ডাৰউইন, মাৰ্কাছ অৰেলিয়াছ, ছক্ৰেটিছ, ব্ৰেঞ্জামিন, গ্যেটে, জিব্ৰান, কনৰাড, জ্যাঁ ক’কট’…

* সকলো ফালৰ পৰা মুক্ত আৰু সঁচা অৰ্থত এজন স্বাধীনচিতীয়া ব্যক্তিক চাৰিও দিশৰ পৰাই শিকলি লগাবলৈ চেষ্টা কৰাটো প্ৰায় সকলো সমাজ বা জাতিৰ এটা স্বভাৱজাত বৈশিষ্ট। প্ৰথমতে তেওঁলোকে শিকলি লগাবলৈ বিচৰা স্বাধীনচিতীয়া ব্যক্তিজনৰ কাম-কাজত কুঠাৰাঘাত কৰিবলৈ চেষ্টা কৰে। আৰু যদিহে ইয়াত কৃতকাৰ্য নহয়, তেন্তে তেওঁৰ কামত বিহ ঢালিবলৈ চেষ্টা কৰে। ইয়াতো যদি অকৃতকাৰ্য হয়, তেন্তে সেই স্বাধীনচিতীয়া মুক্ত মনৰ ব্যক্তিগৰাকীক মূৰ পোন কৰিব নোৱাৰাকৈ উপহাৰ আৰু সন্মানেৰে ওপচাই পেলোৱা হয়। (জ্যাঁ ক’কট’।) (উৎস— “সুপ্ৰভাত”, “আমাৰ অসম”।) [The instinct of nearly all societies is to lock up anybody who is truly free. First, society begins by trying to beat you up. If this fails, they try to poison you. If this fails too, they finish by loading honors on your head. (Jean Cocteau.)]

 

*   …এৰাছমাছে নিজৰ ল’ৰাক শিকাইছিল যে প্ৰেকটিছ সঁচাসঁচিকৈয়ে ‘আকাশস্পৰ্শী’ হ’বলৈ হ’লে গৱেষণা লাগিবই। গৱেষণাবিহীন প্ৰেকটিছ যেন নাদৰ ভেকুলীয়ে সাগৰৰ গল্প কোৱাৰ দৰে কথা। (‘লুচি, মই আহিছোঁ’ নামৰ প্ৰফুল্ল কটকী অনুদিত গ্ৰন্থৰ পৰা; মূল বাংলা গ্ৰন্থখনৰ লেখক দেবব্ৰত দাশগুপ্ত। পৃষ্ঠা ২৬।) [টোকা-এৰাছমাছ ডাৰউইনৰ ককাক। কিতাপখনৰ ভাষাৰেই- ‘ওঠৰ শতিকাৰ ইংলেণ্ডৰ জীৱবিদ্যাৰ গৱেষণাত এৰাছমাছ এক অনিৰ্বাণ দীপশিখা’। ডাৰউইনৰ দেউতাক ৰবাৰ্ট ওৱেৰিং। তেওঁ ৰয়েল ছ’চাইটিৰ ‘ফেলো’ নিৰ্বাচিত হৈছিল।]

*   …বিৱৰ্তনৰ পথত ডাৰউইনে নিজস্ব কি কি গুণ লৈ আগবাঢ়িছিলে?

