বিশ্ব পৰিৱেশ দিৱস আৰু হিয়া দিয়া নিয়া

সিদিনা বিশ্ব পৰিৱেশ দিৱস পাৰ হৈ গ’ল৷ অতি কম সংখ্যক মানুহেহে গম পাই যে এইবাৰৰ এই দিৱসৰ থিমটো আছিল “প্লাষ্টিক প্ৰদূষণ পৰাভূত কৰক”৷ গতিকে এই দিশত এতিয়া অধিক সজাগতাৰ প্ৰয়োজন আহি পৰিছে৷ এই সম্পৰ্কে যিমান পাৰে মানুহৰ মাজত প্ৰচাৰ কৰক৷

“গছপুলি ৰোৱা” আন্দোলনটো বৰ্তমান অতি জনপ্ৰিয় হৈছে৷ যোৱা ২০ বছৰমান ধৰি এয়া সকলোৱে নিশ্চয় দেখা পাইছে৷ এই কামটো এটা অতি দৰকাৰী কাম৷ কিন্তু ইয়াতো কিছুমান “কিন্তু” আহি পৰিছে৷ যাদৱ পায়েঙে কৈছিল যে আচলতে এই দিনটোতে বহুত বেছি সংখ্যক গছপুলিৰ মৃত্যু হয়৷ সেয়েহে এই আন্দোলনটোক “গছপুলি জীয়াই ডাঙৰ কৰা” নামৰ আন এটা আন্দোলনলৈ সলনি কৰা প্ৰয়োজন৷ আজিকালি গছপুলি দেখুৱাই মানুহে গৌৰৱ কৰে যে: “এইয়া মই গছপুলি ৰুইছোঁ”৷ অহা বছৰৰ পৰা যাতে মানুহে গৌৰৱ কৰিবলৈ লয় যে: “এইয়া মই ডাঙৰ কৰা বিছ জোপা বা অন্ততঃ পাঁচ জোপা গছ”৷ এই সজাগতাৰ বাবে আপোনাৰ “নিজৰ” ডাঙৰ গছবোৰক লৈ গৌৰৱ কৰা আৰম্ভ কৰক৷ গছেৰে ভৰপূৰ নিজৰ ঘৰৰ বাৰিখন দেখুৱাওক৷ নাই যদি ৰুই ডাঙৰ কৰক৷ আজিতো ৰ’দেই গ’ল, বৰষুণ আহিলেই ৰোৱক৷

এতিয়া, এইবাৰৰ থিমটোৰ গুৰুত্ব কি? প্লাষ্টিকৰ সামগ্ৰীৰ বহু বেছি ব্যৱহাৰৰ ফলত, সেইবোৰৰ পুৰণা বস্তুবোৰ বা পেলনীয়া বস্তুবোৰৰ পৰিমাণ বাঢ়ি গৈছে৷ পেলনীয়া প্লাষ্টিকে কৰা অপকাৰৰ সম্পৰ্কে আজিকালি সাধাৰণ মানুহো জ্ঞাত৷ পশু-পক্ষী, নদী-সাগৰৰ জীৱৰ মৃত্যুৰো ভয়াবহ কাৰণ হৈ পৰিছে এইবোৰ৷ কিন্তু সেইবোৰ কথা জানিও আমি প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰি থাকিব নোৱাৰোঁ৷ ফলত, চাহিদা থাকিলে এইবোৰৰ উৎপাদন কৰিয়েই থাকিব কোম্পানীবোৰে৷ এইবোৰৰ ব্যৱহাৰ কমোৱাৰ কিছুমান উপায় জড়িত হৈ আছে আচলতে আমাৰ মনোবৃত্তিৰ লগতহে৷

