জুবিন গাৰ্গ নামৰ মানুহটো কেতিয়া হেৰাই যাব?

এবাৰ গুৱাহাটীৰ কোনোবা এখন কলেজ নে আন প্ৰতিষ্ঠান এটাই ফাংচনলৈ Vengaboysক নিমন্ত্ৰণ কৰিছিল৷ লগে লগে, Vengaboys অশ্লীল আৰু আমাৰ সংস্কৃতিৰ পৰিপন্থী বুলি বিতৰ্কত হুলস্থুল লাগি গৈছিল৷ বহুতৰ নিশ্চয় মনত আছে৷ নিউজ চেনেল, ফে’চবুক আদি আহিবলৈ তেতিয়া কেইবছৰমান বাকী আছিল৷ কিন্তু বাতৰি-কাকতেই সেই উত্তেজনা, উৎকণ্ঠা কঢ়িয়াই আনিছিল৷ বাতৰি-কাকতত প্ৰায়ভাগ গায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছিল৷ সকলো গায়কেই কৈছিল যে আহিলে একো নহয়৷ আহকেই বা আহিব লাগিবই বুলি কোনেও কোৱা নাছিল, মাথোঁ কৈছিল যে আহিব পাৰে, একো নহয়৷ ভূপেন হাজৰিকাইয়ো কৈছিল, জুবিন গাৰ্গেও কৈছিল৷ অৱশ্যে বহু প্ৰতিবাদৰ শেষত Vengaboysৰ অনুষ্ঠান বাতিল কৰা হ’ল৷

বিষয়টো সিমানতে শাম কাটিল৷ কিন্তু কিছুদিনৰ পাছত আকৌ সেই সম্পৰ্কীয় এটা প্ৰবন্ধ পঢ়িবলৈ পালোঁ৷ কোনোবা এগৰাকী যুৱতী নে বয়সীয়াল মহিলাই লিখিছিল প্ৰবন্ধটো৷ Vengaboys অহাটো তেওঁ সমৰ্থন কৰে৷ তেওঁ প্ৰবন্ধটোত সেই সম্পৰ্কে বিবিধ কথা লিখিছে আৰু একেবাৰে শেষৰ পিনে লিখিছে – অসমৰ দুখীয়া ৰাইজৰ টকাবোৰ নি জুবিন গাৰ্গে মুম্বাইত সংগীত সাধনা কৰে নে বিলাসী জীৱন কটায়, ভূপেন হাজৰিকাই ……….. কৰেনে; এই কথাবোৰো Vengaboysক অশ্লীল বুলি কোৱাসকলে মন দিয়া উচিত৷ তেওঁ ভূপেন হাজৰিকাৰ সম্পৰ্কে কি কৈছিল মনত নৰ’ল, জুবিন গাৰ্গৰ বিষয়ে কোৱাটো অলপ মনত ৰৈ গ’ল৷ কাৰণ সেইটোৱেই আছিল জুবিন গাৰ্গৰ সম্পৰ্কে মই পঢ়া প্ৰথম প্ৰবন্ধ, যদিও বাক্য কেৱল সেই এটাহে আছিল৷ আৰু সেই অভিযোগটো আছিল অলপ বেলেগ ধৰণৰ৷ আনহাতে আজিকালি জুবিন গাৰ্গ মুম্বাইত নথকাক লৈয়ো ধেৰ অভিযোগ শুনা যায় (সু-পৰামৰ্শ দিয়াসকলৰ কথা বাদ দিছোঁ)৷

দিন পাৰ হৈ গ’ল৷ এদিন কলেজৰ লাইব্ৰেৰীত পুৰণা আলোচনীবোৰ খুঁচৰি থাকোঁতে আকৌ এটা প্ৰবন্ধ পালোঁ৷ সেইটো কেৱল জুবিন গাৰ্গক লৈ লিখা৷ সেইটো হ’ল তেওঁৰ বিষয়ে পঢ়া দ্বিতীয়টো প্ৰবন্ধ৷ আৰু তাত লিখা হৈছে যে জুবিন গাৰ্গৰ জনপ্ৰিয় গানবোৰ সহশিল্পীৰ বাবেহে জনপ্ৰিয়৷ আজি এই কথাটো কোনোবাই মানিব নে?

