৈ মইয়ো গৈ চাওঁ” বুলি তেওঁ পথটোৰেদি লাহে লাহে খোজ কাঢ়িবলৈ আজি ওলাই গ’ল, যেন উদ্দেশ্যেবিহীন ভাৱে তেওঁ আজি ক’ৰবালৈ গুচিহে যাব চিৰদিনৰ বাবে...।

“আজি আমাৰ মহামানৱৰ কিনো মন গ’ল বা? পুৱাৰ ৰাস্তাত হাৱা খাই আহিলে!” — খোজ কাঢ়ি উভটি শইকীয়াই ঘৰলৈ সোমাই অহা দেখা পাই মানুহজনীয়ে বাহিৰতে দাঁত-ব্ৰাছ কৰি থকা জীয়েকক কৈ তেওঁলৈ ঠাট্টাৰ শৰ এপাত মাৰিলে। মাকৰ কথাত অশান্তি পাই জীয়েকে একো নামাতিলে। সাৰ পাই শুই থকা পুতেকৰ কাণতো কথাষাৰ পৰাত “এইহালৰ ৰাতিপুৱাই কেটেৰা-জেঙেৰা আৰম্ভ হ’লেই” বুলি ভাবি খঙত তাৰ মুখখন বেকেটা খাই পৰিল। সি ডেকা হৈছে, গতিকে ৯ বজাৰ আগত সি আজিকালি শোৱাৰ পৰা নুঠে। মানুহজনীৰ কথাষাৰ শইকীয়াৰ কাণতো পৰিলেগৈ। ভাদমহীয়া ৰৌ ৰৌৱাই থকা কুকুৰজাকৰ পৰা প্ৰথমকেইদিন শান্তিত শুব নোৱাৰিলেও পিছলৈ সেই অশান্তিকে শান্তি বুলি ধৰিবলৈ বাধ্য হৈ চিঞৰৰ মাজতে টোপনি যোৱাৰ দৰে আজিকালি মানুহজনীৰ কথাবোৰো তেওঁৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই যোৱা হৈছে; সেইবোৰ কথাই আজিকালি তেওঁৰ মগজত অশান্তি দিয়ে নে নিদিয়ে সেইবোৰ তেওঁ ভাবি  নাথাকে আৰু। শইকীয়াই ডেকাকালত কিমান যে ভাবিছিল— “মানুহ এজনী আনিব জীৱনলৈ! গোটেই জীৱন সপোন-কুঁৱৰী হৈ থাকিব...!” কিন্তু বিয়াৰ দুবছৰ মানৰ পাছতে তেওঁৰ উপলব্ধি কৰিলে— সপোন-কুঁৱৰী হোৱাটো দূৰৰে কথা, মানুহজনী হৈ পৰিল তেওঁৰ জীৱনৰ “হাই-কামাণ্ড”! এতিয়া মানুহজনী তেওঁৰ বাবে তাহানিৰ কেঁচা-ঘৰৰ মূধচৰ বাঁহৰ-চুঙাত সোমাই থকা ফেঁচাৰ নিচিনা কিবা এটাত পৰিণত হ’ল; সংগত থকাৰ বাবে মঙ্গলেই হৈছে নে অমঙ্গলেই হৈ আছে বুজা টান; নতুবা উপস্থিত থকা বাবে ভালেই লাগে নে বেয়াই লাগে নিজেই অনুভৱ কৰাও টান। মানুহজনীয়েইবা তেওঁক আপদ বুলিয়েই ভাবে নে সম্পদ বুলিয়েই ভাবে সেইটোও আজিকালি তেওঁ চিন্তা কৰি চাবলৈ বাদ দিলে। এটা কথা ভাবিয়েই শইকীয়াই কিছু সকাহ লয়— “সবৰে একেই অৱস্থা”। পুৰণি চিনাকী বা সহকৰ্মী পুৰুষবোৰৰ মুখৰ কথাতো তেওঁ একেই অৱস্থা এটাৰ ধাৰণাকে লাভ কৰে। সেইবাবেই, “আজিকালি ল’ৰা-ছোৱালীবোৰৰ ইমান