শিক্ষানুষ্ঠানৰ ভিতৰৰ এটি জটিল সমস্যা

হায়াৰ ছেকেণ্ডাৰী দুঠাইত পঢ়িছিলোঁ৷ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আনখন কলেজ৷ দুয়োখনৰে গণিতৰ শিক্ষককেইজন কিছু ভালেই আছিল৷ বেলেগ দুখন কলেজৰ দুজন গণিতৰ শিক্ষকৰ ওচৰত কেইমাহমান/কিছুদিন টিউচন কৰিছিলোঁ৷ তেওঁলোকো কিছু ভালেই আছিল৷ কিন্তু তেওঁলোক আটাইকেইজনৰ লগত একেধৰণৰ এটা “কিন্তু” লাগি আছিল৷

তেওঁলোকে পাঠ একোটা আৰম্ভ কৰে, তাত লিখা থকা কৌশল কেইটামান শিকাই দিয়ে, আৰু সেই কৌশলবোৰ খটুৱাই অনুশীলনীৰ অংকবোৰ কৰাই যায়৷ ছাত্ৰ-ছাত্ৰীৰ কোনোবাই নম্বৰ পায়, কোনোবাই নাপায়৷ তাত তেওঁলোকক বেয়া পাবলগীয়া একো নাই৷ তেওঁলোকৰ প্ৰতি মনত সদায় সন্মানৰ ভাৱেই আছে৷ পাছ কৰি ওলোৱাৰ পাছত তেওঁলোক এজনকো কোনোদিন ক’তো লগ পোৱা নহ’ল, সেইবাবে কেইবাজনৰো নাম পাহৰি গ’লোঁ, দেখিলেও হয়তো চিনি নাপাম৷ তেওঁলোক প্ৰত্যেকৰে ছায়ামূৰ্তি একোটা মনত পৰে, আৰু তেওঁলোকৰ প্ৰতি মনলৈ সদায় ভাল ভাৱেই আহে৷ কিন্তু গাণিতিক বিশ্লেষণ তেওঁলোক আটাইকেইজনে কোনোদিনেই কৰিব বিচৰা নাছিল৷ বাঘলৈ এমুঠা ঘাঁহ আগবঢ়াই দিলে যেনেকুৱা কৰে, সেই সম্পৰ্কত তেওঁলোকে তেনেকুৱা কৰিছিল: অনিহা, বিৰক্তি, উপেক্ষা নতুবা ক্ৰোধ৷ যেনেঃ লিমিট, কনটিনিউটিৰ হৰণ-পূৰণ ধৰ্মী অংকবোৰ কৰাই তেওঁলোকে শেষ কৰি দিছিল, কিন্তু তাৰ মূল ভেটিটোৰ অকণমান ধাৰণাও কোনেও কেতিয়াও দিয়া নাছিল৷ পঢ়িবলৈ লৈ দেখিছিলোঁ যে এইবোৰ নতুন ধৰণৰ বস্তু; আগতে নোপোৱা গণিত৷ সেইবাবে নিজে নিজে মনলৈ বহু কৌতুহল আহিছিল৷ বাৰে বাৰে পাঠবোৰ পঢ়িছিলোঁ৷ পঢ়ি পঢ়ি নিজে নিজে অলপ ধাৰণা লৈছিলোঁ৷ কিন্তু তেওঁলোকে সেইবোৰৰ পৰা ফালৰি কাটি গৈছিল৷ এটা চলকৰ মান সলনি হোৱাৰ লগে লগে, তাৰ প্ৰভাৱত আন এটা কেনেকৈ সলনি হৈ গৈ থাকে; এটা অসীমলৈ যোৱাৰ লগে লগে এটা কেনেকৈ নিৰ্দিষ্ট সংখ্যা এটাৰ পিনে গৈ থাকে – এই কথাবোৰ দেখি এনেকুৱা লাগিছিল যেন ধুনীয়া পাহাৰ এটাৰ সমুখত ৰৈ আছোঁ আৰু এতিয়া ওপৰলৈ উঠি তাৰ ভিতৰলৈ সোমাই যাব লাগে, কিন্তু পাহাৰটোলৈ এখোজো দিব পৰা নাই!!

