প্ৰজ্ঞাৰ পোহৰ : প্ৰমা

[হোমেন বৰগোহাঞিয়ে তেওঁৰ সম্পাদিত কোনো কোনো কাকত-আলোচনীত প্ৰকাশ কৰা তেওঁৰ ‘প্ৰমা’ শিতানটোৰ মই এতিয়ালৈকে পঢ়া ত্ৰিশতাধিক লেখাৰ পৰা মোৰ অতি ভাল লগা কেইটিমান ইয়াত সংগ্ৰহ কৰিলোঁ।]

(১)

হীনমন্যতা অবিহনে মানুহ হোৱা অসম্ভৱ। হীনমন্যতাই হীনমন্যতা জয় কৰিবলৈ মানুহক অহৰহ তাগিদা দি থাকে। জীৱনৰ জয়লাভৰ সহস্ৰ পথ থাকে। প্ৰত্যেকটো পথেই ইটোৰ পৰা সিটো বেলেগ। ঠিক সেইদৰে উৎকৰ্ষৰ লক্ষ্যত উপনীত হ’বলৈকো বহুতো বেলেগ বেলেগ পথ থাকিব পাৰে। প্ৰত্যেক মানুহে নিজৰ চিন্তা অনুযায়ী নিজৰ পথ বাছি লয়। মানুহৰ হীনমন্যতা যিমানেই বেছি হয়, ঠিক সিমানেই বেছি দৃঢ় হয় তাক জয় কৰাৰ সংকল্প। লগতে বেছি হয় মনৰ ভিতৰত চলি থকা আৱেগিক আন্দোলন।

(এলফ্ৰেড এডলাৰ, বিশ্ববিখ্যাত মনস্তত্ত্ববিদ।)

(২)

মানুহৰ বহুতো ক্লান্তি আৰু অৱসাদ সম্পূৰ্ণৰূপে কাল্পনিক। কৰিবলগীয়া কামটো নকৰাকৈ থাকিবৰ কাৰণে বা পিছত কৰিম বুলি পেলাই থ’বৰ কাৰণে আনকি বহুত প্ৰতিভাশালী মানুহেও এটা অজুহাত হিচাপে কাল্পনিক ক্লান্তি সৃষ্টি কৰি লয়। এটা নিৰ্দিষ্ট কামৰ মুখামুখি হৈ ডঃ জনছন ইমান অৱসাদগ্ৰস্ত, অলস আৰু অকৰ্মণ্য হৈ পৰে যে তেওঁ আনকি ঘড়ীৰ ঘণ্টাৰ কাঁটাডালৰ পৰা মিনিটৰ কাঁটাডাল পৃথক কৰি চিনিব নোৱাৰা হয়।

সংগীতজ্ঞ ৰবাৰ্ট স্বুমেনে এটা নতুন সুৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰি হঠাৎ ইমান ক্লান্ত হৈ পৰে যে তেওঁৰ গাটো কঁপিবলৈ ধৰে আৰু ভৰি দুখন চেঁচা পৰি যায়।

চিকিৎসা বিজ্ঞানীৰ মতে এই বিখ্যাত আৰু প্ৰতিভাশালী লোকসকল আচলতে স্ব-সৃষ্ট অৱসাদৰ চিকাৰ। সন্দেহ নাই যে তেওঁলোক প্ৰতিভাশালী; কিন্তু সাহস আৰু ধৈৰ্যৰে এটা কঠিন কামৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সামৰ্থৰ অভাৱ। দুৰাৰোগ্যভাৱে ক্লান্ত বহুতো চল্লিছোৰ্ধ্ব সফল ব্যৱসায়ীক পৰীক্ষা কৰি দেখা গৈছিল যে তেওঁলোকে কৰ্মজীৱন আৰম্ভ কৰিছিল অদম্য উচ্চাকাংক্ষা আৰু সংকল্পৰ দৃঢ়তাৰে; কিন্তু জীৱনৰ মাজবাটত তেওঁলোকে কৰ্মস্পৃহা হেৰুৱাই পেলাই এনেভাৱে ক্লান্ত হৈ পৰিল যে তেওঁলোকৰ মেইন স্প্ৰিংটোৱেই যেন ভাগি গ’ল। চিকিৎসকসকলে আৱিষ্কাৰ কৰিলে যে সাফল্যৰ গৌৰৱে তেওঁলোকক যিমান সুখী কৰিছিল, তাতোকৈ বহুগুণ বেছিকৈ তেওঁলোকক আতংকিত কৰিছিল ব্যৰ্থতাৰ ভয়ে। তেওঁলোকৰ জীৱনত নাছিল সেইধৰণৰ সুস্থ তাড়না, যি তাড়নাই তেওঁলোকক ক্লান্তি জয় কৰিবলৈ সমৰ্থ কৰে আৰু কৰ্মত প্ৰবৃত্ত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে।

আচলতে এইবোৰ মানুহ অকণো ক্লান্ত নহয়; তেওঁলোক কেৱল বিৰক্ত, জীয়াই থকাৰ উত্তেজনা ঘূৰাই পালেই দূৰ হ’ব তেওঁলোকৰ সমস্ত ক্লান্তি।

(মাৰ্গুৱেৰিট ক্লাৰ্ক।)

(৩)

জীৱন সদায় জয়ী হয়

তিনি হাজাৰ বছৰৰ আগতে এজন মানুহে ভাবিছিল যে মানুহে উৰিব পাৰিব। মানুহে ব্যাৱহাৰ কৰিবৰ কাৰণে তেওঁ দুখন ডেউকা সাজি উলিয়ালে। তেওঁৰ পুতেক ইকাৰাছ সেই ডেউকাৰ সহায়েৰে উৰিবলৈ গৈ সাগৰত পৰি মৰিল।

কিন্তু সেইবুলি জীৱন নিৰাশ বা হতোদ্যম নহ’ল। মানুহে এদিন চৰাইৰ দৰে আকাশত উৰিব পাৰিবই- এই স্বপ্ন সি তাৰ বুকুৰ মাজত বহন কৰি লৈ ফুৰিল।

ত্ৰিছ পুৰুষৰ পিছত লিওনাৰ্ডো ডা ভিঞ্চিয়ে এটা উৰিব পৰা যন্ত্ৰৰ কেতবোৰ ছবি আঁকি উলিয়ালে। ছবিবোৰ ইমান সুন্দৰ আছিল যে সেইবোৰত চকু পৰিলেই বুকুৰ মাজত এটা যন্ত্ৰণা অনুভৱ হয়। ছবিবোৰ আঁকি শেষ কৰি তেওঁ নিজৰ টোকাবহীত এটা সৰু বাক্য লিখিলে: ‘মই মানুহৰ কাৰণে ডেউকা সাজিম।’ কিন্তু লিওনাৰ্ডোৰ সপোন নফলিয়ালে। মানুহে উৰি ফুৰা দেখিবলৈ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হ’ল।

কিন্তু জীৱনে তাৰ স্বপ্ন বুকুৰ মাজত বহন কৰি লৈ ফুৰিল।

আৰু কেইবাপুৰুষ পাৰ হৈ গ’ল। মানুহে ভাবিবলৈ ধৰিলে যে মানুহৰ পক্ষে উৰা সম্ভৱ নহয়। কাৰণ, সেইটো ঈশ্বৰৰ ইচ্ছা নহয়।

কিন্তু মানুহে এদিন সঁচাকৈয়ে আকাশলৈ উৰা মাৰিলে।

জীৱন তাকেই বোলে- যি এবাৰৰ কাৰণেও হতাশ বা ভগ্নোদ্যম নহৈ তিনি হাজাৰ বছৰ ধৰি একেটা উদ্দেশ্যেত লাগি থাকিব পাৰে। ব্যক্তিবিশেষ ব্যৰ্থ হ’ব পাৰে, কিন্তু জীৱন সদায় জয়ী হয়। ব্যক্তিৰ মৃত্যু হয়- কিন্তু জীৱন অক্লান্ত আৰু অপৰাজেয়। জীৱন চিৰকাল নিজৰ বাটত আগুৱাই গৈ থাকে বিস্মিত হৈ, সোণৰ সোলেং বিচাৰি, ভাঙি, পাতি, চেষ্টা কৰি, পৰীক্ষা-নিৰীক্ষা কৰি, এবাৰ উঠি এবাৰ নামি, সিদ্ধি লাভ কৰি, আশা কৰি, সপোন দেখি… জীৱন নিজৰ বাটত আগুৱাই গৈ থাকে চিৰকাল।

(উইল ডুৰাণ্ট।)

(৪)

মূৰ্খ কোন?

যি মানুহে অধ্যয়ন নকৰাকৈ পণ্ডিতৰ দৰে অভিমান কৰে, তেওঁ মূৰ্খ।

যি মানুহে দৰিদ্ৰ হৈও ধনীৰ নিচিনা গৰ্বিত আচৰণ কৰে আৰু কু-কাৰ্য কৰি ধনী হ’বলৈ চেষ্টা কৰে, তেওঁ মূৰ্খ।

যি মানুহে স্বাৰ্থ ত্যাগ কৰি পৰাৰ্থ সাধন কৰিবলৈ চেষ্টা কৰে আৰু মিত্ৰক উপকাৰ কৰিবৰ কাৰণে মিথ্যাচাৰৰ আশ্ৰয় লয়, তেওঁ মূৰ্খ।

যি মানুহে শত্ৰুক মিত্ৰ জ্ঞান কৰে, মিত্ৰৰ প্ৰতি হিংসা আৰু বিদ্বেষ পোষণ কৰে, অসৎ কৰ্ম পৰিত্যাগ নকৰে, তেওঁ মূৰ্খ।

যি মানুহ সাংসাৰিক কাৰ্যত সততে সন্দিহান হয় আৰু সোনকালে কৰিবলগীয়া কাম পিছলৈ পেলাই থয়, তেওঁ মূৰ্খ।

যি মানুহে বিনা নিমন্ত্ৰণে আনৰ ঘৰলৈ যায়, আনে একো প্ৰশ্ন নকৰিলেও নিজে বহু কথা কৈ পেলায় আৰু বিশ্বাসৰ অযোগ্য মানুহক বিশ্বাস কৰে, তেওঁ মূৰ্খ।

যি মানুহে নিজে দোষী হৈও আনকহে দোষাৰোপ কৰে আৰু অণুমাত্ৰ ক্ষমতাৱান নহৈও সততে ক্ৰোধ প্ৰকাশ কৰে, তেওঁ মূৰ্খ।

যি মানুহে আত্মবলৰ বিষয়ে অৱগত নহৈ অলভ্য বস্তু পাবলৈ বাসনা কৰে, তেওঁ মূৰ্খ।

(ধৃতৰাষ্ট্ৰৰ প্ৰতি বিদুৰ : মহাভাৰত, উদ্যোগ পৰ্ব।)

(৫)

সুখী হোৱাটোৱেই মোৰ প্ৰধান কাম।

কিন্তু সেই কামত যদি মই শিথিলতা প্ৰদৰ্শন কৰোঁ-

যদি মই মোৰ নিজৰ মানুহবোৰৰ

মাজতেই ঘূৰি ফুৰোঁ

কিন্তু মোৰ মুখখন প্ৰভাতৰ নিচিনা উজ্জ্বল সুনিদৰ কৰি

তেওঁলোকক নেদেখুৱাওঁ-

যদি সুখী মানুহৰ চকুৰ হাঁহিৰ জেউতিয়ে

মোৰ হৃদয় আলোড়িত নকৰে-

যদি পুৱাৰ আকাশ, কিতাপ, মোৰ আহাৰ

আৰু গ্ৰীষ্মৰ বৰষুণে

মোৰ হৃদয়ত কৰাঘাত কৰি একো সঁহাৰি নাপায়-

তেন্তে হে প্ৰভু, তেন্তে তুমি মোক দিয়া সকলো আনন্দ

ঘূৰাই লোৱা,

আৰু এটা প্ৰচণ্ড আঘাত কৰি মোক জগাই দিয়া;

হে প্ৰভু, তেতিয়াও যদি মই সাৰ নাপাওঁ

তেন্তে মই মৰাৰ আগতে

মোৰ হৃদয় বিদীৰ্ণ কৰা এটা তীব্ৰ যন্ত্ৰণা,

এটা কালান্তক পাপ

মোৰ মৃত হৃদয়ৰ মাজলৈ নিক্ষেপ কৰি দিয়া।

(ৰবাৰ্ট লুই ষ্টিভেনছন।)

(৬)

ভাগ্য? বহুত দিনৰ আগতেই মই তেওঁক লগ পাইছিলো। লগ পাইছিলো, আৰু তেওঁৰ শক্তি আৰু ইচ্ছা জুখি চাইছিলো। তেওঁ মোক চাবুকেৰে কোবাইছিল। তেওঁক কেনেকৈ চাবুকেৰে কোবাব লাগে, সেই কথাও মই তেওঁৰ পৰাই শিকিছিলো।

প্ৰথমতে মই ভাগ্যৰ লগত যুদ্ধ কৰিলোঁ। দুই হিংস্ৰ পশুৱে যেনেকৈ যুদ্ধ কৰে ঠিক তেনেকৈ। প্ৰতিটো আঘাতেৰে তেওঁ মোক ক্ষত-বিক্ষত কৰিলে। মই চকুৰে ভালকৈ নেদেখা হ’লোঁ। খঙত পাগল হ’লো। মুখেৰে নামাতি ময়ো তেওঁক প্ৰত্যাঘাত কৰিলোঁ। মই তেওঁক অন্ধভাৱে আঘাত কৰিবলৈ ধৰিলোঁ, খুব জোৰেৰে আঘাত কৰিবলৈ ধৰিলোঁ, চৌপাশৰ পৰা আঘাত কৰিবলৈ ধৰিলোঁ। মোৰ শেষ অৱলম্বন আছিল কেৱল এখন ভগা হাত আৰু এটা ভগা মূৰ।

আঘাতৰ পিছত আঘাত কৰি ভাগ্যই মোক জৰ্জৰিত কৰিবলৈ ধৰিলে। তেওঁ মোক ধমক দি সেও মনাবলৈ চেষ্টা কৰিলে। অৱশেষত মই যুঁজ কৰিবলৈ এৰি হাত দুখন তলত নমালোঁ। মই থিয় হ’লোঁ। মই শান্ত হৈ থিয় হ’লোঁ।

