হাইস্কুলত ছাত্ৰ-ছাত্ৰীয়ে logarithm বা log ৰ বিষয়ে অলপ শিকিবলৈ পায়। আমি উচ্চ গণিতত পাইছিলো, আৰু পাঠটো আৰম্ভ কৰা দিনা প্ৰথমেই ছাৰে এটা উদাহৰণ দি লৈছিল যে [latex]\text{২}^\text{৩}=\text{৮}[/latex], আৰু ইয়াৰ বিপৰীতে এই কথাটোকে log ত বুজোৱা হ'ব এনেদৰে: [latex]\log_\text{২}\text{৮}=\text{৩}[/latex]। ইয়াত ২ টোক ভূমি বা আধাৰ বুলি...