সৃষ্টি-কৰ্মক মানুহৰ মাজলৈ নিয়াৰ প্ৰচেষ্টা আৰু জুবিন গাৰ্গ

জুবিন গাৰ্গে মিছন চাইনাৰ প্ৰচাৰৰ বাবে যোৰহাটলৈ গ’ল, ডিব্ৰুগড়লৈ গ’ল। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু সেইপিনৰ কেইবাখনো কলেজত অনুষ্ঠান কৰিলে, প্ৰচাৰ চলালে। পিছদিনা তেজপুৰলৈ আহি তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰচাৰ চলালে। তাৰ পিছদিনা গুৱাহাটীলৈ গৈ তাত এটা নে দুটা অনুষ্ঠান কৰিলে, টক শ্ব’তো ভাগ ল’লে। পিছদিনা দিল্লীলৈ গ’ল। পুনৰ গুৱাহাটীলৈ উভটি গুৱাহাটীত অনুষ্ঠান কৰি আছে, প্ৰচাৰ চলাই আছে....। এইবোৰ বাহ্যিক কাৰ্য, আমি দেখা পাইছোঁ। ভিতৰি বাকী কামবোৰ আছেই....। এইসমূহৰ পূৰ্বে এডিটিঙৰ কামত তেওঁ মুম্বাইলৈ গৈছিল, তাৰ পূৰ্বে কেইটামান গান ৰেক’ৰ্ড কৰিলে, বান-পীড়িতক সাহায্যৰ কথা বাদ দিছোঁ। তাৰ মাজতেই আকৌ নিন্দুকৰ কটু সংলাপবোৰ হজম কৰিবলৈ আছেই। এই যে এজন মানুহে ইমান লাগি থাকিব পাৰে, একোটা সৃষ্টিক মানুহৰ মাজলৈ লৈ যাবলৈ অহৰহ ব্ৰতী থাকিব পাৰে, ক’ৰ পৰা আহে তেওঁৰ দৰে মানুহবোৰৰ গালৈ এইধৰণৰ শক্তিটো??

অংকণ : জয়ন্ত মাধৱ। JMDas' Art

যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ বা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ ভাগৰত দুদিন শোৱা ডেকা মানুহো লগ পাইছোঁ। জুবিন গাৰ্গ দেখাতেই শাৰীৰিকভাৱে ইমান শক্তিমন্তও নহয়। ফেইচবুকতেই দুই-একে আগতে কোৱা দেখিছোঁ— অলপমান জোৰত কোনোবাই ঠেলা মাৰি দিলেই বাগৰি পৰিব; ভৰি দুটা চাচোন, মাংসই নাই অকণো....। তেন্তে তেওঁ ক’ৰ পৰা পাই এনেধৰণৰ শক্তি? ইয়াৰ উৎস ক’ত?? এনেধৰণৰ যিকোনো মানুহৰে ক্ষেত্ৰতেই— শাৰীৰিক শক্তি, পৰ্যাপ্ত ধন, কমনীয়তাপূৰ্ণ শাৰীৰিক সৌন্দৰ্য, চিনাকি মানুহ — মাথোঁ এইবিলাকেই ইয়াৰ উৎস নহয়। এই ৰহস্যৰ মোৰ বিচাৰি আমি জুবিন গাৰ্গৰ দূৰ অতীতলৈ এবাৰ উভটি যাব পাৰোঁ।

