“আনে কি ভাবে তোমাক কিয় লাগে?”

“What do you care what other people think?” কোনো কোনো মানুহে পৃথিৱীৰ আটাইতকৈ স্মাৰ্ট ব্যক্তি বুলি অভিহিত কৰা, বা আমি নিজেও তেওঁৰ সম্পৰ্কে পঢ়ি থাকিলে প্ৰায় তেনেকুৱাই অনুভৱ কৰা প্ৰখ্যাত বিজ্ঞানী ৰিচাৰ্ড ফিলিপছ ফাইনমেনৰ এইখন এখন আত্মজীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ সম্পৰ্কে শুনা প্ৰায়ভাগ মানুহৰে মনলৈ হয়তো ধাৰণা আহে যে এই কথাষাৰ ফাইনমেনে কৈছিল। সঁচাকৈয়ে ফাইনেমনৰ দৃষ্টিভংগী সৰুৰে পৰা তেনেকুৱাই আছিল যদিও দুটামান বিশেষ মুহূৰ্তত, প্ৰকৃততে দুটামান জটিল মুহূৰ্তত এই কথাষাৰ ফাইনমেনক সোঁৱৰাই দিছিল আৰ্লিন নামৰ তেওঁৰ প্ৰেয়সী গৰাকীয়ে। দুৰাৰোগ্য ৰোগত দুবছৰ পাছত যাৰ মৃত্যু হ’ব বুলি জানি আৰু বেমাৰটো ফাইনমেনলৈয়ো সোঁচৰিব বুলি উদ্বিগ্ন হৈ ফাইনমেনক হাক-বচন দিয়া পৰিয়াল-সম্পৰ্কীয় সকলোকে বুজাই-বঢ়াই ফাইনমেনে যাক বিয়া কৰাইছিল, আৰু দুবছৰৰ পাছত তেওঁৰ মৃত্যুও ঘটিছিল…।

“What do you care what other people think?” আৰু “Surely you are joking Mr. Feynman!” এই দুখন ফাইনমেনৰ আত্মজীৱনীমূলক গ্ৰন্থ। অৱশ্যে গ্ৰন্থ দুখন তেওঁ নিজে লিখা নহয়, তেওঁৰ সৈতে একেলগে সাত বছৰ ড্ৰাম বজোৱা সংগী এজনে মাজে মাজে তেওঁৰ পৰা সংগ্ৰহ কৰা কিছুমান কথা গ্ৰন্থ দুখনত সন্নিবিষ্ট কৰা হৈছে। খুৱ সম্ভৱ আমাৰ আব্দুল কালামৰ “অগ্নিৰ ডেউকা”ৰ দৰে।

প্ৰায় তেৰ বছৰ বয়সত ফাইনমেন তেওঁতকৈ ডাঙৰ আৰু অভিজ্ঞ ল’ৰাৰ দল এটাত কেনেবাকৈ সোমাই পৰিল। তেওঁলোক প্ৰত্যেকৰে বিভিন্ন ছোৱালীৰ লগত পৰিচয় আছিল, আৰু নিজৰ ছোৱালী-সংগীক লগত লৈ তেওঁলোকে ফুৰিবলৈ গৈছিল, প্ৰধানকৈ সাগৰৰ পাৰলৈ। এদিন তেওঁলোকৰ লগত ফুৰিবলৈ গৈ ফাইনমেনে বন্ধু কেইজনমানৰ লগত বহি আছে। আৰু কিছুদিন আগৰ পৰা তেওঁ ছোৱালী এজনীৰ প্ৰতি কিবা এটা আকৰ্ষণ অনুভৱ কৰি আছিল। সেইদিনা তেওঁৰ মুখেৰে ভাৱটো ওলাই আহিল – “বাৰবাৰাৰ লগত চিনেমা চাবলৈ যাব পৰা হ’লে….”। লগে লগেই ওচৰতে থকা এজন উবুৰি খাই পৰিল, আৰু তেওঁ বাৰবাৰাৰ ওচৰলৈ দৌৰি গৈ তেওঁক ফাইনমেনৰ ওচৰলৈ হাতত ধৰি টানি আনি সকলোৰে শুনাকৈ চিঞৰি কৈ উঠিল – ফাইনমেনে তোমাক কিবা ক’ব বিচাৰিছে। ফাইনমেনে বিব্ৰত অনুভৱ কৰিবলৈ ধৰিলে…। যি নহওক, তেওঁ প্ৰস্তাৱটো দিলে…। ঘৰলৈ গৈ ফাইনমেনে কথাখিনি মাকক ক’লেগৈ। ফাইনমেনে কি কৰিব লাগে, কি কৰিব নালাগে মাকে সকলো বুজাই দিলে। ফাইনমেনে দিয়া উদাহৰণ অনুসৰি, যদি বাছৰে যায় তেন্তে তেওঁ প্ৰথমে বাছৰ পৰা নামিব লাগিব আৰু তেওঁ হাতখন আগবঢ়াই দি বাৰবাৰাক সহায় কৰিব লাগিব…। তেওঁ কি ক’ব লাগিব, কি ক’ব নালাগিব সেইখিনিও মাকে শিকাই দিলে। ফাইনমেনে মাকৰ এই কথাখিনিক অভিহিত কৰিছে এনেদৰে— “তেওঁ এটি সাংস্কৃতিক পৰম্পৰা মোলৈ হস্তান্তৰ কৰিলে : এগৰাকী মহিলাই তেওঁৰ পাছৰ প্ৰজন্মৰ এগৰাকী মহিলাক কেনে ব্যৱহাৰ কৰাটো উচিত সেই বিষয়ে নিজৰ পুতেকক শিক্ষাদান কৰিলে।”

