দেউতাকে পুতেকক ক'লে - "ঐ তই অকণো পঢ়া-শুনা নকৰ, দিনৰ দিনটো এনেই বহি বহি কটাৱ, আগলৈ কি কৰি খাবি? কিবা এটা কৰাৰ কথা ভাব৷ যেনেতেনে এইবাৰ বিএ-টোকে ছিং৷" পুতেকে উত্তৰ দিলে - "মই আগলৈ চিনেমা বানাম৷ এনেই পঢ়িবলৈ মোৰ মন নাই, পৰীক্ষা-চৰীক্ষা নিদিওঁ৷" দেউতাক চক খাই উঠিল...

(১) মাজে মাজে মোৰ ধৰ্মগুৰু হ'বলৈ মন যায়৷ এটা সম্পূৰ্ণ নতুন ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ মন যায়, যি ধৰ্মত বিশ্বাসী মানুহে কেতিয়াও বগৰি নাখাব৷ আৰু আনে বগৰি খোৱা দেখিলে তেওঁলোকে অনুভূতিত আঘাত পাব৷ বগৰি গছবোৰ তেওঁলোকে ডাঙৰ আঠুৱা দি ঘেৰি ৰাখিব৷ বগৰি গছৰ গুৰিত তেওঁলোক দিনটোত তিনিবাৰ মূৰ লগাব৷...