প্ৰতিবাদ নামৰ ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছোঁ মইয়ো মাৰ্কেটিঙৰ বাবে চলন্ত ৰেলত এটা মল্লযুঁজেই যথেষ্ঠ আজিকালি গাহৰিবোৰে মূৰে মূৰে খুন্দিয়াই মৃত্যু বৰণ কৰিলেও এটাই আনটোক শ্বহীদ ঘোষণা কৰে "শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক"। নাই নাই, গাহৰিবোৰে এনে নকৰে, কাৰণ সিহঁত গাহৰি৷ যি কি নহওক, প্ৰতিবাদৰ প্ৰথম আৰু দ্বিতীয় টপিক দুটা ফ'ল্ডাৰত মজুত...

► পক্ষীয়ে কি উদ্দেশ্যেৰে মাতিছে বুজি নাপালেও শুনি ভাল লগাৰ দৰে, তুমি কি উদ্দেশ্যেৰে হাঁহিছা বুজি নাপালেও তোমাৰ মুখৰ হাঁহি দেখি বহুত ভাল লাগে। ► মানুহবোৰে কৈছিল, মোৰ জপৰা চুলিত এদিন কাউৰীয়ে বাহ সাজিব বুলি কিন্তু কাউৰীয়ে চোন বাহ নাসাজিলে, বাহ সাজিলে তোমাৰ হাতৰ লিহিৰি আঙুলিয়েহে৷ ► যিদিনা তোমাৰ দুপাৰি দাঁতৰ অন্তিম...

(১) সৰিবলৈ ওন্দোলি থকা দুখৰ লোতকবোৰ গোট মাৰি বৰফ হ’ল বৰফ গাঢ় হৈ হৈ একেবাৰে “বসু-আইনষ্টাইন ঘণীভূত অৱস্থা” পালেগৈ পৃথিৱীত এনেকুৱা আৰু কোনো সুতীক্ষ্ণ অনুভূতি নাই যি সেইবোৰ উষ্ণ কৰি পুনৰ চকুলো হৈ বোৱাব এতিয়া কেৱল সুখেই সুখ। (২) বিদায় ধুমুহা বিদায় ধুমুহা আৰু কিছুদিনলৈকে তুমি হয়তো নাহা তুমি নহালৈকে মই অলপ কাম কৰি...