বিশ্ববিদ্যালয়বোৰৰ এটা বহুমাত্ৰিক চৰিত্ৰ থাকে। ই এখন পিজি কলেজ নহয়। ইয়াৰ সত্তা বিশাল, য’ৰ পৰা নতুন দিশো নিজে অংকুৰিত হ’ব পাৰে। ই হৈছে নিজতে নিজেই পুনৰ সৃষ্টি হ’ব পৰা স্ব-মহিমামণ্ডিত এটা সত্তা। আৰু সেইবাবেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক বিচৰা হয় সৰ্বজন শ্ৰদ্ধেয় ব্যক্তি হিচাপে। যিজন ব্যক্তিক সৃষ্টিশীলতা,...

বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ দক্ষতাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় ৰেগিঙৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। সেইবাবে বিশ্ববিদ্যালয়খনে খুব গৌৰৱ কৰিব পাৰে। উদণ্ড আৰু হীনমন্যতাৰে আক্ৰান্ত হৈ সন্মান ভিক্ষা কৰি ফুৰিব বিচৰা, অথচ একপ্ৰকাৰৰ অহংকাৰী কিছুমান যুৱক-যুৱতীয়ে চোৰৰ মানসিকতাৰে কিছু অপ-সংস্কৃতি এতিয়াও প্ৰচলন কৰিবলৈ যত্ন কৰে যদিও সিহঁতো সফল(?) হ’ব...