[অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা, ২০২৩ চনৰ ০১ ফেব্ৰুৱাৰীত, মূল মঞ্চত এখনি ‘ডিজিটেল সাহিত্য সন্মিলন’ অনুষ্ঠিত হয়। সন্মিলনখনৰ এগৰাকী নিমন্ত্ৰিত অতিথি ৰূপে মোৰ নিৰ্ধাৰিত বিষয় আছিল: ‘অসমীয়া ই-আলোচনী আৰু ইয়াৰ গতি-প্ৰকৃতি’। আয়োজকৰ খেলিমেলিৰ বাবে, অনুষ্ঠানটোত বক্তাসকলে চমুকৈ বক্তব্য দাঙি ধৰিব লগা হয়।...