জুবলীৰ দৰে মহিলাসকলৰ পথবোৰো কিন্তু ইমান সুগম নহয়

মানুহে প্ৰকৃতিৰ সৈতে কৰিবলগা হোৱা যুদ্ধবোৰ, খাদ্য আহৰণৰ বাবে কৰিবলগা হোৱা কষ্টবোৰ আৰু সন্তানৰ নিৰাপত্তাৰ বাবে কৰিবলগা হোৱা কামবোৰে এসময়ত যেনেকৈ সভ্যতা বা সমাজৰ বিকাশ সাধনত প্ৰধান কাৰক হিচাপে কাম কৰিছিল, ঠিক তেনেকৈ আধুনিক সময়ত ভুক্তভোগীয়ে নিজেই নিজৰ মত ব্যক্ত কৰাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে বা তাৰ সামৰ্থ্য আহৰণ কৰিবৰ বাবে কৰি অহা কামবোৰে সভ্যতা বা সমাজৰ বিকাশ সাধনত অন্যতম কাৰক হিচাপে ক্ৰিয়া কৰিবলৈ ধৰিলে। সেইয়া, যুগ যুগ ধৰি ইতৰ প্ৰাণীৰ দৰে ব্যৱহৃত নিগ্ৰোসকলে নিজৰ দুৰৱস্থাৰ কথা জগতক ব্যক্ত কৰিবলৈ পৰিৱেশ গঢ়ি তোলাটোৱেই হওক, নিষ্পেষিত দৰিদ্ৰ শ্ৰমিকে নিজৰ প্ৰতিক্ৰিয়া মুকলিকৈ প্ৰকাশ কৰিবৰ বাবে কৰা সংগ্ৰামেই হওক বা পুৰুষৰ দাস হৈ থাকিবলগা হোৱা মহিলাই নিজৰ ইচ্ছা-আকংক্ষাৰ কথা নিজ মুখেৰেই ক’বলৈ সাহসেৰে আগবাঢ়ি অহাই হওক, এই সকলোৱেই আধুনিক সভ্যতা বিকাশৰ এটা এটা অন্যতম কাৰক। ভুক্তভোগীয়ে নিজেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আগবাঢ়ি যোৱা পথটো প্ৰকৃতিৰ সৈতে যুদ্ধ কৰি যাব লগা হোৱা পথটোতকৈয়ো অতি কঠিন। সেইবাবেই, কিছুদিন পূৰ্বে বিহুৰ বতৰত নিশাৰ এটি সংগীতানুষ্ঠানত জীনছ পৰিহিত আয়োজক কৰ্মকৰ্তাকেইজনে চেলোৱাৰ-কামিজ পৰিধান কৰি যোৱা জনপ্ৰিয় গায়িকা জুবলীক চাদৰ-মেখেলা পিন্ধিবলৈ বাধ্য কৰাব বিচৰাৰ লগতে মঞ্চলৈ উঠিবলৈ নিদি ককৰ্থনা কৰাৰ পৰিপ্ৰেক্ষিতত জুবলীয়ে নিজৰ লগত এযোৰ চাদৰ-মেখেলা থকাৰ পাছতো সেইযোৰ সলাই নিপিন্ধাকৈ গীত পৰিৱেশন নকৰাকৈয়ে উভটি আহি যি দৃঢ়তা দেখুৱালে সি এগৰাকী সাহসী মহিলাৰ দৃঢ়তাৰ প্ৰতীক হিচাপে বিবেচিত হৈ ৰ’ব। সেই সময় তেওঁৰ বাবে নিঃসন্দেহে জটিল আছিল। তেওঁ পৰিধান কৰা, পাত কাপোৰত কাৰ্বি আৰু তিৱা পৰম্পৰাগত ফেব্ৰিকেৰে প্ৰস্তুত কৰা চেলোৱাৰ-কামিজযোৰ সলাই চাদৰ-মেখেলা পিন্ধিবলৈ হেঁচা দিয়া কৰ্মকৰ্তাকেইজনে নিজে কোনো বিহুৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰা নাছিল। আৰ্থিক মুনাফা লুটাৰ বাবে বা উদ্দেশ্যবিহীনভাৱেও কিছুমান মানুহে আনক অৱমাননা কৰি জান্তৱ তৃপ্তি লাভ কৰে। কোনো ঠাইত দুবাৰমান দেখিছিলোঁ, পিন্ধি থকা জীনছ পেণ্টটো কোঁচাই তাৰে ওপৰত চুৰিয়াখন মেৰিয়াই ক্ষন্তেকতে প্ৰয়োজনীয় কাজটো চলাই দি পাছতে চুৰিয়াখন দলিয়াই দিয়া কাৰ্য্যকৰ্তা। এনেদৰেও ভৱিষ্যতে কোনোবা অৱমাননাৰ মুখামুখি যে নহ’ব তাক নুই কৰিব নোৱাৰি। এইবোৰ প্ৰসংগ বাদ দি আমি এতিয়া তিনিটা বক্তব্যলৈ যাব খুজিছোঁ—

