ধুমুহাৰ স’তে বহু যুগৰে নাচোন

জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি” গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই দিয়ে জোকাৰি ছেদেলি-ভেদেলি কৰি ভাঙি-ছিঙি পেলাই দিব খোজা পৰিস্থিতিতো বজ্ৰ কঠিন স্তম্ভৰ দৰে মূৰ দাঙি ৰ’ব পৰা প্ৰচণ্ড দৃঢ়তা আহৰণ কৰিবলৈ; আৰু সোঁৱৰাই দিয়ে ডাঠ তমসাৰ মাজেৰে সৰকিব লগা হৈয়ো ভাগি নিৰুদিষ্ট নহৈ উদ্ভাসিত হৈ উঠিবলৈ। গীতটিত যেতিয়া গোৱা হয় “ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন”, ই ধুমুহা আৰু এন্ধাৰেৰে আবৰি থাকি ভাগি পৰাৰ কৰুণ বিননি হৈ নপৰে; বৰং ই গতি কৰে কঠোৰ পৰিস্থিতি বা দুৰ্দশাক অতিক্ৰমী সেই “নিজানৰ গান” “তোমাৰ বুকুত” শেষ হৈ যোৱাৰ স্বপ্নলৈ। আশাহত মানুহৰ প্ৰাণত আশা জগাই তুলিব পৰা জুবিন গাৰ্গৰ সাংঘাটিক প্ৰাচুৰ্যময় কণ্ঠস্বৰে সেই বিশেষ অংশকেইটিৰ সৈতে সমগ্ৰ গীতটিক এনে এটা পৰ্যায়লৈ লৈ গৈছে যে তেওঁৰ কণ্ঠৰ আন বহুকেইটি গীতৰ দৰে এই গীতটিও আনে গাই শুনালে তেওঁৰ দৰে অন্তঃকৰণ স্পৰ্শ কৰাবলৈ সক্ষম হৈছে বুলি শুনোতা পতিয়ন যাব নোৱাৰে৷ মৌকোষত উপচি তুলবুল হৈ থকা মৌজোলত সামান্য স্পৰ্শ এটা দিলেই সৰ সৰকৈ মৌ হাতলৈ বাগৰি অহাৰ দৰে তেওঁৰ কণ্ঠই সহস্ৰ সহস্ৰজনৰ মনলৈ হতাশাক নিলগাই বোৱাই আনে প্ৰাণ-প্ৰাচুৰ্য৷ আৰু এনে বহু কাৰণতেই তেওঁ ক্ৰমে কেইবাটাও প্ৰজন্মৰ হৃদস্পন্দনত পৰিণত হৈ আহিছে৷ গীতটি গাব পৰা কোনোবা এজন যদি নতুনকৈ পোৱা যায় তেন্তে তাৰ পৰাও হয়তো ক’ব পৰা যাব— এয়া আন এক প্ৰতিভা উদিত হৈছে৷