তাৰ পিছত ভাগ্যক মই প্ৰহাৰ কৰিলোঁ- এটা হাঁহিৰে।

(চাৰ্লছ এফ লুইছ।)

(৭)

সকলো হতাশা আৰু বিৰক্তিৰ সন্মুখত প্ৰশান্ত ধৈৰ্য আৰু সাহস ৰক্ষা কৰিব পৰাটো হোৱা উচিত আমাৰ লক্ষ্য। আমি যদি জীৱনৰ সকলো বিৰক্তিদায়ক কথাবোৰ এৰাই চলিবলৈ চেষ্টা কৰোঁ, তেন্তে পদে পদে হতাশাৰ সন্মুখীন হোৱা ভয়ে আমাৰ সুখ-শান্তি বিনষ্ট কৰিব। তুমি যেতিয়া যন্ত্ৰণা আৰু হতাশাৰ মুখামুখি হোৱা, তেতিয়া তুমি যে সুখৰ মূল্যটোকে বেছিকৈ উপলব্ধি কৰা এনে নহয়; আগজাননী নিদিয়াকৈ অহা বিপদ-বিঘিনিবোৰৰ সন্মুখীন হ’বলৈকো তুমি তেতিয়া বেছি ভালকৈ সাজু হ’ব পাৰা। আমি অলপ অলপকৈ বিষাক্ত ঔষধ খাই আমাৰ শৰীৰৰ ৰোগৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰিব পাৰোঁ। ঠিক তেনেকৈ জীৱনৰ অনিবাৰ্য দুখ-দুৰ্দশাবোৰকো সাহসেৰে গ্ৰহণ কৰি আমি সেইবোৰৰ বিৰুদ্ধে আমাৰ প্ৰতিৰোধ শক্তি গঢ়ি তুলিব পাৰোঁ। মানুহৰ ছদ্মবেশত এনেকুৱা বহুতো বৃক্ষ জাতীয় বস্তু থাকিব পাৰে- যিবোৰে দুখ আৰু যন্ত্ৰণা পৰিহাৰ কৰি চলিব পাৰে। কিন্তু তেওঁলোকে নিজকে মানুহ বুলি দাবী কৰিব নোৱাৰে।

(ডব্লিউ বেৰান উলফ।)

(৮)

কোনেও মৰিবলৈ নিবিচাৰে। আনকি যিবোৰ মানুহে স্বৰ্গলৈ যাবলৈ বিচাৰে, তেওঁলোকেও স্বৰ্গলৈ যোৱাৰ আশাত মৰিবলৈ নিবিচাৰে। অথচ মৃত্যুৱেই হ’ল আমাৰ সকলোৰে উমৈহতীয়া গন্তব্যস্থল। মৃত্যুৰ পৰা আজিলৈকে কোনেও নিস্তাৰ পোৱা নাই। সেইটোৱেই কাম্য, কাৰণ মৃত্যুৱেই হ’ল জীৱনৰ সৰ্বোত্তম আৱিষ্কাৰ। জীৱনৰ পৰিৱৰ্তন অনাৰ দায়িত্ব মৃত্যুৰ। নতুনৰ কাৰণে ঠাই উলিয়াবলৈ মৃত্যুৱে পুৰণিক সাৰি-পুচি পৰিষ্কাৰ কৰি দিয়ে। এই মুহূৰ্তত তুমিয়েই নতুন; কিন্তু আজিৰ পৰা কেইদিনমানৰ ভিতৰতে তুমি ক্ৰমশঃ পুৰণি হ’বা আৰু তোমাক সাৰি পেলোৱা হ’ব। ইমান নাটকীয় হ’ব লগা হোৱাত মই দুঃখিত, কিন্তু ই সম্পূৰ্ণ সত্য।

তোমাৰ সময় সীমিত, সেই কাৰণে আনৰ জীৱন যাপন কৰি সময়ৰ অপচয় নকৰিবা। কোনো বদ্ধুমূল ধাৰণাৰ (dogma) ফান্দত নপৰিবা, কাৰণ তেতিয়াহ’লে তুমি আন মানুহৰ চিন্তাৰ ফচল খাই জীয়াই থাকিব লাগিব। তোমাৰ নিজৰ অন্তৰৰ কণ্ঠস্বৰক আন মানুহৰ মতামতৰ হুলস্থুলীয়া শব্দই যাতে তল পেলাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবা। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল – নিজৰ হৃদয় আৰু নিজৰ স্বজ্ঞাক (Intuition) অনুসৰণ কৰিবলৈ সাহস গোটাবা। তুমি প্ৰকৃততে কি হ’বলৈ বিচাৰা, সেই কথা তোমাৰ হৃদয় আৰু স্বজ্ঞাই ইতিমধ্যেই জানে। বাকী আন সকলো কথা গৌণ।

মই আনৰ পৰা শিকা এটা কথা তোমালোকক কওঁ:

সদায় ক্ষুধাতুৰ হৈ থাকিবা, সদায় মুৰ্খ হৈ থাকিবা।

Stay hungry, stay follish.

(ষ্টিভ জবছ,

মাত্ৰ কেইদিনমানৰ আগতে পেংক্ৰিয়াছৰ দুৰাৰোগ্য কেঞ্চাৰত মাত্ৰ ৫৬ বছৰ বয়সত মৃত্যু বৰণ কৰা ষ্টিভ জবে ২০০৫ চনত ষ্টনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ আগত দিয়া বক্তৃতাৰ কিয়দংশ। এপল কোম্পানীৰ প্ৰতিষ্ঠাতা ষ্টিভ জবে নানা বিস্ময়কৰ সঁজুলি উদ্ভাৱন কৰি আধুনিক জগতখনক চিনিব নোৱাৰাকৈ সলনি কৰি থৈ গৈছে।)

(৯)

মই শূন্যলৈ এডাল কাঁড় মাৰি পঠিয়ালোঁ; সি গি কোনোবা এঠাইত মাটিত পৰিল।

ক’ত পৰিল মই নাজানো।

কাঁড়ডাল ইমান জোৰেৰে উৰি যোৱাৰ নিচিনাকৈ গৈছিল যে মোৰ দৃষ্টিয়ে তাক অনুসৰণ কৰা সম্ভৱ নাছিল।

মই শূন্যলৈ এটা গান এৰি দিছিলো; সি গি কোনোবা এঠাইত মাটিত পৰিল।

ক’ত পৰিল মই নাজানো।

কাৰ দৃষ্টি ইমান প্ৰখৰ আৰু তীক্ষ্ণ যে এটা উৰি যোৱা গানক সি অনুসৰণ কৰিব পাৰিব?

বহুত বহুত দিনৰ পিছত মই কাঁড়ডাল বিচাৰি পালোঁ। অভগ্ন অৱস্থাত কাঁড়ডাল এজোপা ওক গছত লাগি আছিল।

আৰু গানটোকো মই বিচাৰি পালোঁ। আদিৰ পৰা অন্তলৈকে। সি সোমাই আছিল এজন বন্ধুৰ হৃদয়ত।

(হেনৰি উৱেছৱৰ্থ লংফেল’।)

(১০)

এদিন গুৰু নানকে তেওঁৰ পুতেকক ওচৰলৈ মাতি আনি ক’লে- ‘আজি তুমি গোহালিটো চাফা কৰিব লাগিব। মই চাফা কৰিবলৈ পাহৰি গ’লোঁ।’

পুতেকে অলপ আগতে গা-পা ধুই চাফা সাজ-পাৰ পিন্ধি প্ৰাৰ্থনা কৰিবলৈ সাজু হৈছিল। গোহালিৰ গোবৰ চাফা কৰি কাপোৰ লেটেৰা কৰিবলৈ তেওঁৰ অকণো ইচ্ছা নাছিল। তেওঁ পিতাকক ক’লে- ‘মই এতিয়া গোহালি চাফা কৰিব নোৱাৰোঁ। গা ধুই চাফা কাপোৰ-কানি পিন্ধি মই মন্দিৰলৈ যাবলৈ সাজু হৈছোঁ। গোহালি চাফা কৰি লেতেৰা হৈ মই মন্দিৰলৈ যাব নোৱাৰোঁ।’

এইবুলি কৈ তেওঁ মন্দিৰলৈ গুচি গ’ল।

নানকৰ বহুতো শিষ্যৰ ভিতৰ এজন আছিল অংগদ। নানকে অংগদক মাতি আনি গোহালি চাফা কৰিবলৈ নিৰ্দেশ দিলে। অংগদে বিনাবাক্যব্যয়ে গুৰুৰ আদেশ শিৰোধাৰ্য কৰি গোহালিটো চাফা কৰিলে। গোহালি চাফা কৰাৰ পিছত তেওঁ গা ধুই মন্দিৰলৈ গ’ল।

পিছদিনাখন নানকে তেওঁৰ শিষ্যসকলৰ এখন ডাঙৰ সভা আহ্বান কৰিলে। সেই সভাত তেওঁ ঘোষণা কৰিলে যে তেওঁৰ মৃত্যুৰ পিছত অংগদ হ’ব তেওঁৰ উত্তৰাধিকাৰী, অৰ্থাৎ শিষ্যসকলৰ প্ৰধান পুৰোহিত আৰু ধৰ্মগুৰু। নানকৰ এই ঘোষণা শুনি তেওঁৰ শিষ্যবৰ্গ অতি আচৰিত হ’ল, কাৰণ সকলোৱেই এই কথা স্বতঃসিদ্ধ বুলি ধৰি লৈছিল যে গুৰুৰ মৃত্যুৰ পিছত গুৰুৰ আসনত বহিব তেওঁৰ পুত্ৰ। সমজুৱাসকলে তেওঁক প্ৰশ্ন কৰিলে- ‘গুৰুদেৱ, নিজৰ পুত্ৰক বঞ্চিত কৰি আপুনি অংগদক উত্তৰাধিকৰী বুলি ঘোষণা কৰাৰ কাৰণ কি?’

নানকে ক’লে- ‘মই মোৰ পুত্ৰক গোহালিটো চাফা কৰিবলৈ নিৰ্দেশ দিছিলো। কিন্তু গাৰ কাপোৰ-কানি লেতেৰা হোৱাৰ ভয়ত তেওঁ গোহালি চাফা কৰিবলৈ অস্বীকাৰ কৰিলে। তদুপৰি তেওঁ গোহালি চাফা কৰাতকৈ মন্দিৰলৈ যোৱাৰ ওপৰত বেছি গুৰুত্ব দিলে। আনহাতে, মই অংগদক গোহালি চাফা কৰিবলৈ কোৱা মাত্ৰকেই তেওঁ মন্দিৰলৈ যোৱাৰ কামো পিছলৈ ৰাখি তৎক্ষণাৎ গোহালি চাফা কৰিবলৈ লাগি গ’ল। যি মানুহে নিজৰ গোহালিটো চাফা কৰিবলৈ ইচ্ছা নকৰে, তেওঁ সমাজখন চাফা কৰিব কেনেকৈ?….. এতিয়া তোমালোকে নিশ্চয় বুজিছা যে মোৰ উত্তৰাধিকাৰী হ’বলৈ অংগদেই হ’ল আটাইতকৈ উপযুক্ত মানুহ।’

* সকলো হতাশা আৰু বিৰক্তিৰ সন্মুখত প্ৰশান্ত ধৈৰ্য আৰু সাহস ৰক্ষা কৰিব পৰাটো হোৱা উচিত আমাৰ লক্ষ্য। আমি যদি জীৱনৰ সকলো বিৰক্তিদায়ক কথাবোৰ এৰাই চলিবলৈ চেষ্টা কৰোঁ, তেন্তে পদে পদে হতাশাৰ সন্মুখীন হোৱা ভয়ে আমাৰ সুখ-শান্তি বিনষ্ট কৰিব। তুমি যেতিয়া যন্ত্ৰণা আৰু হতাশাৰ মুখামুখি হোৱা, তেতিয়া তুমি যে সুখৰ মূল্যটোকে বেছিকৈ উপলব্ধি কৰা এনে নহয়, আগজাননী নিদিয়াকৈ অহা বিপদ-বিঘিনিবোৰৰ সন্মুখীন হ’বলৈকো তুমি তেতিয়া বেছি ভালকৈ সাজু হ’ব পাৰা।

(ডব্লিউ বেৰান উলফ।)

(১১)

টমাছ আলভা এডিছনৰ এটা বিৰাট গৱষণাগাৰ আছিল। কোৱা হয় যে এইটোৱেই আছিল সমগ্ৰ পৃথিৱীতে এনে ধৰণৰ প্ৰথম গৱেষণাগাৰ, য’ত এজন মানুহৰ নেতৃত্বত বহুতো কাৰিকৰ আৰু গৱেষণাকৰ্মীয়ে কাম কৰি নতুন নতুন সঁজুলি উদ্ভাৱন কৰিছিল। এদিন দুৰ্ঘটনাক্ৰমে গৱেষণাগাৰটোত জুই লাগি চকুৰে চাই থাকোঁতেই সি ভস্মস্তূপত পৰিণত হ’ল। বহু বছৰ ধৰি কষ্ট কৰি তেওঁ যিবোৰ মূল্যৱান বৈজ্ঞানিক সঁজুলি তৈয়াৰ কৰিছিল, সেই সকলোবোৰ তেওঁৰ চকুৰ আগতে লেলিহান অগ্নিশিখাই গ্ৰাস কৰি পেলালে। তেতিয়া এডিছনৰ বয়স হৈছিল ৬৭ বছৰ। সেই সময়ত বেছিভাগ মানুহেই নিজৰ কান্ধৰ পৰা কামৰ বোজা এটা এটাকৈ নমাবলৈ আৰম্ভ কৰে। নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ সেই বয়সত বেছিভাগ মানুহৰে শক্তি আৰু উদ্যম বাকী নাথাকে। এনেস্থলত গোটেই জীৱনৰ সাধানাৰে তিলতিলকৈ গঢ়ি তোলা অমূল্য গৱেষণাগাৰটো নিজৰ চকুৰ আগতে ছাইত পৰিণত হোৱা দেখিলে বেছিভাগ মানুহেই দুখ আৰু হতাশাত ভাগি পৰিলেহেঁতেন; জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শক্তি আৰু সময় নাই বুলি ভাবি তেওঁৰ জীয়াতে মৰাৰ নিচিনা অৱস্থা হ’লহেঁতেন। কিন্তু টমাছ আলভা এডিছন আছিল সম্পূৰ্ণ বেলেগ ধাতুৰে গঢ়া মানুহ। জুয়ে তেওঁৰ গৱেষণাগাৰটো পুৰি এফালৰ পৰা ছাই কৰি অনা দেখি অস্থিৰ আৰু আতংকিত হোৱাৰ পৰিৱৰ্তে এডিছনে মুগ্ধ দৃষ্টিৰে নাচি নাচি জঁপিয়াই ফুৰা অগ্নিশিখাবোৰ চাবলৈ ধৰিলে। চাৰ্লছ নামৰ তেওঁৰ ডেকা পুতেকজনে অগ্নিকাণ্ডৰ হুলস্থূলৰ মাজত ইমানপৰে তেওঁকেই বিচাৰি ফুৰিছিল। পুতেকক দেখা মাত্ৰে এডিছনে ক’লে— ‘বোপাই, তুমি তৎক্ষণাত মাৰাক ইয়ালৈ মাতি আনা। এই ভীষণ সুন্দৰ দৃশ্যটো তেওঁ চাবই লাগিব। চোৱাচোন চোৱা, লেলিহান অগ্নিশিখাই কি অবৰ্ণনীয় দৃশ্য সৃষ্টি কৰিছে।’

