ৰবীন, অৰিন্দম, শ্বাহৰুখ, এ আৰ ৰহমান, ঋত্বিক…

* আপুনি কি ত্যাগ কৰা উচিত, সেই বিষয়ে জনাৰ পৰিৱৰ্তে আপুনি কি গ্ৰহণ কৰা উচিত সেইটো বিচাৰি উলিওৱাটোহে সকলোতকৈ কঠিন কাম।

* জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলো।

* বিফলতাৰ পৰা কিবা শিকিবলৈ আৰু বিফলতাক নম্ৰতাৰে স্বীকাৰ কৰি ল’বলৈ যিকোনো মানুহৰে ক্ষমতা থকা উচিত। এই গুণটোৱে মানুহক নিজৰ লুকাই থকা প্ৰতিভা আৰু গুণবোৰক আৱিষ্কাৰ কৰাত সহায় কৰে।

* এটা কথা মনত ৰাখিব লাগিব যে জীৱনৰ সফলতাই শেষ কথা নহয় আৰু বিফলতাই জীৱনৰ অন্ত নহয়। আনে যিবোৰ কাম কৰিবলৈ ভয় কৰে সেই কামবোৰলৈ আগবঢ়াটোকহে প্ৰকৃত সাহস বুলি ক’ব পাৰি। সেইবাবে আমি জীৱনৰ বিফলতাসমূহক ভয় কৰিব লাগে। তেতিয়াহে আমি সফলতাৰ বাবে সাহসেৰে আগবাঢ়িব পাৰো।

* নিজৰ জীৱনক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে আপুনি সফলতাৰ বাটেৰে জীৱনৰ বাট বুলিব পাৰিব।

(শ্বাহৰুখ খানঅৰিন্দম চৌধুৰীৰ “Discover the Diamond in you” গ্ৰন্থৰ অসমীয়া অনুবাদ আপোনাৰ ভিতৰৰ হীৰা আৱিষ্কাৰ কৰক ৰ পৰা)

 

***           ***         ***

* মই বিশ্বাস কৰো যে তেওঁৰ নিজৰ বিস্তৃতভাৱে গ্ৰন্থ অধ্যয়নৰ অভ্যাসেই আনৰ পৰা তেওঁক পৃথক কৰি ৰাখিছে। মই এই কথা সদায়েই বিশ্বাস কৰি আহিছো যে এজন মহান পাঠক নোহোৱাকৈ কোনো লোকেই এজন মহান নেতা হ’ব নোৱাৰে! দৰাচলতে মই মোৰ বন্ধুবোৰক— ঠিক মিঃ অমিতাভ বচ্চনৰ দৰেই— কওঁ যে শ্বাহৰুখ খানৰ সামাজিক যোগাযোগৰ ধৰণ-কৰণসমূহৰ পৰাই তেওঁ কিদৰে জীৱনৰ বিভিন্ন দিশসমূহৰ ওপৰত সুকীয়া দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগে লগে আকৰ্ষণীয় শব্দৰাজিৰে ইয়াক ব্যাখ্যাও কৰিব পাৰে তাকেই ভালদৰে লক্ষ্য কৰা উচিত। লগতে তেওঁলোকৰ কথাও ভাবক, এওঁলোক দুয়োজনেই তেওঁলোকৰ শিক্ষা, চূড়ান্ত উচ্চ পৰ্যায়ৰ যোগাযোগ দক্ষতা আৰু নিজকে প্ৰকাশ কৰাৰ ক্ষমতা আৰু সৰ্বোপৰি পৰম্পৰাগত দৃষ্টিৰে দেখাত সিমান সুন্দৰ নহৈও একেবাৰে শীৰ্ষত ঠিয় দিব পৰাৰ বাবেও তেওঁলোক আনতকৈ সুকীয়া। নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ বাবেই তেওঁলোক এই স্থানত উপনীত হ’ব পাৰিছে!

(অৰিন্দম চৌধুৰী।

আই এম দ্য বেষ্ট— প্ৰতিদ্বন্দ্বিতাত কিদৰে বিজয়ী হয় শ্বাহৰুখ খান”। দ্য চানডে ইণ্ডিয়ান, ১৮ ছেপ্টেম্বৰ, ২০১১।)

 

***           ***         ***

* …মোৰ মনত সদায় এটা কথা আহে যে মানুহে ইতিমধ্যে এইটো শুনিছে, গতিকে মইনো সেই একেটাকে কিয় তেওঁলোকক শুনাম?

