তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই

তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই:

আমাৰ কৈশোৰত প্ৰভাৱ পেলোৱা প্ৰবন্ধসমূহৰ ভিতৰত এটা প্ৰবন্ধ হ’ল হোমেন বৰগোহাঞিৰ ‘উপাচাৰ্যৰ যোগ্যতা’। প্ৰবন্ধটোত কোৱা হৈছিল যে- এজন উপাচাৰ্য এনে ব্যক্তিত্বৰ অধিকাৰী হ’ব লাগিব যে তেওঁক সবেই ভয় কৰিব লাগিব আৰু তেওঁ নিজে ভয় কৰিব লাগিব কেৱল নিজৰ বিবেকক।

আমাৰ শিক্ষা-ব্যৱস্থাই পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰে আমাক একো নিশিকাই। বাস্তৱ জগতত খোজ পেলাবলৈ আৰু মনুষ্যত্বসুলভ অৱদান আগবঢ়াবলৈ প্ৰয়োজনীয় নেতৃত্ব, ব্যৱস্থাপনা আদি দক্ষতাবোৰ আৰু মনোভংগী, শিষ্টাচাৰ, সুচৰিত্ৰ আদি গুণবোৰলৈ আনিব লগা পৰিবৰ্তন আমি আনিব লাগে লগ পোৱা মানুহ আৰু কিতাপ-পত্ৰ পঢ়ি পৰিচিত হোৱা ব্যক্তিত্বৰ পৰা শিকি। আজিৰ সমাজত নিজৰ বিবেকৰ মুখামুখী হ’বলৈ ন্যূনতম সাহস নথকা এজাক মানুহৰ মাজতেই কাল কটাব লগা অৱস্থাত হোমেন বৰগোহাঞিৰ সেই উক্তিয়ে আমাক এক প্ৰধান শিক্ষাই প্ৰদান কৰিছিল।

আজি অসংখ্য ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকেই নহয়, সমগ্ৰ ৰাজ্য তথা দেশৰ বাবেও গুৰত্বপূৰ্ণ কথা যে এখন বিশ্ববিদ্যালয়ৰ এজাক ছাত্ৰ-ছাত্ৰীয়ে তেনে এজন উপাচাৰ্য নিজৰ জীৱনতে লগ পাবলৈ সক্ষম হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰবেশ কৰা প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো মুহূৰ্ততে সেইজন ব্যক্তিৰ প্ৰভাৱ অনুভৱ কৰে আৰু সেইবাবেই বিশ্ববিদ্যালয়খনৰ প্ৰতিটো অংশত এক সুশৃংখলা বিৰাজ কৰি থাকে। আন বিশ্ববিদ্যালয়ত সঘনাই উদণ্ড স্বৰূপ প্ৰদৰ্শন কৰি অহা ছাত্ৰজনো ইয়াত শিষ্টাচাৰী হ’বলৈ বাধ্য। ঠিয়দঙা দি কেইবাজনো ছাত্ৰ-ছাত্ৰী গোট খাই এনেই কথা পাতি থকা অৱস্থাত সমুখত উপাচাৰ্যক দেখিলে তেওঁলোকৰ মনলৈ দৌৰি হোষ্টেল সোমাওঁগৈ যেন ভাৱ আহে। আজিৰ সময়তো বিশ্ববিদ্যালয় এখনৰ এনে পৰিবেশ শিক্ষাজগতৰ বাবে সম্পদ। কেৱল সেয়াই নহয়- নিষ্ঠাৰে দায়িত্ব পালন কৰা বহুতো শিক্ষক তথা ব্যক্তি থকাৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয়ত দুটা কিম্বদন্তী আছে। এক- প্ৰফেচৰ মিহিৰ কান্তি চৌধুৰী আৰু দুই- প্ৰফেচৰ অমৰজ্যোতি চৌধুৰী। এই দুই কিম্বদন্তীৰ লগত জড়িত হৈ আছে তেখেতসকলৰ ব্যক্তিবিশেষৰ লগত আপোচহীনতা আৰু সমাজ তথা শিক্ষাজগতৰ প্ৰতি মহৎ দায়ীত্ব।