এই দুৰ্ঘটনাৰ খবৰ পাই পিছদিনা এডিছনৰ বন্ধুসকল তেওঁক সহানুভূতি জনাবলৈ আহিল। যাক সহানুভূতি জনাবলৈ তেওঁলোক আহিল সেই এডিছন কিন্তু নিজে নিৰ্বিকাৰ। বৰং এডিছনে তেওঁলোকক ক’লে— ‘জুয়ে মোৰ গৱেষণাগাৰটো পুৰি ছাই কৰিলে বুলি মোৰ সৰ্বনাশ কৰিলে বুলি নাভাবিবা। মই নিজে কিন্তু এই দুৰ্ঘটনাটো মোৰ ভালৰ কাৰণেহে হৈছে বুলি ভাবিছোঁ। মই অতীতত কৰি অহা আটাইবোৰ ভুল জুয়ে পুৰি ছাই কৰি পেলালে, আৰু মোৰ গৱেষণা নতুনকৈ আৰম্ভ কৰিবলৈ মোক এটা সুযোগ দিলে। তাৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিছোঁ।’

(১২)

বহুত মানুহৰ এনে এটা অভ্যাস আছে যে তেওঁলোকে নিজৰ সমস্যাবোৰৰ বিষয়ে ঘেনঘেনাই থাকিয়েই জীৱনটো শেষ কৰে। মই নিজে বিশ্বাস কৰোঁ যে সমস্যাবোৰৰ বিষয়ে আপত্তি কৰি থকাতকৈ বা ঘেনঘেনাই থকাতকৈ সমস্যাবোৰৰ সমাধান কৰিবলৈ চেষ্টা কৰিলে মানুহৰ জীৱনত সুখ-শান্তি বহু পৰিমাণে বাঢ়িব।

মই জীৱনত এনেকুৱা কেইজনমান অসাধাৰণ মানুহক লগ পাইছিলো যিকেইজনে নিজৰ সমস্যাবোৰৰ বিষয়ে ওজৰ-আপত্তি কৰি নিজৰ বা আনৰ শান্তি নষ্ট নকৰিছিল। এনে এজন মানুহ আছিল ছেণ্ডী ব্লাট। মই কলেজত থাকোঁতে তেওঁৰ ভাৰাঘৰত থাকি পঢ়িছিলো। ডেকা বয়সত এদিন তেওঁ এখন ট্ৰাকৰ পৰা কিছুমান বাকছ নমাই আছিল। এনেতে আন আখন ট্ৰাক আহি তেওঁৰ পিঠিত খুন্দা মাৰিলে। তেওঁ হামখুৰি খাই বাটৰ কাষৰ খাৱৈত পৰি গ’ল। মই তেওঁক সুধিছিলো— ‘খালটো কিমান দ’ আছিল?’ তেওঁ সহজভাৱে ক’লে— ‘বহুত দ’ আছিল।’

আচলতে ট্ৰাকৰ খুণ্ডাত ছেণ্ডীৰ কঁকাল ভাগিছিল আৰু বাকী গোটেই জীৱন তেওঁ পংগু হৈ বিচনাত কটাব লগা হৈছিল। ছেণ্ডী আছিল এজন ব্যায়ামবীৰ। দুৰ্ঘটনাটো ঘটিবৰ সময়ত এজনী ছোৱালীৰ লগত তেওঁৰ বিয়া ঠিক হৈছিল। কিন্তু তেওঁ ছোৱালীজনীৰ বোজা হ’ব নুখুজি তাইক ক’লে— ‘তুমিতো এজন পংগু মানুহক বিয়া কৰোঁৱাৰ কথা নাছিল। গতিকে মই তোমাক মুক্তি দিলোঁ।’ ছোৱালীজনীয়েও মুক্তি লৈ ছেণ্ডীৰ জীৱনৰ পৰা বিদায় ল’লে।

ছেণ্ডীয়ে ত্ৰিছৰ ডেওনা পাৰ হোৱাৰ পিছত মই তেওঁক লগ পাইছিলো। তেওঁৰ দৃষ্টিভংগী দেখি মই অতি আচৰিত হৈছিলো। তেওঁৰ এনে এটা অবিশ্বাস্য স্বভাৱ আছিল যে জীৱনৰ চৰম দুৰ্ভাগ্যৰ বিৰুদ্ধেও তেওঁ কেতিয়াও আপত্তি কৰা নাছিল। কঠোৰ পৰিশ্ৰম কৰি তেওঁ বৈবাহিক উপদেষ্টা (Marriage Counsellor) হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। নিজৰ শাৰীৰিক সমস্যাৰ বিষয়ে তেওঁ এনেভাৱে কৈছিল— যেন তাতকৈ স্বাভাৱিক কথা আন একো হ’ব নোৱাৰে। তেওঁ এবাৰ মোক কৈছিল যে ঠাণ্ডাৰ প্ৰকোপ বেছি হ’লে কঁকাল ভগা মানুহবোৰৰ বিশেষ অসুবিধা হয়, কাৰণ তেওঁলোকে ঠাণ্ডাত কঁপিব নোৱাৰে। ঠাণ্ডা বেছিকৈ পৰিলে তেওঁ কেৱল কৈছিল— ‘কম্বলখন মোৰ গাৰফালে ঠেলি দিয়াচোন।’ ইয়াতকৈ বেছি কথা কোৱাৰ প্ৰয়োজন তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল।

(ৰেণ্ডী প’শ্চ।)

(১৩)

আমাৰ অৱচেতনৰ কোনোবা এটা আন্ধাৰ চুকত লুকাই থাকে আমাৰ জীৱনৰ এটা বিশেষ আদৰ্শ বা স্বপ্ন। আমি যেন বিশাল মহাদেশৰ ওপৰেৰে এটা দীঘলীয়া অভিযানত বাহিৰ হৈছোঁ। আমি এখন ৰেলগাড়ীত ভ্ৰমণ কৰিছোঁ। খিৰিকীৰ বাহিৰলৈ চাই আমি হেঁপাহ পলুৱাই পান কৰিছোঁ চকুৰ পলকতে অদৃশ্য হৈ যোৱা সেই সুন্দৰ দৃশ্যবোৰ : ৰে’ললাইনৰ সমান্তৰালভাৱে গৈ থকা বাটটো, শাৰী শাৰী মটৰ-গাড়ী; ৰে’লৰ ক্ৰছিঙত ল’ৰা-ছোৱালীবোৰে ৰে’লৰ যাত্ৰীবোৰলৈ চাই হাত জোকাৰাৰ দৃশ্য; দূৰৰ পাহাৰৰ নামনিৰ পথাৰত ঘাঁহ খাই চৰি ফুৰা গৰুবোৰ; এটা কাৰখানাৰ পৰা ওলাই আকাশখন ক’লা কৰা ধোঁৱাবোৰ; শাৰী শাৰী ঘেঁহু আৰু গমধান; পাহাৰৰ উপত্যকাবোৰ; উজ্জ্বল নগৰ আৰু সেউজীয়া গাওঁবোৰ।

কিন্তু মুগ্ধ দৃষ্টিৰে এইবোৰ চাই থাকিলেও আমাৰ মনত আটাইতকৈ বেছিকৈ খেলা কৰি থাকে আমাৰ গন্তব্যস্থলৰ চিন্তাই। এটা নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়ত আমাৰ ৰে’লগাড়ীখন গৈ এটা ষ্টেচনত থমকি ৰ’ব। কোনোবাই বেণ্ড পাৰ্টি বজাই আৰু পতাকা উৰুৱাই আমাক আদৰণি জনাব। ষ্টেচন গৈ পোৱাৰ লগে লগে আমাৰ জীৱনত বহুতো বিস্ময়কৰ সপোন দিঠকত পৰিণত হ’ব আৰু আমাৰ জীৱনৰ বিশৃংখল কথাবোৰে অৱশেষত এটা পৰিপাটী ৰূপ ল’ব। ইয়াৰ আগৰ ষ্টেচনত ৰে’লগাড়ীখনলৈ বাট চাই আমি অস্থিৰভাৱে কিমান সময় যে পায়চাৰি কৰিছিলো! প্ৰতিটো মুহূৰ্ত যেন নাযায় নুপুৱায়। আমি উদগ্ৰীৱ হৈ অপেক্ষা কৰিছোঁ, অপেক্ষা কৰিছোঁ কেৱল আমাৰ অন্তিম গন্তব্যস্থানৰ কাৰণে।

‘ষ্টেচনটো পালেই আমাৰ জীৱনৰ এটা গত লাগিব’ —আমি প্ৰত্যেকেই চিঞৰি ইজনে সিজনক কওঁ। ‘মই যেতিয়া ওঠৰ বছৰীয়া হ’ম।’ ‘মই যেতিয়া এখন নতুন মাৰ্চিডিজ বেঞ্জ কিনিম।’ ‘মোৰ সৰ্বশেষ সন্তানটোৱে যেতিয়া কলেজত নামভৰ্তি কৰিব।’ ‘যেতিয়া মোৰ বন্ধকৰ ধনখিনি পৰিশোধ কৰি শেষ হ’ব।’ ‘যেতিয়া মই চাকৰিত পদোন্নতি পাম।’ ‘যেতিয়া মই চাকৰিৰ পৰা অৱসৰ ল’ম।’…. এইবোৰ হৈ গ’লেই বাকী গোটেই জীৱন সুখেৰে কটাব পাৰিম।

কিন্তু এদিন আগতেই হওক বা পিছতেই হওক আমি সকলোৱেই এদিন উপলব্ধি কৰিম যে জীৱনৰ কোনো ষ্টেচন নাই; জীৱনত এনে কোনো এখন ঠাই নাই, য’ত আমি চিৰকালৰ কাৰণে উপস্থিত হ’লোঁ। আচলতে জীৱনৰ ভ্ৰমণটোৱেই হ’ল জীৱনৰ প্ৰকৃত আনন্দ। ষ্টেচনটো কেৱল এটা স্বপ্ন। আমি যিমানেই ষ্টেচনৰ কাষ চাপোঁ সিমানেই সি আমাৰ পৰা আঁতৰি গৈ থাকে।

জীৱনৰ আটাইতকৈ ভাল নীতি হ’ল— বৰ্তমানৰ এই মুহূৰ্তটোকে পৰিপূৰ্ণভাৱে উপভোগ কৰা। বাইবেলতো কোৱা হৈছে— ‘আজিৰ এই দিনটো সৃষ্টি কৰিছে জগতৰ পৰমেশ্বৰে; আমি এই দিনটোক পৰিপূৰ্ণভাৱে উপভোগ কৰিম।’ আজিৰ দিনটোৰ দুশ্চিন্তাই মানুহক উন্মাদ নকৰে। মানুহক উন্মাদ কৰে পাৰ হৈ যোৱা দিনটোৰ অনুশোচনাই আৰু আহিব ধৰা দিনটোৰ ভয়ে। অনুশোচনা আৰু ভয়— এই দুই যমজ ভাতৃয়ে আমাৰ পৰা আমাৰ আজিৰ দিনটো চুৰ কৰি নি থাকে। সেইকাৰণে প্লেটফৰ্মত পায়চাৰি কৰা বন্ধ কৰা। মাইলবোৰ গন্তি কৰাটো বন্ধ কৰা। তাৰ পৰিৱৰ্তে নতুন নতুন পৰ্বত বগাবলৈ যোৱা। বেছি বেছিকৈ আইচক্ৰীম খোৱা। আগতকৈ বেছি সঘনাই খালী ভৰিৰে খোজকাঢ়ি ফুৰা। নতুন নতুন নদীত সাঁতুৰিবলৈ যোৱা। বেছিকৈ সূৰ্যাস্তৰ দৃশ্য উপভোগ কৰা। বেছিকৈ হাঁহা। কমকৈ কান্দা। জীৱনৰ বাটত গৈ থাকোঁতেই আমি জীৱনটোক উপভোগ কৰিব লাগিব। তুমি নিবিচাৰিলেও ষ্টেচনটো অতি সোনকালে আহিবই।

(ৰবাৰ্ট জে হেষ্টিংছ।)

(১৪)

প্ৰাৰ্থনা কেৱল উপাসনা নহয়; বৰং ই মানুহৰ মনৰ পৰা স্বতঃফূৰ্তভাৱে উদগীৰিত হোৱা এক অদৃশ্য শক্তি। এইটোৱেই হ’ল মানুহে সৃষ্টি কৰিব পৰা আটাইতকৈ ডঙৰ শক্তি। মানুহৰ শৰীৰৰ বিভিন্ন গ্ৰন্থিৰ পৰা ওলোৱা ৰসবোৰৰ অস্তিত্ব যেনেকৈ বৈজ্ঞানিকভাৱে প্ৰমাণ কৰিব পাৰি, ঠিক তেনেকৈয়ে মানুহৰ শৰীৰৰ আৰু মনৰ ওপৰত প্ৰাৰ্থনাৰ প্ৰভাৱৰ কথা প্ৰমাণ কৰিব পাৰি। ইয়াৰ ফল জুখিবলৈ কেইবাটাও মাপকাঠী আছে। প্ৰৰ্থনাই শৰীৰলৈ উদ্যম আনে, বৌদ্ধিক শক্তি বহুগুণে বৃদ্ধি পায়, নৈতিক শ্ৰমসহিষ্ণুতা বহুগুণে বৃদ্ধি পায়, আৰু মানৱিক সম্পৰ্কবোৰৰ মাজত অন্তৰ্নিহিত হৈ থকা বাস্তৱতাবোৰ বেছি গভীৰভাৱে উপলব্ধি কৰিবলৈ ই মানুহক সহায় কৰে।

