ত্ৰি-মেৰু অভিযানৰ অন্তিম দশা

পৃথিৱীৰ উত্তৰ মেৰু উত্তৰ মহাসাগৰ(Arctic Ocean)ৰ মাজভাগত অৱস্থিত, য’ত সাগৰ-পৃষ্ঠ দুই-তিনি মিটাৰ ডাঠ বৰফে আবৰি থাকে। সেই স্থানত সাগৰৰ গভীৰতা চাৰি কিলোমিটাৰৰ অধিক। মানুহে তাত প্ৰথম খোজ পেলাবলৈ সক্ষম হৈছিল কুৰি শতিকাৰ প্ৰথমভাগত। ১৯৮৫ চনৰ ৬ এপ্ৰিলত নীল আৰ্মষ্ট্ৰং, এডমাণ্ড হিলাৰী, ষ্টিভ ফছেট, পাট্ৰিক মৰো, পিটাৰ হিলাৰী আদি কেইবাজনো স্বনামধন্য অভিযাত্ৰীয়ে এখন সৰু উৰাজাহাজেৰে গৈ উত্তৰ মেৰুত পদাৰ্পণ কৰিছিল। ষ্টিভ ফছেট হ’ল বেলুনেৰে গোটেই পৃথিৱী এপাক ঘূৰা প্ৰথমজন মানুহ; পাট্ৰিক মৰো পৃথিৱীৰ সাতোখন মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ শৃংগবোৰত খোজ পেলোৱা প্ৰথমজন মানুহ; পিটাৰ হিলাৰী হ’ল এডমাণ্ড হিলাৰীৰ পুত্ৰ, যি নিজেও এভাৰেষ্ট শৃংগত ভৰি দিয়াৰ লগতে বহুকেইটা দুঃসাহসিক অভিযান সম্পন্ন কৰিছিল। সেইদিনা এডমাণ্ড হিলাৰীয়ে উত্তৰ মেৰুত ভৰি দিয়াৰ লগে লগে এটা নতুন অভিলেখ স্থাপন হ’ল। এভাৰেষ্ট বিজয়ৰ পাছত তেওঁ ইতিমধ্যে দক্ষিণ মেৰুতো খোজ পেলাইছিল। এই তিনিও অৱস্থানতে খোজ পেলাবলৈ তেঁৱেই প্ৰথম সক্ষম হ’ল। ইয়াৰ ৯ বছৰৰ পাছত আৰ্লিং কাগে নামৰ এজন অভিযাত্ৰীয়ে ত্ৰি-মেৰুত খোজ পেলাবলৈ সক্ষম হৈছিল, আৰু তেওঁ উত্তৰ মেৰুলৈকো গৈছিল পদব্ৰজে। সেয়েহে তেওঁকো ত্ৰি-মেৰু বিজয়ী প্ৰথমজন বুলি কেতিয়াবা ধৰা হয়। এতিয়ালৈকে খুৱ কম সংখ্যকেহে এই কাম কৰিবলৈ সক্ষম হৈছে। এই তিনিওটা স্থানত খোজ পেলোৱাৰ যাত্ৰাকে কোৱা হয় ত্ৰি-মেৰু অভিযান। ত্ৰি-মেৰু বিজয় সব্যস্ত কৰা অতি সাম্প্ৰতিক কালৰ এজন অভিযাত্ৰী হ’ল এৰিক লাৰছেন। তেওঁ এতিয়ালৈকে এভাৰেষ্ট শৃংগত এবাৰ, দক্ষিণ মেৰুত দুবাৰ আৰু উত্তৰ মেৰুত তিনিবাৰ খোজ পেলাইছে। তেওঁ উত্তৰ মেৰুত খোজ পেলাইছিল ২০০৬, ২০০৯ আৰু ১০১৪ চনত। ২০১৪ চনত তালৈ যাওঁতে তেওঁ কি দেখিলে সেয়াই এই প্ৰবন্ধটোৰ মূল বিষয়।