জুবিন গাৰ্গৰ কণ্ঠৰে নিগৰি “যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা”, “শত ৰজনীৰ এন্ধাৰ আঁতৰি গ’ল, সুন্দৰৰে ৰঙৰ ফাকুৰে জীৱন ৰাঙলী হ’ল”, “এন্ধাৰ হ’ব নোৱাৰো”, “যদি পুৱা গুচি এন্ধাৰ নামে, যদি হাঁহি মচি চকুলো সৰে, যদি খোজে খোজে দুখে চিঞৰে, তেতিয়া কাষতে প্ৰেৰণা দিবলে থাকিব অকলে ৰৈ আমাৰ মৰম, বুকুৰ মৰম, সঁচা মৰম, শিকাব আমাক আকৌ যুঁজিবলে, আকৌ যুঁজিবলে”, “জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলীত মই ভাগৰা নাই, জীৱন হেৰোৱা নাই”, “কাঁইটৰ স’তে সমুখ যুঁজত নামিলা যেতিয়া, ফুল নফুলালে যুঁজ কৰি যোৱা, ফুল কেতিয়া ফুলিব সেই কথা এতিয়া নিয়ৰক সোধাৰ প্ৰয়োজন কি?” আদি যিবোৰ বাক্য অলেখ মানুহৰ অন্তৰে অন্তৰে একোটা সম্বল হৈ পৰিছে আৰু বহুতৰ ওঁঠৰ ভাষাত পৰিণত হৈছে তাৰে মাজত এই “ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন”টিও এটা৷ ধুমুহাৰ সৈতে যিজনে নাচিব লাগে তেওঁ নিজতে গঢ়িব লগা হয় ধুমুহাৰ দৰে শকতি; যি শকতিৰে তেওঁ এদিন পৰিবৰ্তন কৰিব পাৰে বহু ব্যৱস্থা; যি দৃঢ়তাৰে তেওঁ নতুনকৈ সম্পাদন কৰিব পাৰে বহু কাৰ্যক্ৰম; আনি দিব পাৰে সংশোধনৰ এক নৱ সুযোগ৷ সেয়ে গানটোৰ সেই কথাখিনিয়ে আমাক বিশ্বকবি গ্যেটেৰ এষাৰ মহিমামন্দিত কথালৈয়ো মনত পেলাই দিয়ে— “নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?” কৰুণ সুৰেৰে দুৰ্দশাতে বিলীন নহৈ জাগি উঠা স্বপ্নৰ যি সুৰ গীতটোত শুনা যায় সি মনলৈ আনে আন এষাৰ কথাও। “আত্ম দীপো ভৱ”। নিজৰ পথ প্ৰদৰ্শক জ্যোতি হোৱা। বুদ্ধৰ এই দৰ্শন জুবিন গাৰ্গৰ নিজৰো খুৱ প্ৰিয়। এই কথা তেওঁ বহুবাৰ কৈছে, আৰু আজিৰ পৰা প্ৰায় ১২ বছৰ আগৰ তেওঁৰ ৱেবছাইটটোতো সেয়া লিখা আছিল।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত লেখক অমৃতা প্ৰীতমে “সূৰ্য” প্ৰতীকটো বিভিন্ন সময়ত বাৰে বাৰে কেনেকৈ তেওঁৰ বিভিন্ন কবিতাত ব্যৱহাৰ কৰিছে সেয়া তেওঁৰ আত্মজীৱনীত বিস্তৰ উদাহৰণেৰে লিখিছে। জুবিন গাৰ্গৰ গীতত বিবিধ প্ৰতীক, চিত্ৰকল্পৰ বিনন্দীয়া সমাহাৰ বিপুলভাৱে পোৱা যায়। “ধুমুহা” বা “এন্ধাৰ” আদিও তেনে এটা এটা বহু ব্যৱহৃত প্ৰতীক। একেটা প্ৰতীকেই বেলেগ বেলেগ গানত প্ৰৱেশ কৰি কেনে কেনে নতুন গানৰ সৃষ্টি হৈছে সেয়া বিস্তৰভাৱে আলোচনা কৰিব পৰা যায়।

