নতুন বছৰৰ পৰা দুটা কাম কৰিবলৈ লৈছোঁ: এটা হৈছে খোজ কঢ়া, আনটো ডায়েৰি লিখা। প্ৰথমটোত আধা ঘণ্টা, দ্বিতীয়টোত পাঁচ-দহ মিনিট। ডায়েৰি লিখিম বুলি ভবাৰ কাৰণটো হ’ল-- অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰত থকা কিছুমান বিশিষ্ট ব্যক্তি বা গুৰুত্বপূৰ্ণ কাম কৰি থকা ব্যক্তিৰ লগত, প্ৰায় প্ৰতিদিনে কমেও...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...

হায়াৰ ছেকেণ্ডাৰী দুঠাইত পঢ়িছিলোঁ৷ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আনখন কলেজ৷ দুয়োখনৰে গণিতৰ শিক্ষককেইজন কিছু ভালেই আছিল৷ বেলেগ দুখন কলেজৰ দুজন গণিতৰ শিক্ষকৰ ওচৰত কেইমাহমান/কিছুদিন টিউচন কৰিছিলোঁ৷ তেওঁলোকো কিছু ভালেই আছিল৷ কিন্তু তেওঁলোক আটাইকেইজনৰ লগত একেধৰণৰ এটা "কিন্তু" লাগি আছিল৷ তেওঁলোকে পাঠ একোটা আৰম্ভ কৰে, তাত...

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক...

সিদিনা বিশ্ব পৰিৱেশ দিৱস পাৰ হৈ গ'ল৷ অতি কম সংখ্যক মানুহেহে গম পাই যে এইবাৰৰ এই দিৱসৰ থিমটো আছিল "প্লাষ্টিক প্ৰদূষণ পৰাভূত কৰক"৷ গতিকে এই দিশত এতিয়া অধিক সজাগতাৰ প্ৰয়োজন আহি পৰিছে৷ এই সম্পৰ্কে যিমান পাৰে মানুহৰ মাজত প্ৰচাৰ কৰক৷ "গছপুলি ৰোৱা" আন্দোলনটো বৰ্তমান অতি জনপ্ৰিয়...

মোৰ কাষৰ ছীটটোত এজন অৰুণাচলী যুৱক৷ অলপ উগ্ৰ, কিন্তু ভদ্ৰ যেন লাগিল৷ এষাৰ-দুষাৰ কথা পাতি মই লগে লগেই টোপনি গ'লোঁ; দিনটোৰ ভাগৰ, ভন্তীৰ লগত বহুত ঘূৰিলোঁ৷ নিশা সকলোৱে ভাত খাবলৈ গাড়ীখন ৰখাওতে সাৰ পালোঁ৷ বাছখন পুনৰ চলাৰ পিছত গম পালোঁ যে মোৰ আৰু টোপনি নধৰে৷ সেয়েহে...