১) সেইদিনা জুৱলীক কটাক্ষ কৰা হৈছিল, “জুবিনৰ অবিহনে তোমাৰ ইম্পৰটেঞ্চ নাই।”

২) বিহু পাৰ হৈ কেইবাদিনো যোৱাৰ পাছৰ অনুষ্ঠানবোৰত একেই জীনছ-চুৰিডাৰ আদি আনেও পিন্ধি থকাৰ পাছতো জুবলীয়ে চুৰিডাৰ পিন্ধাৰ বাবে তেওঁক অহংকাৰী বুলি এতিয়াও প্ৰচাৰ চলাই আছে কিছুমান মানুহে। তেওঁলোকৰ মতে এই অহংকাৰে পতন আনিব। যেন সেই ঘটনাটোৰ পাছতে ত্ৰস্ত হৈ জুবলী নামৰ মানুহগৰাকীয়ে কেৱল চাদৰ-মেখেলাকে তেওঁৰ একমাত্ৰ পোচাকৰূপে গ্ৰহণ কৰিব ল’বলৈ বাধ্য হ’ব লাগিছিল।

৩) কাকতে সংগ্ৰহ কৰা বিভিন্ন ব্যক্তিৰ বক্তব্যবোৰৰ ভিতৰত এজন আদহীয়া অভিনেতাৰ কথাত প্ৰকাশ হ’ল— আমাৰ মহিলাৰ জৰিয়তে জাতীয় পোছাকৰ পৰিচয় দিয়া হয়।

কথাকেইষাৰ নিন্দনীয় যদিও আমাৰ সমাজখনত শুনিবলৈ পোৱাতো আচলতে যেন একো আচৰিত কথাও নহয়। কাৰণ হিচাপে আমি কোনখন সমাজৰ মানুহ এবাৰ মন কৰিব লাগিব।