তুমি যদি নিষ্ঠাৰে কৰা প্ৰাৰ্থনাক এটা অভ্যাসত পৰিণত কৰা, তেন্তে তোমাৰ জীৱন সকলোৰে চকুত পৰাকৈ আৰু গভীৰভাৱে সলনি হৈ যাব। তোমাৰ কৰ্ম আৰু আচৰণৰ ওপৰত প্ৰাৰ্থনাই মচিব নোৱাৰা সাঁচ বহুৱাই দিয়ে। যিসকলে প্ৰাৰ্থনাৰ দ্বাৰা নিজৰ অন্তৰ্জীৱন শক্তিশালী কৰিব পাৰে, তেওঁলোকৰ মুখমণ্ডল আৰু শৰীৰত এটা গভীৰ প্ৰশান্তিৰ ভাৱ ফুটি উঠে; তেওঁলোকৰ সমগ্ৰ ব্যক্তিত্বত সেই প্ৰশান্তি বিয়পি পৰে। তেওঁলোকৰ চেতনাৰ গভীৰত এটা শিখা প্ৰজ্বলিত হৈ উঠে। সেই পোহৰত মানুহজনে নিজকে স্পষ্ট ৰূপত দেখিবলৈ পায়। তেওঁ আৱিস্কাৰ কৰে নিজৰ স্বৰ্থপৰতা, তেওঁৰ নিৰ্বোধ অহংকাৰ, তেওঁৰ ভয়, তেওঁৰ লোভ আৰু তেওঁৰ ভুল-ভ্ৰান্তিবোৰ। তেওঁৰ মাজত বিকশিত হয় নৈতিক দায়বদ্ধতা আৰু বৌদ্ধিক বিনয়। ঠিক তেনেকৈয়ে এটা আশিসপূৰ্ণ অৱস্থাৰ প্ৰতি আৰম্ভ হয় আত্মাৰ যাত্ৰা। মাধ্যাকৰ্ষণ শক্তিৰ নিচিনাই প্ৰাৰ্থনাও এটা শক্তি। চিকিৎসক হিচাপে মই নিজেও দেখিছোঁ যে সকলো নিদান ব্যৰ্থ হোৱাৰ পিছতো এজন মানুহে কেৱল নিজৰ প্ৰাৰ্থনাৰ দ্বাৰা নিজকে দুৰাৰোগ্য ৰোগৰ পৰা মুক্ত কৰিব পাৰে। সমগ্ৰ পৃথিৱীত প্ৰাৰ্থনাই হ’ল একমাত্ৰ শক্তি, যি শক্তিয়ে প্ৰকৃতিৰ নিয়মবোৰক উলংঘা কৰিব পাৰে। যিসকল নাৰী আৰু পুৰুষে এই কথা আৱিস্কাৰ কৰে যে তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰাৰ্থনাই এটা অবিৰাম শক্তি সঞ্চাৰ কৰি থাকে, সেইসকল মানুহৰ জীৱনত প্ৰহৰে প্ৰহৰে এটা নিৰৱ মিৰাকল ঘটি থাকে। কিন্তু বহুত মানুহে যান্ত্ৰিকভাৱে কেইটামান মন্ত্ৰ উচ্চাৰণ কৰি থকাটোকে প্ৰাৰ্থনা বুলি ভুল কৰে। শিশুৰ নিচিনাকৈ তেওঁলোকে প্ৰাৰ্থনাৰ বিনিময়ত কিবা এটা পাৰ্থিৱ পুৰস্কাৰ পাবলৈ আশা কৰে, দুৰ্বলৰ নিচিনাকৈ তেওঁলোকে প্ৰাৰ্থনাৰ মাজত নিৰাপদ আশ্ৰয় বিচাৰে। কিন্তু প্ৰাৰ্থনাৰ উদ্দেশ্য বেলেগ। একমাত্ৰ প্ৰাৰ্থনাৰ মাজত আমি শৰীৰ, মন আৰু আত্মাৰ পৰিপূৰ্ণ সমন্বয় সাধন কৰিব পাৰোঁ, আৰু সেইটো কৰিব পাৰিলেই সি ইকৰা-খাগৰিৰ নিচিনা ভংগুৰ মানুহক দিব পাৰে অপৰাজেয় শক্তি।

(এলেক্সিজ কেৰেল।

১৯১২ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাপ্ৰাপক।)

(১৫)

১৯৩৪ চনত এডমিৰেল ৰিচাৰ্ড ই বায়াৰ্ড দক্ষিণ মেৰুলৈ গৈছিল বৈজ্ঞানিক তথ্যৰ অন্বেষণত। অৱশ্যে তেওঁৰ আন এটাও উদ্দেশ্য আছিল। তেওঁ কিছুদিনৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ অকলশৰীয়া হ’বলৈ ইচ্ছা কৰিছিল। দক্ষিণ মেৰুৰ সুবিশাল তুষাৰ মৰুভূমিৰ মাজত বৰফেৰে সজা এটা অকণমানি গুহাৰ নিচিনা ঘৰত তেওঁ কেইবা সপ্তাহ অকলশৰে আছিল। তাত নিসংগতা আৰু নিৰ্জনতা আছিল সীমাহীন। নিজৰ ডায়েৰীত তেওঁ লিখিছিল—

‘নীৰৱতা শুনিবলৈ মই মোৰ কাণ থিয় কৰিলোঁ। মোৰ নাকৰ পৰা ওলোৱা উশাহ মোৰ গালতেই গোট মাৰিছিল। তাৰ পাছত সি এটা মৃদু ফুচফুচনিৰ শব্দৰ দৰে বতাহত মিলি গৈছিল। দিনটো শেষ হৈ আহিছিল, ৰাতিটো আৰম্ভ হৈছিল, সি লগত লৈ আহিছিল বিপুল শান্তি। মোৰ চকুৰ আগত বিৰাজ কৰিছিল বিশ্বচৰাচৰৰ বিস্ময়কৰ আৰু বোধাতীত সেই শক্তি আৰু প্ৰক্ৰিয়াবোৰ— যিবোৰ নিশব্দভাৱে আন সকলোৰে লগত সামঞ্জস্য ৰাখি কাম কৰিছিল। হয়, ইয়াকেই ক’ব পাৰি সামঞ্জস্য। সেই গভীৰ বিশাল নিৰৱতাৰ পৰা যিটো বস্তু বাঁহীৰ সুৰৰ দৰে ওলাই আহিছিল— সি আছিল খুব সম্ভৱ চিৰঘূৰ্ণায়মান নক্ষত্ৰ মণ্ডলীয়ে সৃষ্টি কৰা মহাসংগীত।

ক্ষন্তেকৰ কাৰণে সেই ছন্দটো কাণ পাতি শুনিলেই তাৰ লগত সম্পূৰ্ণ একাত্মতা অনুভৱ কৰিব পাৰি। সেই মুহূৰ্ততে মই উপলব্ধি কৰিলোঁ যে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ লগত একেডাল ঐক্যসূত্ৰই মানুহক বান্ধি ৰাখিছে। সেই সময়তে মোৰ মনলৈ বিশ্বাস আহিল যে সেই ছন্দটো ইমান সুনিয়ন্ত্ৰিত, ইমান সামঞ্জস্যপূৰ্ণ আৰু ইমান পৰিপূৰ্ণ আছিল যে সি কেতিয়াও এটা অন্ধ শক্তিৰ কাম হ’ব নোৱাৰে। এই সমগ্ৰৰ মাজত কিবা এটা উদ্দেশ্য থাকিব লাগিব। মানুহ নিজেই সেই সমগ্ৰৰ এটা অংশ মাত্ৰ। মানুহ কেতিয়াও এটা আকস্মিক ঘটনা হ’ব নোৱাৰে। মোৰ এই অনুভূতিটোৱে যুক্তিক অতিক্ৰম কৰি গৈছিল। সি মানুহৰ হতাশাৰ অন্তঃস্থলীত প্ৰৱেশ কৰি সেই হতাশা সম্পূৰ্ণ ভিত্তিহীন বুলি উপলব্ধি কৰিছিল। এই বিশ্বব্ৰহ্মাণ্ড এটা অৰাজক সৃষ্টি নহয়; ই এটা উদ্দেশ্য-প্ৰসূত আৰু সুপৰিকল্পিত সৃষ্টি। দিন আৰু ৰাতিৰ দৰেই মানুহো এই সৃষ্টিৰ এটা অবিচ্ছেদ্য অংশ।’

(১৬)

সকলো সময়তে নিজকে প্ৰশ্ন কৰিবা : কোনটো কৰা উচিত?

যিবোৰ কাম কৰিলে এতিয়াই বা পিছলৈ অনুতাপ কৰিবলগীয়া হয়, তেনেবোৰ কামৰ বিষয়ে সকলো সময়তে সচেতন হৈ থাকিবা।

সংঘৰ্ষ আৰু তিক্ততাৰ মাজত থকাতকৈ শান্তিৰ মাজত থকাটো সদায়েই অধিক বাঞ্ছনীয়।

নিজৰ ওচৰ-চুবুৰীয়াসকলক ভয় বা অবিশ্বাস কৰাতকৈ তেওঁলোকক বিশ্বাস কৰাটো বেছি ভাল।

উত্তমবিধৰ মানুহে কেতিয়াও তৰ্কাতৰ্কি নকৰে। তেওঁ সদায় নিজৰ মতত দৃঢ় হৈ থাকে, আৰু কাকো ফেঁপেৰি পাতি নধৰে।

তেওঁ সকলোৰে লগত মিলা-মিচা কৰি চলে, কিন্তু মিলা-মিচা কৰিবলৈ কেৱল নিজৰ আপোন মানুহখিনিকহে বাছি নলয়।

উত্তমবিধৰ মানুহে নিজৰ ওচৰ-চুবুৰীয়াক সদায় ভাল আৰ্হি দেখুৱায়। তেওঁ ওচৰ-চুবুৰীয়াৰ অনুভূতিক সন্মান কৰি চলে আৰু তেওঁলোকৰ সম্পত্তিক কেতিয়াও লোভ বা ঈৰ্ষাৰ চকুৰে নাচায়।

আন মানুহৰ প্ৰতি সহৃদয় মনোভাবেই হ’ল সৎ সমাজ আৰু সৎ জীৱনৰ ঘাই ভেটি।

প্ৰত্যেক মানুহৰ প্ৰতি সদয় হ’বা। নিজৰ বন্ধুবৰ্গৰ মাজত সদায় আনন্দদায়ক আৰু বন্ধুত্বপূৰ্ণ হৈ থাকিবা। সকলোৰে প্ৰতি উদাৰতা আৰু ন্যায় বিচাৰ দেখুৱাবা।

কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল— আনে তোমাৰ প্ৰতি যেনেধৰণৰ আচৰণ দেখুওৱাটো তুমি নিবিচাৰা, আনৰ প্ৰতিও তুমি তেনেধৰণৰ আচৰণ নকৰিবা।

(কনফ্যিউচিয়াচ।)

(১৭)

বছৰবোৰ শান্তভাৱে বাগৰি যাবলৈ ধৰিলে। আৰ্নেষ্ট এতিয়া এজন মাজবয়সীয়া মানুহ। বছৰবোৰে ইটোৱে-সিটোক গচকি দ্ৰুত গতিৰে পাৰ হৈ গ’ল। সিহঁতে আৰ্নেষ্টৰ মূৰত শুকুলা পকা চুলি ছটিয়াই দিলে। বছৰবোৰে আৰ্নেষ্টৰ কপালত বালিৰেখা আৰু গাল দুখনত দুটা গাঁত সৃষ্টি কৰিলে। এতিয়া তেওঁ এজন বুঢ়া মানুহ। কিন্তু তেওঁ বৃথাই বুঢ়া হোৱা নাই। তেওঁৰ মূৰত যিমানে শুকুলা চুলি হৈছে, তাতকৈ বহু বেছি পৰিমাণে তেওঁৰ মনত জমা হৈছে ঋষিসুলভ ভাব-চিন্তা। সময়ে তেওঁৰ মুখত আঁকি দিয়া বালিৰেখা আৰু গাঁতবোৰত আৰ্নেষ্টে লিপিবদ্ধ কৰিছে গভীৰ প্ৰজ্ঞাৰ বাণী। তেওঁ নিজে ক’ব নোৱাৰাকৈ মানুহে তেওঁক বিশেষভাৱে শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰিলে। সকলোৱে তেওঁক চিনি পোৱা হ’ল। কিন্তু তেওঁ নিজে আগতে যেনেকুৱা মানুহ আছিল— সৎ, সৰল আৰু পৰিশ্ৰমী— এতিয়াও তেওঁ তেনেকুৱা মানুহেই হৈ আছে। তেওঁ মানুহৰ মংগলৰ কাৰণে মনে মনে ইমান চিন্তা কৰি থাকে যে তেওঁক দেখিলে ভাব হয়— যেন তেওঁ সকলো সময়তে দেৱদূতসকলৰ লগতহে কথা পাতি আছে আৰু নিজে ক’ব নোৱাৰকৈয়ে তেওঁ দেৱদূতসকলৰ জ্ঞানৰ ভাগ পাইছে। এনে এটা দিন নাযায়— যিদিনাখন পৃথিৱীখন কিবা নহয় কিবা প্ৰকাৰে এই সৰল-শান্ত মানুহজনৰ কামৰ দ্বাৰা উপকৃত নহয়। তেওঁ নিজৰ বাট এৰি কেতিয়াও কোনোফালে নাযায়, অথচ তেওঁৰ চুবুৰীয়া মানুহবোৰে সকলো সময়তে তেওঁৰ সৎ কৰ্মৰ মংগল স্পৰ্শ পাই থাকে।