আটাইতকৈ ডাঙৰ গুণটো হ’ল তেওঁৰ বিপুল কল্পনা শক্তি। অৱশ্যে বাস্তৱতাৰ নিৰিখত। অনুমান কৰিব পাৰে এক বিষ্ময়জনক নিৰ্ভুলতাৰে। এই কথাত আগৰ শতিকাৰ বিজ্ঞানী নিউটনৰ লগত তেওঁৰ আচৰিত মিল দেখা যায়। নিউটনে যিদৰে নানা হাইপথেছিছ কঠিন হাতেৰে লৰচৰ কৰি সত্যৰ বিচাৰ কৰিছিলে, ডাৰউইনেও তেনে কৰিছিলে। কোনো জনপ্ৰিয় মতবাদ বা প্ৰকল্প একোটাৰ সাৰাৎসাৰ একোৱেই নাই বুলি তেওঁ গাণিতিক মেধাই যেতিয়াই ধৰিব পাৰিছে, লগে লগেই তাক নাকচ কৰিবলৈকো তেওঁ অকণমানো থেঁৰো-গেৰো কৰা নাছিল। ঠিক একেই ঘটনা ঘটিছে ডাৰউইনেৰ মহাজীৱনতো। সত্যৰ অভাৱক তেওঁ কেতিয়াও ‘মানৱিক কৰুণাৰে’ ঢাকিবলৈ যোৱা নাছিলে। যি মিছা তাক মিছা বুলি ক’বলৈ দুবাৰ ঢোক গিলিব লগা হোৱাটো আক’ কেনে কথা! ভাৱপ্ৰৱণ ‘আনুমানিক’ দৃশ্যবোৰক তেওঁ প্ৰমাণৰ কষটি শিলেৰে পৰীক্ষা কৰি সিবোৰৰ সততা নিৰূপণ কৰিছিলে, আৰু তাতেই তেওঁৰ বিৱৰ্তনবাদৰ সাফল্য। আকৌ কওঁ, নিউটন আৰু ডাৰউইন- এই দুয়োগৰাকীয়েই নিজ নিজ ক্ষেত্ৰত চূড়ান্ত পেচাদাৰী মন এটা লৈয়ে কাম কৰি গৈছিল। এই বিষয়ত তেওঁলোক নিজেই আটাইতকৈ ভাল নিদৰ্শন। (উপৰিউক্ত গ্ৰন্থ। পৃষ্ঠা ৪২।)

* …সহজ আৰু স্বাভাৱিক নহ’লে বিজ্ঞানৰ বাটত জানো এখোজো আগবাঢ়িব পাৰি?

আকৌ কঠিন বাটত খোজ নিদিলে যে সহজ হ’বও নোৱাৰি সেই কথাটোও মনত ৰাখিবা। (উপৰিউক্ত গ্ৰন্থ। পৃষ্ঠা ৪২।)

* ‘…নৈতিক মূল্যবোধ সাধাৰণতে আৰু যথাৰ্থতেই মহৎ মূল্যবোধ বুলি স্বীকৃত হৈছে, বৌদ্ধিক ক্ষমতাই তাত সিমান গুৰুত্ব পোৱা নাই।’ (ডাৰউইন।) [‘… the moral faculties are generally and justly esteemed as of higher value than the intellectual powers’ (Darwin.)]

*   …বাছি থাকিবলৈ হ’লে পৰস্পৰে সহযোগিতাৰে কাষ চাপিব লাগিব (concept of co-operation for survival) –ডাৰউইনবাদৰ ই হ’ল এক প্ৰধান উপাদান। (উপৰিউক্ত গ্ৰন্থ। পৃষ্ঠা ১৬৮।)

 

***           ***         ***

* ৰাষ্টিকাছৰ পৰা মই এনে এটা ধাৰণা পাইছিলো যে মোৰ চৰিত্ৰ আৰু অধিক উন্নত আৰু সুশৃংখলিত কৰাৰ প্ৰয়োজন আছে। তেওঁ মোক এই কথাও শিকাইছিল যে কেৱল নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবৰ কাৰণেই তৰ্ক-বিতৰ্ক কৰি বা দূৰ-কল্পনামূলক বিষয়ৰ ওপৰত ৰচনা লিখি সময়ৰ অপচয় কৰা উচিত নহয়। তেওঁ মোক আৰু যিবোৰ শিক্ষা দিছিল সেইবোৰ আছিল এনে ধৰণৰ: অনুশাসন মানি চলা মানুহ বুলি নিজৰ বিষয়ে বৰাই কৰিব নাপায়;…

* মেক্সিমাছৰ পৰা মই আত্ম-সংযম আৰু একোৰে দ্বৰাই বিচলিত নোহোৱা মানসিক প্ৰশান্তিৰ শিক্ষা লাভ কৰিছিলো; সকলো পৰিস্থিতিতে, আনকি কঠিন ৰোগৰ সময়তো, প্ৰফুল্লিত হৈ থকিব পৰাৰ শিক্ষাও মই তেওঁৰ পৰাই পাইছিলো; নৈতিক চৰিত্ৰত মাধুৰ্য আৰু মৰ্যাদাৰ সুষম মিশ্ৰন কেনেকৈ ঘটাব লাগে সেই শিক্ষা, আৰু লগতে বিনা আপত্তিৰে নিজৰ কৰ্তব্য পালন কৰাৰ শিক্ষা।