জুবিন গাৰ্গৰ নিজৰ জীৱনো “ধুমুহাৰ স’তে বহু যুগৰে নাচোন”ৰ এটা নিদৰ্শন। সেয়া কেৱল অতি সাম্প্ৰতিক সময়বোৰত তেওঁক ঢাঁহি-মুহি পেলাব বিচৰা মানুহবোৰে কঢ়িওৱা এন্ধাৰেই নহয় বা তেওঁৰ ব্যক্তিগত জীৱনৰ ঘটনা-দুৰ্ঘটনাই কঢ়িওৱা ধুমুহাই নহয়; জুবিন গাৰ্গৰ ধুমুহাৰ স’তে নাচোনৰ কাহিনী আশৈষৱৰ। তেওঁৰ সৃষ্টিয়ে মূৰ্ত ৰূপ পাবলৈ তেতিয়াও বাকী থকা সময়বোৰত, কত সুৰে তেওঁৰ মন দোলা দি থকা সময়বোৰত, ভাৱনাৰ ৰাগিত মাতালৰ দৰে হৈ যেতিয়া তেওঁ নিজৰেই নিজে শ্ৰোতা হৈ অকলে অকলে গাই ফুৰিছিল গান সেই তেতিয়াৰ পৰাই তেওঁ সহ্য কৰিবলগা হৈছিল বহু ধুমুহা। সেয়া তেওঁৰ স্কুলীয়া দিনৰে সময়। প্ৰায়বোৰেই তেওঁক পাগল বুলি কৈছিল। তেনে বহু কাহিনী আছে। কৈশোৰ-যৌৱনত তেওঁ, বিভিন্ন প্ৰতিযোগিতাবোৰত গান গোৱা কিছুসংখ্যক প্ৰতিযোগীক বাদ্যযন্ত্ৰ বজাই দিছিল, আৰু কম-বেছি পৰিমাণে নাম কৰা কেইবাজনো গায়ক-গায়িকাই বিভিন্ন স্থানত কৰা অনুষ্ঠান বিলাকতো তেওঁ বাদ্যযন্ত্ৰী আছিল। সমনীয়া বাদ্যযন্ত্ৰী এজনৰ ঘৰত তেওঁলোক প্ৰায়ে মিলিত হৈছিল। বন্ধুজনৰ ঘৰলৈ গৈ তেওঁ তাতে গান গাই থাকিছিল, আৰু সেই সহ-বাদ্যযন্ত্ৰীজনৰ মাকৰ প্ৰায়েই খং উঠি কৈছিল— “সিনো দুপৰীয়া সময় নাই অসময় নাই এনেদৰে কিয় চিঞৰি থাকে অ’।” সময় বাগৰি গ’ল, মানুহগৰাকীয়ে সেই “চিঞৰ” সদায়েই শুনি থাকিল, কিন্তু কিছু বছৰ পাছতেই সেই “চিঞৰ”টো কাণলৈ পোনপটীয়াকৈ নহিল; আহিল কোনোবা শ্ৰাব্যযন্ত্ৰ সৰকি…। কেইবাবছৰৰ পিছত যেতিয়া জুবিন গাৰ্গ তেওঁলোকৰ ঘৰলৈ গ’ল মানুহগৰাকীয়ে ক’লে— “মোৰ গালি তোমাৰ বাবে আশীৰ্বাদ হ’ল জুবিন।” আৰু জুবিন গাৰ্গে হাঁহি হাঁহি মানুহগৰাকীক সাবটি ধৰিলে। আকৌ, গায়ক-গায়িকাৰ ৰিহাৰ্ছেলৰ সময়বোৰত সকলোৱে যেতিয়া সঘনে কথাৰ মহলা মাৰি থাকে তেতিয়া তেওঁ সেইবোৰত ভাগ নলৈ নিজৰ সুৰ গুণ গুণাই থাকে। তেওঁ কেৱল দৰকাৰী কথাটোহে কয়, কথাৰ মহলাত ভাগ নলয়; আৰু তাৰেই মাজে মাজে আপোনমনা হৈ তেওঁ নিজৰ সুৰবোৰ, গানবোৰ চিঞৰি চিঞৰি গাই উঠে। গায়ক-গায়িকাসকলে অনুশীলন কৰা গানবোৰো তেওঁ প্ৰায়ে গানটোৰ মতে নিজৰ ধৰণে বাদ্যযন্ত্ৰ বজাইছিল। ফলত গায়ক-গায়িকাসকলে অসুবিধাও পাইছিল। বহুতে তেওঁক পাগল বুলি কৈছিল। আৰু কোনো কোনো চিন্তিতও হৈছিল, মঞ্চত খেলিমেলি হ’ব বুলি। পঢ়াৰ জীৱনত, ক্লাছ নথকা সময়বোৰত লগৰবোৰে যেতিয়া কথাৰ মহলা মাৰি থাকে তেতিয়াও তেওঁ নিলগে ৰৈ গান গাই আছিল। সেয়েহে তেওঁক সবেই খুৱ ইতিকিং কৰিছিল। কিন্তু তেনে কোনো কথালৈ ভ্ৰুক্ষেপ নকৰি তেওঁ অহৰহ গান গাইছিল, ব্ৰতী আছিল নিজৰ সাধনাত। ইফালে পঢ়া-শুনাতো তেওঁ ভাল। সেই তাহানি, তেওঁৰ কৰ্ম উপেক্ষিত হোৱাৰো কাহিনী আছে। তেওঁৰ সাধনাৰ কাহিনীবিলাক বিতৰ্কৰ ধূলিময় বতাহত তল পৰি থাকে, যিবোৰে সকলো শ্ৰেণীৰ মানুহকে প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্মত সম্পূৰ্ণ নিবিষ্ট হৈ সূচাৰুৰূপে একোটা কাম সম্পাদন কৰাৰ মনোবৃত্তি আহৰণৰ শিক্ষা দিব। ধুমুহা জয় কৰি যি একাগ্ৰতা, উৎসৰ্গ মনোবৃত্তি, উন্মেষ হ’ব খোজা সৃষ্টিৰ পূৰ্ণ প্ৰকাশ নোহোৱালৈকে মগ্ন থকাৰ অসীম ধৈৰ্য, অদম্য স্পৃহাই তেওঁক গঢ়িছে তাৰ উদাহৰণ এনে বহুত। আজি হাজাৰ হাজাৰ গান গাবলৈ এজন মানুহে সমুখলৈ অহা গানটো তৎক্ষণাত শিকিব পৰা হ’ব লাগিব। তাৰ বাবে সহজাত প্ৰতিভাৰ উপৰি লাগে কৰ্মত লিপ্ত থকাৰ অসীম ধৈৰ্য। সেইখিনি সাধনাৰে অৰ্জন কৰা বাবেই তেওঁ একেদিনাই কুৰিৰো অধিক গান ৰেক’ৰ্ড কৰিব পাৰিছে। আৰু এনেদৰেই গৈ গৈ তেওঁৰ অভিমুখে আহিল অনুৰাগৰো ধুমুহা। নিজা গীতসমূহ বাদেই, যি লোকগীত মানুহে শুনিবলৈ এৰি দিছিল তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠি লাখৰ ঘৰত লোকগীতৰ কেছেট বিক্ৰী হ’লগৈ।