হলি-গলি, এইমখাৰ ভৱিষ্যতটো যে কি হ’বগৈ!!” —শইকীয়াই ভাবে— “তাহানি বান্ধৱী শব্দটোৰ প্ৰচলনেই নাছিল! মুকলিত দুই-এষাৰ কথা-বতৰাহে চলে ল’ৰা আৰু ছোৱালীৰ মাজত। অথচ আমাৰবোৰৰে আকৰ্ষণ নোহোৱা হৈ পৰে ইমান সোনকালে। এইমখাৰ পিছলৈ বিশ্বযুদ্ধ নালাগিব নে! ইচ্ ইচ্! ইমান বেয়া দিন আহি আছে, কোনেও গমেই পোৱা নাই!...” আকৌ, ল’ৰা-ছোৱালীবোৰেনো আজিকালি ইমানকৈ কি কথা পাতে তেওঁ ভাবি অন্ত কৰিব নোৱাৰে। তেওঁ অতীতত যিমানবোৰ ছোৱালীৰ লগত দুই-এষাৰ কথা পাতিবলৈ পাইছিল সবেই সৰহখিনি সময় বাকী ছোৱালীবোৰৰ বদনাম কৈয়েই কটাইছিল। নিজৰ এই মানুহজনীৰে মুখতো তেওঁ জীৱনৰ সৰহখিনি সময় আন মহিলাবোৰৰ বদনাম শুনিয়েই পাৰ কৰিলে। আৰু এই পুৰুষবোৰ, সবৰে মুখত সৰহভাগ সময় পত্নীবোৰৰ বদনামেই শুনিলে। তেওঁ নিজেও নো বেলেগ পাতিব কি! এইবোৰৰ পৰা আঁতৰি ক’ৰবাত বেলেগ কিবা এষাৰ ক’বলৈ তেওঁক মাতিব নো কোনে? মাতিলেই যেনিবা, তেওঁ ক’ব নো কি? আগতে এইবোৰ চিন্তা কৰি তেওঁ কিবা এটা কৰাৰ কথা কেতিয়াবা ভাবি থাকিছিল; কিন্তু কৰিবনো কি ভাবি পাত্তা নাপাইছিল একো। হায়াৰ ছেকেণ্ডাৰী স্কুল এখনৰ ৰসায়ন বিজ্ঞানৰ (একমাত্ৰ) শিক্ষক তেওঁ। ছাত্ৰ-ছাত্ৰীয়ে যে তেওঁৰ বুজুৱা ভাল পাব নোৱাৰে সেইটো তেওঁ এতিয়া ভালকৈ বুজি পোৱা হৈছে। সিহঁতে তেওঁক পিছপিনৰ পৰা এলডিহাইড (Aldehyde) বুলি মাতে। কিয় মাতে তেওঁ কেতিয়াও বুজি নাপালে। বছৰৰ পাছত বছৰ নতুন ল’ৰা-ছোৱালী আহি থাকে, কিন্তু তেওঁৰ নামটো বিলুপ্ত নহয়; বৰং নৱাগতৰ মুখত যিদিনা প্ৰথমবাৰ তেওঁ নামটো শুনিবলৈ পায় সেইদিনা পূৰ্বৰ বছৰটোৰ তুলনাত ঠাট্টাৰ শৰটো বহুত বেছি প্ৰবল যেন তেওঁ অনুভৱ কৰে। “সঁচাকৈ, নতুন ল’ৰা-ছোৱালীবোৰ দিনক দিনে বৰ বেয়া হৈ আহিছে” — তেওঁ ভাবে, হতাশ হয়। তেতিয়া সকলোকে কিবা এক “শিক্ষা” দিবলৈ তেওঁৰ মন যায়, কিন্তু একো উপায় নাপাই চিন্তাবোৰ বাদ দিবলৈ চেষ্টা কৰে। লেতেৰা পানী উতলাই শেষ কৰি দিলে পাত্ৰটো খালি হৈ পৰিলেও পাত্ৰটোত লেতেৰা চেকা এটা লাগি যোৱাৰ দৰে তেওঁ কথাবোৰ মনৰ পৰা উৰাই দিবলৈ চেষ্টা কৰিলেও মনটোত এক কৰাল তৰপে তৰপে জমা হৈ গৈ থাকে।