কিছুদিন আগতে মনস্তাত্ত্বিক বিষয়ক এটা প্ৰবন্ধ পঢ়িছিলোঁ, প্ৰবন্ধটো চে’ভ কৰি থোৱা আছে, কিন্তু বিচাৰি পোৱা নাই। তাত লিখা আছিল— এই যে গায়কসকলে, পাৰফৰ্মাৰসকলে অহৰহ একেটা অনুষ্ঠান কৰি থাকে, তাৰপৰা আন মানুহে বহু কথা শিকিবলগীয়া আছে। মই জুবিন গাৰ্গৰ উদাহৰণকে দিছোঁ— ধৰক তেওঁ বিহুৰ সময়ত লগত লগত ৪০টা ফাংছন কৰিলে। কোনোবা দিনা দুটাও কৰিবলগা হয়। তেওঁ সদায় একেখিনি গানেই গাব; কিন্তু গানখিনি গোৱাটোতো সদায় ভাল হ’বই লাগিব। একেটা কথা আমাৰ ভ্ৰাম্যমানৰ অভিনেতা-অভিনেত্ৰীসকলৰ ক্ষেত্ৰতো ক’ব পাৰি। মাহ মাহ ধৰি তেওঁলোকে একেখিনি অভিনয়কে একেই উদ্যমেৰে দেখুৱায়েই থাকিব লাগিব। এইটো সহজ কাম নহয়। আমি শিক্ষকসকলক চাব পাৰোঁ; অতি সামান্য সংখ্যক শিক্ষকহে শ্ৰেণীকোঠাত পাঠদানৰ ক্ষেত্ৰত পাৰফৰ্মাৰ হ’ব পাৰে। হয়তো শতকৰা ০.০৮ ভাগ। আমি চিকিৎসকসকলক চাব পাৰোঁ। বা আমি আবেলিৰ বজাৰৰ বিক্ৰেতাসকলক চাব পাৰে। আমি নিজক চাব পাৰোঁ। যিকোনো বৃত্তিৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য। বৰপেটাৰ কাঁহ-পিতলৰ বাচন ব্যৱসায়ী এজন এবাৰ আমাৰ পুৰণি অঞ্চললৈ আহিছিল, তেওঁৰ লগত দুজন ল’ৰা। বস্তু বিক্ৰীৰ বাবে তেওঁৰ কথা কোৱাৰ ধৰণ, জিভাৰ আগতেই থকা সকলো খুচুৰা হিচাপ-নিকাচ — এইবোৰ দেখি, একেবাৰে শেষত তেওঁক কোনোবা এজনে সুধিলে— “আপুনি কিন্তু মানুহ ঠিক আছে দেই, তৎক্ষণাৎ ইমানবোৰ কথা কৈ দিয়ে, কাষ্টমাৰে না বুলি ক’বলৈ ভাবিব লগা হয়, আৰু ইমান হিচাপ-নিকাচ মুখতেই...., আপোনাৰ ভাগৰ নালাগেনে?” 

অংকণ : জয়ন্ত মাধৱ। JMDas' Art

তেতিয়া ব্যৱসায়ীজনে ক’লে— “মোৰ এইটোৱেই কাম। মই এনেকৈ নাহোঁ, বাহিৰলৈ ইহঁতৰ নিচিনা ল’ৰাকেইটা আহে, এইবাৰ মই ইহঁতে কেনেকৈ কাম কৰে চাবলৈ আহিলোঁ, ইহঁতক অলপ শিক্ষা দিছোঁ, লগতে মোৰ জেগা চোৱাও হ’ব। মই অমুক অমুক সাপ্তাহিক বজাৰকেইখনত বহোঁ, আৰু নিজৰ দোকানত বহোঁ। সপ্তাহৰ ছটা দিন। এটা দিন মোৰ দোকান-বজাৰ সম্পূৰ্ণ বন্ধ। সেই ছটা দিন মোক এই একেটা ৰূপতে পাব, মইয়ো নৰওঁ আৰু মোৰ ওচৰত থকা কোনেও শান্তি নাপায়। বাকী এটা দিন সম্পূৰ্ণ জিৰণি, মৰি গ’লেও মই কামৰ কথা নাভাবোঁ, সেইদিনা পুৰা বাগৰি যাওঁ মই, ঘৰত থাকোঁ, নতুবা অলপ ইফাল-সিফাল কৰোঁ.....।” সেই ব্যৱসায়ীজনৰ সেইটো এটা পাৰফৰমেঞ্চ। আমাৰ বিভিন্ন বৃত্তিৰ মানুহবোৰক এনেধৰণৰ শিক্ষা দিবলৈ এনজিঅ’ কিছুমানো গঢ়ি উঠা উচিত। সাধাৰণ দোকানী একোজনকে আৰম্ভ কৰি যিকোনো সৰু সৰু বৃত্তিৰ মানুহক এইবোৰ শিক্ষা বহুত বেছিকৈয়ে প্ৰয়োজন। সিদিনা জুবিন গাৰ্গক এজন সাংবাদিকে প্ৰথমে শিল্পী বুলি দৰ্শকক পৰিচয় কৰি দিয়াৰ পিছত প্ৰসংগক্ৰমে প্ৰশ্ন কৰিলে— “আপুনি আৰ্টিষ্ট শব্দটো ব্যৱহাৰ কৰিছে, অসমীয়াত বহুতেই তাক শিল্পী বুলি কয় যিহেতু, আপুনি নিজকে শিল্পী বুলি ভাবেনে?” জুবিন গাৰ্গে ক’লে— মানুহে মোক ডেফিনিছনটো শিল্পী বুলি দিলে, সেইকাৰণে আৰ্টিষ্ট বুলি কৈছোঁ। তাৰ পিছতে জুবিন গাৰ্গে শব্দকেইটা বানান কৰি কৰি সাংবাদিকজনক বুজাই ক’লে যে— “মই আকৌ, আৰ্টিষ্ট মানে artist ৰ কথা কোৱা নাই। আৰ্টিষ্ট মানে artiste— সেইটোহে কৈছোঁ মই। Artiste— যিটো.... সব ধৰণৰ শিল্পী সোমাই থাকে তাত। Artiste বুলি ক’লে এজন খুৱ ভাল কাঠৰ কাম কৰা মানুহো হ’ব পাৰে; এজন খুৱ ভাল মুচী— যি ভাল জোতা বনায়, তেৱোঁ থাকিব পাৰে; খুৱ ভাল গান গোৱা মানুহ এজনো থাকিব পাৰে; ভাল অভিনেতা এজনো থাকিব পাৰে; পৰিচালক এজনো থাকিব পাৰে। গতিকে মই গোটেই.... সামগ্ৰিকভাৱে কৈছোঁ।”