(মাৰ্কাছ অৰেলিয়াছ। হোমেন বৰগোহাঞিৰ এটি লেখাৰ পৰা।)

 

***           ***         ***

* ছক্ৰেটিছে অতি সৰল জীৱন-যাপন কৰিছিল; তেওঁ সাধাৰণ আহাৰ খাইছিল। কিন্তু প্ৰয়োজন হ’লে তেওঁ প্ৰচুৰ পান-ভাজন কৰিব পাৰিছিল। অৰ্থাৎ তেওঁৰ আত্মসংযম আছিল অসাধাৰণ। দন্দুৰী পত্নীৰ তৰ্জন-গৰ্জন তেওঁ নীৰৱে আৰু প্ৰশান্ত মুখেৰে সহ্য কৰিছিল। এদিন খঙৰ ভমকত তেওঁৰ পত্নী জান্তিপে তেওঁৰ মূৰৰ ওপৰত একলহ পানী ঢালি দিছিল। কিন্তু ছক্ৰেটিছে হাঁহে পানী জোঁকাৰাৰ দৰে গাৰ পানীখিনি জোঁকাৰি দি হাঁহি মুখেৰে বজাৰত আড্ডা দিবলৈ ওলাই গৈছিল। এদিন এজন মানুহে আলিবাটত তেওঁক আক্ৰমণ কৰি পদাঘাট কৰিছিল। ছক্ৰেটিছ শাৰীৰিকভাৱে অতি বলৱান মানুহ হোৱা সত্ত্বেও প্ৰতিশোধ ল’বলৈ চেষ্টা নকৰি সেই ঠাইৰ পৰা নীৰৱে আঁতৰি গৈছিল। এজন বন্ধুৱে তেওঁক সুধিলে— ‘তুমি এই অপমান নীৰৱে কিয় সহ্য কৰিলা?’ ছক্ৰেটিছে উত্তৰ দিলে— ‘মই গাধ নহয় যে তেওঁক ওলোটাই ভৰিৰে আঘাট কৰিম।’ এবাৰ এথেন্সত মহামাৰী হোৱাত বহুত মানুহ মৰিল আৰু বেছিভাগ মানুহ ৰোগত আক্ৰন্ত হ’ল। ৰোগে একেবাৰেই স্পৰ্শ কৰিব নোৱাৰিলে একমাত্ৰ ছক্ৰেটিছক; কাৰণ তেওঁ আছিল এথেন্সৰ আটাইতকৈ পৰিষ্কাৰ মানুহ। একোৱেই তেওঁৰ মনৰ প্ৰশান্তি বিচলিত কৰিব নোৱাৰিছিল। আনকি মৃত্যুৱেও। এদিন এজন বন্ধুৱে তেওঁক এথেন্সৰ এখন ডাঙৰ বজাৰলৈ লৈ গৈছিল। দেশ-বিদেশৰ বিলাসী সামগ্ৰীৰে ভৰপুৰ বজাৰখন ঘুৰি-পকি চোৱাৰ পিছত বন্ধুজনে তেওঁক সুধিলে— ‘বজাৰখন কেনে দেখিলা?’ ছক্ৰেটিছে উত্তৰ দিলে— ‘বজাৰত বাৰে বৰণীয়া বস্তুবোৰ দেখি মনলৈ কেৱল এই ভাব আহিল যে এই সকলোবোৰ বস্তু নোহোৱাকৈ মোৰ জীৱনটো সুন্দৰকৈ চলি যায়।’

(হোমেন বৰগোহাঞিৰ “শৱাসন” নামৰ প্ৰবন্ধটোৰ পৰা। গ্ৰন্থ:- “জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস : স্বাস্থ্য”।)

 

***           ***         ***

* কৰ্কশ শব্দ প্ৰয়োগ কৰি কোনো কাৰো বন্ধু হ’ব নোৱাৰে।

* সহজ উদাহৰণেই হ’ল সৰ্বোত্তম উপদেশ।

* নিজৰ বিবেক সদায় নিৰ্মল কৰি ৰাখিবা; তেতিয়াহ’লে তুমি ভয় কৰি চলিবৰ দৰকাৰ নাই।

* জীৱন দীঘলীয়া হ’লেও সি ভাল যিৱন নহ’বও পাৰে, কিন্তু ভাল জীৱন সদায় দীঘলীয়া বুলি প্ৰমাণিত হয়।