* …লগতে মই ভাবো এই আনুপ্ৰেৰণা আপুনি তেতিয়াহে লাভ কৰিব যেতিয়া আপুনি এজন সংগীত নিৰ্মাতাতকৈ শ্ৰোতা বেছি হ’ব। আপুনি আনৰ কামকো সন্মান জনাব লাগিব নহ’লে আপোনাৰ পৃথিৱীখন সীমাবদ্ধ হৈ পৰিব।

* (প্ৰশ্ন:- আপোনাৰ সৃষ্টিৰ ক্ষেত্ৰত আপোনাৰ প্ৰিয় ক্ষেত্ৰ কোনখন?)

(উ:-) মই তেনে প্ৰিয় হ’ব নিবিচাৰো কাৰণ মই যদি তেনে কৰো তেন্তে মানুহে ক’ব তেঁৱো নিজৰে পুনৰাবৃত্তি কৰিছে।

(এ আৰ ৰহমান উৎস:দ্য চানডে ইণ্ডিয়ান।)

 

***           ***         ***

* …মই ভাবো মোৰ সদায়েই এক দৃষ্টি আছিল আৰু মোৰ সপোনবোৰৰ বাবে মই উত্ৰাৱল আছিলো। মই সদায় মোৰ ভয়বোৰক প্ৰশ্ন কৰিছিলো আৰু সেই সময়ত মই উপলব্ধি কৰিছিলো যে নিজকে বেছিকৈ বিচাৰি পাবৰ বাবে ভয়সমূহ কেৱল সুযোগহে। আপুনি সদায় আগুৱাই গৈ নিজক পৰীক্ষা কৰি চোৱা উচিত আৰু আপুনি যদি বৰ্তি থাকে তেন্তে জানিব আপুনি ভয়ক জয় কৰিব পাৰিছে। যদি নাইপৰা তেন্তে এতিয়াও জানিবলৈ বহু বাকী আছে। সেইবোৰেই আপোনাক জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সম্মুখীন হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰাত সহায় কৰে।

* …মই যদি ৰাষ্টাৰে খোজকাঢ়ি গৈ থাকো আৰু কোনোবাই যদি কয় যে ঋত্বিক ৰোছনৰ সোঁবাহুটো নাই, তেতিয়া মই কি কৰিম? মই জানো মোৰ সোঁবাহুটো আছে,মই সত্যটো জানো গতিকে মই কিয় পৰোৱা কৰিম? একেদৰে কোনোবাই যদি মোৰ দেউতাক টকলা বুলি কয় মই কি কৰিম? মই জানো তেওঁ টকলা হয়, গতিকে মোৰ গুৰুত্ব দিবলগীয়া নাই। মোৰ ককাই মোক সদাই কয়, গোটেই বিশ্বই তোমাক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিব, তুমি যদি প্ৰৰোচিত হোৱা তেন্তে তোমাৰ পতন আৰম্ভ হ’ব। তুমি সত্য আৰু অসত্য বিচাৰ কৰিব পাৰিব লাগিব, আৰু এই দুয়োটাতে তোমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৰকাৰ নাই।

* মই বিশ্বাস কৰো আপুনি যদি সঁচাই কিবা কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ শ্ৰেষ্ঠতা প্ৰদান কৰক আৰু নহ’লে তেনে কাম নকৰিবই। ইয়ে আপোনাক হাজাৰজনৰ পৰা পৃথক কৰি ৰাখিব।

* এটা শিশু কেনেদৰে ডাঙৰ কৰে তাতে সমাজৰ সফলতা তথা বিফলতা নিৰ্ভৰ কৰে। মই ভাবো সেয়া সমাজৰ প্ৰাথমিক প্ৰত্যাহ্বান।

(ঋত্বিক ৰোছনউৎস:দ্য চানডে ইণ্ডিয়ান।)

 

