মই যেতিয়া ‘গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে দায়িত্ব লৈছিলোঁ, তেতিয়া বহুকেইজন যুৱ-গৱেষকক নতুন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিজৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে লিখিবলৈ আহ্বান জনাইছিলোঁ। শিতানটোৰ নাম আছিল ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’। অসম গণিত শিক্ষায়তনে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হিচাপে মই নতুনকৈ কৰিবলৈ লোৱা...

‘অসম গণিত শিক্ষায়তন’-এ ১৯৮৭ চনৰ পৰা প্ৰকাশ কৰি অহা দ্বি-ভাষিক আলোচনী ‘গণিত বিকাশ’-এ বহুকেইটা প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। ইয়াৰ ভিতৰত ড৹ অনুপম শইকীয়াৰ দৰে ৰেংলাৰ, প্ৰসিদ্ধ গণিতজ্ঞও আছে। আৰম্ভণি কালৰ পৰাই এইখন বিভিন্ন স্তৰৰ শিক্ষক, অধ্যাপকৰ বাবেও এখন সন্মানীয় আলোচনী। মই স্নাতক ডিগ্ৰীৰ প্ৰথম বৰ্ষত থাকোঁতে শিক্ষায়তনৰ...