সেই আটাইকেইজন শিক্ষকেই সদায় পাটীগণিতীয় পৰ্যায়তে আবদ্ধ আছিল৷ পাঠ্যপুথিৰ চলক, ফলন আদিৰ চিহ্নবোৰ তেওঁলোকে ঠিকেই ব্যৱহাৰ কৰে; কিন্তু সেইবোৰৰ কেৱল যোগ-বিয়োগ-পূৰণ-হৰণেই তেওঁলোকৰ কাম৷ যিবোৰ আচলতে গণিত নহয়েই, মাথোঁ কেলকুলেচন৷ হায়াৰ ছেকেণ্ডাৰী স্কুলখনত কিছুদিন পদাৰ্থবিজ্ঞানৰ মানুহ এজনে গণিতৰ ক্লাচ ল’ব লগা হৈছিল৷ তেওঁহে কিন্তু সেইকেইদিনতে গাণিতিক ধাৰণাবোৰ কিছু দি গৈছিল৷ আনহাতে, কলেজখনৰ সেই শিক্ষক কেইজনৰ সেই অৱস্থাটো আন দুই-এজনে হয়তো বুজিছিল৷ এদিন কলেজৰে পদাৰ্থ বিজ্ঞানৰ শিক্ষক এজনে মোক কাষলৈ মাতি নিলে, আৰু বেলেগ এজন পদাৰ্থবিজ্ঞানৰ শিক্ষকক মাতি ক’লে, “ছাৰ আপুনি এই ল’ৰাজনক অলপদিন গণিতৰ ক্লাছ কেইটামান কৰি দিবচোন৷ ইয়াৰ অকণমান কামত আহিব৷” তেওঁ আৰু কিবাকিবি ক’লে৷ শিক্ষকজনে মোক ক’লে যে তুমি এঘণ্টা এঘণ্টা অলপদিন আহিবা৷ শিক্ষকজন বহু চোকা বুলি নাম আছিল, বহুতে এতিয়াও চিনি পাব৷‌ তেওঁলোকে নিজে গঢ়ি লোৱা দায়িত্বপ্ৰয়াণতা দেখি আচৰিত হ’লোঁ৷ তেওঁলোকৰ নিজৰ বিষয় নহয়, তেওঁলোকে দৰমহা পোৱা কাম নহয়, তেওঁলোকক একো খাটনি ধৰিবলৈয়ো যোৱা নাই, অথচ তেওঁলোকে নিস্বাৰ্থভাৱে নিজে এনে দায়িত্ব দেখুওৱা বাবে বহু সন্মান আৰু কৃতজ্ঞতা থাকি গ’ল তেওঁলোকলৈ৷ কিন্তু তেতিয়া মই তেওঁৰ ওচৰত ক্লাছ কৰিবলৈ নগ’লোঁ, কাৰণ তেতিয়া মোৰ নিচা বহিছিল কলেজৰ লাইব্ৰেৰীটোত আৰু অসমীয়া বিষয়ৰ ক্লাছবোৰত৷ লাইব্ৰেৰীটোত ভাল ভাল কিতাপ বহুত আছিল, আলোচনীও বহুত আছিল৷ ক্লাছবোৰ শেষ হোৱাৰ পাছতো লাইব্ৰেৰীত বহুত দেৰিলৈকে থাকিছিলোঁ৷ অসমীয়া বিভাগটোত তেতিয়া তিনিজন বিৰাট ভাল শিক্ষক আছিল৷ আমাৰ যদি ক্লাছ নাথাকে আৰু লাইব্ৰেৰীৰ ৰিডিং ৰুমটোও যদি খোলা নাথাকে, তেতিয়া তেওঁলোকে ক’ৰবাত ক্লাছ কৰি আছে নেকি চাওঁ, আৰু কাষৰ কোঠাটোত বহি বা কোনোবা চুক এটাত ৰৈ তেওঁলোকে পঢ়ুওৱা শুনি থাকোঁ৷ সেইমতে ৰুটিন চাই ঠিক কৰিয়েই লৈছিলোঁ৷ পিছত শুনিবলৈ পাইছিলোঁ, এনেকৈ বেলেগ বেলেগ বৰ্ষত আন বহুকেইজন ছাত্ৰ-ছাত্ৰীয়েও বাহিৰৰ পৰা তেওঁলোকৰ ক্লাছ শুনি থাকে৷ সেই শিক্ষক তিনিওজন হয়তো এতিয়াও আছে৷ এজনে শিক্ষামূলক আন কামো কৰি থাকে বাবে বহুতে চিনি পাব৷ তেওঁলোকৰ প্ৰতি ছাত্ৰৰ অনুৰাগৰ কথা জানি হয়তো ভাল পাব৷ বাকী আগৰ দিনবোৰ অলপ চেদেলিভেদেলি আছিল; কলেজখনৰ সেই দিনখিনি এনেকৈয়ে বহুত শান্তিত গ’ল৷ গণিতৰ বুনিয়াদ সেইভাগেই থাকি গ’ল৷