প্ৰযুক্তি তথা চিকিৎসা-ব্যৱস্থাৰ বিকাশ, সাজ-পোচাকৰ উন্নতি, আগৰ অভিযাত্ৰীৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ একেই পথৰে যাত্ৰাৰ সুবিধা আদি কাৰণত আজি এভাৰেষ্ট শৃংগত খোজ পেলোৱাটো তুলনামূলকভাৱে তেনেই সহজ বুলি কোৱা হয়। ই বৰ্তমান হ’ল অন্বেষণৰ পৰিৱৰ্তে কেৱল এটা দুঃসাহসিক পৰ্যটনৰ দৰে কথা। অৱশ্যে ইয়াৰ বাবেও বিশেষ দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হ’ব লাগিব। ২০১৩ চনতহে তৰুণ শইকীয়া আৰু মণীষ কুমাৰ ডেকা নামৰ দুজন অসমীয়াই কেইদিনমান অগা-পিছাকৈ ইয়াত খোজ পেলাবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে, পৰিৱেশ-তন্ত্ৰই এভাৰেষ্টত পেলোৱা প্ৰভাৱ, ভৱিষ্যতৰ এভাৰেষ্টৰ ৰূপ আদি সম্পৰ্কে কিছুসংখ্যক বিজ্ঞানী আৰু অভিযাত্ৰীয়ে অন্বেষণ চলাই আছে।

এণ্টাৰ্কটিকা মহাদেশৰ বিভিন্ন স্থানত বৰ্তমান শীতকালত প্ৰায় ১০০০ আৰু গ্ৰীষ্মকালত প্ৰায় ৫০০০ মানুহে বাস কৰে। ঠিক দক্ষিণ মেৰুতেই স্থপিত “আমুণ্ডছেন-স্কট দক্ষিণ মেৰু আস্থান”ত শীত-কালত প্ৰায় ৫০জন আৰু গ্ৰীষ্ম-কালত ২০০জনলৈকে মানুহে বাস কৰে। এইসকলৰ প্ৰত্যেকেই হ’ল বিভিন্ন দেশৰ বিজ্ঞানী বা বিজ্ঞানীসকলৰ সহায়কাৰী কৰ্মচাৰী। জীৱবিজ্ঞান, চিকিৎসা, ভূগোল, বিশ্ব-পৰিৱেশ-তন্ত্ৰ, পদাৰ্থবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান আদি বিবিধ বিষয়ৰ গৱেষণা-কাৰ্য ইয়াত চলি আছে। এণ্টাৰ্কটিকাৰ ৯৮ শতাংশই বৰফে আবৃত বাবে, উল্কাপিণ্ড বা মহাকাশৰ পৰা আহি পৰা আন শিলাখণ্ড তাত দেখা পোৱাতো সহজ। বৰফৰ মাজত ই বহু বছৰ ধৰি সংৰক্ষিত হৈয়ো থাকে। ইয়াত বিচাৰি পোৱা উল্কাপিণ্ডৰ সংখ্যা পৃথিৱীৰ বাকী গোটেই অংশত পোৱা মুঠ সংখ্যাৰ সমান। ইয়াৰ বহুদিনীয়া এন্ধাৰ পৰিৱেশে মানুহৰ শৰীৰত কেনে প্ৰভাৱ পেলায় তাৰ অধ্যয়নে সূৰ্যৰ পোহৰহীন পৰিৱেশত মহাকাশচাৰীয়ে শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবলৈ কি কৰিব পাৰি তাকো বুজাত বহু সহায় কৰে। ১৯৬০-১৯৭০ চনৰ পৰা মহাসাগৰীয় আৰু আকাশী— এই দুয়ো পথেৰে এণ্টাৰ্কটিকালৈ পৰ্যটক নিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। পৃথিৱীৰ পঞ্চম বৃহৎ এই মহাদেশখনত দূৰ ভৱিষ্যতে জনবসতিৰ সুবিধা হ’বগৈ নে নহয় সেয়া এতিয়াও মাথোঁ ৰোমাঞ্চকৰ কল্পনা। দুবছৰৰ আগতে এখন পত্ৰিকাত অসমীয়া সাহিত্যত মহাদেশীয় উপাদান সম্পৰ্কীয় এখন গৱেষণা-পত্ৰ পঢ়িবলৈ পাইছিলোঁ। তাত সাতোখন মহাদেশৰ এখন হিচাপে এণ্টাৰ্কটিকাৰ নামো উল্লেখ আছিল যদিও স্বাভাৱিকভাৱেই অসমীয়া সাহিত্যত এণ্টাৰ্কটিকাৰ উপাদান বিষয়ক আলোচনা কৰিবলগীয়া একোৱেই নাছিল। বহু বছৰৰ পৰা, নেচনেল চায়েঞ্চ ফাউণ্ডেচন নামৰ প্ৰখ্যাত সংস্থাটিয়ে প্ৰতি বছৰে লেখক, আলোকচিত্ৰ-শিল্পী, চিত্ৰকৰ আদিৰ একোটা বিশেষ গোটক এণ্টাৰ্কটিকালৈ এটা ভ্ৰমণত নিয়ে। এনে কাৰ্যই সাহিত্য, চিত্ৰ আদিত মহাদেশখনৰ উপাদান ব্যাপকভাৱে প্ৰৱেশ কৰাৰ সম্ভাৱনা দেখুৱায়। কেতিয়াবা হয়তো মহাদেশখনতে বাস কৰা ব্যক্তিৰ মাজৰ পৰাই কথাশিল্পীৰ আবিৰ্ভাৱ ঘটি তাৰে জীৱন-যাত্ৰা-মনুষ্যত্বৰ কাহিনীৰে গল্প-উপন্যাস-কবিতা-গদ্য লিখি বুকাৰ-ন’বেলো লাভ কৰিব। আৰু এদিন অসমীয়া সাহিত্যত কেৱল এণ্টাৰ্কটিকাৰেই উপাদান সম্পৰ্কীয় গৱেষণা-পত্ৰও লিখিব পৰা অৱস্থা আহিব। নে নাহিব? ভালেখিনি বৈজ্ঞানিক তথ্য আৰু বাৰ্তা বিশ্লেষণ কৰি চালেও, এণ্টাৰ্কটিকাৰ পৰিৱেশ এতিয়াও ইমান ৰহস্যাবৃত যে, এয়া এতিয়া মাথোঁ কল্পনা।