(নাথানিয়েল হ’থৰ্ন

The Great Stone Face)

(১৮)

এসময়ত এজন ধনী মানুহ আছিল। তেওঁৰ মদৰ ভাণ্ডাৰত বহুতো পুৰণি দামী মদ আছিল। মদৰ ভাণ্ডাৰটোক লৈ তেওঁ খুব গৰ্ব কৰিছিল। সেই ভাণ্ডাৰত এবটল অতি পুৰণি মদ আছিল। সেই মদৰ বটলটোৰ অস্তিত্ব তেওঁৰ বাহিৰে আন কোনেও নাজানিছিল। এটা অতি ডাঙৰ বা বিশেষ উপলক্ষ্যতহে সেই বিশেষ বটলটো খুলিবলৈ তেওঁ মনে মনে ঠিক কৰি থৈছিল।

এদিন তেওঁৰ ঘৰলৈ ৰাজ্যপাল আহিল। মানুহজনে মনে মনে নিজকে ক’লে— ‘এজন সামান্য ৰাজ্যপালৰ কাৰণে ইমান দামী মদৰ বটলটো খোলা ঠিক নহ’ব।’ আন এদিন তেওঁৰ ঘৰলৈ আহিল স্থানীয় বিচপজন। মানুহজনে নিজকে ক’লে— ‘বিছপজন ডাঙৰ মানুহ ঠিকেই, কিন্তু তেওঁৰ কাৰণেও এই বটলটো নোখোলো। তেওঁ এনে এবটল দুষ্প্ৰাপ্য মদৰ মূল্যই বুজি নাপায়। ইয়াৰ সুগন্ধও গৈ তেওঁৰ নাকত নালাগিব।’

এদিন তেওঁৰ ঘৰলৈ আহিল সেই দেশৰ যুৱৰাজ। মানুহজনে এইবাৰো মনে মনে ভাবিলে— ‘তেওঁ যুৱৰাজ হ’ব পাৰে, এই বটল মদ কেৱল সম্ৰাটৰহে যোগ্য।’

এদিন তেওঁৰ ভতিজাৰ বিয়া হ’ল। মানুহজনে নিজকে ক’লে— ‘বিয়ালৈ নিমন্ত্ৰিত অতিথিবোৰো ইমান দামী মদ খোৱাৰ যোগ্য নহয়। ইয়াতকৈও ডাঙৰ এটা উপলক্ষ্যৰ কাৰণে মই মদৰ বটলটো সাঁচি থ’ম।’

এনেকৈ বছৰবোৰ পাৰ হৈ গ’ল। মানুহজন এসময়ত বুঢ়া হ’ল আৰু এসময়ত তেওঁৰ মৃত্যু হ’ল। আন সকলো মানুহক যেনেকৈ মাটিৰ তলত পুতি থোৱা হয়, তেওঁকো ঠিক তেনেকৈ পুতি থোৱা হ’ল।

তেওঁক সমাধিস্থ কৰাৰ পিছত গাঁৱৰ মানুহবোৰ তেওঁৰ ঘৰত জমা হ’ল। সকলোৱে একে ঠাইতে বহি মৃতকৰ কথা আলোচনা কৰিবলৈ ধৰিলে। মানুহজনৰ মদৰ ভাণ্ডাৰত যিমানবোৰ মদৰ বটল আছিল, সেই আটাইবোৰ উলিয়াই অনা হ’ল। গাঁৱৰ মানুহবোৰে মদবোৰ ভাগ কৰি খাই পেলালে। সেই বটলবোৰৰ মাজতে আছিল ধনী মানুহজনে এটা বিশেষ উপলক্ষ্যৰ কাৰণে সাঁচি থোৱা আটাইতকৈ পুৰণি মদৰ বটলটো। কিন্তু সেইটো যে এটা বিশেষ মদৰ বটল আছিল, সেই কথা কোনেও গমেই নাপালে।

(খলিল জিব্ৰান।)

(১৯)

আৰু অলপ সময়ৰ পিছতে মোৰ ৰাজহাড়ৰ এটা জটিল অস্ত্ৰোপচাৰ হ’ব। মই নিজৰ ওচৰত স্বীকাৰ কৰিব নুখুজিলেও মনে মনে মই যথেষ্ট আতংকিত হৈছোঁ। হাস্পতালখনৰ পৰা কিছু নিলগৰ এখন ক’ফীৰ দোকানত মই একাপ ক’ফী খাবলৈ বহিছোঁ। মাত্ৰ কেইসপ্তাহমানৰ আগতে মোৰ দেউতাৰ মৃত্যু হৈছিল। তেওঁ আছিল মোৰ জীৱনৰ পথপ্ৰদৰ্শক দেৱদূত। মই ক’ফীৰ দোকানত বহি মনে মনে প্ৰাৰ্থনা কৰিছোঁ— ‘হে প্ৰভু, মোৰ জীৱনৰ এই জটিল সংকটৰ সময়ত তুমি মোৰ ওচৰলৈ এজন দেৱদূত পঠিয়াই দিয়া।’

হাস্পতাললৈ যাবলৈ বুলি থিয় হওঁতেই মোৰ চকুত পৰিল এগৰাকী বয়সীয়াল মহিলাই খুব ধীৰে ধীৰে খোজকাঢ়ি ক’ফীৰ দোকানলৈ সোমাই আহিছে। তেওঁৰ গাৰ সাজ-পোছাকত মোৰ চকু পৰিল : এটা ৰঙা আৰু বেঙুনীয়া মিহলি ব্লাউজ, এখন স্কাৰ্ফ, এটা ব্ৰুচ আৰু মূৰত এটা উজ্জ্বল ৰঙা টুপী। মই তেওঁৰ ওচৰলৈ গৈ মুগ্ধ দৃষ্টিৰে তেওঁৰ ফালে চাই কলোঁ— ‘মাফ কৰিব মাডাম। মই এটা কথা নকৈ নোৱাৰোঁ যে আপুনি সঁচাকৈয়ে এগৰাকী অতি সুন্দৰী মহিলা। মোৰ দিনটো আপুনি সুন্দৰ কৰি দিলে।’ তেওঁ মোৰ হাতখন খামুচি ধৰি ক’লে— ‘সোণজনী, মই তোমাক আশীৰ্বাদ কৰিছোঁ, ভগৱানে তোমাৰ মঙ্গল কৰক। কিন্তু তুমি বোধহয় এটা কথা নাজানা যে মোৰ এখন হাত নকল, আনখন হাতত আছে এডাল লোহাৰ শলা, মোৰ এখন ভৰিও মোৰ নিজৰ আচল ভৰি নহয়। সাজ-পোছাক পিন্ধিবলৈ মই বহুত কষ্ট কৰিব লগা হয়, বহুত সময় লাগে। মই যিমান পাৰোঁ দেখনিয়াৰ হৈ থাকিবলৈ চেষ্টা কৰোঁ। বেছিভাগ মানুহেই বয়স বঢ়াৰ লগে লগে এইবোৰ কথাৰ প্ৰতি মনোযোগ নিদিয়া হয়। তুমি কিন্তু আজি মোৰ মনটো খুব ভাল লগাই দিলা। মই যেন বিশেষ কোনোবা এজন, তেনেকুৱা এটা কথা মোক অনুভৱ কৰিবলৈ দিলা। তুমি নিশ্চয় ভগৱানৰ এজনী অকণমানি দেৱদূতী। ভগৱানে তোমাৰ মঙ্গল কৰক।’

কথাকেইটা কৈয়েই তেওঁ ধীৰে ধীৰে মোৰ পৰা আঁতৰি গ’ল। কিন্তু তেওঁ মোৰ অন্তৰখন ইমান গভীৰভাৱে স্পৰ্শ কৰিলে যে মই স্তব্ধ হৈ একে ঠাইতে বহুত সময় থৰ লাগি ৰ’লোঁ। মনে মনে ভাবিলোঁ, তেওঁ নিশ্চয় ভগৱানে মোৰ ওচৰলৈ পঠিওৱা এগৰাকী দেৱদূতী।

(টামী ফক্স।)

(২০)

শৰীৰক সুস্থ ৰখাটো ধৰ্মৰ এটা প্ৰধান অংগ; কাৰণ শৰীৰ সুস্থ নহ’লে জ্ঞানৰ দীপশিখাক প্ৰজ্বলিত কৰি ৰাখিব নোৱাৰি। শৰীৰ সুস্থ নহ’লে মনটোকো সবল আৰু সুস্থ কৰি ৰাখিব নোৱাৰি।

হে ভিক্ষুগণ, প্ৰব্ৰজ্যা গ্ৰহণ কৰা মানুহে দুটা বিষয় পৰিহাৰ কৰি চলা উচিত : এটা হ’ল— বিষয়-ভোগৰ প্ৰতি অত্যাধিক আসক্তি; আনটো হ’ল আত্মনিগ্ৰহৰ অভ্যাস। ধৰ্মৰ নামত শৰীৰক নিৰ্যাতন কৰাটো অৰ্থবিহীন আৰু মূল্যবিহীন।

পোহনীয়া গাধ ভাল, সিন্ধুদেশৰ ঘোঁৰা ভাল, দঁতাল হাতী ভাল; কিন্তু যি মানুহে নিজকে নিয়ন্ত্ৰিত কৰিব পাৰে, তেওঁ আৰু বেছি ভাল।

সকলো মানুহেই যন্ত্ৰণাৰ ভয়ত কঁপে, সকলো মানুহেই প্ৰাণক ভাল পায়। মনত ৰাখিবা, তুমিও ইতৰ জীৱৰ নিচিনাকৈয়ে এটা জীৱ; সেই কাৰণে জীৱ হত্যাৰ পৰা বিৰত থাকিবা আৰু কোনো জীৱক হিংসা নকৰিবা।

জীৱনত পালন কৰিব লগা চাৰিটা প্ৰধান ব্ৰত হ’ল— মৈত্ৰী, কৰুণা, মুদিতা আৰু উপেক্ষা। মৈত্ৰীৰ অৰ্থ হ’ল সকলো প্ৰাণীৰ প্ৰতি আত্মীয়তাবোধ। কৰুণাৰ অৰ্থ হ’ল আৰ্তজনৰ প্ৰতি সহানুভূতি আৰু সমবেদনা। আনৰ সুখত সুখী হ’ব পৰাটো হ’ল মুদিতা। আক্ৰোষ, ভয় আৰু পক্ষপাতহীন মনেৰে সকলো মানুহ আৰু জীৱকে সমদৃষ্টিৰে চাব পৰাটো হ’ল উপেক্ষা।

কাকো প্ৰতাৰণা নকৰিবা, কাকো অৱহেলা নকৰিবা, ক্ৰোধৰ বশৱৰ্তী হৈ কাৰো প্ৰতি এনে আচৰণ নকৰিবা যাতে তোমাৰ দেহ, বচন বা চিন্তা আনৰ দুখৰ কাৰণ হ’ব পাৰে। মাতৃয়ে যেনেকৈ নিজৰ প্ৰাণ দি হ’লেও একমাত্ৰ সন্তানক ৰক্ষা কৰে, ঠিক তেনেকৈ তুমিও সকলো জীৱৰ প্ৰতি অপৰিমেয় কৰুণাৰ চিন্তা নিজৰ হৃদয়ত বহন কৰিবা।

তোমাৰ ওপৰফালে, তলৰফালে, চাৰিওফালে সমগ্ৰ বিশ্বৰ প্ৰতি বহন কৰিবা বাধামুক্ত, হিংসামুক্ত, দ্বেষমুক্ত সহানুভূতি আৰু অপৰিমিত প্ৰীতি।

খোজকাঢ়ি থকা অৱস্থাত, থিয় হৈ থকা অৱস্থাত, বহি থকা অৱস্থাত বা শুই থকা অৱস্থাত, নিদ্ৰামগ্ন নোহোৱাকৈ অনুক্ষণ এনেকুৱা ভাৱনা মনত বহন কৰি লৈ ফুৰাটোৱেই হ’ল ব্ৰহ্মবিহাৰ।

(গৌতম বুদ্ধ।)

(২১)

জীৱনৰ কঠিনতৰ পৰিস্থিতি আৰু অধিক দায়িত্বই মানুহৰ নৈতিক শক্তি আৰু স্পৰ্ধাৰ পুনৰুদ্ধাৰ কৰিব পাৰিব। শিক্ষানুষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীসকলে অতিশয় আৰামৰ জীৱন-যাপন কৰিবলৈ সুবিধা পায়। তেওঁলোকৰ দৈনন্দিন ৰুটিনো বৈচিত্ৰহীন। আৰামৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ আৰু কষ্টকৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰা উচিত। এজন মানুহক যেতিয়া কঠোৰ অনুশাসন মানি চলিবলৈ বাধ্য কৰা হয়, তেতিয়া তেওঁৰ স্নায়ুতন্ত্ৰী, এণ্ড’ক্ৰিন গ্ৰন্থী আৰু মনৰ কাৰ্যকলাপৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটে। ইয়াৰ ফলত শৰীৰৰ সমস্ত প্ৰক্ৰিয়াটো অধিক সু-সংহত হয় আৰু জীৱনৰ দুখ-দুৰ্দশা অতিক্ৰম কৰিব পৰাকৈ সি অধিক শক্তিশালী হয়।

মানুহে মদ খাবলৈ ভাল পায়, খুব জোৰেৰে গাড়ী চলাবলৈ ভাল পায়, বিৰামবিহীন বৈচিত্ৰ্য আৰু পৰিৱৰ্তন ভাল পায়। এইবোৰ হ’ল মানুহৰ স্বাভাৱিক ক্ষুধা। কিন্তু যি মানুহে মনত এনেকুৱা ক্ষুধাৰ অনুভূতি জাগ্ৰত হোৱা মাত্ৰকতে তাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে, তেনে মানুহ শাৰীৰিক আৰু নৈতিকভাৱে দুৰ্বল হৈ পৰে। মানুহে নিজৰ পেটৰ ক্ষুধা জয় কৰিবলৈ, যৌন কামনা নিয়ন্ত্ৰণ কৰিবলৈ, আলস্য জয় কৰিবলৈ, মদৰ প্ৰতি থকা লোভ দমন কৰিবলৈ আৰু নিদ্ৰাৰ প্ৰয়োজন সীমিত কৰিবলৈ শিকাব পাৰিব লাগিব।

