মই যেতিয়া ‘গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে দায়িত্ব লৈছিলোঁ, তেতিয়া বহুকেইজন যুৱ-গৱেষকক নতুন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিজৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে লিখিবলৈ আহ্বান জনাইছিলোঁ। শিতানটোৰ নাম আছিল ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’। অসম গণিত শিক্ষায়তনে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হিচাপে মই নতুনকৈ কৰিবলৈ লোৱা...

যোৱা ৩০ এপ্ৰিলত, ‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিৱেশনত উপস্থিত থাকি বৰ ভাল লাগিল। এইবাৰ লক্ষীমপুৰত অধিৱেশন অনুষ্ঠিত হৈছে, আৰু আয়োজক সমিতিয়ে অতি সুন্দৰ এটা দিন ৰাইজক উপহাৰ দিছে। আচলতে, লক্ষীমপুৰত পূৰ্বেই এখন অধিৱেশন দুদিনীয়াকৈ হোৱাৰ কথা আছিল, কিন্তু সকলো পৰিকল্পনা হৈ যোৱাৰ পাছত অধিৱেশনলৈ...