পঠনীয়:  তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই

উত্তৰ মেৰুৰ পৰা ন্যূনতম দূৰত্বৰ ভূমি অঞ্চললৈ প্ৰায় ৭০০ কিঃমিঃ। আৰু গোটেই মহাসাগৰখনৰ ওপৰত তৰপ বান্ধি থকা বৰফৰ অৱস্থান অনুমান কৰিব নোৱৰাকৈ সঘনাই পৰিৱৰ্তন হৈ থাকে। সেয়েহে ইয়াৰ ওপৰেৰে যাত্ৰা কৰাটো অতি কষ্টসাধ্য কাম। বতৰ অনুসৰি কেতিয়াবা একোটা দিনত দুই-তিনি কিঃমিঃ যাত্ৰা কৰাও অসম্ভৱ হৈ পৰে। লক্ষ্যত উপনীত হোৱাৰ আশা বাদ দিয়াৰ চিন্তা প্ৰায়েই মনলৈ আহিবলৈ ধৰে। ২০১৪ চনত এৰিক লাৰছেনে আন এজন অভিযাত্ৰীক লগত লৈ কৰা যাত্ৰাটোত তেওঁৰ আগৰ যাত্ৰা দুটাতকৈ অধিক জটিলতাৰ মুখামুখি হ’ল। সাগৰ পৃষ্ঠৰ বৰফ ঠায়ে ঠায়ে গলি খুৱ পাতল আৰু কোমল হৈ পৰাত তাৰ ওপৰেৰে খোজ দিয়াটো অসম্ভৱ হৈ উঠিল। উত্তৰ মেৰুলৈ পদব্ৰজে সেইটোৱেই অন্তিম যাত্ৰা আছিল বুলি ধাৰণা কৰা হৈছে।

