প্ৰচলিত অৰ্থত সফল নহ'লেও আপোনাৰ কামৰ মূল্য থাকিব পাৰে

বিশ্ববিখ্যাত চহৰ লছ এঞ্জেলছৰ ৰেস্তোৰাবোৰত যিসকল লগুৱা বা ৰান্ধনী থাকে, তেওঁলোক হেনো চহৰখনলৈ প্ৰথমে যায় অভিনয় কৰি বিশ্ববিখ্যাত হ'বৰ বাবে৷ আৰু চলচিত্ৰ নিৰ্মাণৰ এটি বিখ্যাত প্ৰাণকেন্দ্ৰ সেই চহৰত একো কৰিব নোৱাৰি অৱশেষত জীৱিকাৰ বাবে হোটেলত খাদ্য বিলোৱাৰ কাম ল'ব লগা হয়৷ এয়া এটা অত্যুক্তি হ'ব পাৰে, কিন্তু কথাখিনি তাৎপৰ্যপূৰ্ণ৷ সেই বিখ্যাত চহৰৰ হোটেলত কাম কৰিবলৈ পোৱাটোও এটা কৃতিত্ব৷ য'ত একাপ মাথোঁ কফীৰ দাম আমাৰ হিচাপত কেইবা শ টকা হ'ব৷

প্ৰিয়া প্ৰকাশে এটা সাক্ষাৎকাৰত কৈছিল, তেওঁ কেতিয়াও ভবা নাছিল যে এনেদৰে তেওঁ একেদিনাই বিখ্যাত হৈ পৰিব, নিযুত নিযুত মানুহৰ অনুৰাগৰ কেন্দ্ৰবিন্দুত পৰিণত হ'ব৷ তেওঁ কেতিয়াও ভবা নাছিল৷ আশাই কৰা নাছিল৷ ভিডিঅ'টো ইমান জনপ্ৰিয় হ'ব বুলিও তেওঁলোকে ভবা নাছিল৷

ক্ষন্তেক মুহূৰ্তৰ সেই গোটেই দৃশ্যকণ সৃষ্টিত প্ৰিয়া প্ৰকাশৰ অৱদান কিমান? গোটেই দৃশ্যটো সৃষ্টি হৈছিল বেলেগ এজন মানুহৰ মগজুত৷ আৰু সেইটো দৰ্শকৰ বাবে সাজি উলিওৱাত পৰিচালক, কেমেৰামেন, মেকআপমেন, সহঅভিনেতা,.... কতজন মানুহ জড়িত হৈ আছে৷ আৰু ইমান দৰ্শন পাব বুলি তেওঁলোকে কোনেও আশা কৰাৰ কোনো থলেই নাছিল৷ কিন্তু সময়, পৰিস্থিতি, আৰু মানুহে মনে বিচাৰি থকা কিবা এটা মিলি গ'ল অকস্মাতে৷ প্ৰিয়া প্ৰকাশ বিখ্যাত হৈ পৰিল৷

"বাহুবলী"ৰ ৰাজমাতা শিৱগামী দেৱীক মনত আছেনে? সেই চৰিত্ৰটোৰ অভিনেত্ৰীগৰাকীয়ে অসংখ্য অভিনয় কৰিছে৷ বহু পুৰস্কাৰো পাইছে৷ কিন্তু "বাহুবলী"ৰ পিছত তেওঁ এবাৰ আলোচনী এখনৰ সাক্ষাৎকাৰত কৈছিল, এনেকুৱা এটা জীৱন সলনি কৰি পেলোৱা চৰিত্ৰত তেওঁ অভিনয় কৰিবলৈ পাব বুলি কেতিয়াও ভবা নাছিল৷ বাহুবলীৰ মুখ্য অভিনেতা-অভিনেত্ৰীসকল আগৰ পৰা পৰিচিত৷ তেওঁলোক প্ৰত্যেকৰে পাঁচ-ছখনকৈ চিনেমা চাইছোঁ পূৰ্বতে৷ তেওঁলোক পূৰ্বতেই ষ্টাৰ, তেওঁলোকৰ কাহিনী সুকীয়া৷ কিন্তু এই গোটেই নতুন চিনেমাখনে আন কিছুমান মানুহৰ জীৱন সলনি কৰি পেলালে নিজেই কল্পনা নকৰা ধৰণেৰে৷ নাম, সন্মান, ধন, সন্তুষ্টি৷