মনিকা লিউনিস্কি

মনিকা লিউনিস্কি

১৯৯৮ চনত মনিকা লিউনিস্কি নামৰ চৌবিছ বছৰীয়া যুৱতীগৰাকীৰ সৈতে তেওঁৰ প্ৰেমিক সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ বিসঙ্গত শাৰীৰিক সম্পৰ্কৰ বাতৰি প্ৰকাশ হোৱাৰ লাগে লাগে তেতিয়ালৈকে মোটামুটি অখ্যাত যুৱতীগৰাকীৰ নামটোৱেই এক মুহূৰ্ততে এটা অপবাদলৈ ৰূপান্তৰিত হৈ পৰিল। অলেখ ব্যঙ্গ, মস্কৰা, ইমেইল-কাহিনী, পৰ্ণ-বাৰ্তা সকলোতে মনিকা লিউনিস্কি নামটো এটা উপমাৰ দৰে ব্যৱহাৰ হ’বলৈ ধৰিলে। তেওঁক বেশ্যাকে আদি কৰি বহুতো শব্দৰে একেবাৰে হীনৰো হীন ৰূপলৈ লৈ যাব বিচৰা হ’ল। তৎতমুহূৰ্ততে তেওঁ হেৰুৱাই পেলালে সকলো আত্মসন্মান আৰু সামাজিকভাৱে জীয়াই থকাৰ সামান্য অৱলম্বনো। কিন্তু বিল ক্লিনটনৰ জীৱন আৰু কৰ্ম প্ৰায় একেদৰেই চলি থাকিল। পাছৰ সময়ত মনিকা লিউনিস্কিয়ে মানুহবোৰৰ সেই মনোবৃত্তিৰ সম্পৰ্কে ব্যাখ্যা কৰিবলৈ কিছু সুযোগ পালে। যোৱা মাৰ্চ মাহৰ টেডৰ কনফাৰেণ্সত তেওঁ “The Price of Shame” শীৰ্ষক এক বক্তৃতা আগবঢ়াবলৈ পায় (বক্তৃতাটো ইয়াত চাব পাৰিব: www.ted.com/talks/monica_lewinsky_the_price_of_shame/)। টেড, অৰ্থাৎ TED হ’ল “Ideas worth spreading” শ্লগানেৰে আয়োজিত এখনি কনফাৰেণ্স। ১৯৮৪ চনত প্ৰতিষ্ঠিত TED ত প্ৰথমে “Technology, Entertainment, Design” বিষয়ক বক্তৃতা আয়োজন কৰা হৈছিল যদিও বৰ্তমান ই প্ৰায় সকলো বিষয়কে সামৰি লয়। টেডৰ বিশেষজ্ঞসকলে এটা কথা আৱিস্কাৰ কৰিছে যে যিকোনো এটা বক্তৃতাত শুনোতাৰ মগজুৱে প্ৰথম ওঠৰ মিনিট সময়হে সক্ৰিয়ভাৱে কাম কৰে। ওঠৰ মিনিটৰ পাছৰ বক্তব্যবোৰত আচলতে শুনোতাৰ সম্পূৰ্ণ মনোযোগ নাথাকে। সেইবাবেই টেডৰ প্ৰতিটো বক্তৃতাই সাধাৰণতে ওঠৰ মিনিট বা তাতকৈ কম দৈৰ্ঘ্যৰ। নবেল বঁটা বিজয়ীকে ধৰি এপ (app) নিৰ্মাণকাৰী ১২ বছৰীয়া কিশোৰলৈকে বিভিন্ন ক্ষেত্ৰৰ সৃজনীশীল ব্যক্তিসকল বা চিন্তাবিদসকলে প্ৰদান কৰা এই ওঠৰ মিনিট বা তাতকৈ কম দৈৰ্ঘ্যৰ প্ৰতিটো বক্তৃতাতে লাভ কৰা যায় নতুনকৈ চিন্তা কৰাৰ, নতুন কথা শিকাৰ বা নতুন দৃষ্টিভংগী আহৰণ কৰাৰ একো একোটা বাট। ২০০৬ চনৰ পৰা ইয়াৰ বক্তৃতাৰ ভিডিঅ’সমূহ বিনামূলীয়াকৈ উপভোগৰ বাবে ৱেবছাইটত মুকলি কৰা হয়। বৰ্তমান ৭৩৩ এলেক্সা ৰেংক আৰু ই-জগতৰ অস্কাৰ ৰূপে পৰিচিত ৱেৱী বঁটা (Webby Award) বৰ্তমানলৈকে সাতটা লাভ কৰা টেডৰ ৱেবছাইট www.ted.com পৃথিৱীৰ অতি জনপ্ৰিয় ৱেবছাইটবোৰৰো এটা। গতিকে, মনিকা লিউনিস্কিয়ে এগৰাকী ভুক্তভোগী হিচাপে নিজৰ অৱস্থা, দৃষ্টিভংগী আৰু মত প্ৰকাশ কৰিবলৈ টেড হ’ল এখন অতি গুৰুত্বপূৰ্ণ, নিৰাপদ আৰু শক্তিশালী মঞ্চ। কিন্তু তেওঁ বক্তৃতা প্ৰদান কৰাৰ কিছুদিন পাছতে যেতিয়া টেডৰ ৱেবছাইটত বক্তৃতাটো আপল’ড কৰা হ’ল আৰু টে়ডৰ বিভিন্ন চ’ছিয়েল নেটৱৰ্কিং পৃষ্ঠাবোৰত সেই বাতৰি দিয়া হ’ল, তেতিয়া বহুতে ইতিবাচক মন্তব্য দিয়াৰ বিপৰীতে প্ৰায় লগে লগেই বহুতো মানুহে ১৭ বছৰৰ পূৰ্বে তেওঁক কৰা অৱমাননাৰ দৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। টেডৰ ৱেবছাইটত কোনো কোনো বক্তৃতাত বিভিন্ন সময়ত উগ্ৰ বা ভাবুকিমূলক মন্তব্য দুই-এটা পৰিছে যদিও ইমান সংখ্যক আক্ৰমনাত্মক মন্তব্য পূৰ্বতে কোনো বক্তৃতাতে পৰা নাছিল। অশ্লীল বক্তব্য, মনিকা লিউনিস্কিৰ শাৰীৰিক অৱয়ৱক লৈ কৰা ব্যঙ্গৰে সৈতে অনেক মন্তব্য ভৰি পৰিল। বহুতে তেওঁ জীয়াই থকাৰ অধিকাৰো নাই যেন মন্তব্য আগবঢ়ালে। আনকি ৯/১১ ঘটনাৰ কাৰণো বহুতে মনিকা লিউনিস্কি বুলি অভিহিত কৰিলে। মানুহৰ যিধৰণৰ বক্তব্যৰ ভয়ংকৰ ৰূপটোৰ কথা মনিকা লিউনিস্কিয়ে ক’ব বিচাৰিছিল পুনৰ তাতেই আবদ্ধ হৈ পৰিবলৈ দিয়াৰ দৰে হোৱা বাবে টেড-কৰ্তৃপক্ষই সেই মন্তব্যবোৰ ডিলিট কৰি দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ লগে লাগে “মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰা” বুলি অভিযোগ আহিল যদিও পাছতে এক আমোদজনক ঘটনা ঘটিবলৈ ধৰিলে। এইবাৰ এনেধৰণৰ মন্তব্য আহিবলৈ ধৰিলে— সাহসী মহিলা। প্ৰথমে আনকি লিংকটো নোচাৱাকৈয়ে আক্ৰমণাত্মক মন্তব্য কৰিছিলোঁ, পিছত অনুধাৱন কৰিলোঁ যে এই সম্পৰ্কে ক’ব পৰা তেৱেঁই উপযুক্ত ব্যক্তি। তেওঁ নিজৰ বক্তব্য দাঙি ধৰিবলৈ ওলোৱাটো আমি ৰাজনৈতিক স্বাৰ্থ এফলীয়া কৰি সন্মানেৰে চাব লাগিব। .... ইত্যাদি। ইয়াৰ পৰা বুজা যায়— বিষয়টোলৈ নোযোৱাকৈয়ে মানুহবোৰে কৰ্তৃত্ব খটুৱাব বিচাৰিছিল! আমেৰিকাৰে এগৰাকী ভুক্তভোগী যুৱতী বা মহিলাই ১৭ বছৰৰ পাছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰোঁতে এনে পৰিস্থিতি হ’লে, আমাৰ প্ৰভুত্ব-অন্বেষীসকলৰ সেইবোৰ বক্তব্যত আচৰিত হ’ব লগা নাই!

