সমীক্ষা আৰু বদমাচী

অসংখ্য সমীক্ষাত কিছুমান বদমাচী নীহিত থাকে৷ এই বদমাচী কেৱল আলোচনীয়েই নকৰে৷ গৱেষক, চিকিৎসক বা আন কৰ্মচাৰীও এইবোৰ কৰা দেখা যায়৷ এনেকৈ বহুতে পিএইচডি লৈ আছে৷ তাৰে বহুতক নিজে দেখিছোঁ৷

সমীক্ষা এটা শুদ্ধ হ’বলৈ বহুতো কাৰক জড়িত থাকে৷ ই সৰল অংক নহয়৷ এই সম্পৰ্কীয় কাৰকবোৰ আৰু তাৰ লগত জড়িত গণিত তথা পৰিসংখ্যা সম্পৰ্কীয় জটিল কথাবোৰলৈ এতিয়া নাযাওঁ৷ তাৰ পৰিৱৰ্তে সৰল কথা কিছুমান চাও আহক:

১৯ খন চহৰত সমীক্ষা চলোৱা হ’ল৷ বাচি লোৱা মুঠ মানুহ ২৫০০জন৷ তাৰমানে এখন চহৰত গড়ে প্ৰায় ১৩০ জন মানুহ লোৱা হৈছে৷

আপুনি এতিয়া গুৱাহাটী চহৰখন বাচি লওক৷ আৰু আপোনাৰ সমীক্ষাৰ বিষয়টো হৈছে, গুৱাহাটীত কৰ্মচাৰীসকলে দুপৰীয়া চাহ খাই নে নাখায়৷

আপুনি গুৱাহাটীৰ ১৩০জন মানুহৰ তথ্য আহৰণ কৰিলে৷ আৰু তেওঁলোকৰ পৰা আপুনি ফলাফল পালে যে ৮০ শতাংশই চাহ নাখায় আৰু ২০ শতাংশই খায়৷ এই ফলাফলৰ পৰা আপুনি নানা সিদ্ধান্ত দিলে – মানুহৰ সচেতনতা, চাহৰ চাহিদা, চাহ কোম্পানীৰ অৱস্থা, থলুৱা খাদ্যৰ প্ৰতি মানুহৰ আগ্ৰহহীনতা, নানা বিষয়ত সিদ্ধান্ত দি দিলে আপুনি৷ কাৰণ আপোনাৰ সমীক্ষাই সেয়া কৈছে!!

কিন্তু, গুৱাহাটী এনে এখন চহৰ য’ত প্ৰায় ছয় লাখ মানুহ থাকে, যিখন চহৰলৈ দিনে প্ৰায় এক লাখ মানুহ সোমাই, এক লাখ মানুহ ওলাই যায়৷ গতিকে, সেই সমস্ত মানুহৰ তথ্য গোটালে আপোনাৰ সমীক্ষাটোৰ কি হ’ব?? সমস্ত মানুহ নালাগে বাৰু, আপুনি এইবাৰ ১৩০জনৰ লগত আৰু ৩৭০জন যোগ কৰক৷ মানে, এইবাৰ ১৩০ জনৰ পৰিৱৰ্তে ৫০০জন মানুহৰ কাষলৈ আপুনি যাওক৷ যদি এই নতুন ৩৭০জনে চাহ খাও বুলি কৈ দিয়ে, তেন্তে পূৰ্বতে পোৱা শতাংশবোৰ সম্পূৰ্ণ সলনি হৈ নাযাবনে? তেতিয়াহ’লে পূৰ্বৰ সমীক্ষাটোক কি বুলি কোৱা উচিত?? বদমাচী, ফটুৱামী, ফাংফুং কাৰবাৰ??