এই কথা দুটা মাজে মাজে মনত পৰে৷ কাৰণ ইয়াৰ মাজতেই আছে এজন মানুহ টিকি থকাৰ কাহিনী৷ আজি বহুতে কয়, “জুবিন গাৰ্গৰ আজিকালি বহুত প্ৰতিদ্বন্দী আছে”৷ কিন্তু তেনে প্ৰতিদ্বন্দী আগতেও আছিল৷ তেওঁলোকে নিজে প্ৰতিদ্বন্দী বুলি নিশ্চয় ভবা নাছিল, কিন্তু আজি এইবোৰ কথা কোৱা মানুহখিনিৰ ধৰণে চালে কথাটো তেতিয়াও আছিল৷ কিন্তু ইমানবোৰ কথা কোৱাৰ পাছতো জুবিন গাৰ্গ টিকি থাকিল৷

যিবিলাক মানুহে প্ৰতিটো দিন নতুন বুলি লৈ কাম কৰি যায়, তেওঁলোক টিকি থাকিবই৷ সমালোচনাৰ পৰা তেনে মানুহে হয় শিক্ষা ল’ব, নতুবা সেইবোৰ নিজে নিষ্ক্ৰিয় হৈ যাব৷ অৰ্থহীন নিন্দা বা ঈৰ্ষাই তেনে মানুহক ধ্বংস কৰিব নোৱাৰে৷ কাৰণ একেটা দিনকে যাপন কৰি থকাটো তেওঁলোকৰ উদ্দেশ্য নহয়, তেওঁলোকে বিচাৰে নতুন নতুন দিন৷ সেয়েহে জুবিন গাৰ্গক সমালোচনা কৰিলে বা নিন্দা কৰিলে তেওঁ শেষ হৈ যাব বুলি অনুৰাগীসকলে ভয় খাব নালাগে৷ বহুতো অনুৰাগীয়ে নিন্দাত জুবিন গাৰ্গ শেষ হৈ যাব বুলি ভয় খায়৷ কোনোবাই ভুল আৰু বেয়া সমালোচনা কৰিলে উত্তৰ দিবলৈ মন গ’লে দিব লাগে, ভালকৈ উত্তৰ দি দিব লাগে; কিন্তু জুবিন গাৰ্গ হেৰাই যাব বুলি মনত ভয়টো ৰখাৰ কোনো কাৰণেই নাই৷ বৰং জুবিন গাৰ্গৰ পৰা শিক্ষা ল’ব লাগে, প্ৰতিটো দিন কিবা এটা কৰাৰ৷ প্ৰয়োজন হ’লে, সু-উদ্দেশ্যপূৰ্ণ কাম নিজে সৃষ্টি কৰি ল’ব লাগে৷

কিছুমান সঠিক সমালোচনা জুবিন গাৰ্গক বহুত বেছিকৈহে প্ৰয়োজন, সেইবাবেই এমাহমান পূৰ্বে তেওঁক দেউতাকেও সমালোচনা কৰিছে৷ কিছুদিন পূৰ্বে বহুতে “জুবিন গাৰ্গ এতিয়া ক’ত”, “জুবিন গাৰ্গ এতিয়া ক’ত” বুলি চিঞৰি প্ৰমাণ কৰি দিছে জুবিন গাৰ্গ অবিহনে তেওঁলোক কিমান অসহায়৷ গতিকে, তেওঁৰ মাজত নিহিত থকা এই শক্তিটো সঠিক কামত খটুৱাবলৈ সমালোচনা হ’বই৷ জুবিন গাৰ্গ এটা জীৱন্ত কিংবদন্তি৷ কিংবদন্তিক মানুহে বেলেগ বেলেগ ৰূপত বিবেচনা কৰি চায়৷ তেজীমলা কিংবদন্তিটোকে চালে দেখা যায়, তাক কিমান বেলেগ বেলেগ ৰূপত চোৱা হৈছে৷ গান, উপন্যাস, চিনেমা৷ বেলেগ বেলেগ দৃষ্টিভংগীৰে৷ প্ৰবন্ধবোৰ বাদেই দিছোঁ৷ এতিয়া কথা হ’ল, কিংবদন্তি কিমান দিন জীয়াই থাকে? কিংবদন্তি কেতিয়া হেৰাই যাব?? কিংবদন্তি তেতিয়ালৈকে জীয়াই থাকে, যেতিয়ালৈকে এটা জাতি জীয়াই থাকে৷ ওপৰত কৈছোৱেই, জুবিন গাৰ্গ এটা কিংবদন্তি৷

No Comments

Post A Comment