এই একে ধৰণৰ কথা কৈছিল শ্বাহৰুখ খানেও৷ কিছুমান হীট চিনেমা কৰিবলৈ লোৱা সময়ত তেওঁ কেতিয়াও ভবা নাছিল যে সেইখন যে হীট হ'বগৈ৷ কিন্তু কিবা মিলি গৈছিল, আৰু হীট হৈ গৈছিল৷ সলনি হৈ গৈছিল জীৱন৷ তেওঁ কৈছিল, এই সফলতা আহিছিল অস্বাভাৱিকভাবে, পিছত এনেই নিজৰ কৃতিত্ব লৈ লোৱা হয়৷ তেওঁ মাথোঁ হাতলৈ অহা ভাল কাম কৰি গৈছিল৷ নিজক ব্যস্ত ৰাখিছিল৷ সফলতা নিজেহে আহিছিল৷

এই ধৰণে যে সফলতা কিছুমান আহে তাৰ অস্তিত্বটো অলপ বেলেগ ধৰণৰ৷ মূল কথাটো হ'ল, মানুহে ভাল কাম অহৰহ কৰি যাব লাগে৷ কি কি ভাল ধৰণ আছে সেইবোৰ আয়ত্ব কৰিবলৈ অহৰহ চেষ্টা কৰি যাব লাগে৷

এটা কথা ভাৱকচোন, যদি উন্নত কম্পিউটাৰ প্ৰগ্ৰেমিং লেংগুৱেজবিলাক বিকাশ নহ'লহেঁতেন, তেন্তে আজি মাৰ্ক জাকাৰবাৰ্গ বা বিল গেটছৰ দৰে মানুহক কোনে চিনি পালেহেঁতেন? তেওঁলোক যদি আজিৰ পৰা এশ বছৰৰ আগতে জন্ম হ'লহেঁতেন তেন্তে তেওঁলোক কোনোবা কলেজৰ অধ্যাপক হৈ নতুবা ক'ৰবাত ইলেক্ট্ৰনিক বস্তুৰ মেকানিক হৈ থাকিলহেঁতেন৷ কিন্তু নিঃসন্দেহে সেয়া হ'লহেঁতেন তেওঁলোকৰ বিশেষ একোটা অৱদান৷

পঠনীয়:  দেৱদাস আৰু ৰিচাৰ্ড ফিলিপছ ফাইনমেন

বা মাইকেল এঞ্জেলোৰ কথা ভাবকচোন৷ যদি আজি অসমত থাকিলহেঁতেন তেওঁ কি কৰিলেহেঁতেন? তিনিআলি-চাৰিআলিত দুটামান মূৰ্তি সাজিলেহেঁতেন, ল'ৰা-ছোৱালীক স্কুললৈ অনা-নিয়া কৰিলেহেঁতেন, শ্বপিংমলত বজাৰ কৰিলেহেঁতেন, বাতৰিকাকত পঢ়িলেহেঁতেন, পত্নীক ফুৰাবলৈ নিলেহেঁতেন, অসম চৰকাৰৰ শিল্পী পেঞ্চন পালেহেঁতেন৷ কিন্তু তেওঁ "মাইকেল এঞ্জেলো" হ'ব নোৱাৰিলেহেঁতেন৷ কাৰণ, মাইকেল এঞ্জেলো হ'বলৈ দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি সাধনা কৰিব লাগিব, অহৰহ শিলত বটালি মাৰি থাকিব লাগিব, মৰা মানুহ বিচাৰি মানুহৰ হাড়ৰৰ গঠন অধ্যয়ন কৰিব লাগিব৷ আজিৰ যুগত পৰিয়াল, স্কুল-কলেজ, খাদ্যৰ উপায় আদি চিন্তা সমুলি বাদ দি সিমানখিনি কৰা কাৰোৰে বাবে সম্ভৱ নহয়৷ কাৰণ আজি জীৱনৰ বাবে স্কুল-কলেজ, বজাৰ, পৰিয়াল আদিৰ গুৰুত্বও বহুত বেছি৷

কিছুমান কৃতিত্ব বা সফলতা আচলতে পৰিস্থিতি আৰু সময়ৰ লগতহে অকস্মাতে মিলি যায়৷ এনেদৰে অকস্মাতে মিলি নগৈ কিছুমান সফলতা নহাকৈ থাকে৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে কামটোৰ গুৰুত্ব নাই, বা পৃথিৱীত আপোনাৰ গুৰুত্ব নাই৷ গতিকে, এনে সফলতা নাহিল বুলিয়েই আপুনি কৰি থকা ভাল কামটোৰ কোনো গুৰুত্ব নাই বুলি এৰি দিব নালাগে৷

No Comments

Post A Comment