পঠনীয়:  আগ চোতালৰ ভূত

“কিবা-এটা” কৰি দেখুওৱাৰ ইচ্ছাৰে শইকীয়াই দুটা চেষ্টা নচলোৱাকৈ থকা নাছিল। তেওঁ দেখিছিল— স্কুলখনৰ ৰাজনীতি-বিজ্ঞান আৰু অসমীয়া-বিভাগৰ শিক্ষক দুজনো তেওঁৰ দৰেই, কিন্তু স্কুলত কিবা পাতিলে ভাষণ দিবলৈ তেওঁলোক দুজনৰ কোনোবা এজনকহে আগবঢ়াই দিয়া হয়। কেতিয়াবা ওচৰৰ এল পি স্কুলখন বা আন ঠাইলৈকো তেওঁলোকক মাতে। ছাত্ৰ-ছাত্ৰীবোৰৰ মাজত তেওঁলোক দুজনৰো যে একো একোটা নাম আছে সেইটো শইকীয়াই জানে। ৰাজনীতি-বিজ্ঞানৰ জনৰ নাম গেলেপ, আৰু অসমীয়া-বিভাগৰ জনৰ নাম বিষৰাজ (হয়তো ৰসৰাজৰ বিপৰীতটো)। তেওঁলোকে ক্লাছবোৰ লৈ থাকোঁতে কেতিয়াবা শইকীয়াই ক্লাছটোৰ বাহিৰত ৰৈ কিনো পঢ়ুৱাইছে শুনেগৈ, কিজানি কিবা ভাল তেওঁলোকৰ আছেই যাৰ বাবে তেওঁলোকক স্কুলীয়া-সভা একোখন পাতিলে ভাষণ দিবলৈ দিয়ে! শুনি কিন্তু শইকীয়াৰ ভাৱ হয়— “হে প্ৰভু! এইকেইটাৰ ওচৰত ক্লাছ ল’ব লগা হোৱা হ’লে মই নিজেও সিহঁতৰ নাম দিলোঁহেঁতেন!” অলপ ভাবি শইকীয়াই এটা উপায় পালে। তেওঁ ঠিক কৰিলে— কিবা সভা থাকিলে তেৱোঁ এদিন ৰাজনীতি বা সাহিত্যৰ ওপৰত দুৱাষাৰ ক’ব; ক’বলৈ নিজে বিচাৰি হ’লেও। সঁচাকৈ এদিন তেওঁ খুব চমুকৈ ৰসৰাজৰ কথাকে সভা এখনত কিছু কৈ শুনালে। কোনে কি ভাবিলে তেওঁ উৱাদিহ নাপালে, কিন্তু তেওঁক এটা সুযোগ দিবলৈকে চাগে এদিন ওচৰৰ এল পি স্কুলখনলৈ সঁচাকৈ তেওঁক নিমন্ত্ৰণ জনালে। পিচে সেইদিনা তেওঁ যেতিয়া দীঘলীয়া ভাষণ জুৰিলে, লাহে লাগে ইমানেই উগ্ৰ হৈ পৰিল, শেষলৈ তেওঁ মুখ্যমন্ত্ৰীকে কৈ আছে নে সাহিত্য সভাৰ সভাপতিকে কৈ আছে নে উপস্থিত থকা কণকণ ছাত্ৰ-ছাত্ৰীখিনিকে কৈছে নে উপস্থিত নথকা অভিভাৱকখিনিকে কৈছে নে জৰ্জ বুশ্বকে তেওঁৰ ভাষণ শুনক বুলি কিবা কৈছে নিজেই একো তৎ ধৰিব নোৱৰা হ’লগৈ। এটা সময়ত তেওঁ অলপ উমান পালে যে তিতা-কেঁহা বহুত দিল, ভাষণ সমৰাটোৱেই সভাখনৰ আটাইতকৈ মঙ্গলজনক মুহূৰ্তটো হ’ব। তেওঁ ভাষণ সামৰিলে। তাৰ পাছত তেওঁ নিজেই কোনোদিন ভাষণ দিবলৈ আশা নকৰা নিচিনাকৈ আনেও তেওঁক নিমন্ত্ৰণ নজনোৱা হ’ল।