তাৰ পাছত ডিগ্ৰী পঢ়িবলৈ গ’লোঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়লৈ৷ মূল বিষয় ল’লোঁ গণিত৷ তেতিয়া গণিত বিভাগটোৰ আটাইকেইজন শিক্ষকেই বহুত ভাল আছিল৷ গোটেই বিভাগটোৰে ভাল নাম আছিল৷ (এতিয়াৰ কথা নাজানোঁ, চবকে চিনি নাপাওঁ)৷ তাৰ পৰা ওলোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে পিছত নামো কৰিছিল৷ প্ৰতিজন শিক্ষকে প্ৰথম ক্লাছটো কৰোঁতে মোৰ কেনেকুৱা অনুভৱ হৈছিল, সদায় মনত আছে৷ বাধ্যত পৰি নিজে নিজৰ শৰীৰত বেজী দি বা চিলাই কৰি আপুনি যেনেতেনে গৈ চিকিৎসালয় এখন পোৱাৰ পাছত কেইজনমান ভাল চিকিৎসক পালে যেনেকুৱা শান্তি পাব, তেনেকুৱা শান্তিৰে মন ভৰি গৈছিল৷ তেওঁলোকৰ প্ৰতিটো ক্লাছতে প্ৰশান্তি অনুভৱ কৰিছিলোঁ৷ আমি যোৱাৰ আগতেই বিভাগটোৰ এজন নামী শিক্ষকে অৱসৰ লৈছিল৷ তেওঁ দুদিন এনেই ক্লাছ কৰিবলৈ আহিছিল, আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কিছুমান দৰকাৰ হ’ব পৰা বস্তু উপভোগ্যকৈ বুজাই থৈ গৈছিল৷

তাৰে প্ৰথম বছৰটোৰ এটা ঘটনাঃ-
ভেক্টৰৰ এটা ক’ৰ্চ আছিল, ২০ নম্বৰৰ৷ পাছক’ৰ্চতো সেইটো ক’ৰ্চ আছিল৷ ছাত্ৰ-ছাত্ৰীৰ বাবে বিষয়টো নতুন যদিও, পিছত গম পোৱা যায় যে বিষয়টো সিমান টান নহয়৷ শিক্ষকজনে ইমান ধুনীয়াকৈ বুজাই দিয়ে যে প্ৰায় চবেই ২০ৰ ভিতৰত ১৯ পায়৷ সাধাৰণতে ২০-এই পায়৷ সেই ১৯ নম্বৰটো নিশ্চিত হৈ যোৱাৰ পিছত, পাছ কৰিবলৈ বাকী ১১ নম্বৰটো গোটোৱাটো বেছি কষ্টকৰ নহয়৷ গতিকে পাছক’ৰ্চ গণিত লোৱা ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন পোৱাটোও সহজ হৈ পৰে৷ এতিয়া কথাটো হ’ল, সেই ১ নম্বৰটো সাধাৰণতে মেজৰৰ ল’ৰা-ছোৱালীয়েহে নাপায়, কাৰণ কেতিয়াবা তাতে ১ বা ২ নম্বৰীয়া ধাৰণাভিত্তিক (conceptual) প্ৰশ্ন এটা আহি যায়৷ যিহেতু ১৮ নম্বৰ খাটাং, গতিকে সেইটোত বহুতে লাগি নাথাকে, কাৰণ তেনেকুৱা প্ৰশ্ন সদায় তাত নাহে, বা আহিলেও বহুতৰ কণা ফৰ্মুঠিত লাগিও যায়৷ অতি কম সংখ্যকেহে সেই ১ নম্বৰটো নিশ্চিতভাৱে পায়৷ আৰু সেইটো আহে ভেক্টৰৰ লিমিট আৰু কনটিনিউটিৰ পৰা৷ যিখিনি আছিল হায়াৰ ছেকেণ্ডাৰীত পোৱা লিমিট-কনটিনিউটিৰ সৈতে প্ৰায় একেই৷ ডিপাৰ্টমেণ্টত মোৰ বাহিৰে বাকী আটাইকেইজন আগতেও তাতে পঢ়া৷ শিক্ষকজনে হয়তো মই তাৰ নহয় বুলি পাহৰি গ’ল৷ গতিকে তেওঁ “এইখিনি তহঁতক হায়াৰ ছেকেণ্ডাৰীত বুজাইছোঁৱেই, আৰু বেলেগ ক’বলগীয়া একো নাই” বুলি নুবুজাই ক’ৰ্চ আগবঢ়াই লৈ গ’ল৷ ক’ৰ্চ শেষ হ’বৰ হ’ল৷ মই কেইবাদিনো ভাবিলোঁ যে সেই অংশটো বুজাবলৈ ছাৰক ক’ম৷ কিন্তু মনলৈ সংকোচ আহে, এইবোৰ হায়াৰ ছেকেণ্ডাৰীতে চবেই বুজা কথা, গতিকে মই কেনেকৈ কওঁ? মই নিজে অলপ বুজি লৈছিলোঁ, কিন্তু ছাৰে যে কিবা ভাল এটা বুজাবই সেইটো জনোঁ, সেইখিনি কামত আহিব বুলিও জানোঁ৷ একেবাৰে শেষৰ দিনটো পালেহি, ক্লাছ সামৰিলোঁ বুলি ছাৰে ঘোষণা কৰিলে৷ মইয়ো ক’লোঁ আৰু – “ছাৰ, এই লিমিট-কনটিনিউটিখিনি অলপ বুজাই দিয়কচোন৷” ছাৰে চক খালে, “হেই, সেইখিনি বুজাব লাগিব নেকি? হায়াৰ ছেকেণ্ডাৰীত বুজাইছিলোঁ বাবেহে বুজোৱা নাছিলোঁ৷ কৈছিলোঁ নহয় মই৷ একেই বস্তু৷ ৰহ, বুজাইয়ে দিওঁ!” এই বুলি তেওঁ ব’ৰ্ডত আঁকি-বাকি, হাতেৰে দেখুৱাই, বিভিন্ন উদাহৰণ দি বুজাই গ’ল! মাথোঁ ১৫ মিনিট নে ২০ মিনিট৷ আচলতে, সেই মুহূৰ্ততহে গণিতৰ জগতৰ এখন মূল দুৱাৰ খোল খোৱা যেন অনুভৱ হ’ল৷ আচল গণিতবোৰ আৰম্ভ হৈছিল দ্বিতীয় বৰ্ষৰ পৰা৷ সেই ক্লাছটোৱে বহুত সহায় কৰিছিল৷