এনেদৰেই আৰু দুবাৰমান ফাইনমেনে আন ছোৱালীৰ লগত ওলাই গ’ল…। এদিন সেই দলটোৱে সাগৰৰ পাৰত পাৰ্টি-তামাচা কৰি আছে। তেনেতে তেওঁলোকৰ মাজলৈ এটা চাঞ্চল্য আহি পৰিল – “আৰ্লিন আহিছে! আৰ্লিন আহিছে!” আৰ্লিন কোন ফাইনমেনে জনা নাছিল। সকলোৱেই আৰ্লিনক চাবলৈ ঢপলিয়াই গ’ল। আৰু নিজৰ কাম পেলাই থৈ এনেকৈ ঢপলিয়াই যোৱাটো ফাইনমেনে পছন্দ কৰা নাছিল। আৰ্লিন সঁচাকৈয়ে বহুত ধুনীয়া আছিল আৰু তেওঁৰ লগত নাচিবলৈ সকলো উদ্বাউল হৈ আছিল। ফাইনমেনে নিজেও তেওঁৰ লগত নাচিবলৈ মনে মনে সুযোগ বিচাৰিবলৈ ধৰিলে। কিন্তু কোনোপধ্যেই তেওঁ সুযোগ নাপায় হে নাপায়। এদিন তেওঁৰ মুখেৰে ইচ্ছাটোৰ কথা ওলাই আহিল। লগে লগে ফাইনমেনৰ ওচৰতে থকা এজনে তেওঁৰ ইচ্ছাটোৰ কথা সবেই শুনাকৈ চিঞৰি ঘোষণা কৰি দিলে। আৰ্লিনে তেতিয়া বেলেগ এজনৰ সৈতে নাচি আছিল, আৰু তেওঁলোক নাচি নাচি ফাইনমেনৰ ওচৰলৈ আগবাঢ়ি আহিল, আৰু লগৰবোৰে ফাইনমেনক ঠেলি ঠেলি সেই নাচৰ স্থানলৈ আগবঢ়াই দিলে। ফাইনমেনে আৰ্লিনক সুধিলে – “ইমান জনপ্ৰিয় হৈ কেনে লাগে বাৰু?” ফাইনমেনে আৰ্লিনৰ লগত অকণমান সময় নাচিবলৈ পাওঁতেই কোনোবা এজন আহি তেওঁৰ স্থান দখল কৰি ল’লে।