— ০ —

এই প্ৰবন্ধটোৰ লিখাৰ দুঘণ্টামানৰ পাছতে পিছদিনাৰ বাতৰি-কাকত এখন অনলাইন চাওঁতেই লোকনাথ গোস্বামীৰ এটা প্ৰবন্ধ পঢ়িবলৈ পালোঁ, প্ৰবন্ধটোৰ কিছু অংশ এনেধৰণৰ—

“নব্বৈৰ দশকত ‘আলফা’ৰ দ্বাৰা প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে প্ৰযোজিত বা প্ৰচাৰিত ‘বিপ্লৱী’ গানৰ কেছেটেৰে বজাৰ ভৰি পৰিছিল। ড°ভূপেন হাজৰিকাকে প্ৰমুখ্যে কৰি বহুতো নবীন-প্ৰবীণ, খ্যাত-অখ্যাত শিল্পীয়ে ‘আলফা’ৰ ‘বিপ্লৱী’ গানৰ কেছেটত কণ্ঠদান কৰিছিল। ‘সংগঠন’ৰ শিল্পী বুলি পৰিচয় লৈ বহুতো ‘বিপ্লৱী শিল্পী’য়ে বিভিন্ন সময়ত ৰাজ্যখনত বিভিন্ন কোণত আয়োজিত সাংস্কৃতিক অনুষ্ঠান, সাহিত্য সভাৰ অনুষ্ঠান, বিহুৰ মঞ্চ আদিত পৰিৱেশন কৰিবলৈ গৈ বহু অনুষ্ঠানৰ আয়োজকসকলক ব্যতিব্যস্ত কৰাৰ অলেখ উদাহৰণ আছে। কিন্তু প্ৰশ্ন হয়, আজি কলৈ গ’ল সেই বিপ্লৱী গান, সেই বিপ্লৱী শিল্পীসকল?

কিন্তু মন কৰিবলগীয়া কথা এয়ে যে জুবিন গাৰ্গে সেই সময়ত আলফাৰ এই ‘বিপ্লৱী সাংস্কৃতিক যাত্ৰা’ত অংশ লোৱা নাছিল। তাৰ পৰিৱৰ্তে উদীয়মান, প্ৰতিভাধৰ যুৱ শিল্পীগৰাকীয়ে তেতিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নীতিগত অৱস্থান লৈ গীত গোৱা আৰম্ভ কৰিছিল। জুবিন গাৰ্গৰ কণ্ঠ তেতিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে গৰ্জি উঠা আমি শুনিবলৈ পাইছিলোঁ, য’ত তেওঁ স্পষ্টকৈ গাইছিল—