প্ৰফেচৰ অমৰজ্যোতি চৌধুৰীৰ বৌদ্ধিক আৱেগৰ দ্যুতিৰে প্ৰাচুৰ্যময় বক্তব্য আৰু প্ৰফেচৰ মিহিৰ কান্তি চৌধুৰীৰ বস্তুনিষ্ঠ, সম্পূৰ্ণ বন্ধুত্বপূৰ্ণ আৰু অতিশয় দায়ীত্বশীল অভিভাৱকসুলভ বক্তব্য শুনিবলৈ বহুতো ঢাপলি মেলা নিজ চকুৰে দেখিছো। এইয়া হ’ল আমাৰ সময়ৰ কাহিনী। আমাৰ সময়ৰ এখন বিশ্ববিদ্যলয়ৰ শৈক্ষিক পৰিবেশ আৰু দুজন শিক্ষাবিদৰ প্ৰতি অসংখ্য ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা, কৌতুহল আৰু আগ্ৰহৰ কাহিনী।

কিন্তু ইয়াতো সুৰুঙা বিচাৰি কোনোবাই কৰা অৱহেলাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে বহুতো অসুবিধা ৰৈ গৈছে। এইখিনি সহজেই সমাধান কৰিব পৰা যাব বাবে এই আলোচনাত সকলোখিনি কথা নকৈ কেৱল এটা দিশহে দেখুৱাব বিচাৰিছো-

 

সৃষ্টিশীল পৰিবেশৰ অভাৱৰ সৃষ্টি:

সৃষ্টিশীলতাৰ ক্ষেত্ৰখনক মহতীয়াই পেলোৱাকৈ বহুতো ধ্বংশাত্মক ধাৰণা ইয়াত প্ৰচলিত আছে। আলোচনী এখনৰ ক্ষেত্ৰতে তেনেকুৱা এটা ধাৰণা হ’ল- ‘আলোচনীতো কোনেও নপঢ়ে। মাথোঁ বেটুপাতটো কিমান ৰংচঙীয়া বা ধুনীয়া হৈছে চাব, তাৰ পাছত ‘ডাঙৰ মানুহ’ কাৰ কাৰ লেখা আছে ওপৰে ওপৰে চাব, তাৰ পাছত নপঢ়ে আৰু।’ কিন্তু মই নিজে দেখিছো- বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত এখন আলোচনী বুলিলে নিয়মীয়াকৈ নপঢ়া এজনেও সেইখন আলোচনী মনোযোগেৰে চাই আৰু ‘ডাঙৰ মানুহ’ৰ লেখা পঢ়াতকৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কেনেকুৱা চিন্তা কৰে তাক জানিবলৈ প্ৰথমে ছাত্ৰ-ছাত্ৰীৰ লেখা কেইটাহে পঢ়ে আৰু যুক্তি দি মন্তব্যও কৰে- ‘অমুক মহাবিদ্যালয়ৰ আলোচনীতে দেখোন ল’ৰাছোৱালীয়ে ইয়াতকৈ ভাল লিখিছে।’

পূৰ্ৱৰে পৰা ধ্বংশ হৈ অহা পৰিবেশে এই ধাৰণাবোৰৰ অনুকূল হৈ ধৰা দিছে। আৰু এই ধ্বংশ আহিছে এনেদৰে-

১) সন্মানীয় বহুতো ব্যক্তিয়ে নিজৰ অনিহা আৰু অৱহেলাক আত্মবিশ্বাসৰ দৰে প্ৰদৰ্শন কৰে।

২) কিছুমান কামৰ দায়িত্ব এনে ব্যক্তিৰ হাতত পৰেগৈ যিসকলে কামটোৰ বিষয়ে প্ৰায় একো নাজানে।