সেই দিনটোৰ বহুদিনৰ পাছত তেওঁ আন এটা চেষ্টা চলাবলৈয়ো বাউলা হৈ উঠিছিল। তেওঁৰ সৰু হৈ থাকোঁতে সবেই কৈছিল— “কলা-শাখাত পঢ়ি আজিকালি একো লাভ নাই, বিজ্ঞান পঢ়।” কিন্তু বিজ্ঞান পঢ়ি চাকৰি কৰাৰ পাছত আন এটা কথাহে তেওঁৰ কাণত বেছিকৈ পৰিবলৈ ল’লে— “মানুহ বিজ্ঞানী হ’ল, ডাক্টৰ হ’ল, ইঞ্জিনিয়াৰ হ’ল, ডাঙৰ ডাঙৰ অধ্যাপক হ’ল; কিন্তু সমাজৰ বাবে কিডাল কৰিলে? হেৰৌ সাহিত্য-সংগীতত অলপ মন দিব লাগিব। সংস্কৃতি নহ’লে সমাজৰ নাম নাথাকে। সামাজৰ কথাতো অলপ ভাবিব লাগে। অকণ যদি বিজ্ঞানী হ’লহেঁতেন ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহাক কেইটাই চিনি পালেহেঁতেন? সমাজত পৰিচয় দিবলৈ সাহিত্য কৰিব লাগিব।” “কথাটোচোন নোহোৱা নহয়” — শইকীয়াই অনুধাৱন কৰিলে কথাটো। কাকতবোৰতো তেওঁ চকুত পৰে— “নিজৰ ক্ষেত্ৰখনত অপদাৰ্থজাকেই বাঘা বাঘা স্তম্ভলেখক হৈ নাম কৰি আছে”। কেতিয়াবা তেওঁৰ খঙো উঠিছিল— “গোটেই জাকৰে মাথোঁ অভিযোগ। ঋণাত্মকতাৰ পাহাৰ।” শইকীয়াই নিজেও একেটা ঠাঁচতে এদিন “এনেই চাওঁচোন” বুলি, দুটামান অভিযোগ, “অতীতত সকলো ভাল আছিল” ধৰণৰ প্ৰসংগ অলপ, আৰু লগতে কাকতখনৰ সম্পাদকজনক অলপ প্ৰশংসা — এই আটাইখিনিৰে খিচিৰি কৰি লেখা এটা “বনাই” ডাকত পঠাই দিলে। আৰু তেওঁক আচৰিত কৰি লেখাটো তৎক্ষণাত প্ৰকাশ হৈ গ’ল! লাহে লাহে তেনেধৰণৰ আৰু দুটামান তেওঁৰ খিচিৰি কাকতত প্ৰকাশ পালে। তাহানি কলেজত থকা দিনবোৰত যেনেকৈ নিজকে সৰ্বজান্তা পণ্ডিত বুলি ভাৱ আহিছিল, অতবছৰৰ পাছত সেইকেইদিনত তেওঁ ৰসায়ন বিজ্ঞানৰ মুখষ্ঠ থকা দুশাৰীমান বাদ দি নিজক গোটেই সমাজৰ নৱ-উদিত পণ্ডিত যেন অনুভৱ কৰি থাকিল। সেই অনুভৱেৰে তেওঁ কাকো একো কোৱা নাছিল, বা কাৰোৱে একো অনিষ্ট কৰাও নাছিল, মাথোঁ নিজৰ মনটোকে কিছু মুকলি হৈ উঠিছিল। কিন্তু এদিন সময়মতে পাকঘৰলৈ চিলিণ্ডাৰটো আনিব নোৱৰাত মানুহজনীয়ে তেওঁক ঠিকছে জাৰণ এটা দিলে— “বুদ্ধিজীৱি কমল শইকীয়া আজিকালি তেওঁৰা! উহ! বৰ সমাজ-সচেতনটো ওলাইছে! জাপে জাপে পেপাৰবোৰ, কেঁচুৱাৰ “অক” মুচিবলৈয়ো আজিকালি ব্যৱহাৰ নকৰাকৈ পৰি থাকে। নিজেই বা কাকতৰ কেইটা মহাপুৰুষৰ লেখা পঢ়ে! নিজৰবোৰ কোনে পঢ়িব ভাবি চাবলৈ শকতি নাই! সেইসোপা লিখিলে ঘৰৰ কাম-বনবোৰ নিজে নিজে সমাধা হৈ যাব??” “হেৰৌ, মই লিখিছোঁ বাবেহে চিলিণ্ডাৰটো সময় মতে পাকঘৰত নোপোৱা হোৱা নাই নহয়” —এইষাৰ কথা যদি শইকীয়াই বুজাবলৈ যায় মহাৰণহে হ’ব। সেইবাবে শইকীয়া মনে মনেই থাকিল, আৰু উদিত হৈ উঠা গোটেই দুনীয়াক ঠাট্টা কৰাৰ তেওঁৰ অধিকাৰটো মানুহজনীৰ একে ছাট ঠাট্টাতেই খটম হৈ পৰা যেন পালে। তেওঁৰ লেখাৰ মাত্ৰাত সিমানতেই পৰম যতি পৰিল।