R-feynman   R-P-feynman

ফাইনমেনৰ মাকৰ বান্ধৱী এগৰাকীয়ে খোলা স্কুল এখনত ফাইনমেনে নাচৰ প্ৰশিক্ষণ লৈছিল। তালৈ আৰ্লিনকো ফাইনমেনে আমন্ত্ৰণ জনালে। আৰ্লিন সন্মত হ’ল। কিন্তু স্কুলখনৰ প্ৰচাৰ হওক বুলি ফাইনমেনৰ বন্ধুকেইজনকো ফাইনমেনৰ মাকে আমন্ত্ৰণ জনালে। বন্ধুকেইজন আহি যেতিয়া ফাইনমেনক আৰ্লিনৰ সৈতে দেখা পালে, তেওঁক অলপ দূৰলৈ নি তেওঁলোকে ক’লে যে – আৰ্লিন তোমাৰ সংগী বুলি আমি গম পালোঁ, গতিকে তোমাক আমি অকণো আমনি নকৰোঁ…..। কিন্তু অলপ সময় পাছতেই আৰ্লিনৰ লগত নাচিবলৈ পাবলৈ সেই বন্ধুকেইজনৰ মাজতে তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হ’বলৈ ধৰিলে….।

ফাইনমেন আছিল খুব লাজকুৰীয়া স্বভাৱৰ আৰু সকলো ল’ৰাই তেওঁতকৈ বলবান আৰু খেলা-ধূলাত পাৰ্গত বুলি তেওঁ খুৱ সংকোচ অনুভৱ কৰিছিল।

ফাইনমেনৰ ৰাপ আছিল বিজ্ঞানত, আৰু আৰ্লিনৰ আছিল কলাত। সেই স্থানত এটা সংগঠন আছিল, আৰু সেইটোত নাট্য-চ’ৰা, সাহিত্য-চ’ৰা, বিজ্ঞান-চ’ৰা, কলা-চ’ৰা আদি বিভিন্ন ভাগ আছিল। আৰু আৰ্লিনৰ ওচৰে-পাঁজৰে থাকিবৰ কাৰণেই ফাইনমেনে কলা-চ’ৰাত যোগ দিছিল। সেইবোৰ তেতিয়া অনৰ্থক যেন লাগিছিল যদিও পিছলৈ সেইবোৰে তেওঁক কামত দিছিল বুলি উল্লেখ কৰিছে। কিন্তু তেতিয়া আৰ্লিনৰ এজন প্ৰেমিক আছিল বাবে ফাইনমেনে কোনো আশা নেদেখিছিল। অৱশ্যে তথাপি তেওঁ আৰ্লিনৰ দলটোৰ কাষত তেওঁ ঘূৰি আছিল। এদিন আৰ্লিনে ক’লে যে সেই প্ৰেমিকজনৰ লগত তেওঁৰ সম্পৰ্ক নাই। তেতিয়া ফাইনমেনে এক আশাৰ ৰেঙণি দেখা পালে। এদিন আৰ্লিনে দৰ্শনৰ কাম এটা লাগি আছিল, তেতিয়া এক আলোচনাত ফাইনমেনে ডেকাৰ্টৰ ঘোৰ বিৰোধিতা কৰিলে। সেইদিনা আৰ্লিনে বুজি পালে যে দৰ্শনৰ কথাবোৰ পাতলকৈ ল’ব পৰা যায়, আৰু কোনে কৈছেতকৈ কি কৈছে সেই বিষয়ে মনোযোগ দিলেই কথাতো পৰিষ্কাৰ হৈ পৰে। সেইমতে শ্ৰেণীত যুক্তি দি আৰ্লিনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল, আৰু সেইদিনাৰ পৰা আৰ্লিনে ফাইনমেনক অলপ বেছি গুৰুত্ব দিবলৈ ধৰিলে। কিন্তু তেনেতে ফাইনমেনৰ আৰু এজন প্ৰতিদ্বন্দ্বী ওলাল। আৰু আৰ্লিনে এদিন ইফালে, এদিন সিফালে কৰি থাকিবলৈ ধৰিলে। যি কি নহওক গৈ গৈ এদিন আৰ্লিন আৰু ফাইনমেনৰ সম্পৰ্ক গঢ়ি উঠিল…।

