এবাৰ গুৱাহাটীৰ কোনোবা এখন কলেজ নে আন প্ৰতিষ্ঠান এটাই ফাংচনলৈ Vengaboysক নিমন্ত্ৰণ কৰিছিল৷ লগে লগে, Vengaboys অশ্লীল আৰু আমাৰ সংস্কৃতিৰ পৰিপন্থী বুলি বিতৰ্কত হুলস্থুল লাগি গৈছিল৷ বহুতৰ নিশ্চয় মনত আছে৷ নিউজ চেনেল, ফে'চবুক আদি আহিবলৈ তেতিয়া কেইবছৰমান বাকী আছিল৷ কিন্তু বাতৰি-কাকতেই সেই উত্তেজনা, উৎকণ্ঠা কঢ়িয়াই...