পঠনীয়:  বিশ্বাসঘাতকতা

*** *** ***

সময় মতেই আহি শইকীয়া স্কুলত সোমাল। পুৱাই ওলাই যোৱা কামটো আজি কৰি চাইয়ো তেওঁৰ ভাল নালাগিল। তাতে, মানুহজনীৰ কথাষাৰে তেওঁৰ মনটো আৰু গোমা কৰি পেলালে। দিনটো যেনেতেনে পাৰ কৰি স্কুলৰ পৰা ওলাইয়েই পোৱা চ’কটোত শইকীয়াই ঠিয়দঙা দিলে অলপ সময়। তামোল এখন মুখত ভৰাই পকটীয়াবলৈ লৈছে যদিও মুখখন ভাল লগা নাই, পঁচা তামোল। থুৱাই থুৱাই তেওঁ তামোলখন মুখৰ পৰা উলিয়াই পেলালে। বাইকখনত উঠি এইবাৰ সিধাই ঘৰলৈ পোনালে। কিন্তু, এই যাত্ৰা বৰ অৰ্থহীন যেন লাগিল।

পথৰ মাজভাগতে দলংখন। তাৰ ওচৰ পাই মন কৰিলে পথটো প্ৰায় খালি। কিবা সন্দেহ কৰোঁতাও কোনো নোলাব। তেওঁ দলংখনৰ ভগা ৰেলিঙৰ মাজেৰে তললৈ বুলি বাইকখন জোৰেৰে পোনাই দিলে...।

*** *** ***

নাই নমৰিল। বাইকখন ৰেলিং পাৰ হৈ তললৈ সৰি পৰাৰ পৰিৱৰ্তে তাতে খুন্দা খাই পথত বাগৰি পৰিল। তেওঁৰ মূৰ, বাহু আৰু ভৰিত ভালকৈয়ে আঘাত লাগিল।

*** *** ***

হস্পিটেলত থকা দিনকেইটাত শইকীয়া অকলে থাকিব লগা নহ’ল। ইমান মানুহে তেওঁৰ খবৰ-খাটি ল’ব বুলি তেওঁ ভাবিবই পৰা নাছিল। বৰ ভালকৈ গ’ল সেই দিনকেইটা। বহুত দিনৰ পাছত আজি লেঙেৰাই লেঙেৰাই তেওঁ স্কুললৈ আহিছে। চাকৰি-জীৱনৰ প্ৰথম দিনটোৰ দৰে আজি তেওঁৰ মনটো বহুত মুকলি হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীবোৰেও এটা এটা পিৰিয়ড শেষ হোৱাৰ মূৰে মূৰে তেওঁৰ ওচৰলৈ আহি খবৰ লৈছেহি।

