জুবিন দাৰ গান আৰু কিছু অনুভূতি — মঞ্জিল পি. শইকীয়া

zubeenৰাতিপুৱা শুই উঠাৰ পাছত গা-পা ধুই যেতিয়া অ’ফিছৰ ফালে মই ৰাওনা হওঁ, তেতিয়া সদায় ট্ৰেইনত উঠাৰ আগতে Spotifyত থকা জুবিন দাৰ গানৰ এখন প্লে’লিষ্ট খুলি তেওঁৰ সুমধুৰ কণ্ঠৰ সোৱাদ লওঁ। প্ৰায় ২৫ মিনিটমানৰ ট্ৰেইন-যাত্ৰাটোত মোৰ লগত থাকে ‘জুবিন দা’ আৰু ভিয়েনা চহৰৰ মনোমোহা দৃশ্য। যেতিয়া ভিয়েনাত অৱস্থিত অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় অপেৰা গৃহটো পাওঁ আৰু জুবিন দাই গাই “পাখী পাখী এই মন....” তেতিয়া সঁচাকৈয়ে পাখী দুখন মেলি উৰা মাৰি অসমলৈ গুচি যাওঁ যেন লাগে মোৰ। যোৱা দুবছৰ ধৰি বিদেশত আছোঁ আৰু এই সময়চোৱাত কেৱল এবাৰহে অসমলৈ যোৱাৰ সুবিধা পাইছোঁ। অসমৰ ৰূপ, অসমৰ মাত-কথা আৰু অসমৰ সোৱাদ বাৰুকৈয়ে হেৰুউৱা যেন অনুভৱ কৰোঁ। এনে অৱস্থাত যদি জুবিন দা নাথাকিলহেঁতেন তেন্তে বৰ কঠিন হ’লহেঁতেন দিনবোৰ অতিবাহিত কৰিবলৈ।

zubeen-garg-জুবিনএই লেখাটো প্ৰস্তুত কৰাৰ সময়ত মই জুবিন দাৰ গান শুনি শুনি Croatiaৰ পৰা Sloveniaহৈ ভিয়েনালৈ ঘূৰি গৈ আছোঁ। পথৰ একাষে আছে বিশাল Adriatic সাগৰ। কি এক অনন্য দৃশ্য! এনে এটা পৰিৱেশত জুবিন দাৰ গীত নহ’লে বহু অকলশৰীয়া যেন অনুভৱ হয়। তেওঁৰ গানৰ লগত, মোৰ বাহিৰেও কিজানি, বহু সংখ্যক লোকৰ বহুতো আৱেগ আৰু ভাৱনা জড়িত হৈ আছে। তেওঁক কেতিয়াও লগ নাপালেও, কিবা যেন নিজৰ নিজৰ লাগে।

ভিয়েনা চহৰত থকা মোৰ প্ৰায় এবছৰমান হৈছে। এদিন হঠাতে মেট্ৰ’ ষ্টেচনত মেট্ৰ’ৰ বাবে ৰৈ থাকোঁতে পাছফালৰ পৰা কোনোবা এজনে মাত লগাই সুধিলে, “Are you from Tezpur?” মই থতমত খাই ক’লোঁ, “Yes”। মানুহজনে কথা কোৱাৰ ধৰণত অসমৰ যেন লাগিছিলেই, আৰু তেওঁ হাঁহি এটা মাৰি ক’লে যে তেৱোঁ তেজপুৰৰ। আমি খুৱ আনন্দিত হ’লোঁ। যেতিয়া তেওঁ মোক সোধাৰ ৰহস্যটো ওৰ পেলাব বিচাৰিলোঁ, গম পালোঁ যে মই পিন্ধি থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ টি-ছাৰ্টটোত চকু পৰি তেওঁ মোৰ কাষ চাপিছিল। আমি দুয়োৱে পৰস্পৰৰ ঠিকনা আৰু ম’বাইল নম্বৰ লৈ যোগাযোগত থকাৰ সিদ্ধান্ত ল’লোঁ। পাছত গম পালোঁ যে দাদাজন এজন সংগীতকাৰ আৰু ভিয়েনাত বহু বছৰ ধৰি আছে। তেওঁ হেনো তেতিয়ালৈকে কোনো অসমীয়া মানুহ পোৱা নাছিল। এনেকৈ যে আমি লগ হ’ম, দুই মিলিয়ন জনসংখ্যা থকা এখন চহৰত, তাৰ গাণিতীক সম্ভাৱিতা প্ৰায় শূন্য। এইটো কথা ভাবিলে মোৰ আচৰিত যেন লাগে। দাদাজনৰ তালৈ দুবাৰমান গৈছোঁ। একেলগে ভাত-পানী ৰান্ধোঁ আৰু বহি অসমৰ বিষয়ক আদ্দা মাৰোঁ। আমাৰ লগত প্ৰায়ে থাকে জুবিন দা, আৰু কিছু পৰৰ বাবে এনে লাগে যেন মই অসমত বহিয়েই তেওঁৰ লগত আদ্দা দি আছোঁ। সঁচাকৈয়ে জুবিন দাৰ গীত-মাতত অলপ হ’লেও যাদু আছে, আৰু আছে বহুত মৰম-চেনেহ।

পঠনীয়:  An Interview with Manju Borah

zubeen-garg-জুবিন-গাৰ্গকেতিয়াবা ইউৰোপত হৈ থকা ঘটনাবোৰৰ বাবে মনটো বেয়া লাগে, দেউতাই মাজে মাজে সতৰ্ক কৰি দিয়ে ভালকৈ থাকিবলৈ। তেনেকুৱা হ’লে মই জুবিন দাৰ “অলপ শান্তি দিয়া, অলপ মৰম দিয়া....” গীতটো লগাই বিচনাতে অলপ পৰ চকু মুদি চিন্তা কৰোঁ। দুবাৰমান গানটো বজাৰ পাছত ভাল লাগে— জুবিন দাৰ কণ্ঠৰ প্ৰভাৱ পৰে। বিহু বা বেলেগ উৎসৱত ঘৰলৈ মনত পৰিলে জুবিন দাৰ গীতত যেন হিয়াখন শাঁত পৰি যায়, আৰু যেন সেই পলটোত মই উৰি গৈ অসম পাইছোঁগৈ তেনেকুৱা এটা ভাৱ হয়। এইয়াই হৈছে আমাৰ জুবিন দা। তেওঁ মোৰ চকুত অসমৰ সৰ্ববৃহৎ চুপাৰষ্টাৰ। জুবিন দাৰ গীত নোহোৱা হ’লে হয়তো ইমান দীৰ্ঘ কাল অসমৰ বাহিৰত থাকিব নোৱাৰিলো হয়। তেওঁক লৈ মাজে মাজে হোৱা বিতৰ্কবোৰ দেখি মনত আঘাত পাওঁ, কিন্তু এইটোও জানোঁ যে বিতৰ্ক হৈছে মানে মানুহজনে নিশ্চয় কিবা এটা ভাল কাম কৰি আছে, নহ’লে বেলেগৰ ইমান তেওঁলৈ চকু কিয় যাব। মনত এটা আশা আছে যে কোনোবা এদিন হয়তো তেওঁক লগ পোৱাৰ সুযোগ পাম, তেতিয়া তেওঁক সাবটি ধৰি মোৰ এবাৰ “ধন্যবাদ” বুলি ক’বলৈ মন আছে।

zubeen-garg-rongali

zubeen-garg

No Comments

Post A Comment