* যি মানুহে কাৰো পৰা একো আশা নকৰে, তেৱেঁই সুখী আৰু ভাগ্যৱান মানুহ। তেওঁ জীৱনত কেতিয়াও নিৰাশ হ’বলগীয়া নহয়।

* তুমি সুখ-শান্তিত জীয়াই থাকিব খোজানে? যদিহে খোজা, তেন্তে যি কাম কৰা উচিত, কেৱল তেনে কামহে কৰিবা; যি কাম কৰি ভাল পোৱা, তেনে কাম নকৰিবা।

* … পৰুৱাই কিন্তু মুখেৰে একো নকয়।

* দোকানখন ভালকৈ সজাই-পৰাই ৰাখিবা, তেতিয়া দোকানখনেও তোমাক সুখ-সন্তোষত ৰাখিব।

* আইনাৰ বাচন, চীনা-মাটিৰ বাচন আৰু মানুহৰ খ্যাতি অতি সহজে ভাগে; সেইবোৰ কেতিয়াও সম্পূৰ্ণৰূপে জোৰা নালাগে।

(ব্ৰেঞ্জামিন ফ্ৰেঙ্কলিন। হোমেন বৰগোহাঞিয়ে লিখা ব্ৰেঞ্জামিন ফ্ৰেঙ্কলিনৰ জীৱনিখনৰ পৰা।)

* নিজৰ নৈতিক উৎকৰ্ষৰ কাৰণে ব্ৰেঞ্জামিন ফ্ৰেঙ্কলিনে যি বাৰটা বিশেষ গুণ আয়ত্ত কৰিবলৈ সিদ্ধান্ত লৈছিল তাৰ দুটা গুণ:-

৯) আত্ম-সংযম:- সকলো কথাতে আতিশয্য পৰিহাৰ কৰি চলিবা; পাব লগীয়া শাস্তি বা আঘাত পালে তাৰ কাৰণে খং বা অসন্তোষ প্ৰকাশ নকৰিবা।

১১) মানসিক প্ৰশান্তি:- সৰুসুৰা কথাত বিৰক্ত নহ’বা; সচৰাচৰ হৈ থকা বা এৰাব নোৱাৰা বিপদ-বিঘিনিত বিচলিত হৈ মনৰ শান্তি নেহেৰুৱাবা।

 

***           ***         ***

* নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?

* যেনে মানুহ তেনে ঈশ্বৰ; সেই কাৰণেই ঈশ্বৰ উপহাসৰ বস্তু হৈ পৰে।

* যি মানুহে নিজকে শাসন কৰিব নোৱাৰে, তেওঁ চিৰকাল দাস হৈ ৰ’ব।

* আৰ্চীখনলৈ চকু পকাই নাচাবাচোন! বেচেৰা আৰ্চীখনে তোমাৰ কি জগৰ লগালে?

* মানুহৰ প্ৰতিভা বিকশিত হয় নিৰ্জনতাত, কিন্তু চৰিত্ৰ গঠিত হয় জনতাৰ হেঁচা-ঠেলাৰ মাজত।

* পৃথিৱীৰ লগত কোনো সম্পৰ্ক নৰখাকৈ জীয়াই থকাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা; পৃথিৱীৰ লগত ঘনিষ্ঠতম সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা।

(গ্যেটে (এ’পিগ্ৰাম)। হোমেন বৰগোহাঞিৰ লেখনিৰ পৰা।)

 

***          ***         ***

* তীৰ্থযাত্ৰীৰ লগত যোৱা চতুৰ কুকুৰ এটাই অচিন বাটৰ বালিৰ মাজত লুকুৱাই থোৱা হাড়বিলাক নো কাইলৈ তাৰ কি কামত আহিব?

* অভাৱৰ কাৰণে ওপজা ভয়েই জানো প্ৰকৃততে অভাৱ নহয়?