হিয়া দিয়া নিয়া চিনেমাখনৰ সেই মাক আৰু জীয়েকজনী মনত আছেনে? মাকে জীয়েকক কেৱল আমেৰিকাত থকা ল’ৰালৈহে বিয়া দিয়ে, আৰু জীয়েকেও কেৱল আমেৰিকাত থকা ল’ৰা হ’লেহে বিয়াত বহিব৷ গোটেই কাহিনীটো সেইটো কথা লৈয়েই৷ এই মানসিকতাটো কেৱল এঘৰৰ নহয়৷ সমাজৰ পৰাই তুলি নিছে মুনীন বৰুৱাই৷ তৰুণ গগৈয়ে “বাদ দিয়াহে, আমেৰিকাতো বানপানী হয়” বুলি অসমীয়া মানুহক বুজাব বিচৰাৰ কাৰণ এনেকুৱাই৷ বাহিৰৰ বস্তু এটা হ’লে আমাৰ সৰহভাগ মানুহে বেছি ভাল পায়, ঘৰুৱা বস্তুটো লাগিলে যিমানেই ভাল নহওক৷ প্লাষ্টিকৰ মোনাবোৰ অধিক ব্যৱহাৰ হোৱাত এনে মানসিকতাৰ জড়িত হৈ আছে৷ ঘৰত বোৱা কাপোৰৰ মোনা এটা, বা থলুৱা মৰাপাটৰ সূতাৰ মোনা এটা বজাৰলৈ লৈ যাবলৈ মানুহে লাজ কৰে৷ বেটৰ মোনা বাদেই দিছোঁ৷ কোনোবা নতুন বিশেষ আলহীয়ে যদি তেনে মোনা এটা লৈ আপোনাৰ ঘৰলৈ যায়, তেন্তে তেওঁৰ ইপ্ৰেচন আপোনাৰ ওচৰত সিমানতে শেষ৷ তেওঁক আপুনি কেতিয়াও গুৰুত্ব নিদিয়ে৷

পঠনীয়:  জনপ্ৰিয় চলচিত্ৰ পৰিচালক মুনিন বৰুৱাৰ সৈতে এটি সাক্ষাৎকাৰ (সাক্ষাৎগ্ৰহণ আৰু সংকলন: ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য)

কলেজ উত্তীৰ্ণ হৈ গুৱাহাটীলৈ প্ৰথম যাওঁতে মই এখন বজাৰ কৰা মোনাও এয়াৰবেগৰ ভিতৰত লৈ গৈছিলোঁ৷ কাৰণ আমাৰ ঘৰত দেউতাই সদায় তেনেধৰণৰ মোনা ব্যৱহাৰ কৰে৷ আৰু কলেজত এটা সৰু প্ৰাইভেট হোষ্টেলত আছিলোঁ, তাতো আমি বজাৰ কৰিবলৈ তেনেকুৱা মোনা লৈ যাওঁ৷ পুনৰ ব্যৱহাৰযোগ্য মোনা৷ দুজনমানেহে বজাৰলৈ যাওঁতে হাতত খালি মোনাটো লৈ যাবলৈ লাজ কৰিছিল, কাৰণ বাটত বহুতো ছোৱালী অহা-যোৱা কৰি থাকে৷ যিটো মোনাই ষ্টাইলত ব্যাঘাত জন্মোৱা বুলি ভবা যায়৷ কিন্তু আমি প্ৰায়ভাগেই লাজ কৰা নাছিলোঁ৷ কিন্তু গুৱাহাটীলৈ গৈ দেখিলোঁ মোনা লৈ বজাৰলৈ যোৱাৰ বা মোনাটো হাতত লৈ বজাৰৰ পৰা অহাৰ কোনো পৰিৱেশেই নাই৷ আপোনাক চিৰিয়াখানাৰ জন্তু চোৱাৰ দৰে চাব৷ ফলত প্ৰতিদিনে হাজাৰ হাজাৰ ছাত্ৰৰ হাতেৰে অসংখ্য “প্লাষ্টিকৰ কেৰিবেগ” ৰুমলৈ আহে৷ আৰু সেইবোৰ মাটিত জমা হয়৷ (শেহতীয়াভাৱে পৌৰনিগমৰ অলপ সজাগতা দেখিছোঁ)৷ অলেখ ছাত্ৰ-ছাত্ৰীয়ে বা মানুহে আজি পৰিৱেশ দিৱসৰ মিটিং কৰিলে, গছপুলি ৰুলে৷ তেওঁলোকে এইবাৰৰ এই মূল বিষয়টোত সজাগ হ’বলৈ চেষ্টা কৰিব পাৰে৷ এই ক্ষেত্ৰত বহু কাম আছে, কিন্তু এই সামান্য এটা সজাগতাইয়ো বহুত সহায় কৰিব পৃথিৱীখনক৷ সকলোৱে একেলগে কথাটো ভাবিলে সলনি হ’বই৷

আমাৰ অঞ্চলটো গাৱোঁ নহয়, চহৰো নহয় – তেনেকুৱা এটা পৰিৱেশ৷ আমাৰ ঘৰত বজাৰ এতিয়াও দেউতাই কৰে, অলপ ওলাই যোৱাৰো উপায় এইটো তেখেতৰ৷ কেতিয়াবা মই গ’লেও, পুনৰ ব্যৱহাৰ যোগ্য মোনা এখন লৈ যাবলৈ বেয়া নাপাওঁ, চাইকেলৰ হেণ্ডেলত ওলোমাই লৈ যাওঁ৷

No Comments

Post A Comment