আধুনিক মানুহে হয় খুৱ বেছিকৈ শোৱে অথবা প্ৰয়োজনতকৈ কম শোৱে। এইক্ষেত্ৰত তেওঁ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা নকৰে। টোপনিয়ে হেঁচা মাৰি ধৰাৰ সময়ত মানুহে নিজকে জগাই ৰাখিবলৈ শিকিব লাগিব। টোপনিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ফলত মানুহৰ শৰীৰৰ ভিতৰত কিছুমান শক্তি অধিক সজীৱ আৰু সক্ৰিয় হৈ উঠে। ইয়াৰ ফলত মানুহৰ ইচ্ছাশক্তিও বৃদ্ধি পায়। ইচ্ছাশক্তিৰ দৰে মানুহৰ আৰু অনেক ভাল গুণকো আধুনিক অভ্যাসবোৰে দমন কৰি ৰাখিছে।

অতিশয় দৰিদ্ৰতা ব্যক্তি আৰু প্ৰজাতি উভয়ৰে কাৰণে ক্ষতিকৰ। কিন্তু ধন-সম্পত্তিৰ প্ৰাচুৰ্যও সমানেই ক্ষতিকৰ। আলস্যই ধনী-দৰিদ্ৰ উভয়কে শাৰীৰিক আৰু নৈতিকভাৱে দুৰ্বল কৰি তোলে। মানুহে নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি যিবোৰ সৃজনীমূলক কাম কৰে, সেইবোৰৰ ঠাই চিনেমা, কনচাৰ্ট, মটৰগাড়ী আৰু ব্যায়ামগাৰে কেতিয়াও ল’ব নোৱাৰে। ব্যক্তিৰ বিকাশৰ কাৰণে দুটা কথাৰ বিশেষ প্ৰয়োজন আছে : এটা হ’ল আপেক্ষিক নিঃসংগতা, আৰু আনটো হ’ল অনুশাসন বা নিয়মানুৱৰ্তিতা। প্ৰত্যেক ব্যক্তিয়ে এই দুটা প্ৰয়োজনৰ ওচৰত নতি স্বীকাৰ কৰিব লাগে। আপোনাৰ এখন চিনেমা চাবলৈ, এটা বিশেষ সংগীতানুষ্ঠানত উপস্থিত থাকিবলৈ, মাজে মাজে লঘু আমোদ-প্ৰমোদৰ সোৱাদ ল’বলৈ, এখন বিশেষ বাতৰি-কাকত বা কিতাপ পঢ়িবলৈ মন যাব পাৰে। কিন্তু এই ইচ্ছাবোৰ পূৰণ নকৰিবলৈ আপুনি নিজৰ মনটো বাধ্য কৰিব পৰা উচিত। কিন্তু ঘাইকৈ বৌদ্ধিক আৰু নৈতিক অনুশাসন প্ৰয়োগ কৰিহে মানুহে নিজকে নতুনকৈ নিৰ্মাণ কৰিব পাৰে। নিজকে নিৰ্মাণ কৰাৰ আন এটা উপায় হ’ল যূথবদ্ধ সমাজৰ অভ্যাসবোৰ পৰিহাৰ কৰি চলা। মানুহৰ মধ্য বয়সত আৰু বৃদ্ধ বয়সত এনেকুৱা অনুশাসনৰ প্ৰয়োজন বেছি হয়। শৰীৰ আৰু মনক সকলো সময়তে সক্ৰিয় কৰি ৰখাটোৱেই হ’ল বাৰ্ধক্য বিলম্বিত কৰাৰ আটাইতকৈ উত্তম উপায়। দুখ-কষ্ট সহ্য কৰিবলৈ মদ আৰু কানিতকৈ মানুহক বেছি পৰিমাণে সহায় কৰে কামে। কৰ্মহীনতা তথা নিস্ক্ৰিয়তাই মানুহৰ সকলো দুখ-যন্ত্ৰণা বহু বেছি পৰিমাণে বৃদ্ধি কৰে। মানুহৰ মনুষ্যত্বৰ পৰিপূৰ্ণ বিকাশ ঘটে কঠোৰ আৰু দীৰ্ঘস্থায়ী মানসিক পৰিশ্ৰমৰ মাজেদি।

কামে সকলো ধৰণৰ শাৰীৰিক আৰু মানসিক কাৰ্য-কলাপৰ গুণগত মান উন্নত কৰে। পেশীবোৰক যিমান বেছিকৈ কামত খটুওৱা হয়, ঠিক সিমান পৰিমাণে সেইবোৰ শক্তিশালীহে হয়। কাম কৰাৰ ফলত সেইবোৰ ক্ষয়প্ৰাপ্ত হোৱাৰ পৰিৱৰ্তে অধিক শক্তিশালীহে হয়। শৰীৰৰ যিটো অংগ ব্যৱহাৰ কৰি থকা নহয়, সি শুকাই মৰহি যায়। শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ দৰে বৌদ্ধিক আৰু নৈতিক প্ৰবৃত্তিবোৰো অনুশীলনৰ অভাৱত শুকাই মৰহি যায়। ব্যক্তিৰ বিকাশৰ কাৰণে যিটো বস্তুৰ প্ৰয়োজন আটাইতকৈ বেছি, সেইটো হ’ল নিৰন্তৰ কৰ্ম-প্ৰয়াস।

(এলেক্সিছ কেৰেল,

কেৰেল এজন বিশ্ববিখ্যাত চিকিৎসা বিজ্ঞানী। ১৯১২ চনত তেওঁ ন’বেল বঁটা লাভ কৰে।)

(২২)

গোটেই জীৱন ধৰি মই এই বিষয়ে অতি সচেতন হৈ আহিছোঁ যে সময় সদায় সীমিত। মই এই কথা স্বীকাৰ কৰোঁ যে বহুতো কথা মই যুক্তিৰে চাব পাৰোঁ; কিন্তু সময়ৰ প্ৰশ্নত মই অতি গোড়া। মই মোৰ ছাত্ৰসকলক সময়ানুৱৰ্তিতাৰ কথা কৈ কৈ পাগল কৰি ৰাখোঁ। মই তেওঁলোকক এই বিষয়ে বক্তৃতা দিওঁ। সময় পৰিচালনাৰ ক্ষেত্ৰত মই ইমান বেছি পাৰ্গত যে মই এটা সমগ্ৰ দীঘলীয়া জীৱন মোৰ ক্ৰমান্বয়ে চুটি হৈ অহা জীৱনটোৰ ভিতৰতে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে ভৰাই দিব পাৰোঁ।

সময়ৰ বিষয়ে মই যিকেইটা কথা ভালদৰে জানো সেইকেইটা কথা তলত লিখিছোঁ :

১) মানুহে আটকীয়া ধন যিদৰে খৰচ কৰে, ঠিক তেনেকৈ জীৱনৰ আটকীয়া সময়বোৰ খৰচ কৰিব লাগিব। অবাবতে ১ মিনিট সময়ো খৰচ কৰিব নালাগিব।

২) দিনটোৰ ভিতৰত কৰিবলগীয়া কামৰ এখন তালিকা কৰি লোৱাটো অতি দৰকাৰী কথা। মই নিজে এই কামত সিদ্ধহস্ত। কৰিবলগীয়া কামৰ তালিকাখন এটা এটাকৈ খোজ দিয়াৰ নিচিনা কথা। উদাহৰণ স্বৰূপে— মই মোৰ কোঠাটো চাফা কৰোঁতে এবাৰত এটা মাত্ৰ বস্তুতহে হাত দিওঁ।

৩) তুমি নিজকে সদায় সুধিবা : যিটো কামত তুমি সময় খৰচ কৰা উচিত ঠিক সেই কামটোৰ কাৰণেই সময় খৰচ কৰিছানে? একে সময়তে তোমাৰ কেইবাটাও কাম, কেইবাটাও লক্ষ্য আৰু কেইবাটাও প্ৰয়োজন থাকিব পাৰে; কিন্তু সেইবোৰৰ প্ৰত্যকটোৱেই অগ্ৰাধিকাৰৰ যোগ্যনে? মই এবাৰ বাতৰি কাকতত এগৰাকী গৰ্ভৱতী মহিলাৰ ছবি দেখিছিলো। ওচৰতে নিৰ্মাণ কৰি থকা ঘৰৰ যন্ত্ৰৰ শব্দই তেওঁৰ গৰ্ভস্থ সন্তানক ক্ষতি কৰিব বুলি আপত্তি কৰি তেওঁ বাতৰি কাকতলৈ চিঠি লিখিছিল। কিন্তু ছবিত দেখা মতে তেওঁৰ মুখত জ্বলি আছিল এটা চিগাৰেট। তেওঁ যদি সঁচাকৈয়ে গৰ্ভস্থ সন্তানৰ মংগল চিন্তা কৰিলেহেঁতেন, তেন্তে তেওঁ বাতৰি কাকতলৈ চিঠি লিখি সময় নষ্ট কৰাৰ আগতে সেইখিনি সময় চিগাৰেটটো দলিয়াই পেলাবলৈ খৰচ কৰিলেহেঁতেন।

৪) টেলিফোনৰ বিষয়ে নতুনকৈ চিন্তা কৰা। মই যিটো সামাজিক পৰিৱেশত বাস কৰোঁ তাত টেলিফোনত কথা পতাটো বা শুনাটো এটা অপৰিহাৰ্য কৰ্তব্য। টেলিফোনত প্ৰায়ে শুনিবলৈ পাওঁ— আপুনি ফোনটো ধৰকচোন, এটা জৰুৰী কথা আছে। মই কিন্তু টেলিফোনত কথা শুনিবলৈ ৰাজী নহওঁ। মই এনেকুৱা এটা টেলিফোন ব্যৱহাৰ কৰোঁ, যিটো ফোন কাণৰ কাষত ধৰি ৰখাৰ দৰকাৰ নহয়। মই ফোনত কথা পাতি থাকোঁতে হাত দুখনেৰে আন কাম কৰি থাকোঁ। মই কেতিয়াও টেলিফোনত দীঘলীয়া কথা নাপাতোঁ আৰু আনৰ দীঘলীয়া কথা নুশুনো।

(২৩)

যিবোৰ মানুহে অদম্য সাহস আৰু অসাধাৰণ চৰিত্ৰ শক্তিৰে শৰীৰৰ প্ৰতিবন্ধকতা জয় কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ সত্য কাহিনীতকৈ বেছি প্ৰেৰণাদায়ক কাহিনী আন একোৱেই হ’ব নোৱাৰে।

প্ৰথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ যুদ্ধ সচিব আছিল নিউটন বেকাৰ। তেওঁ মোক কৈছিল যে তেওঁ প্ৰায়ে হাস্পতালত চিকিৎসাধীন হৈ থকা যুদ্ধক্ষেত্ৰত আহত হোৱা সৈনিকসকলক চাবলৈ গৈছিল। তেওঁ তাত এনে এজন চিকিৎসাধীন সৈনিকক লগ পাইছিল— যিজন সৈনিকে যুদ্ধক্ষেত্ৰত তেওঁৰ দুয়োখন ভৰি, দুয়োটা চকু আৰু এখন হাত হেৰুৱাইছিল। তেওঁৰ মুখখন হৈছিল অবৰ্ণনীয়ভাৱে ক্ষত-বিক্ষত। এগৰাকী নাৰ্ছে তেওঁক পেৰাম্বুলেটৰত বহুৱাই ইফালে-সিফালে ঘূৰাই লৈ ফুৰিছিল। কিন্তু এনে এটা ধ্বংসপ্ৰাপ্ত শৰীৰ লৈয়ে তেওঁ মুখত ফুটাই তুলিব পাৰিছিল জীয়াই থকাৰ আনন্দ। তেওঁ বাচি থাকিব বুলি কোনেও আশা কৰা নাছিল। প্ৰথমবাৰ হাস্পতাল পৰিদৰ্শন কৰাৰ কিছুদিনৰ পিছত তেওঁ হাস্পতালৰ এজন কৰ্মচাৰীক সুধিছিল— ‘সেই ডেকা সৈনিকজন এতিয়াও জীয়াই আছেনে?’ কৰ্মচাৰীজনে উত্তৰ দিছিল— ‘বাচি আছে মানে? তেওঁ নিশ্চয়কৈ বাচি আছে। প্ৰচণ্ডভাৱে বাচি আছে। তেওঁ আনকি সেই নাৰ্ছগৰাকীক বিয়াও কৰালে।’

তিৰোতাৰ প্ৰেমৰ শক্তিত নিউটন বেকাৰ অতি চমৎকৃত হ’ল। ইয়াৰ কিছুদিনৰ পিছত তেওঁ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ এজন ন্যাসৰক্ষী হিচাপে নিযুক্ত হ’ল। বিশ্ববিদ্যালয়খনৰ অধ্যক্ষৰ পৰা এদিন তেওঁ এখন চিঠি পালে। চিঠিখনত লিখা হৈছিল যে তেওঁ বিশ্ববিদ্যালয়খনত এক বিশেষ অভিৱৰ্তন অনুষ্ঠিত কৰিব খোজে— য’ত বিশ্ববিদ্যালয়ৰ এজন অসাধাৰণ ছাত্ৰক ডক্টৰেট উপাধি প্ৰদান কৰা হ’ব। সেই ডেকাজনে যুদ্ধক্ষেত্ৰত নিজৰ হাত, ভৰি আৰু চকু হেৰুৱাই প্ৰতিবন্ধী হোৱা সত্ত্বেও অসাধাৰণ গৱেষণাৰ কাম কৰিছে। চিঠিখনত নিউমান বেকাৰে ডেকাজনৰ নামটো পঢ়ি মনত পেলালে যে কিছুদিনৰ আগতে তেওঁ হাস্পতালত লগ পোৱা এজন ডেকা সৈনিকৰ লগত গৱেষক ছাত্ৰজনৰ নামটো হুবহু মিলি গৈছে। এইটো কেনেকৈ সম্ভৱ হ’ব পাৰে? তেওঁ বিস্ময়ত হতবাক হ’ল। অনুসন্ধান কৰি তেওঁ জানিব পাৰিলে যে যিজন ডেকা সৈনিকে যুদ্ধক্ষেত্ৰত হাত-ভৰি-চকু সকলো হেৰুৱাইছিল, তেওঁ কিন্তু পৃথিৱীখনৰ এটা সমস্যা হৈ থকা নাই; বৰং তেওঁ নিজেই পৰিণত হৈছে সমস্যাৰ এটা সমাধানত!