ত্বৰাণ্বিত গতিত বছৰে বছৰে ৰূপ সলনি হৈ অহা উত্তৰ মহাসাগৰৰ বৰফপৃষ্ঠক বহু পূৰ্বৰে পৰা কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে বিজ্ঞানী-দলে নিৰীক্ষণ কৰি আহিছে। আজিৰ গতিৰে বৰফ গলি থাকিলে আৰু পোন্ধৰ-বিছ বছৰৰ ভিতৰত উত্তৰ মহাসাগৰৰ পৃষ্ঠ বৰফ বিহীন হৈ পৰিব বুলি অনুমান কৰা হৈছে। ইয়াৰ আটাইবোৰ কাৰণ এতিয়াও নিৰ্ণয় হোৱা নাই যদিও আটাইতকৈ ডাঙৰ কাৰণটো হ’ল গোলকীয় উষ্ণতা বৃদ্ধি।

উত্তৰ মহাসাগৰৰ পৃষ্ঠৰ বৰফৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰাণীবিধ হ’ল “মেৰু ভালুক”। গোটেই মহাসাগৰখন জুৰি থকা বৰফ-পৃষ্ঠত মেৰু ভালুকে বিচৰণ কৰি ফুৰে। মহাসাগৰখনত আছে কোটি কোটি সংখ্যক ছীল। সাগৰৰ মাজৰ বৰফৰ গৰাসমূহৰ কাষত ছীল চিকাৰ কৰি মেৰু ভালুকে প্ৰধান আহাৰ গ্ৰহণ কৰে। মেৰু ভালুকৰ মাথোঁ যকৃতটো বাদ দি দেহৰ প্ৰতিটো অংশই বিভিন্ন কামত খটুৱাব পাৰি; সেয়েহে চিকাৰীয়ে বহু সংখ্যক মেৰু ভালুক হত্যা কৰাত চিকাৰ কমাবলৈ আন্তঃৰাষ্ট্ৰীয় আইন প্ৰণয়ন কৰা হৈছে৷ কিন্তু এতিয়া এই চিকাৰ-কাৰ্যকো নিলগাই যিটো বস্তুৱে প্ৰাণীবিধৰ ধ্বংস মাতি আনিছে সেয়া হ’ল— গোলকীয় উষ্ণতা বৃদ্ধি৷ উষ্ণতা বৃদ্ধিয়ে গ্ৰীষ্মকাল প্ৰসাৰিত কৰাৰ ফলত উত্তৰ মহাসাগৰৰ বৰফ-পৃষ্ঠ সহজেই খহিবলৈ আৰম্ভ কৰাত মেৰু ভালুকসমূহে পৰ্যাপ্ত খাদ্য-চিকাৰত বাধা আহি পৰিছে। খাদ্য নাপাই দুৰ্বল হৈ কেতিয়াবা সাগৰত ডুবি মৰিব লগা সমস্যা সৃষ্টি হৈছে৷ বৰ্তমান ই বিপন্ন প্ৰাণীৰ শাৰীত অন্তৰ্ভুক্ত। আজি এই জীৱবিধৰ উদ্ধাৰৰ বাবে কৰা সংগ্ৰামখন কেৱল এবিধ ধুনীয়া প্ৰাণী পৃথিৱীৰ পৰা চিৰদিনলৈ নোহোৱা হৈ নাযাওক বুলি কৰা সংগ্ৰামেই নহয়, ই সমগ্ৰ মানৱ জাতিক বচাবলৈ কৰা সংগ্ৰামৰে এটি অংশত পৰিণত হৈছে। কাৰণ, গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰিৱেশ-তন্ত্ৰলৈ অনা পৰিৱৰ্তনে মানৱ জাতিকেই বিপদাপন্ন কৰি তুলিবলৈ গৈ আছে।

গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা আৰু সেই ৰোধৰ বাবে সজাগতা অনা বহু কাৰ্যত বৰ্তমান লিঅ'নাৰ্ডো ডিকেপ্ৰিঅ'ৰ দৰে অভিনেতাও জড়িত। প্ৰতিখন ছবিত কৰা অনবদ্য অভিনয়েৰে বিশ্বৰ কোটি কোটি দৰ্শকৰ মন-মগজু আলোড়িত কৰি ৰখা অভিনেতাজনে কেইবাবাৰো অস্কাৰ-মনোনয়ন পাইয়ো শেষত বঁটাটো লাভ কৰা নাছিল। তেওঁ অস্কাৰ লাভ নকৰাটো এটা কিংবদন্তিলৈ ৰূপান্তৰিত হৈছিল। ২০১৫ চনৰ “The Revenant”ৰ বাবেও তেওঁ অস্কাৰ লাভ কৰিবনে নাই তাক লৈ চিত্ৰানুৰাগীৰ জল্পনা-কল্পনাৰ অন্ত নাছিল। অত অপেক্ষাৰ অন্তত সেইবাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ হাতত লৈ প্ৰদান কৰা আঢ়ৈ মিনিটৰ ভাষণত তেওঁ কিন্তু জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ জীৱকূললৈ অনা ভাবুকিৰ সম্পৰ্কে সকলো সজাগ হ’বলৈ, তাক ৰোধ কৰিবলৈ শক্তিশালী বক্তব্য আগবঢ়ালে— “And lastly, I just want to say this: Making ‘The Revenant’ was about man's relationship to the natural world. A world that we collectively felt in 2015 as the hottest year in recorded history. Our production needed to move to the southern tip of this planet just to be able to find snow. Climate change is real, it is happening right now. It is the most urgent threat facing our entire species, and we need to work collectively together and stop procrastinating. We need to support leaders around the world who do not speak for the big polluters or the big corporations, but who speak for all of humanity, for the indigenous people of the world, for the billions and billions of underprivileged people out there who would be most affected by this. For our children’s children, and for those people out there whose voices have been drowned out by the politics of greed. I thank you all for this amazing award tonight. Let us not take this planet for granted. I do not take tonight for granted. Thank you so very much.” আজি লিঅ'নাৰ্ডো ডিকেপ্ৰিঅ'ৰ পৰিচয় কেৱল এজন অভিনেতাই নহয়, তেওঁ এজন বিশিষ্ট পৰিৱেশ-সুৰক্ষা-কৰ্মীও৷ পৰিৱেশ সুৰক্ষাৰ বাবে জেনিফাৰ লৰেন্সৰ দৰে অভিনেত্ৰী, এলি গৌল্ডিঙৰ দৰে গায়িকাইয়ো সজোৰে মাত মাতিবলৈ আৰম্ভ কৰিছে। বৰ্তমান সময়ৰ আটাইতকৈ অভিজ্ঞ অভিযাত্ৰীসকলৰ অন্যতম এৰিক লাৰছেনেও মানুহৰ দায়িত্বৰ প্ৰসংগত কৈছে— We need as individuals to realize that our impacts make a difference.