“ব’ল এলডিহাইডক মাত লগাই আহোঁ।” — বেৰখনৰ সিপাৰে কোনোবা এটা ছাত্ৰই লগৰ এটাক কোৱা শইকীয়াই শুনিলে। নাই..., নিজৰ বেয়া নামটো শুনি আজি তেওঁৰ বেয়া লগা নাই, অকণো অশান্তি পোৱা নাই, মনে মনে হাঁহিহে উঠিছে, ল’ৰা-ছোৱালীবোৰলৈ মৰমহে লাগিছে। “সৰু ছাত্ৰ-ছাত্ৰী, জোকাবই আৰু!” —তেওঁ ভাবিছে।

কিন্তু হঠাৎ! এইয়া কি শুনিছে তেওঁ? ক্ষন্তেকতে সকলো আনন্দ শেষ হৈ পৰিল। খুব ত্বৰাণ্বিত গতিত মনটো মৰি আহিবলৈ ধৰিলে। উঃ, শুনিছে কি এইবোৰ! সেই ছাত্ৰজনৰ উত্তৰত আনটোৱে কৈছে আছে— “বাদ দে। বা__, __লা। নাযাওঁ মাতিবলৈ সেইটোক। তাৰ একচিডেণ্ট হোৱা নাইতো। কথাটো ক’তো ওলোৱা নাই বাবেহে মই কাকো কোৱা নাছিলোঁ। তাক কোনেও গুৰুত্ব নিদিয়ে বাবে সি নিজেই দলঙত খুন্দিয়াই ঠেং-মূৰ ভাঙি লৈছে। আনে চেনেহ কৰিবলৈ। মই দেখি আছিলোঁতো সেইদিনা। মূৰটো চাবিচোন এচমকা এৰুৱাই তপা হৈ আহিছে। জীৱনত মূৰটোত হেলমেট লগাই নাপালে! লেবেল তাৰ, __লা। আমাৰ যদি একচিডেণ্ট হ’লহেঁতেন সিয়েই চাল্লা প্ৰথমে কিৰিলি পাৰিলেহেঁতেন। চিধাই ক’লেহেঁতেন— “আজিকালি ল’ৰা-ছোৱালীবোৰৰ অকল উৎপাত, মৰিবই একচিডেণ্ট হৈ”। সি ষ্টুডেণ্ট হৈ থাকোঁতে যেন ন’বেল বঁটাটোহে পাইছিলে, এনেকুৱা ভাব দেখায় একদম। যা তহঁতি, মাতি থৈ আহ। এলডিহাইড খুৱাই পঠাব, যাঃ।...” শুনি শুনি শইকীয়াই হতাশাৰ গ্ৰাসত নিৰুদিষ্ট যেন হৈ গৈ থাকিল। বাকী থকা জীৱনটো আঁচাৰি পেলাই দিবলৈ নিজৰ মূৰটো বেৰখনত খুন্দিয়াই খুন্দিয়াই পিঠা কৰি পেলাবলৈ মন গ’ল তেওঁৰ। কিন্তু সেইটোও, আকৌ সহানুভূতি বিচাৰি বৰ বীৰত্বৰ কাম কৰিবলৈ যোৱাতো দেখুওৱা যেন হ’ব চাগে..! একো কৰিব নোৱাৰি কেৱল এটা অৰ্ধমৃত অস্তিত্বৰ দৰে তাতে বহি থাকিল তেওঁ। যেন এটা জীৱন্ত অস্তিত্বৰ বাহিৰে তেওঁৰ একো মূল্যই নাই। ক্ষণবোৰ কিবাকৈ পাৰ হৈ গৈ থাকিল। পৰৱৰ্তী ক্ষণটোত কি হ’ব তেওঁ একো নাজানিলে।

No Comments

Post A Comment