তাত বেলেগ বিভাগবোৰতো কেইবাজনো ভাল ভাল শিক্ষক আছিল৷ এজন শিক্ষকে পৰমাণুৰ গঠন যিটো ষ্টাইলত হাতেৰে দেখুৱাই তন্ন তন্নকৈ বুজাইছিল, তেওঁ বুজাই ৰৈ থকা স্থানটো আৰু ক্লাছৰুমটো ধুনীয়াকৈ মনত আছে৷ সেইদিনা, হাইস্কুল পাছ কৰিয়েই প্ৰথম তেওঁৰ ক্লাছত প্ৰৱেশ কৰা যেন লাগিছিল৷ এদিন বেলেগ ক্লাছৰ পৰা মেচলৈ উভটি গৈ তেওঁৰ সম্পৰ্কে এজন ছাত্ৰই কৈছিল, “নুবুজো বুলি ক্লাছত বহি থাকিলেও যেন তেওঁ নিজে মূৰত সুমাইহে পঠিয়াই দিয়ে!”

আগত পোৱা গণিতৰ শিক্ষক কেইজনমানে ডিগ্ৰীও পঢুৱাই৷ কিন্তু সেইদৰেই ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈ থাকি যায়৷

বিশ্ববিদ্যালয়ৰ পৰ্যায়ত যিসকল শিক্ষক পালোঁ, তেওঁলোক প্ৰতিজনেই বিশাল জ্ঞানৰ অধিকাৰী৷ তেওঁলোকৰ কোনোবাই বুজাব নাজানিব পাৰে, কোনোবাই হঠাতে সৰু কথা এটাকে পাহৰি যাব পাৰে, কোনোবা খুৱ গোমোঠা হ’ব পাৰে, খঙাল হ’ব পাৰে, কোনোবাই সাধাৰণ কথা এটাতে কেতিয়াবা ভুলো কৰিব পাৰে; কিন্তু তেওঁলোক প্ৰত্যেকেৰে বিশেষ গুণ কিছুমান থাকে৷ বিষয়টোৰ বিশাল ভাণ্ডাৰ এটা তেওঁলোকৰ আয়ত্বত থাকে৷ কেইজনমান শিক্ষক আছে, প্ৰতিটো ক্লাছ এনেকুৱা লাগে যেন চেমিনাৰত বক্তৃতাহে দি আছে, ইমান আকৰ্ষণীয়! গতিকে, তেওঁলোকৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বহুত ভাল প্ৰভাৱ পৰি যায়৷ আৰু তাত গোট খায়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বছা বছা ছাত্ৰ-ছাত্ৰী৷ তাৰ মাজৰ ৫০-৬০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই বিশেষ গুণ সম্পন্ন৷ কোনোবাই তেওঁলোকৰ লগত বহু প্ৰতিযোগিতা কৰিলেও, তেওঁলোকৰ নিজত্ব এটা সদায় থাকিবই৷ বাকীসকলৰো সেইটো থাকে, কিন্তু তেওঁলোকৰ বহু কষ্ট হয়৷ কাৰণ, তেওঁলোকে ডিগ্ৰী কৰি আহে সেইধৰণৰ শিক্ষকৰ মাজৰ পৰা৷ নিজে লাগি থাকিলেও কামত আহে, কিন্তু নিজে লাগিবলৈ তেওঁলোকৰ কিবাকৈ থাকি যায়; আৰু ভাল কিতাপো হাতত নপৰে৷ ফলত, কিছুমান ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুলত কখঅআ শিকিব লগা হোৱা দৰে, তেওঁলোকৰো অৱস্থা হয়৷