‘মৃত্যু এতিয়া সহজ/ মৃত্যু এতিয়া উছৱ/ অন্ধ আকাশ-ৰুদ্ধ বতাহ/ ত্ৰস্ত ৰাতিৰ স্তদ্ধ জোনাক/ অন্ধ মনৰ বন্ধ কোঠাত/ হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ/ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়/ দিশে দিশে চলে মাথোঁ মৃত্যু ৰথ/ মৃত্যু এতিয়া সহজ/ মৃত্যু এতিয়া উছৱ/ মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাৰ কিমান বাকী/ জীৱন দিয়াৰ ক্ষমতানো কাৰ/ জীৱন লোৱাৰ ক্ষমতা অপাৰ।

এনে ধৰণৰ গীত গোৱা আৰু ‘আলফা’ৰ সন্ত্ৰাসৰ বিৰুদ্ধে নীতিগত অৱস্থান লোৱাৰ বাবে জুবিনলৈ তেতিয়াই বহু ভাবুকি আহিছিল। জুবিনে তালৈ তেতিয়াও ভ্ৰুক্ষেপ কৰা নাছিল। গতিকে এতিয়া কিয় কৰিব?

২০০৮ চনৰ ৩০ অক্টোবৰ তাৰিখে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত সন্ত্ৰাসবাদীয়ে ভয়াবহ বিস্ফোৰণ ঘটাই সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত শিল্পী সংগঠকসকলে উলিওৱা শান্তি মিছিলৰ সন্মুখত হাতত গীটাৰ লৈ জুবিন গাৰ্গে পুনৰবাৰ দোহাৰিছিল—

মুকুতি আজি দেখোঁ দিশহাৰা হৈ হয়/ দিশে দিশে চলে মাথোঁ মৃত্যু ৰথ/ শিশুৰ মুখৰ হাঁহি কেতিয়ানো ঘূৰি আহি/ আদৰিব নৱ প্ৰভালকক, শান্তিৰ সূৰুযক/ মুকুতিৰ সূৰুযক।

সিদিনা সেই শান্তিৰ মিছিলত প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেন গোহাঁই, নাট্যকাৰ অৰুণ শৰ্মা, শিল্পী সুদক্ষিণা শৰ্মাৰ লগতে এই লেখককে ধৰি বহু নবীন-প্ৰবীণ শিল্পীয়ে ভাগ লৈছিল।

আমাৰ দ্বিমত থাকিলেও জুবিন গাৰ্গৰো নিজস্ব এক নীতিগত স্থিতি আছে। বিতৰ্কৰ মাজতে, বিহুৰ মঞ্চত গীত গাই থাকোঁতে খং, ক্ষোভ, আৱেগত এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছিল— ‘ফাল্টু কনচেপ্ট লৈ আমি সংস্কৃতি নকৰো।’ ঠিকেইতো, পৰেশ বৰুৱাৰ দৰে বন্দুকধাৰী সংগঠনৰ নেতাৰ যিদৰে একোটা ‘সাংস্কৃতিক কনচেপ্ট’ থাকিব পাৰে, অইনৰো থাকিব পাৰে। সেইবুলি কোনেও কাৰো কনচেপ্ট আনৰ ওপৰত জোৰ কৰি জাপি দিব নোৱাৰে বা দিয়াটো যুক্তিসংগত হ’ব নোৱাৰে। বিহু মঞ্চৰ এইবেলিৰ দ্বন্দ্বও জুবিন গাৰ্গ, পৰেশ বৰুৱাৰ মাজৰ ব্যক্তিগত দ্বন্দ্ব নহয়, নতুবা জাতীয় সংস্কৃতি বনাম হিন্দী সংস্কৃতিৰ দ্বন্দ্বও নহয়, এই দ্বন্দ্ব মূলতঃ দুটা কনচেপ্টৰ মাজৰ দ্বন্দ্ব। কথাটো নুবুজিলে অযথা বিতৰ্কৰ নামত পানী ঘোলা কৰাহে হ’ব।”

 

ডিজাইন- ৰিতুপৰ্ণ বৰা

ডিজাইন- ৰিতুপৰ্ণ বৰা

 

 

No Comments

Post A Comment