অংকণ : জয়ন্ত মাধৱ। JMDas' Art

যেতিয়া জুবিন গাৰ্গে প্ৰথম কেছেটটো উলিয়াইছিল, সেই সময়খিনিত তেওঁ কিছুদিন জিতুল সোণোৱালৰ ফাংছনসমূহত কীব’ৰ্ড বজাইছিল। পূৰ্বতে কেইবাবছৰো তেওঁ আন বেলেগ বেলেগ গায়ক-গায়িকাৰ ফাংছনত বাদ্যযন্ত্ৰ বজাই আছিল। জিতুল সোণোৱালৰ ফাংছনতে শেষ, তাৰপিছৰ পৰা লোকৰ ফাংছনত তেওঁ বজোৱা নাই; বাদ্যযন্ত্ৰীৰ পৰা তেওঁৰ এটা বেলেগ পৰিচয় আৰম্ভ হৈছিল; অৱশ্যে নিজৰ ফাংছনত বেলেগক গাবলৈ দি এতিয়াও বজাই কেতিয়াবা। একেবাৰে সৰুৰে পৰা তেওঁ নিজে লিখা, নিজে সুৰ কৰা গীতকেইটামান গোটাই প্ৰথম কেছেটটো উলিয়াব বিচাৰিছিল। তাৰে এটা গীতৰ সুৰ তেওঁ অষ্টম শ্ৰেণীতে কৰিছিল। কিছুদিনৰ আগতে জিতুল সোণোৱালে টিভিৰ অনুষ্ঠান এটাত কৈছিল— জুবিন গাৰ্গে প্ৰথম কেছেট উলিয়াবৰ সময়ত তেওঁ গম পাইছিল যে ল’ৰাটোৱে নিজৰ এটা কেছেট উলিয়াবলৈ লৈছে। কিন্তু তেওঁৰ লগত বাদ্যযন্ত্ৰ বজোৱা ল’ৰাটোৰ তেওঁ অকল নামটোহে জানিছিল— জুবিন। ল’ৰাটোৱে উপাধি গাৰ্গেই লিখে নে বৰঠাকুৰেই লিখে সেইটোও তেতিয়া জিতুল সোণোৱালে একো জনা নাছিল।

পঠনীয়:  সম্ভাৱনাৰ দুৱাৰমুখ আৰু সলনি হৈ যাব পৰা পথ

সেই তেতিয়াৰ অখ্যাত ল’ৰাজনৰ “অনামিকা” নামৰ কেছেটটো বাণীবদ্ধ হোৱাৰ পিছত ল’ৰাজনে কৈছিল যে “যদি এলবামটোৰ মাৰ্কেটিং ঠিক নহয় তেতিয়াহ’লে কেছেটটো মই মানুহৰ ঘৰে ঘৰে গৈ শুনাম”। এই কথাটো শুনাত এটা অতি সৰু কথা; কিন্তু কথাটো প্ৰকৃততে বহুত ডাঙৰ কথা। “মই মানুহৰ ঘৰে ঘৰে গৈ শুনাম” — সেই তেজস্বী মনোভাৱটো জুবিন গাৰ্গৰ মাজত সদায় আছে। তেতিয়াও, এতিয়াও। অহৰহ, প্ৰতিদিন, প্ৰতিপল। ষ্টাৰ এনেই হ’ব নোৱাৰি। সেই তেজস্বিতা গুণটো তেওঁৰ সুৰে সুৰেও ব্যপ্ত হৈ আছে। এটা সৃষ্টিক মানুহৰ মাজলৈ নিয়াৰ উৎসৰ্গীকৃত মনোভাৱ তেওঁৰ অসাধাৰণ। তেওঁ ইমান লাগি থাকিব পৰা শক্তিটো তাতেই আছে।

No Comments

Post A Comment