পঠনীয়:  এণ্টাৰ্কটিকাৰ সমীপত আৰ্নেষ্ট শ্বেকল্টনৰ অন্তিম নিশাকেইটা

পাৰ হৈ যোৱা দহটা বছৰতেই আমাৰ ঋতুৰ তাৰতম্য নিশ্চয় বহুতে মন কৰিছে। আমাৰ ঠাইবোৰৰ বৃহৎ সংখ্যক মানুহে একেলগে কৰা একোটা কামে পৰিৱেশ-তন্ত্ৰত কেনে প্ৰভাৱ পেলায় তাৰ প্ৰতি সজাগ হোৱা প্ৰয়োজন৷ কেইবছৰমান আগতে আমেৰিকাৰ এজন উচ্চপদস্থ প্ৰশাসনিক বিষয়া অসম ভ্ৰমণলৈ আহিছিল৷ তেওঁৰ ভ্ৰমণৰ কথা কেইবাখনো কাকততো প্ৰকাশ হৈছিল৷ কাজিৰঙালৈ যাওঁতে তেওঁক তেজপুৰ বিশ্ববিদ্যালয়লৈয়ো নিয়া হৈছিল৷ চহৰ-মহানগৰৰ পৰা কিছু দূৰত অৱস্থিত যদিও দেখা যায়, তেজপুৰ বিশ্ববিদ্যালয়লৈ কিছু অধিক পৰিমাণেহে বিশিষ্ট ব্যক্তি দূৰ-দূৰণিৰ পৰা নিমন্ত্ৰণ কৰি নিয়া হয়৷ সেইবাৰ বিষয়াজনৰ লগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কিছুসময়ৰ প্ৰশ্নোত্তৰ অনুষ্ঠান আয়োজন কৰা হৈছিল; লগতে প্ৰতিটো বিভাগৰ সৰ্বোচ্ছ নম্বৰ অধিকাৰীজনক ষ্টেজত তেওঁৰ পৰা হেণ্ডচেক লৈ সম্ভাষণ গ্ৰহণ কৰিবলৈ দি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা উৎসাহ প্ৰদানৰ অনুষ্ঠান কৰা হৈছিল৷ (অৱশ্যে, পূৰ্বতেই বিশ্ববিদ্যালয়-প্ৰশাসনে তেওঁলোকক জনোৱাৰ পাছতো এটা বিভাগৰ সৰ্বোচ্ছ নম্বৰ পোৱা খুৱ ব্যতিক্ৰমী ছাত্ৰ এজনে কিন্তু তেনে সম্ভাষণ ল’বলৈ অনুষ্ঠানটোলৈ যোৱা নাছিল৷ খুৱ সুদৰ্শন চেহেৰাৰ, আকৰ্ষণীয় কথা-বতৰাৰে ভদ্ৰ, স্বল্পভাষী, আৰু নিজকে এক ৰহস্যময় বেষ্টনীৰ মাজত ৰখা ছাত্ৰজনৰ কথা সুকীয়া৷) প্ৰশ্নোত্তৰ অনুষ্ঠানটোত বিষয়াজনক কানাডাত থাকি অহা এজন গৱেষক ছাত্ৰই এটা প্ৰশ্ন সুধিলে। সেই ঠাইত বহু অঞ্চল জুৰি জুই জ্বলোৱাৰ এক পৰম্পৰা আছিল, যিটোৰ অপকাৰৰ কথা জনাৰ পাছত সেইটো কাম বন্ধ কৰা হ’ল। আমাৰ ইয়াতো মাঘ বিহুত গোটেই ৰাজ্য জুৰি জুই জ্বলোৱাৰ পৰম্পৰা আছে, যিটো এতিয়াও বন্ধ কৰা হোৱা নাই। ইয়াৰ পৰা পৰিৱেশৰ বহু অপকাৰ হৈ আছে— জলবায়ুত প্ৰদূষক ৰাসায়নিক পদাৰ্থ বৃদ্ধিৰে অনিষ্ট সাধন কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিলৈকে। কিন্তু সেয়া বন্ধ কৰাৰ কথা ক'লে পৰম্পৰাৰ দোহাই দি আমাৰ মানুহ গৰজি উঠিব। কিন্তু আমাৰ মানুহখিনিক আমিয়েই শিক্ষিত কৰি সলনি কৰিব পাৰিব লাগিব। ছাত্ৰজনে বিষয়াজনক প্ৰশ্ন কৰিলে— এই সম্পৰ্কে আপোনাৰ মতামত কি? ইয়াৰ বাবে কি কৰা উচিত, আপুনি কি পৰামৰ্শ দিব? প্ৰশ্নটো শুনি বিষয়াজনে টপককৈ যিটো উত্তৰ দিলে তাত ফুটি উঠিছিল নিজৰ মানুহক লৈ তেওঁৰ প্ৰবল আত্মবিশ্বাস, নিজৰ দক্ষতাক লৈ গৰ্ব, আমেৰিকাৰ প্ৰশাসনিক বিষয়া এজনৰ বাক-চাতুৰ্য, আমাৰ স্থানৰ প্ৰভাৱশালী মানুহৰ প্ৰতি এক বিদ্ৰুপ! তেওঁ তৎক্ষণাৎ দিয়া উত্তৰটো আছিল— সেইটো তোমাৰ সমস্যা; তুমি তোমাৰ মানুহক বুজাব পৰা নাই; আমি আমাৰ মানুহক পাৰিছোঁ।

No Comments

Post A Comment