পঠনীয়:  ভাৰতত গৱেষকৰ সংখ্যা কিমান

angry-criticপ্ৰকৃততে আনক দমন কৰি কৰ্তৃত্ব খটুৱাবলৈ পোৱাটো সকলো মানুহৰে এক প্ৰিয় আচৰণ। পত্নী গৰাকীকো নিৰ্দেশ দি বা আঙুলিৰ ঠাৰত অৱদমন কৰি ৰাখিবলৈ পোৱাটোতো নিশ্চয় এক আনন্দ থাকে, কিন্তু এই আনন্দই মানুহটোক নিজকে আৰু গোটেই পৰিয়ালটোক আধৰুৱা কৰি পেলায়। পৰস্পৰৰ বন্ধুত্ব লাভ নকৰাতো এই শাসক আৰু শোষিত ৰূপৰ দুয়োগৰাকীৰ বাবেই সমানে দুৰ্ভাগ্যৰ কথা। পৰিয়ালৰ পৰা যেতিয়া সমাজলৈ কথাবোৰ যায় তেতিয়াও কথাবোৰ একেই। সমতাই সমাজখন আগবঢ়াত সহায় কৰিব। বিহু-কমিতিৰ কৰ্মকৰ্তাকেইজন বা সেই বিভিন্ন মন্তব্য কৰোঁতাসকল বা অভিনেতাজন অশিক্ষিত মানুহ নহয়, এইসকল শিক্ষিত মানুহেই, তেওঁলোক অপৰাধী নহয়, কিন্তু এইসকল মানুহেই উঠোতে-বহোতে, যাওঁতে-আহোঁতে প্ৰকাশ পোৱা এই কৰ্তৃত্বশীল মানসিকতাবোৰ নিৰ্ভয়া কাণ্ডৰ সেই চিটিবাছৰ হেণ্ডিমেনবোৰলৈ বা যেনে-তেনে ওঠৰ বছৰ নোহোৱা বাবেই আৰক্ষীয়ে বাধ্য হৈ কিশোৰ-অপৰাধী হিচাপে ৰখা অপৰাধীবোৰলৈ বিয়পি যায়!