***           ***         ***

* আপুনি যে এটুকুৰা হীৰা তাক বিশ্বাস কৰিবলৈ আপুনি প্ৰথমতে বিশ্বাস কৰিব লাগিব যে আপুনি বিৰল। আপুনি বিশ্বাস কৰিব লাগিব যে কোনোৱে সঠিক পথ দেখুৱালে আপুনি উজলি উঠিব পাৰে। আৰু বিশ্বাস কৰক যে “যদি আপুনি পাৰে বুলি ভাবে, আপুনি সঠিক!” সেইটোৱে আপোনাৰ প্ৰথম পদক্ষেপ হোৱা উচিত। আপুনি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব লাগিব যে আপুনি হীৰাৰ দৰে উজলি উঠিব পাৰে।

* …এক বিশ্বাসে বিষ্ময়ৰ সৃষ্টি কৰিব পাৰে। প্ৰকৃততে, জীৱনৰ আটাইতকৈ বেয়া দিশ এইটো নহয় যে বহু লোকে নাভাবে তেওঁলোকে পাৰে, কিন্তু এইটোহে যে বহু লোকে পাৰে বুলি জনা সত্বেও তেওঁলোকে নকৰে। উদাহৰণস্বৰূপে, বহু লোকেই জানে যে যেতিয়া কোনো অন্যায় ঘটনা ঘটে তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে। কিন্তু অদূৰদৰ্শিতাৰ বাবে তেওঁলোকে নকৰে।

*** [আপুনি এই পৃথিৱীত দেখিবলৈ বিচৰা পৰিৱৰ্তন আনিবই লাগিব। (মহাত্মা গান্ধী।)] ***

* ১) পেশ্বন(অনুৰাগ)৩) পাৰ্ফৰমেন্স(পাৰদৰ্শিতা)

৫) পাৰ্ছনেলিটি(ব্যক্তিত্ব)

৭) পাৰস্পেকটিভ(বোধগম্যতা)

৯) প্ৰেট্ৰিয়টিজিম(দেশপ্ৰেম)

২) পজিটিভ এনাৰ্জি(ইতিবাচক শক্তি)৪) পাৰচিভেয়াৰেন্স(একাণপতীয়া চেষ্টা)

৬) পিপল(জনসাধাৰণ)

৮) প্ৰিন্সিপল(আদৰ্শ)

 

 

* আমি যিটো বিশ্বাস কৰোঁ সেইটো কিমান গুৰুত্ব সহকাৰে কৰোঁ সেইটোৱেহে আমাৰ জীৱনত আমাৰ মূল্য নিৰ্দ্ধাৰণ কৰে।

* পৰ্যাপ্ত পৰিমাণে গঠনমূলক শক্তিৰ অধিকাৰী নহ’লে, আপোনাৰ আটাইবোৰ আগ্ৰহ অথলে যাব পাৰে।

*** [যিসকল লোকে অজুহাত উলিয়াই ভাল পায় তেওঁলোকেই সাধাৰণতে ৯৯ শতাংশ বিফলতাৰ সন্মুখীন হয়। (ৱাশ্বিংটন কাৰ্ভাৰ।)] ***

* “কিছুমান লোকে সফল হোৱাৰ সপোন দেখে, আন কিছুমানে সপোন দেখাৰ পৰা সাৰ পায় আৰু সপোন বাস্তৱায়িত কৰিবলৈ চেষ্টা চলায়।”

* “তেওঁ ৮ ঘণ্টা শোৱে আৰু ৮ ঘণ্টা কাম কৰে। তথাপি তেওঁক মালিকজনে কামৰ পৰা খেদি দিলে, কাৰণ তেওঁৰ শোৱা আৰু কাম কৰাৰ সময় একেটাই আছিল।” -এই টুকুৰা কেতিয়াও হীৰা নহয়।

*** [একোজন লোক কেবাবাৰো ব্যৰ্থ হ’ব পাৰে, পিছে ইয়াৰ বাবে তেওঁ কাৰোবাক দোষাৰোপ কৰিবলৈ নোলোৱালৈকে তেওঁক ব্যৰ্থ হোৱা বুলি ক’ব নোৱাৰি। (জে. পল গেট্ৰী।)] ***

* এজন নেতাৰ কৰ্তব্য অনুগামী সৃষ্টি কৰা নহয়, তেওঁৰ কৰ্তব্য হ’ল সাহসিকতাৰে নতুন নতুন নেতাৰ সৃষ্টি কৰা।