(হেৰী এমাৰছন ফছডিক্।)

(২৪)

আজি মই ৯৫ বছৰত ভৰি দিলোঁ। মোৰ জন্মদিন উপলক্ষে আপোনালোকে দিয়া শুভেচ্ছা আৰু প্ৰীতি-সম্ভাষণ মই সাদৰেৰে গ্ৰহণ কৰিছোঁ। মই যদিও ৯৫ বছৰ বয়সত ভৰি দিছোঁ, কিন্তু মই এতিয়াও নিয়মিতভাৱে কাম কৰোঁ। মোৰ হাতখন থাকে নাঙলৰ মুঠিত, মুখখন থাকে ভৱিষ্যতৰ ফালে। মোৰ চাৰিওফালে গধূলিৰ আন্ধাৰ দীঘলীয়া হৈ আহিছে, কিন্তু মোৰ হৃদয়ত বিৰাজ কৰিছে উজ্জ্বল ৰাতিপুৱা। মই যোৱা শতিকাৰ চল্লিছৰ দশকৰ পৰা এই শতিকাৰ ত্ৰিছৰ দশকলৈকে জীয়াই আছোঁ। মোৰ জীৱনত বিভিন্ন কৰ্মক্ষেত্ৰৰ বিচিত্ৰ অভিজ্ঞতা হৈছে। মই বিভিন্ন মানুহ আৰু বিভিন্ন বস্তুৰ ঘনিষ্ট সংস্পৰ্শলৈ আহিছোঁ। মই মোৰ হাত দুখন তপতাইছোঁ জীৱনৰ জুইকুৰাত।

মই আপোনালোকক ক’ব লগা কথাখিনি হ’ল এই : জীৱনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মোৰ পিঠিৰ ফালে নাই; সি এতিয়াও আছে মোৰ চকুৰ সমুখত। মোৰ সমুখত আছে কাৰণেই মই এতিয়াও জীৱনৰ যুদ্ধক্ষেত্ৰ আৰু স্তম্ভবোৰৰ আভাস চকুৰ আগত দেখি থাকোঁ। মোৰ মনৰ মণিকূটত আছে স্মৃতিৰ ঐশ্বৰ্য-ভাণ্ডাৰ। আজিৰ যিবোৰ বস্তু অতিশয় মূল্যৱান— কিতাপ, ফুল, ছবি, প্ৰকৃতি, খেল-ধেমালি— এই সকলোবোৰ এতিয়াও আছে মোৰ লগত। মে’ মাহৰ পহিলা দিনটোৱে এতিয়াও মোৰ চকুৰ আগত মায়াময় হৈ দেখা দিয়ে। আটাইতকৈ সৰ্বোত্তম কাম্য বস্তুবোৰ মোৰ চকুৰ আগত এটা এটাকৈ জিলিকি আছে। তাৰ প্ৰকৃত আকৰ্ষণ হয়তো আমাৰ চকুৰ আঁৰত, সময়ৰ গিৰি শীৰ্ষৰ সিপাৰৰ কোনোবা এঠাইত লুকাই আছে।

(ছাৰ উইলিয়াম মুলক।)

(২৫)

এমাৰছনে কৈছিল যে কোনো কোনো সময়ত মানুহৰ দুৰ্বলতাও হ’ব পাৰে তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি। এদিন মই হাস্পতালৰ বিছনাত টোপনিৰ পৰা সাৰ পাই আৱিষ্কাৰ কৰিলোঁ যে মোৰ দুয়োখন হাতেই নাই। তথাপি সেই কথা বিশ্বাস কৰিবলৈ মই অকণো প্ৰস্তুত নাছিলোঁ। কিন্তু তাৰ পিছৰ পৰাই মই জীৱনত বাৰম্বাৰ এই কথা আৱিষ্কাৰ কৰিব লগা হ’ল যে মোৰ দুয়োখন হাত নাই। তেতিয়াহে মই অনুভৱ কৰিলোঁ যে এমাৰছনৰ কথাষাৰ বাৰম্বাৰ স্মৰণ কৰাৰ প্ৰয়োজন আছে। প্ৰতিজন মানুহেই জীৱনত এবাৰ নহয় এবাৰ চৰম অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব লগা হয়। প্ৰতিজন মানুহেই নিজে এইকথা উপলব্ধি কৰিব লগা হয় যে তেওঁৰ নিজৰ সকলো ব্যৰ্থতা, ত্ৰুটি-বিচ্যুতি আৰু অসমৰ্থতা যিকোনো প্ৰকাৰে জয় কৰিবই লাগিব; তাকে নকৰিলে তেওঁ ধ্বংস হৈ যাব।

মোৰ দুৰ্বলতা, মোৰ যে দুয়োখন হাত নাই সেই অনুভূতি, মোৰ হীনমন্যতা— এই সকলোবোৰেই এদিন মোৰ জীৱনত আটাইতকৈ ডাঙৰ শক্তিত পৰিণত হ’ল। মই নিজে ইচ্ছা কৰি হাত দুখন হেৰুওৱা নাছিলোঁ। কিন্তু হাত দুখন হেৰুওৱাৰ পিছত মই এতিয়া অনুভৱ কৰোঁ যে হেৰুওৱা হাত দুখনৰ বিনিময়ত মই বহুত নতুন বস্তু লাভ কৰিলোঁ। আটাইতকৈ ডাঙৰ লাভটোৱেই হ’ল এয়ে যে মোৰ জীৱনৰ এই চৰম বিপৰ্যয়ে মোক যি নতুন আধ্যাত্মিক শক্তি দিলে, সেই শক্তি মই আন কোনো প্ৰকাৰেই লাভ কৰিব নোৱাৰিলোঁহেঁতেন। মই এতিয়া মোৰ জীৱনৰ যি অৰ্থ আৰু গভীৰতা থকা বুলি অনুভৱ কৰিছোঁ, সেই অনুভৱ হাত দুখন হেৰুওৱাৰ আগতে মোৰ কেতিয়াও নাছিল।

মই মোৰ জীৱনৰ পৰা এই শিক্ষাই পালোঁ যে তুমি যিটো হেৰুৱালা তাতকৈ বহুত বেছি মূল্যৱান বস্তুটো হ’ল— যিটো বস্তু তাৰ পিছতো তোমাৰ থাকি গ’ল।

(হেৰল্ড ৰাছেল)

(২৬)

ধনে কেৱল বাকলিটোহে কিনিব পাৰে। ভিতৰৰ শাহটো কিনিব নোৱাৰে। ই তোমাক আহাৰ আনি দিব পাৰে, কিন্তু ভোক আনি দিব নোৱাৰে। ই ঔষধ কিনিবলৈ তোমাক সমৰ্থ কৰে, কিন্তু স্বাস্থ্য গঢ়ি নিদিয়ে। ধনৰ সহায়েৰে তুমি চিনাকি মানুহ গোটাব পাৰা, কিন্তু বন্ধু গোটাব নোৱৰা। তুমি ভৃত্য জোগাৰ কৰিব পাৰা, কিন্তু বিশ্বস্ততা কিনিব নোৱৰা। তুমি ধনেৰে আমোদপূৰ্ণ দিন কিনিব পাৰা, কিন্তু সুখ আৰু শান্তি কিনিব নোৱৰা।

(হেনৰিক ইবছেন)

(২৭)

বাৰ্নাৰ্ড শ্ব’, বাৰ্ট্ৰাণ্ড ৰাছেল, ছমাৰছেট মম, মাইকেল এঞ্জেল’, উইনষ্টন চাৰ্চিল— অতি দীৰ্ঘজীৱী হোৱা এই প্ৰতিজন মানুহেই মৃত্যুৰ সময়লৈকে নিজৰ মনৰ যৌৱন আৰু কল্পনাৰ সজীৱতা অটুট ৰাখিব পাৰিছিল। নতুন নতুন কথা জানিবলৈ আৰু চিন্তা কৰিবলৈ প্ৰবল আগ্ৰহ অনুভৱ কৰা মানুহৰ শৰীৰৰ যৌৱনো দীঘলীয়া হয়। বয়স ভেটি ৰাখিবলৈ দহ-বাৰ বছৰৰ মূৰে মূৰে এটা নতুন বৃত্তি গ্ৰহণ কৰিব পাৰিলে ভাল। সেইটো কৰিব নোৱাৰিলেও মনটোক আনন্দময়ভাৱে ব্যস্ত কৰি ৰাখিব পৰা যিকোনো এটা হ’বীৰ অনুশীলন কৰিবলৈ চেষ্টা কৰিব লাগে। এই দুয়োটাই শৰীৰ আৰু মন দুয়োটাকে যৌৱনসুলভ সজীৱতাৰ অধিকাৰী কৰি ৰাখে। মানসিক বাৰ্ধক্যৰ লক্ষণবোৰ অতি স্পষ্ট : মানুহজন আঁকোৰগোঁজ মনোভাৱৰ হয়, তেওঁ পৰিৱৰ্তন বেয়া পায়, আৰু বিবাহিত জীৱনৰ শাৰীৰিক সম্পৰ্ক দাঁত পৰিষ্কাৰ কৰাৰ নিচিনা এটা যান্ত্ৰিক অভ্যাসত পৰিণত হয়। এইবোৰ লক্ষণ দেখিলেই মানুহজন সাৱধান হোৱা উচিত, কাৰণ এইবোৰ হ’ল মনস্তাত্ত্বিক বাৰ্ধক্যৰ আগলি বতৰা।

(ডা° খ্ৰীষ্টিয়ান্ বাৰ্নাৰ্ড)

(২৮)

এজন তৰুণ চিকিৎসক হিচাপে মই ১৯৭০ চনতেই ধ্যানৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। তাৰ কাৰণ আছিল দুটা : এটা ব্যক্তিগত, আনটো বৃত্তিগত। ব্যক্তিগতভাৱে ধ্যানৰ ধাৰণাৰ প্ৰতি আকৃষ্ট হোৱাৰ কাৰণ আছিল যে ই মোৰ অন্তৰ্জীৱনৰ বিকাশত আৰু লগতে মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ-সাধনত সহায় কৰিব বুলি মই আশা কৰিছিলোঁ। বৃত্তিগত আকৰ্ষণৰ কাৰণটো আছিল এই যে ধ্যানে বাস্তৱিকতে মানুহৰ দেহ আৰু মনৰ প্ৰভূত উপকাৰ কৰে বুলি বিস্তৰ আৰু বিশদ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে।

ধ্যানৰ উদ্দেশ্য মনটোক শান্ত হ’বলৈ বাধ্য কৰাটো নহয়। মনৰ গভীৰত ইতিমধ্যে যি শান্তি বিৰাজ কৰিছে তাক বিচাৰি উলিওৱাটোৱেই হ’ল ধ্যানৰ আচল উদ্দেশ্য। তুমি যদি তোমাৰ দুশ্চিন্তা, অসূয়া, উদ্ভট কল্পনা, অপূৰ্ণ আশা আৰু তোমাৰ মগজৰ ভিতৰত হুলস্থূল কৰি থকা অস্পষ্ট স্বপ্নবোৰৰ কাৰণ আৰু প্ৰকৃতি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা, তেন্তে তুমি আৱিষ্কাৰ কৰিবা যে তোমাৰ নিজৰ মগজৰ ভিতৰত অনবৰত বিভিন্ন শক্তিৰ তৰ্ক-বিতৰ্ক চলি আছে, আৰু সেই তৰ্ক-বিতৰ্কবোৰেই আক্ষৰিকভাৱে তোমাক নিয়ন্ত্ৰণ কৰে। প্ৰতিজন মানুহেই নিজৰ স্মৃতিৰ চিকাৰ।

কিন্তু আমাৰ মনৰ ভিতৰত অবিৰামভাৱে চলি থকা কথা-বাৰ্তাৰ অন্তৰালত সম্পূৰ্ণভাৱে আন এটা বস্তু বিৰাজ কৰিছে : সেইটো হ’ল মনৰ নীৰৱতা— যিটো নীৰৱতা অতীতৰ কাৰাগাৰত বন্দী নহয়। ধ্যানৰ যোগেদি আমি এই নীৰৱতাটোকেই আমাৰ চেতনাৰ মাজলৈ উলিয়াই আনিব খোজোঁ। এই কামটো কিয় ইমান গুৰুত্বপূৰ্ণ? কাৰণ নীৰৱতাই হৈছে সুখৰ জন্মস্থান।

(দীপক চোপ্ৰা : Perfact Health)

(২৯)

মানুহৰ শৰীৰৰ নিজৰ এটা নিৰাময়কাৰী প্ৰক্ৰিয়া আছে। অৰ্থাৎ শৰীৰটোৱে নিজৰ বহুত সমস্যা আন কাৰো সহায় নোলোৱাকৈ নিজে নিজেই সমাধান কৰিব পাৰে। শৰীৰৰ এই নিৰাময়কাৰী প্ৰক্ৰিয়াৰ জ্ঞান আহৰণ কৰাৰ ফলত আধুনিক শল্য চিকিৎসাৰ বিকাশ সাধন কৰাটো সম্ভৱ হৈছে। আঘাতৰ লগত নিজকে খাপ খুৱাই ল’বলৈ শৰীৰৰ যদি নিজৰ শক্তি নাথাকিলহেঁতেন, তেন্তে শল্য চিকিৎসাৰ পক্ষে শৰীৰৰ কোনো ঘা চিকিৎসা কৰা সম্ভৱ নহ’লহেঁতেন। শৰীৰে যি ভাৱে নিজকে নিৰাময় কৰে তাৰ ওপৰত চিকিৎসকৰ কোনো প্ৰভাৱ নাই। তেওঁলোকে কেৱল শৰীৰৰ স্বতঃস্ফূৰ্ত কাম-কাজবোৰ সুকলমে চলি থকাত সহায়হে কৰিব পাৰে।