এইখিনিতে আন এটা প্ৰসংগও উল্লেখ কৰিব লাগিব যে পত্নী এগৰাকীয়েও “আজিৰ নাৰী হৈ কিয় তল পৰি থাকিম” মনোভাৱেৰে যেতিয়া মানুহটোক বশ কৰিব খোজে তেতিয়াও পৰিয়ালটো আধৰুৱা হৈ ৰয়। ইয়াত এজনে নিজৰ মনতে বিজয়ী-গৌৰৱ লৈ থাকিব পাৰে, কিন্তু পিতৃ-মাতৃৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ অভাৱে সন্তানৰ মনত কম বয়সতে সংঘাতৰ সৃষ্টি কৰে। বাহিৰত হৈ যোৱা কটা-মৰা এখনে শিশুৰ মনত যিমান বিৰূপ প্ৰভাৱ পেলাব পাৰে, তাতকৈ মাক-দেউতাকৰ সামান্য খুটখাট এটাইয়ো তেওঁলোকৰ মনত অধিক ক্ৰিয়া কৰিব পাৰে। বাহিৰত সুখী পৰিয়াল বুলি পৰিচয় থকিলেও এনে পৰিয়ালৰ নিজৰে অনিষ্ট হোৱা দেখা যায়, তেওঁলোকক সন্তানে বিশ্বাসত ল’ব নোৱাৰি বহু সময়ত উপযুক্ত সিদ্ধান্ত ল’ব নোৱৰা হোৱা দেখা যায়।

যি কি নহওক, জুৱলীৰ দৰে স্বচ্ছল, সমাজলৈ ইতিমধ্যে কিছু অৱদান আগবঢ়োৱা, শিল্প-সংস্কৃতি-সংবাদৰ লগত জড়িত প্ৰতিষ্ঠিত জ্যেষ্ঠ বহু ব্যক্তিৰ আৰ্শীবাদ-পুষ্ট বা অনুৰাগীয়ে আবৰি থকা এগৰাকী ব্যক্তিয়েও সেইধৰণৰ প্ৰভুত্বশীল বক্তব্যৰ মুখামুখি হ’ব লগাত পৰাৰ পাছত সাধাৰণজনৰ বাবে যে পৰিস্থিতিবোৰ আৰু অধিক জটিল হৈ আছে সেইয়া সহজেই অনুমেয়। এনেকুৱা সময়ত পুৰুষৰ হাতলৈ কেতিয়াবা এপাত শক্তিশালী অস্ত্ৰ আহে যে— “অমুক মহিলাইয়ো একে কথাই কৈছে।” কিন্তু সেই মহিলাসকলৰ মনস্তাত্বিক স্তৰটো আমি বিবেচনা কৰি চাব লাগিব।