বিভিন্ন ক্ষেত্ৰৰ প্ৰতিযোগীতাৰ বিচাৰত ছাত্ৰ-ছাত্ৰীসকল হতাশাত ভোগা দেখা যায়। বিচাৰকৰ আসনত এনে ব্যক্তিও দেখা যায় যিসকল সেইখন প্ৰতিযোগীয়াতে তিস্থি থকাৰ সম্ভাৱনা ক্ষীণ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়তে কোনো এক প্ৰতিযোগীতাৰ ক্ষেত্ৰত ৰাজ্যৰ বিশিষ্ট ব্যক্তিক বিচাৰক হিচাপে দেখি আহিছে। সেই বিচাৰকৰ বিচাৰ-বিশ্লেষণৰ পৰা প্ৰতিযোগীতাৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীয়েই বহুতো কথা শিকিব পাৰে। কিন্তু ইয়াত বিশ্ববিদ্যালয় হৈয়ো ছাত্ৰ-ছাত্ৰীয়ে সেই অভিজ্ঞতাৰে শিক্ষা ল’বলৈ সুবিধা নাপালে, বৰং সদায় বেয়া পৰিবেশহে দেখি গ’ল।

কামৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক দায়িত্ব প্ৰদান কাৰ্য্য কেতিয়াবা এনেকুৱা হাস্যকৰ হয় যে নটিচ বৰ্ডত নিজৰ নামটো দেখিহে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে গম পাই যে সেই কামটো কৰিব তেওঁ নিজে! লাগিলে তেওঁৰ কোনো আগ্ৰহ, যোগ্যতা বা সময়েই নাথাকক। আৰু তেওঁ সেই কামত হাত নিদিলে কামটোৰ দায়ীত্ব ব্যক্তিগত সম্পৰ্কৰ ভিত্তিত এনে ছাত্ৰ বা ছাত্ৰীৰ হাততো পৰেগৈ যে তেওঁ আৰু অধিক হাস্যকৰ ঘটনা সংঘটিত কৰিব পাৰে। উদাহৰণস্বৰূপে, তেনেদৰেই কামৰ দায়িত্ব পোৱা এখন গুৰুত্বপূৰ্ণ আলোচনীৰ সম্পাদক এজনে প্ৰকাশৰ বাবে অহা বহুতো লেখাৰ মাজৰ পৰা প্ৰকাশৰ অযোগ্যবোৰ পেলাই গৈছে। সেই পেলাই যোৱা লেখাবোৰ আন এজনে চোৱাত তাৰ মাজতহে অধিক যোগ্য লেখা দেখি সম্পাদকজনক প্ৰশ্ন কৰাত জানিব পৰা গ’ল- তেওঁ ভাষাটো তথা বিষয়টো নাজানেই, গতিকে যিটো লেখাত কোনো শব্দ, বাক্য, ভাষা বা বিষয় তেওঁ বুজিব পৰা নাই তাকে প্ৰকাশৰ অযোগ্য বুলি পেলাই দিছে।

 

লেখাৰ বাবে চৰ্চহীনতা:

প্ৰতিজন ব্যক্তিয়েই নিজৰ অধ্যয়নৰ বিষয়টোৰ সম্পৰ্কে মনোগ্ৰাহীকৈ অন্ততঃ কিছু কথা লিখিব পাৰিব লাগে। শিক্ষা লাভ আৰু শিক্ষা প্ৰদান দুয়োটাৰে বাবে এই কথাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু ‘নিজৰ এটা লেখা’ বুলি ভবাৰ লগে লগেই সৰহ সংখ্যকে কবিতা এটা লিখাৰ কথাই কল্পনা কৰিবলৈ লয় আৰু প্ৰায় আটাইবোৰেই জাৱৰসদৃশ এটা শব্দগুচ্ছ তৈয়াৰ কৰি উলিয়াই। ইয়াৰ মূল কাৰণকেইটা হ’ল সচেতনতাৰ অভাৱ আৰু দায়িত্ববোধহীনতা।

