29 Jan টোকাবহী (অণু-প্ৰবন্ধ) : ৬১ – ৭০
(৬১) বিদেশত নিজৰ কৰ্মক্ষেত্ৰত কেইবাজনো অসমীয়া চিকিৎসকে কৰ’না-আক্ৰান্তক সেৱা আগবঢ়াইছে। ‘অসম সন্তান’ বুলি সেই সম্পৰ্কে লিখা কেইবাটাও দীঘলীয়া সংবাদ আৰু প্ৰবন্ধ অসমীয়া কাকতত ওলাই গৈছে। সেইসমূহ ওলোৱাৰ মূল কাৰণটো হ’ল — সেই চিকিৎসক কেইজনৰ বিষয়ে তেওঁলোক এতিয়া থকা ঠাইখনৰ কোনো কোনো বাতৰি-কাকতত প্ৰকাশ হৈছে। সেইখিনি পঢ়িবলৈ...