MIT ত প্ৰাকস্নাতক শেষ কৰি ফাইনমেনে তাতে স্নাতকো পঢ়া কথা ভাবিছিল। কাৰণ তেওঁ ভাবিছিল MIT দেশৰ ভিতৰতে আটাইতকৈ ভাল বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান। কিন্তু এজন অধ্যাপকে তেওঁক জনালে যে সেই কথাটো জানিবলৈ আৰু বাহিৰৰ জগতখনৰ বিষয়ে জনিবলৈ তেওঁ বেলেগ শিক্ষা প্ৰতিষ্ঠানলৈ যোৱাটো প্ৰয়োজন। গতিকে তেওঁ প্ৰিন্সটনলৈ যোৱাটো ঠিক কৰিলে। প্ৰিন্সটনৰ পৰা প্ৰতিটো বন্ধতে তেওঁ ঘৰলৈ আহিছিল, প্ৰকৃততে আৰ্লিনক লগ কৰিবলৈ। এবাৰ তেনেকৈ আহোঁতেই তেওঁ গম পালে আৰ্লিনৰ ডিঙিৰ একাষে টেমুনা দৰে কিবা এটা উঠিছে, আৰু ইমান ধুনীয়া, মৰমলগা ছোৱালীজনীক সেই বস্তুটোৱে দেখাত বৰ বেয়া কৰিছে বুলি সকলোৱে গুৰুত্ব দিছিল যদিও বিষ নথকা বাবে বেছি চিন্তা কৰা নাছিল। অলপ দিনৰ পাছত আৰ্লিনক চিকিৎসালয়ত ভৰ্ত্তি কৰিব লগা হ’ল। অৱশেষত, তেওঁৰ মৃত্যুও ওচৰতে বুলি গম পোৱা গ’ল…।

সেই সময়তে ফাইনমেন মানহাট্টান প্ৰকল্পত জড়িত হ’ল। ওপৰত উল্লেখ কৰাৰ দৰে ফাইনমেনে আৰ্লিনক বিয়া পতাৰ সিদ্ধান্ত ল’লে। তেওঁলোকৰ বিয়া হৈ গ’ল।

এদিন আৰ্লিনৰ, মাংসৰ কাবাব খাবলৈ মন গ’ল, আৰু নিজেই ৰান্ধি। কিন্তু চিকিৎসালয়ৰ কোঠাত কেনেকৈ ৰান্ধিব! আৰ্লিনে ক’লে – চৌকাটো সমুখৰ লনলৈ লৈ গৈ তাতে ৰান্ধিবা। কিন্তু চিকিৎসালয়খন মূলপথৰ কাষত থকা বাবে পথেৰে যোৱা মানুহবোৰে চাই চাই যাব কাৰণে তাত নাৰান্ধো বুলি ফাইনমেনে ক’লে। তেতিয়া আৰ্লিনে মনত পেলাই দিলে – “মানুহে কি ভাবে তোমাক কিয় লাগে?” তাৰ পাছত তেওঁলোকে প্ৰতিটো শনিবাৰে লনত কাবাব ৰান্ধিবলৈ ধৰিলে।

খ্ৰিষ্টমাছত আৰ্লিনে “লচ আলামছ”ৰ সকলোৰেলৈকে কাৰ্ড পঠাব বিচাৰিছিল। (লচ আলামছতে পাৰমাণৱিক বোমা নিৰ্মাণৰ প্ৰখ্যাত ‘মানহাট্টান প্ৰকল্প’ আৰম্ভ হৈছিল।) তলত লিখা আছিল – ৰিচ আৰু পুটছিৰ পৰা। ফাইনমেনে আৰ্লিনক পুটছি বুলি মাতিছিল। ফাইনমেনক ভালকৈ চিনি নোপোৱা দুজনলৈ তেনেকৈ কাৰ্ড পঠাবলৈ তেওঁ অসন্মতি প্ৰকাশ কৰিলে। তেতিয়া আৰ্লিনে পুনৰ মনত পেলাই দিলে – “আনে কি ভাবে তোমাক কিয় লাগে?” গতিকে তেওঁলোকে কাৰ্ড পঠাই দিলে। পিছৰ এবছত তেওঁলোক ঘৰুৱা হৈ পৰিছিল, আৰু পিছৰবাৰ তেওঁলোকলৈ আৰ্লিনে কাৰ্ড পঠাওতে প্ৰেৰকৰ নাম দিছিল – ড° এণ্ড মিছেছ আৰ. পি. ফাইনমেন। তেতিয়া তেওঁলোকে হাঁহি হাঁহি সুধিছিল – এইবাৰ ইমান ফৰ্মেল কিয়?

লাহে লাহে আৰ্লিনৰ অৱস্থা বেছি বেয়াৰ ফালে ঢাল খালে…। আৰু অৱশেষত সেই অৱধাৰিত দিনটো আহি পৰিল…।

No Comments

Post A Comment