এবাৰ ছোৱালী এজনীয়ে কথা এটা কৈছিল৷ তেওঁলোক লগৰ কেইজনীমানৰ তেনেকুৱা হৈছিল৷ চব মোটামুটি ভাল ৰিজাল্ট কৰিয়েই অহা৷ তেওঁলোকৰ দুই-এগৰাকীৰ কলেজকেইখন আনধৰণে নামীয়েই আছিল, কিন্তু তাত সেই ধৰণৰ অভাৱ আছিল৷ তেওঁলোকে তেওঁলোকৰ হোষ্টেলৰ পিএইডিৰ চিনিয়ৰ চোকা ছোৱালী এজনীৰ ওচৰত এমএছচিৰ ক্লাছৰ বিষয়বোৰ শিকিবলৈ গ’ল৷ প্ৰতিদিনে এঘণ্টা এঘণ্টা গ’ল৷ হোষ্টেলৰে কথা, গতিকে তেওঁলোকৰ লগত ইনটিগ্ৰেটেড এমএছচিৰ দুগৰাকীমান ছাত্ৰীও গ’ল৷ তেতিয়া চবেই দেখিলে, ইনটিগ্ৰেটেডৰ ছাত্ৰীকেইজনীয়ে কথাবোৰ সহজে বুজি পায়৷ কাৰণ সেই সৰু সৰু অতি দৰকাৰী কথাবোৰ তেওঁলোকে জানে৷ গণিত বিষয়টোৰ মাজত তেওঁলোক সোমাই আছে৷ তাৰ কাৰণটো হ’ল, তেওঁলোকে কেইবাবছৰৰ পৰা বিশ্ববিদ্যালয়ৰ এই ভাল ভাল জ্ঞানী শিক্ষকসকলৰ অধীনত পঢ়ি আছে, আৰু ভাল ভাল লেখকৰ কিতাপ পাইছে৷

এতিয়া ৰিজাল্টবিলাকৰ সময় হৈছে৷ সেয়েহে কথাখিনি বহুতো অভিভাৱকৰ কামত আহিব পাৰে৷ কিন্তু সকলোৱে বিচাৰিলেও ভাল প্ৰতিষ্ঠানত স্থান নাপাব পাৰে৷ তাৰ বাবে নিজে ল’ব পৰা উপায় হ’লঃ অতি ভাল কিতাপৰ সম্ভেদ লোৱা আৰু সৰু সৰু বস্তুবোৰ উপেক্ষা নকৰি নিজে বাৰে বাৰে লাগি থকা৷

আৰু সেইধৰণৰ শিক্ষকসকলৰ সেই সমস্যাবোৰ হয় তেওঁলোক ছাত্ৰাৱস্থাত নিজেও তেনে পৰিস্থিতিৰ দাস হোৱা বাবে৷ তাৰ পৰা মুক্ত হ’বলৈ মাজে মাজে শিক্ষকৰ বাবে কৰ্মশালা আয়োজন কৰিব লাগে৷ অৱশ্যে কৰ্মশালাবোৰ সুস্বাদু আহাৰ খোৱাৰ উপায় আৰু বায়ডাটাত বাক্য দুটামান বঢ়োৱাৰ কৌশল মাথোঁ হ’লে সমস্যাটো অন্ত নপৰে৷

No Comments

Post A Comment