সম্ভৱতঃ মোৰ আটাইতকৈ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটা হৈছে— ‘জোনাক গলা জাৰৰ নিশা’ আৰু ‘এন্ধাৰ হ’ব নোৱাৰোঁ’। গীত দুটা সদায়েই গুণগুণাই নাথাকিলেও নিজে নিজে কেতিয়াবা মুখেৰে ওলাই আহে। আৰু কেতিয়াবা নিৰলে শুনি খুৱ ভাল লাগে। তেনেকৈ শুনিবলৈ কেতিয়াবা মনৰ পৰা নিজে নিজে আহি যায়...

(এই লেখাটো পূৰ্বৰ দুটা লেখা (১, ২) লগ লগাই প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল ৰূপটো মোৰ 'প্ৰতিভাৰ উৎস' নামৰ কিতাপখনত সন্নিৱিষ্ট হৈছিল। এই সংক্ষিপ্ত ৰূপটো 'অসম ইয়েৰ বুক'ত সন্নিৱিষ্ট হ'ব।) জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক...

লামডিঙৰ সাংস্কৃতিক সন্ধিয়াটোত জুবিন গাৰ্গে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ সম্পৰ্কে কি ক'ব সেয়া শুনিবলৈ অজস্ৰ মানুহে উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল৷ অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰৰ আগমুহূৰ্তত নিউজ চেনেলসমূহেও এই উৎকণ্ঠা প্ৰকাশ কৰি আছিল৷ পাঁচ শতাধিক নিৰাপত্তাৰক্ষীয়ে অনুষ্ঠান পৰ্যবেক্ষণ কৰি থকা বুলি কোৱা হৈছিল৷ কোনোটোৰ মতে সেয়া...

অসমীয়া চলচিত্ৰলৈ নব্য-ভাবধাৰা আৰু কলা-কৌশল উপহাৰ দিয়া মুনিন বৰুৱাৰ প্ৰতিখন চলচিত্ৰত আছে সমাজব্যৱস্থাৰ প্ৰতি গভীৰ দায়িত্ববোধ, বিষয়বস্তুৰ গভীৰতা আৰু সুক্ষ্ম-পৰ্য্যবেক্ষণ, চৰিত্ৰসমূহৰ প্ৰতি গভীৰ মমত্ব আৰু মানৱীয় অনুকম্পা, কাহিনী কোৱাৰ অসামান্য ভংগী আৰু তত্বগধুৰ সংলাপ। জনপ্ৰিয় পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ বোলছবি ফাগুনীৰ (১৯৭৮ত মুক্তিপ্ৰাপ্ত) জৰিয়তে সহকাৰী পৰিচালক...