শৰীৰে যিকোনো পৰিস্থিতিৰ লগত নিজকে খাপ-খুৱাবলৈ কৰা চেষ্টাৰ ফলত শৰীৰৰ আটাইবোৰ অংগ-প্ৰত্যংগ উজ্জীৱিত হয়। মানুহে যেতিয়া প্ৰতিকূল বতৰৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হয়, ৰ’দ-বৰষুণ আৰু জাৰ-জহ মূৰ পাতি ল’বলগীয়া হয়, যেতিয়া তেওঁ প্ৰচুৰ পৰিমাণে খাবলৈ পায় আৰু কেতিয়াবা প্ৰায় লঘোনে থাকিবলগীয়া হয়, তেওঁ যেতিয়া কঠোৰ পৰিশ্ৰম কৰি খাদ্য সংগ্ৰহ আৰু আশ্ৰয় যোগাৰ কৰিবলগীয়া হয়, কেৱল তেতিয়াহে তেওঁৰ শৰীৰৰ পৰিপূৰ্ততম বিকাশ ঘটে। তেওঁ শৰীৰৰ পেশীবোৰৰ ব্যৱহাৰ কৰি সেইবোৰক শক্তিশালী কৰিবলগীয়া হয়। পৰিশ্ৰম কৰি কৰি তেওঁ ক্লান্ত হ’বলগীয়া হয় আৰু ক্লান্তি দূৰ কৰিবৰ কাৰণে তেওঁ বিশ্ৰাম ল’বলগীয়া হয়। তেওঁ যুদ্ধ কৰিবলগীয়া হয়, যন্ত্ৰণা সহ্য কৰিবলগীয়া হয়, সুখী হ’বলগীয়া হয়, কেতিয়াবা প্ৰেম আৰু কেতিয়াবা ঘৃণা কৰিবলগীয়া হয়। তেওঁ সলনাসলনিকৈ নিজকে কঠোৰ কষ্ট দিবলগীয়া হয় আৰু আৰামো দিবলগীয়া হয়। তেওঁ কেতিয়াবা একেখন সমাজৰে আন মানুহৰ বিৰুদ্ধে আৰু কেতিয়াবা নিজৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হয়। মানুহৰ পাকস্থলী যেনেকৈ আহাৰ হজম কৰিবৰ কাৰণে সৃষ্টি কৰা হৈছে, ঠিক তেনেকৈ মানুহকো সৃষ্টি কৰা হৈছে এনে এটা অস্তিত্বৰ কাৰণে। যিকোনো পৰিস্থিতৰ লগত মানুহে নিজকে খাপ খুৱাই ল’ব পৰা প্ৰক্ৰিয়াই যেতিয়া আটাইতকৈ বেছিকৈ কাম কৰে, তেতিয়াই মানুহৰ শক্তি সামৰ্থ্যৰো চৰম বিকাশ ঘটে। যিবিলাক মানুহক ল’ৰাকলৰ পৰাই কঠোৰ অনুশাসন মানি চলিবলৈ বাধ্য কৰা হয়, যিবোৰ মানুহে জীৱনৰ আদি বয়সৰ পৰাই বহুতো কষ্ট সহ্য কৰিবলগীয়া হয় আৰু পদে পদে নানা ধৰণৰ প্ৰতিকূল পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল’বলৈ বাধ্য হয়, সেইবোৰ মানুহ শাৰীৰিক আৰু নৈতিক দুয়োভাৱেই অতিকৈ সবল হয়।

(এলেক্সিছ কেৰেল, ১৯১২ চনৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা বিজয়ী।)

(৩০)

ছাৰ আইজাক নিউটন এজন অসাধাৰণ প্ৰতিভাশালী মানুহ আছিল। এদিন এজন মানুহে তেওঁক সুধিলে— ‘আপুনি কি উপায়েৰে বিজ্ঞানৰ অসাধাৰণ মৌলিক আৱিষ্কাৰবোৰ কৰিবলৈ সক্ষম হৈছে?’ নিউটনে নম্ৰভাৱে উত্তৰ দিলে— ‘সকলো সময়তে সেইবোৰ কথা চিন্তা কৰি কৰি।’ আন এবাৰ সেই একেটা কথাকে ব্যাখ্যা কৰি তেওঁ কৈছিল— ‘মই যিটো বিষয়ে অধ্যয়ন বা গৱেষণা কৰোঁ সেই বিষয়টো সম্পৰ্কে মোৰ মনত এটা স্পষ্ট ধাৰণা নোহোৱালৈকে মই সকলো সময়তে কেৱল সেই বিষয়টোৰ কথাকে ভাবি থাকোঁ; একমুহূৰ্তৰ কাৰণেও সেই বিষয়টো মনৰ পৰা আঁতৰ হ’বলৈ নিদিওঁ।’ আন যিকোনো প্ৰতিভাৱান মানুহৰ দৰে নিউটনেও কেৱল পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ দ্বাৰাই তেওঁৰ খ্যাতিৰ বিপুল সৌধটি গঢ়ি তুলিছিল। আনকি তেওঁ জিৰণি লোৱা মানে কাম নকৰাকৈ বহি থকাটো নুবুজাইছিল। এটা বিষয় অধ্যয়ন কৰিবলৈ এৰি আন এটা বিষয়ৰ অধ্যয়ন আৰম্ভ কৰাটোৱেই আছিল তেওঁৰ কাৰণে জিৰণি লোৱাৰ প্ৰধান উপায়।

এইবোৰ উদাহৰণৰ পৰা বুজা যায় যে পৰিশ্ৰম কেনেকৈ কৰিব লাগে বা পৰিশ্ৰমৰ মান কেনেকৈ উন্নত কৰিব লাগে সেইটো শিকাটোৱেই হোৱা উচিত জীৱনৰ এটা প্ৰধান লক্ষ্য। এবাৰ এই শিক্ষা আয়ত্ব কৰিব পাৰিলেই বাকী আন সকলো কথা তুলনামূলকভাৱে সহজ হৈ পৰিব। আমি একেটা কামকে দোহাৰি থাকিব পাৰিব লাগিব; একেটা কাম বাৰে বাৰে কৰা ফলত আমি যিকোনো কামকেই সহজে আৰু সুকলমে কৰিব পৰাৰ ক্ষমতা আয়ত্ব কৰিব পাৰোঁ। উদাহৰণস্বৰূপে— বেহেলা বজোৱাৰ কথাকেই ধৰিব পাৰি। দেখাত বেহেলা বজোৱা কামটো নিচেই সহজ কাম যেন লাগে। কিন্তু একমাত্ৰ বজাওঁতাজনেহে জানে যে সেই কামটো কৰিবলৈ তেওঁ কিমান দিন ধৰি কঠোৰ পৰিশ্ৰম আৰু কষ্টকৰ অভ্যাস কৰিব লগা হৈছিল। এবাৰ এজন ডেকাই বিখ্যাত বেহেলাবাদক গিয়াৰদিনিক সুধিছিল— ‘মহাশয়, বেহেলা বজোৱা শিকিবলৈ কিমান দিন লাগিব পাৰে?’ গিয়াৰদিনিয়ে উত্তৰ দিছিল— ‘দিনে বাৰ ঘণ্টাকৈ অভ্যাস কৰিব পাৰিলে বিছ বছৰত তুমি বেহেলা বজোৱাৰ প্ৰাথমিক জ্ঞান আয়ত্ব কৰিব পাৰা।’

উন্নতিৰ গতিবেগ সদায় মন্থৰ। কোনো ডাঙৰ কাম খৰ-খেদাকৈ কৰিব নোৱাৰি। আমি খোজকাঢ়ি কোনোবা এঠাইলৈ যাব খুজিলে যেনেকৈ এখোজ এখোজকৈহে আগবাঢ়িব পাৰোঁ, ঠিক তেনেকৈ উন্নতিৰ পথতো আমি এখোজ এখোজকৈহে আগবাঢ়িব পাৰোঁ। এজন পণ্ডিতৰ মতে অপেক্ষা কৰিবলৈ শিকাটোৱেই হ’ল কৃতকাৰ্যতাৰ গোপন ৰহস্য। পথাৰৰ পৰা শস্য সংগ্ৰহ কৰাৰ আগতেই আমি প্ৰথমে গুটি বা পুলি ৰুব লাগিব; তাৰ পৰা ফল পাবলৈকো আমি অনেক দিন ধৈৰ্যৰে প্ৰতীক্ষা কৰিব লাগিব। কেতিয়াবা এনেকুৱাও হয় যে যিটো ফল আটাইতকৈ দামী আৰু উত্তম তাৰ কাৰণে প্ৰতীক্ষাও হয় আটাইতকৈ দীঘলীয়া। সেই কাৰণে প্ৰাচ্যৰ মানুহে কয় যে একমাত্ৰ সময় আৰু ধৈৰ্যইহে মুগা-পলুক মহামূল্যৱান পাটকাপোৰলৈ ৰূপান্তৰ কৰে।

(৩১)

ঊনৈছ শতিকাত এক নতুন ধৰণৰ হতশাই ইউৰোপক গ্ৰাস কৰি ধৰিলে। ক’ৰ পৰা আহিল এই হাতাশা? ইতিমধ্যেই ওঠৰ শতিকাত ইউৰোপৰ মানুহে আতংক বা বিভীষিকাৰ (Horor) অলপ জুতি পাইছিল। আনকি জেইন অষ্টেনৰ নায়িকাসকলেও আতংকৰ শিহৰণ অনুভৱ কৰিবলৈ গথিক উপন্যাস পঢ়িছিল। কিন্তু ই আছিল কেৱল এটা ক্ষণস্থায়ী মানসিক বিলাসিতা। এনেতে ১৭৯০ চনত আতংকই বাস্তৱ ৰূপ ধৰি দেখা দিলে। ১৮১০ চনমানত ওঠৰ শতিকাৰ সমস্ত আশাবাদ অসাৰ বুলি প্ৰমাণিত হ’ল। মানৱ-অধিকাৰ, বিজ্ঞানৰ নিত্য-নৱ আৱিষ্কাৰ, শিল্প বিপ্লৱৰ সুফল— এই আটাইবোৰ পৰিণত হ’ল ভ্ৰান্তি-বিলাসত। ফৰাচী বিপ্লৱে মানুহক যি স্বাধীনতা দিছিল, তাক তাতলিকে কাঢ়ি নিলে প্ৰতিবিপ্লৱে। এটা এটাকৈ বিপ্লৱী চৰকাৰবোৰৰ পতন ঘটিল স্বৈৰাচাৰী সামৰিক শাসকৰ হাতত। বিপ্লৱৰ সমৰ্থনত ব্যৱহাৰ কৰা বন্দুকবোৰ পিছলৈ ব্যৱহাৰ কৰা হ’ল প্ৰতিবাদকাৰী নাগৰিকক হত্যা কৰিবৰ কাৰণে। এইবোৰ কথাৰ লগত আমি সকলোৱেই এতিয়া অভ্যস্ত হৈ পৰিছোঁ। বাৰম্বাৰ হতাশাৰ সন্মুখীন হৈ আমি সকলোৱেই নিৰ্জীৱ আৰু অসাৰ হৈ পৰিছোঁ। কিন্তু ১৮১০ চনত ই আছিল এটা নতুন আৱিষ্কাৰ। ই ৰোমাণ্টিক আন্দোলনৰ সকলো কবি, শিল্পী আৰু দাৰ্শনিকৰ হৃদয় চূৰমাৰ কৰিছিল।

এই নতুন নিৰাশাবাদৰ প্ৰবক্তা আছিল বায়ৰন। তেওঁ বোধহয় কোনো কাৰণ নোহোৱাকৈয়ো নিৰাশাবাদী হ’লহেঁতেন; ই আছিল তেওঁৰ অহংবোধৰ অংশ। কিন্তু এনে এটা সময়ত তেওঁৰ আৱিৰ্ভাৱ হৈছিল— যিটো সময়ত মোহভংগৰ জোৱাৰে তেওঁক উটুৱাই লৈ গৈছিল। ফলস্বৰূপে নেপোলিয়নৰ পিছতেই তেওঁ হৈ পৰিছিল ইউৰোপৰ আটাইতকৈ বিখ্যাত মানুহ। গ্যেটে আৰু পুস্কিনৰ নিচিনা কবি, বিছমাৰ্কৰ নিচিনা মহান ৰাষ্ট্ৰনেতা— তেওঁলোকৰ পৰা আৰম্ভ কৰি আটাইতকৈ নিৰ্বোধ স্কুলীয়া ছাত্ৰীলৈকে সকলোৱেই বায়ৰণৰ কবিতা পঢ়িছিল উন্মাদনাসদৃশ আৱেগেৰে। আজিৰ যুগৰ মানুহৰ পক্ষে এই উন্মাদনাৰ ৰহস্য বুজা সম্ভৱ নহয়, কাৰণ ‘ডন জুৱানে’ নহয়, বায়ৰনৰ বেয়া কবিতাবোৰেহে তেওঁক কৰি তুলিছিল বিখ্যাত। বায়ৰন আছিল তেওঁৰ যুগৰ প্ৰতিভূ। Castle of Chillon-ৰ এটা পোতাশাল মুকলি কৰা উপলক্ষে এটা কবিতা লিখি বায়ৰনে তেওঁৰ বৈপ্লৱিক আৱেগ প্ৰকাশ কৰিছিল এনেভাৱে—

Eternal Spirit of the Chainless Mind!

Brightest in dungeons-Liberty!

কিন্তু সুদীৰ্ঘ আতংক আৰু বিভীষিকাৰ অন্তত যেতিয়া সেই পোতাশালত আবদ্ধ কৰি ৰখা বন্দীজনক মুকলি কৰি দিয়া হ’ল, তেতিয়া বায়ৰনৰ কণ্ঠত শুনা গ’ল এটা নতুন সুৰ—

At last men came to set me free;

I ask’d not why, and reck’d not whre;

It was at length the same to me,

Fetter’d or fetterless to be,

I learned to love despair.

বায়ৰনে সেই শাৰীটো লিখাৰ সময়ৰ পৰা আজিলৈকে বেকেট আৰু ছাৰ্তে(Sartre)পৰ্যন্ত কিমানজন বুদ্ধিজীৱিৰ লেখাত শুনা গৈছে তাৰ প্ৰতিধ্বনি!

(কেনেথ ক্লাৰ্ক)

No Comments

Post A Comment