* জীৱনৰ দিন-ৰাতিবিলাক গ্ৰহণ কৰাৰ বাবে যিজন যোগ্য, তেওঁ নিশ্চয় তোমাৰ দানৰ বাবেও যোগ্য।

* …কৰ্মবিমুখ হোৱা মানে তোমালোক পৃথিৱীৰ ঋতুবিলাকৰ লগত অচিনাকী হোৱা, আৰু ৰাজোচিত গৰিমাৰে আগবঢ়া জীৱনৰ শোভাযাত্ৰাৰ লগত খোজ নিমিলোৱা, আৰু অসীমৰ ওচৰত গৌৰৱেৰে আত্মসমৰ্পণ কৰাৰ পৰা বঞ্চিত হোৱা।

* সকলোৱে যেতিয়া সমস্বৰে গীত গাব তেতিয়া তোমালোকৰ কোনে নো নল-খাগৰিৰ দৰে বোবা আৰু নিস্তব্ধ হৈ থাকিব বিচাৰিবা?

* তুমি নগৰৰ চাৰিবেৰৰ মাজত ঘৰ এটা সজাৰ আগেয়ে তোমাৰ কল্পনাৰে অৰণ্যত নিকুঞ্জ এটা সাজি উলিওৱা উচিত।

কিয়নো, তোমাৰ ভিতৰতে গধূলি ঘৰলৈ উভটি অহা ব্যক্তিজন থকাৰ দৰে সুদূৰত অকলশৰীয়া হৈ থকা যাযাবৰ এজনো আছে।

* …বেৰবিলাক ফাটমেলি পৰি যাব বুলি ভাবি উশাহ ল’বলৈ ভয় নকৰিবা।

* পাহৰি নাযাবা যে তোমালোকৰ খালীভৰিৰ পৰসত পৃথিৱী আনন্দিত হয় আৰু বতাহে তোমালোকৰ চুলিৰ লগত খেলিবলৈ বিচাৰে।

* …তোমালোক যিবিলাকে সুৰুযমুৱাহৈ বাট বুলা, পৃথিৱীত অংকিত কোন প্ৰতিচ্ছায়াই তোমালোকক ধৰি ৰাখিব পাৰিব?

* তোমালোক যিসকলে বতাহৰ সৈতে ভ্ৰমণ কৰা, বতৰৰ কোন পথ নিৰ্দেশকে তোমালোকক পথৰ নিৰ্দেশ দিব?

* …তোমালোকে ঢোলৰ মাত বন্ধ কৰিব পাৰিবা, তোমালোকে বীণৰ তাঁৰ ঢিলা কৰি দিব পাৰিবা, কিন্তু তোমালোকৰ কোনে নো স্কাইলাৰ্ক পখীক গীত নাগাবলৈ আদেশ দিব পাৰিবা?

* ফল এটাই নিশ্চয় শিপাক ক’ব নোৱাৰে “তুমি মোৰ দৰে হোৱা, আৰু পৰিপূৰ্ণ আৰু পৰিপক্ক হৈ তোমাৰ প্ৰাচুৰ্য বিলাই দিয়া।”

* পুতৌৰ কথা এয়ে যে শহাপহুৱে কাছক খৰতকীয়া হ’বলৈ শিকাব নোৱাৰে।

* সকলো মহৎ কাৰ্য আৰু সকলো গভীৰ উপলব্ধিয়েই ধৰ্ম নহয় নে?

* যি কুঁৱলীয়ে দোকমোকালিতে আহি পথাৰত নিয়ৰ ছটিয়াই থৈ যায়, সিয়ে পিছত ওপৰলৈ উঠি মেঘৰূপে জমা হয়গৈ আৰু বৰষুণ হৈ তললৈ সৰি পৰে।

(খলিল জিব্ৰানৰ প্ৰফেটৰ পৰা। অনুবাদ- অৰুণমণি চৌধুৰী।)

 