সচেতনহীন হোৱাৰ এটা প্ৰমাণ হ’ল- যোৱা দুবছৰত আমাৰ হোষ্টেলবোৰত দেখা গ’ল- প্ৰতিদিনে ১৯ ঘণ্টাকৈ সম্পূৰ্ণ দুবছৰ টিভিবোৰত কেৱল ক্ৰিকেট খেল, বলিউদী নৃত্য আৰু মাজে মাজে হলীউদী চিনেমা লাগি থাকিল। কোনোবাই জোৰ কৰি কিবা গুৰুত্বপূৰ্ণ আলোচনা চাব বিচাৰিলেও নিৰ্মম ঠাট্টা-বিদ্ৰূপেৰে অপমানিত হ’ব লগা হয়। কেৱল দুদিন কেইঘণ্টামানৰ বাবে সবেই বাতৰি চোৱা দেখা গৈছিল, সিও কিন্তু কিবা ভয়ংকৰ ঘটনা ঘটিলে তাৰ খবৰ প্ৰথমৰে পৰা পোৱাৰ আগ্ৰহতহে চোৱা হৈছিল। সেই দিন দুটা আছিল- অযোধ্যা-কাণ্ডৰ ৰায় ওলোৱাৰ দিনা আৰু আমাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনা।

 

সমালোচনাৰ মুখামুখী:

চতুৰ্থ সংখ্যাৰ ‘লুইতপৰীয়া’ৰ সম্পাদকে প্ৰায় অকলেই আলোচনীখনৰ কাম কৰিবলগা হৈছিল। কিন্তু আলোচনীখন প্ৰকাশ হোৱাৰ পাছত কেইজনমানে ‘হেষ্টেলৰ আলোচনীত বেলেগৰ লেখা থকাতকৈ কেৱল হোষ্টেলৰ ছাত্ৰৰ লেখাহে থকা উচিত’ বুলি বিৰূপভাৱে কেইবাদিনো আলোচনা কৰি আছিল। তেওঁলোকৰ সমালোচনাও শুদ্ধ নহয়, প্ৰসংগটোও শুদ্ধ নহয়। এদিন খুব বিৰক্ত হৈ এজনলৈ চাই শান্তভাৱে সুধিলো- ‘তুমি কিবা লেখা দিছিলা নেকি?’ প্ৰশ্নটোৱেই তেওঁলোকৰ সমালোচনাৰ উত্তৰ হ’ল। আটাইকেইজনে তল মূৰ কৰি কিছুসময় মনে মনে ৰ’ল আৰু তাৰ পাছত লেখা দিব নোৱাৰাৰ অজুহাতবোৰৰ চৰ্চাত লাগিল।

 

প্ৰত্যাশা:

অৱশেষত এই সংখ্যাৰ ‘লুইতপৰীয়া’ত ৰৈ যোৱা সমস্ত ভুল মই মূৰ পাতি লৈছো। ইয়াৰ অৰ্থ হ’ল সমসাময়িক সমূহ ছাত্ৰ-বন্ধুক সৃষ্টিশীল কামত অন্ততঃ স্পৰ্ষ পেলোৱাৰ প্ৰতি আগ্ৰহাম্বিত কৰাত মই ব্যৰ্থ হৈছো। আৰু ইয়াৰ জড়িয়তেই আশা কৰিছো পৰৱৰ্তী সম্পাদক আৰু ছাত্ৰ-বন্ধুসকলে অধিক দৃঢ়তা অৰ্জন কৰিব….।

 

(তেজপুৰ বিশ্ববিদ্যালয়ৰ তেতিয়াৰ ‘ব্ৰহ্মপুত্ৰ পুৰুষ আৱাস’ৰ বছৰেকীয়া আলোচনী ‘লুইতপৰীয়া’ৰ ৫ম সংখ্যাৰ (২০১২) সম্পাদকীয় প্ৰবন্ধ।

প্ৰবন্ধটো নতুন পাঠকে পঢ়োঁতে সেই সময়ৰ কথা বিবেচনা কৰি এটা পুৰণা প্ৰবন্ধ হিচাপেহে পঢ়ে যেন।)

No Comments

Post A Comment