বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো বৰ্তমান দেখিলে মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন লগা হৈ পৰিছে। কিন্তু বয়সেতো ভাটী দিয়াই নাই, বৰং অৱসৰ ল’বলৈ এতিয়াও সাত বছৰ বাকী আছেই...

জালুকবাৰী জালুকবাৰী বুলি চিঞৰি পাৰ হৈ যোৱা আঠ-নখন বাছত নুঠাকৈ, মুখখন তজবজীয়া হৈয়ো পঞ্চল্লিছ মিনিটমান ষ্টপেজটোতে ইফালে-সিফালে অলপ চাটিফুটি কৰি থাকি অৱশেষত ৯ বজাত জালুকবাৰীলৈ যোৱা বাছ এখনতে জঁপিয়াই উঠা দেখি অথনিৰ পৰা লক্ষ্য কৰি থকা মনোজে তাক চিকাৰৰ সন্ধানত থকা গে’ বুলি সন্দেহ কৰিলে।...

(১) বৰষুণ ফাগুণে আকাশখন যেন গুড়ি কৰি ছাই বৰণীয়া কৰি পেলাইছে। সবৰে মুখত শুনি শুনি কণমান নাতিটোৱেও অভিজ্ঞ মানুহৰ দৰে ক’লে— “বৰষুণজাক আজিও নাহিল। আকাশখনত ইমান ধূলি!” ককাকে উত্তৰ দিলে— “ভালেই হৈছে দে। আকাশে ডাৱৰবোৰ বাৰিষালৈ সাঁচি থৈছে।” বাৰিষা পথাৰে চিৰাল-ফাট মেলিলে। নাতিটোৱে ক’লে— “ককা, আকাশে বাৰিষাটোতো...

মাকে হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে— “অ’ পুতলী, মই কাহানিও ভবা নাছিলোঁ। তয়ে কচোন, কেনেকৈ ভাবিব পাৰোঁ— সিও তেনেকুৱা কৰিব পাৰে বুলি! জুহালৰ আগৰ কঁৰীয়াটোত থকা টকা-পইছাকেইটাও সি এৰি থৈ নগ’ল। হেৰৌ, তেওজ-বেলি চোৰ সোমাওঁতে সিহঁতেও সেইটো সেইভাগেই এৰি থৈ গৈছিল। শাহু-মায়ে দিয়া মোৰ দুগদুগীডালৰ বৰ-মণিটো—...

আৰু এটা বাগৰ দি চকুকেইটা খন্তেক জপাই ল’ব পৰা হ’লে টোপনিটো পুৰা হ’লহেঁতেন বুলি বিমলাই কেঁচা টোপনিতে অনুভৱ কৰিলে। কিন্তু বেলিটো বহুদূৰ হাওলি যোৱাৰ নিচিনা ইংগিত এটা বেৰৰ জলঙাবোৰে দি থকা যেন লগাত তাই ধপককৈ উঠি চাঙতে বহিল। কণবাপুহঁতৰ স্কুল ছুটী দিবই পাৰে; সি আহি...