এনেকুৱা ফাংফুং কাৰবাৰেই চলি থাকে৷ কোনেও এইবোৰত সিমান গুৰুত্ব নিদিয়ে৷ কিন্তু যেতিয়া স্পৰ্শকাতৰ বিষয়ত ফাংফুং সিদ্ধান্তবোৰ কেতিয়াবা আহি যায় তেতিয়া বিতৰ্ক হয়৷ এনেকুৱা বিতৰ্কত ছাত্ৰ এজনৰ অপকাৰ হ’ব পাৰে৷ কাৰণ বিতৰ্ক হ’লে তেওঁ ডিগ্ৰীটো নাপাব পাৰে৷ গতিকে সিদ্ধান্তবোৰ কম মানুহে পঢ়া কৰি আলমাৰিত জাপি থ’ব পৰা হ’লে তেওঁলোকৰ সুবিধা হয়৷ কিন্তু আলোচনীৰ ক্ষেত্ৰত বিতৰ্ক হ’লেহে আলোচনীখনৰ লাভ হয়৷ আনহাতে, ১৩০ জন মানুহ – এই কথাটো মন কৰা মানুহ বহুত কম৷ কিন্তু ৮০%, ২০% বুলি কৈ দিয়া লগে লগে এই কথাটো একেকোবেই খামুচি ধৰি বেলেগ কথা নভবা মানুহ বহুত বেছি৷

আলোচনীৰ প্ৰচলন বহুত বেয়া আজিকালি৷ তেওঁলোকে এখন চহৰত ১০ হাজাৰ মানুহৰ মাজত সমীক্ষা চলাবলৈ ধন খৰচ কৰিব নোৱাৰে, গতিকে ১৩০ জনতে সীমাবদ্ধ৷ আৰু বিতৰ্কই প্ৰচলনত সহায় কৰে৷ এইবোৰ পেটৰ ভাতমুঠিৰ বাবেই কৰিব লগা হয়৷ অৱশ্যে সেই ভাতমুঠি সঘনাই দামী ৰেস্তোৰাত আশা কৰাটোৱে এটা কাৰক৷

পঠনীয়:  ভৱিষ্যতৰ মানুহৰ বিবৰ্তন কেৱল জৈৱিক নহ'বও পাৰে

দুটা আমোদজনক কথা – পাপনৰ বিতৰ্কটোৰ সময়ত, পাপনক গালি পাৰি থকা কেইজনমানে পাপনৰ ফে’চবুক পে’জটো লাইক কৰিছিল৷ নিউজফিডত কেইবাজনো আহি আছিল৷ মাৰিয়া চাৰাপভাই শচীনক চিনি নাপাও বুলি কওঁতে যেতিয়া বিতৰ্ক চলি আছিল তেতিয়াও সেইটো দেখা পাইছিলোঁ৷ পটকৈ দেখা কথা এইবোৰ৷ ভালকৈ তথ্য চালে কিমান ওলাব? তাৰমানে বিতৰ্কই তেওঁলোকক বেয়াপোৱা কেইজনকো তেওঁলোকৰ প্ৰতি আকৰ্ষণহে কৰিছে পূৰ্বতকৈ৷ একেটা কথাই বিতৰ্কিত আলোচনীৰ ক্ষেত্ৰতো হ’ব৷

পিচে, সকলো সমীক্ষাই এনে ফাংফুং নেকি? নহয়৷ অসমৰ নতুন প্ৰজন্মৰ মানসিক আৰু চাৰিত্ৰিক কথা সম্পৰ্কীয় দুটা সমীক্ষাৰ কথা বাতৰিত পাইছিলোঁ৷ সেয়া চলিছিল, দুই-তিনিখনমান স্কুলত কেইশমান ছাত্ৰ-ছাত্ৰীৰ মাজত৷ উন্নত দেশৰ দুজন বিশ্ববিখ্যাত গৱেষকৰ দুটা সমীক্ষাৰ কথা বেলেগ বেলেগ সময়ত পঢ়িছিলোঁ, তাৰে এটাত সমীক্ষা চলোৱা হৈছিল ৬০ হাজাৰৰ মাজত৷ সেইদৰে আনটোতো বহু সংখ্যকৰ মাজত৷ গতিকে, সঠিক সিদ্ধান্তবোৰ ক’ত ওলাব?? আৰু ফলাফল ৰূপে সঠিক সমাধানবোৰ ক’ত ওলাব?? ভাল কোনবোৰ দেশৰ হ’ব?? নিশ্চয় সেইবোৰ দেশত৷ আৰু আমাৰ ইয়াত ফাংফুঙেৰে ভুলকে সিদ্ধান্ত বুলি দিয়াৰ ফলত, আৰু তাৰ দ্বাৰা ভুল সমস্যা উত্থাপন কৰা ফলত মূল সমস্যা সমস্যাৰূপেই থাকি যায়৷

 

No Comments

Post A Comment