girl-educationমাথোঁ এমাহ পূৰ্বে বিয়া হৈ যোৱা এগৰাকী যুৱতীয়ে বিয়াৰ চাৰিমাহৰ পূৰ্বে এটা প্ৰতিষ্ঠানত গৱেষণাৰ কৰিবলৈ এটা ফেলশ্বিপ লাভ কৰিলে। এটা ভাল প্ৰতিষ্ঠান, গতিকে সেয়া গ্ৰহণ নকৰাৰ কোনো কথাই নাই। ইফালে বিয়াৰ দিন ইতিমধ্যে থিৰাং কৰা হৈ গৈছে। তেতিয়া কোনো পুৰুষেই নহয়, পাঁচগৰাকীমান বিভিন্ন মহিলাইহে ককৰ্থনা কৰিবলৈ ধৰিলে— “বিয়াৰ দিন ঠিক হৈ গ’ল আৰু এতিয়া কিয় পঢ়িবলৈ যাব লাগে?” আজিৰ যুগতো এনেকুৱা কথা কোৱা মহিলা আমাৰ মাজত আছে বুলি জানিলে মোৰ দৰেই বহুতে নিশ্চয় ক্ষন্তেক মুক হৈ পৰিব। “অশিক্ষিত মানুহ বাবে বুজি নাপোৱাকৈ কৈছে” বুলি উলাই কৰিব পৰা মহিলাও সেইকেইগৰাকী নাছিল। নিজৰ প্ৰয়োজনত জোৰ দিবলৈ কোনোবাই তেওঁলোকৰ কিবা বক্তব্যকো “অমুকেও এনেকৈ কৈছে” বুলি কৈ ব্যৱহাৰ কৰিব পাৰিব। আইচ্ হকীৰ (Ice hockey) প্ৰখ্যাত মহিলা খেলুৱৈ হেয়লী ৱিকেনহাইজাৰক (জন্ম: ১৯৭৮) তেওঁৰ পুতেকে সৰুতে এবাৰ সুধিছিল— ল’ৰাইয়ো হকী খেলেনে? তেতিয়ালৈকে সদায় মাকৰ খেল, অনুশীলনকে দেখা সেই শিশুজনৰ দৰে এই মহিলাসকলো পৰিৱেশৰ দাসী। মনঃস্তত্ববিদসকলে গৱেষণা কৰি পাইছে যে এজন মানুহৰ মগজুৱেদি প্ৰতি দিনে ষাঠি হাজাৰ চিন্তা পাৰ হৈ যায়, আৰু ইয়াৰে ৯৫ শতাংশই আগদিনাৰ চিন্তাৰ পুনৰাবৃত্তি মাথোঁন। যদি মনত নতুন চিন্তা সোমাবলৈ বাট মুকলি কৰা নহয় তেন্তে দিনৰ পাছত দিন মানুহবোৰৰ মনত একেবোৰ চিন্তাই পাকঘূৰণি খাই থাকি যায়। কিছু নতুন চিন্তা কৰা মানুহৰ সৈতে সেই মানুহকেইগৰাকীৰ কোনো মানসিক বা অধিক আত্মিক সম্পৰ্কও কোনোদিন গঢ়ি নুঠিল। আৰু যেতিয়ালৈকে বিদ্যালয়-মহাবিদ্যলয়ত পঢ়ি আছিল তেতিয়ালৈকে পাঠ্যপুথিসমূহৰ কিছু কিছু অংশ মোকোলোৱাৰ বাহিৰে তাৰ পাছত আৰু কোনো কিতাপৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক নাথাকিল। গতিকে তেওঁলোকৰ বাবে কিবা নতুন চিন্তা অহাৰ বাট সকলো বন্ধ। চিন্তাৰ পুনৰাবৃত্তিয়ে শৈষৱতে দেখা পৰিৱেশটোকে তেওঁলোকক দেখুৱাই থাকিব চিৰদিনৰ বাবে। একেটা ক্ষুদ্ৰ বৃত্তত ঘূৰি থাকি তেওঁলোকৰ বয়স বাঢ়ি অভিজ্ঞ যেন ভাৱ হ’ব পাৰে, কিন্তু প্ৰকৃততে মাথোঁ কেইটামান ক্ষুদ্ৰ অৱস্থাৰ সপোনতেই তেওঁলোকৰ জীৱন পাৰ হৈ গুচি যাব। তেওঁলোকৰ পৰা সমাজে আশা কৰিবলৈয়ো একো নাই; আনে দিয়া সুবিধা, আনৰ অন্বেষণে কৰা সৃষ্টিবোৰে কঢ়িয়াই অনা আৰামেই তেওঁলোকৰ সম্বল।

পঠনীয়:  জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ

প্ৰভুত্ব-প্ৰত্যাশী পুৰুষ আৰু হাজাৰ বছৰ ধৰি কোনো নতুনৰূপ নোপোৱা পকাণ্ড শিল এটাতকৈয়ো নতুনত্বহীন মস্তিষ্কৰ এই মহিলাসকলেই মহিলাৰ বাটবোৰ কণ্টকময় কৰি ৰাখিব।

Zublee - Pankaj Jyoti Mahanta - Amar Asom

No Comments

Post A Comment