* আমাৰ পৃথিৱীখন খুবেই বিশাল, বেয়া আৰু উন্মাদ। বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰিবলৈ ইয়াত সকলো সময়তে তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি থাকে। সেইবাবে এতিয়া জীৱনত সাফল্য লাভ কৰাৰ মূলমন্ত্ৰ হৈছে নিজৰ বাবে এটা দল সৃষ্টি কৰা, যাক আপুনি নেতৃত্ব দিব পাৰে। আফ্ৰিকাত এটা লোককথা আছে, “তুমি যদি তীব্ৰ বেগেৰে যাবলৈ বিচৰা, তেনেহ’লে অকলে যোৱা আৰু তুমি যদি বেছি দূৰলৈ যাবলৈ বিচৰা তেনেহ’লে লগলাগি যাত্ৰা কৰা।” আপোনাৰ এটা দল বনোৱাৰ ক্ষমতা আৰু সাহস থাকিব লাগিব।

*** [মহান কৌশল বা আঁচনিয়ে নহয়, মহান মানুহেহে আচলতে মহান কাম কৰিবলৈ সক্ষম হয়। (জেক ৱালচ।)] ***

* মানুহৰ বিশ্লেষণ কৰাৰ ক্ষমতাই তেওঁৰ অন্তৰ্দৃষ্টি বঢ়াই তোলে। ই আপোনাৰ ভিতৰত পুহি ৰখা সপোন আগবঢ়াই নিয়াত সাহস দিয়ে।

(অৰিন্দম চৌধুৰীৰ “Discover the Diamond in you” গ্ৰন্থৰ অসমীয়া অনুবাদ আপোনাৰ ভিতৰৰ হীৰা আৱিষ্কাৰ কৰক ৰ পৰা।)

 

***           ***         ***

* Cynic -> সকলো মানুহেই কপট আৰু ব্যক্তিস্বাৰ্থ প্ৰণোদিত- এই মতবাদত বিশ্বাসী লোক।

 

***           ***         ***

* যেতিয়া আপুনি অহৰহ আপোনাৰ ইচ্ছাশক্তি সঠিক বাছনি কৰি খটুৱায় (সহজ কামবোৰৰ বাছনি কৰি নহয়) আপুনি জীৱনটোক নিজৰ নিয়ন্ত্ৰনলৈ আনে। (ৰবীন শৰ্মা।)

* আপুনি জীৱনত কিমান ওপৰলৈ উধাব সেইটো কথা কেৱল কঠোৰ পৰিশ্ৰমেই নিৰ্দ্ধাৰণ নকৰে, কৰিব আপুনি কিমান ভাল চিন্তা কৰিব তাৰ ওপৰত। (ৰবীন শৰ্মা।)

* দুৰ্বলতাৰ প্ৰতি সজাগ হোৱাটো দুৰ্বলতা আঁতৰোৱাৰ প্ৰথম পদক্ষেপ। (ৰবীন শৰ্মা।)

* জীৱনৰ পৰা অধিক পাবলৈ হ’লে আপুনি জীৱনত অধিক সক্ৰীয় হ’ব লাগিব। (ৰবীন শৰ্মা।)

* আপুনি যদিহে জনতাৰ জুমক অনুসৰণ কৰে তেনেহ’লে আপোনাৰ স্থান হ’ব প্ৰস্থানৰ দুৱাৰখনত। (ৰবীন শৰ্মা।)

* মহম্মদ আলিয়ে মোক শিকালে যে ব্যক্তি হিচাপে যদি আপুনি সফল তেনেহ’লে আপুনি আনৰ আগত যোগ্যতা প্ৰদৰ্শন কৰি ফুৰাৰ প্ৰয়োজন নাই। (ৰবীন শৰ্মা।)

* তুমি যদি মনক সু অভ্যাসৰ লগত আৰাম আৰু বদ অভ্যাসৰ লগত যন্ত্ৰণাৰ যোগসূত্ৰ আছে বুলি উপলব্ধি কৰোৱাই দিয়া, তোমাৰ দুৰ্বলতাবোৰ এনেই নোহোৱা হৈ যাব। (ৰবিন শৰ্মা।)

No Comments

Post A Comment