***           ***         ***

মানুহে মোক অহেতুকভাৱে অপৰিসীম মৰম দেখুৱাই আহিছে। মোৰ কোনো শত্ৰু নাই। যদি কোনোবাই শত্ৰুৰ ভাও ধৰিছেও, তেওঁলোকৰ স্বভাৱ ইমান ভাল যে আজিলৈকে কোনেও মোক মনোকষ্ট দিয়া নাই। যেতিয়াই কোনোবাই মোৰ বিৰুদ্ধে লিখা কথা মই পঢ়োঁ, তেতিয়া মই যে কেৱল তেওঁৰ লগত সম্পূৰ্ণ একমতেই হওঁ সেইটো নহয়; মই অনুভৱ কৰোঁ যে মই মোৰ বিৰুদ্ধে তেওঁতকৈ আৰু বেছিকৈহে লিখিব পাৰিলোহেঁতেন। ভৱিষ্যতে হ’ব পৰা মোৰ শত্ৰুসকলক মই উপদেশ দিব খোজোঁ যে তেওঁলোকে তেওঁলোকৰ অভিযোগ বা আপত্তিবোৰ যেন মোলৈ আগতীয়াকৈ পঠাই দিয়ে; মই তেওঁলোকক সম্পূৰ্ণ আশ্বাস দিব পাৰোঁ যে মোৰ পৰা তেওঁলোকে সকলো সহায়-সমৰ্থন পাব। মই অনকি এটা ছদ্মনামত মোৰ নিজৰ বিৰুদ্ধে এটা নিৰ্মম নিন্দাসূচক সমালোচনা লিখিবলৈকো এটা গোপন আশা পুহি ৰাখিছো।

(জৰ্জ লুই বৰ্ঝেছ। হোমেন বৰগোহাঞিৰ ‘আনন্দ আৰু বেদনাৰ সন্ধানত’ৰ পৰা।)

 

***           ***         ***

মানুহ প্ৰকৃত অৰ্থত মুক্ত হ’বলৈ হ’লে তেওঁ তিনিটা মৌলিক সত্যক স্বীকাৰ কৰি ল’ব লাগিব, আৰু সেইটো কৰা সম্ভৱ একমাত্ৰ যুক্তিৰ সহায়েৰে। সেই মৌলিক সত্য তিনিটা হ’ল: (১) আমি যিবোৰ কথা বিশ্বাস কৰোঁ সেইবোৰ সত্য নহ’বও পাৰে; (২) আমি যিবোৰ বস্তু ভাল পাওঁ সেইবোৰ মংগল-দায়ক নহ’বও পাৰে; (৩) কোনো প্ৰশ্নৰেই চূড়ান্ত উত্তৰ নাই, অৰ্থাৎ প্ৰত্যেকটো উত্তৰতে বিতৰ্ক বা মতানৈক্যৰ অৱকাশ আছে।

(ক্লাইব বেল।)

 

***           ***         ***

বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ ঔপন্যাসিক কেইজনৰ ভিতৰত এজন হ’ল যোছেফ কনৰাড। তেওঁৰ ‘Heart of Darkness’ নামৰ উপন্যাসখনৰ বিষয়ে বিংশ শতাব্দীৰ আন এজন সৰ্বশ্ৰেষ্ঠ ঔপন্যাসিক টমাছ মানে লিখিছিল- ‘কনৰাডে উপন্যাসত বিংশ শতাব্দীৰ আগলি বতৰা দিছিল আৰু সেই উপন্যাসখনেৰেই তেওঁ বিংশ শতাব্দীৰ উদ্বোধন কৰিছিল।’ দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে আটাইতকৈ বেছি শ্ৰদ্ধা কৰা মানুহজন আছিল যোছেফ কনৰাড। ‘Heart of Darkness’-এ তেওঁকো গভীৰভাৱে প্ৰভাৱিত কৰিছিল।

এনে এজন প্ৰতিভাশালী লেখকৰ কাৰণে লেখাৰ কামটো কেনেকুৱা আছিল? কনৰাডে নিজে প্ৰশ্নটোৰ উত্তৰ দি লিখিছে- ‘মই প্ৰতিদিনে আঠঘণ্টা সময় লিখিবলৈ বহোঁ। কিন্তু কেৱল বহোঁহে; লেখা প্ৰায় নহয়েই। আঠঘণ্টা কঠোৰ পৰিশ্ৰম কৰি মই তিনিটা বাক্য লিখোঁ। হতাশাত ভগি পৰি লেখাৰ টেবুল এৰাৰ আগে আগে মই সেই বাক্যকেইটাও কাটি পেলাওঁ।’ (কথাখিনিৰ উৎস মোৰ অজ্ঞাত।)

No Comments

Post A Comment