গণিতৰ মোৎজাৰ্ট : টেৰেন্স টাও

শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ হৈ পৰিব আৰু গণিতজ্ঞজনকো হাজাৰ বছৰলৈকে সকলোৱে যে মনত ৰাখিব লাগিব আদিবোৰ কথা কৈ থকা অৱস্থাত বহুতো ছাত্ৰ-ছাত্ৰীৰ মনলৈ প্ৰায়ে এটা প্ৰশ্ন আহে। সেই প্ৰশ্নটো হ’ল- এশ বছৰ বা তাৰ আগৰ কোনো গণিতজ্ঞৰ বিষয়ে আমি সহজেই শুনিবলৈ পাওঁ, কিন্তু বৰ্তমান জীয়াই থকা আৰু অধ্যয়নত ব্যস্ত হৈ থকা এনে বহুতো গণিতজ্ঞ আছে যাক মহান গণিতজ্ঞ হিচাপে সদায় মনত ৰখা হ’ব আৰু যাৰ অধ্যয়নৰ বিষয়ে এশ বছৰৰ পাছত সকলোৱেই বক্তৃতা দিবলৈ আৰম্ভ কৰিব তেনেকুৱা এজন গণিতজ্ঞৰ বিষয়ে বৰ্তমানেই কোনোবাই ক’ব পাৰিবনে?

এই প্ৰশ্নটোৰ উত্তৰ হিচাপে আমি একেষাৰে ক’ব পৰা এজন গণিতজ্ঞৰ নাম হ’ল টেৰেন্স টাও। কিন্তু তেখেতৰ বয়স বৰ্তমান মাথোঁ ছয়ত্ৰিশ বছৰ। আনহাতে আজিৰ পৰা পাঁচ বছৰ আগতেই, অৰ্থাৎ ২০০৬ চনত International Congress of Mathematicians ত একত্ৰিশ বছৰ বয়সতে তেখেতক ফিল্ডছ মেডেল প্ৰদান কৰা হৈছিল। সেই সন্মিলনত তেখেতে আগবঢ়োৱা চেমিনাৰৰ আগমুহূৰ্তত সভাকক্ষত তেখেতক পৰিচয় কৰাই দি তেতিয়া বিয়াল্লিশ বছৰীয়া আৰু ১৯৯৮ চনত ফিল্ডছ মেডেল লাভ কৰা আন এজন প্ৰখ্যাত গণিতজ্ঞ টিমোথি গওয়াৰ্চে কৈছিল- “টেৰেন্স টাওক পৰিচয় কৰাই দিবলৈ পোৱাটো মোৰ বাবে পৰম সন্মানৰ বিষয়…… মই ভাবো, টাও কেৱল এজন মহান গণিতজ্ঞই নহয়, তেখেত হ’ল এক গাণিতিক পৰিঘটনা……”

এজন একত্ৰিশ বছৰীয়া মানুহে জীৱন্ত কালতে ইয়াতকৈ আৰু কিমান বেছি স্বীকৃতি লাভ কৰিব পাৰে! কিন্তু টেৰেন্স টাও যেন এই সমূহ স্বীকৃতিৰো উৰ্দ্ধত। তেখেতৰ অধ্যয়নৰ পৰিসৰৰ বিষয়ে বৰ্ণনা দিবলৈয়ো প্ৰখ্যাত, বিচক্ষণ গণিতজ্ঞসকলো থমকি ৰ’ব লগা হয়। বৰ্তমানলৈকে তেখেতৰ প্ৰকাশিত গৱেষণা-পত্ৰৰ সংখ্যা প্ৰায় দুশখন, গণিতৰ প্ৰায় আঠটা বিভাগত তেখেতৰ অধ্যয়ন বিস্তৃত (harmonic analysis, partial differential equations, geometric combinatorics, arithmetic combinatorics, analytic number theory, compressed sensing, algebraic combinatorics আদি), তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা সাতখন আৰু কেইবাখনো গৱেষণা প্ৰত্ৰিকাৰ সম্পাদনাৰ লগত তেখেত বৰ্তমান জড়িত। ইতিমধ্যে ৰয়েল চচাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি তেৰটা প্ৰখ্যাত বঁটা তেখেতে লাভ কৰিছে, যিসমূহৰ এটা লাভ কৰাটোও এজন প্ৰতিভাবান মানুহৰ সৰ্বোচ্চ স্বীকৃতি হ’ব পাৰে।

দহ বছৰীয়া ছাত্ৰ-ছাত্ৰীৰ লগত গণিতৰ এটা পৰীক্ষা দি থকা অৱস্থাত সাত বছৰীয়া টেৰেন্স টাও।

দহ বছৰীয়া ছাত্ৰ-ছাত্ৰীৰ লগত গণিতৰ এটা পৰীক্ষা দি থকা অৱস্থাত সাত বছৰীয়া টেৰেন্স টাও।

বৰ্তমান তেখেত কৰ্মৰত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছৰে এজন অধ্যাপকে মন্তব্য কৰিছিল যে- “The way he crosses areas would be like the best heart surgeon also being exceptional in brain surgery.” “গণিত চ’ৰা”ত ইতিমধ্যে দিয়া প্ৰখ্যাত গাণিতিক ব্লগৰ তালিকাখনৰ একেবাৰে ওপৰত থকা তেখেতৰ ব্লগটো যদি এক মাহ কোনোবাই চাই তেন্তে সহজেই বুজিব পাৰিব যে সেই ব্লগটোৰ প্ৰতিটো লেখা প্ৰকাশৰ লগে লগেই অন্ততঃ কিছু বুজিব পৰাজনো কিমান প্ৰতিভাবান গণিতজ্ঞ হ’ব লাগিব! কিন্তু সেইটো তেখেতৰ এটা ব্লগহে, তাৰ উপৰিও তেখেতৰ আন কৰ্মবোৰ আছেই!

টেৰেন্স টাৱে শৈষৱৰে পৰা তীক্ষ্ণতাৰ পৰিচয় দিছিল। আন্ত:ৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত ১০ বছৰ বয়সত ব্ৰঞ্জৰ পদক, ১১ বছৰ বয়সত ৰূপৰ পদক আৰু ১২ বছৰ বয়সত স্বৰ্ণ পদক লাভ কৰিছিল। তেখেতেই হ’ল আটাইতকৈ কম বয়সত আন্ত:ৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ১৩ বছৰ তলত স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ ছাত্ৰ। আনহাতে সোতৰ বছৰ বয়সত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী আৰু একৈশ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী লাভ কৰে। বৰ্তমান তেখেতক কোৱা হয় : “supreme problem-solver”।

মোজাৰ্ট

মোজাৰ্ট

মোৎজাৰ্ট, যিজন ব্যক্তিৰ পৰা বোলে সংগীত নিগৰি বৈ আহিছিল, ঠিক তেনেদৰেই কোৱা হয়- টেৰেন্স টাওৰ পৰা নিৰৱচ্ছিন্নে গণিত বৈ আহিছে। তেখেতক কোৱা হয় “গণিতৰ মোৎজাৰ্ট” বুলি। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ’ল অসামান্য প্ৰতিভাৰ অধিকাৰী হ’লেও তেখেত মানুহেই। গতিকে, তেখেতৰ কৰ্মশৈলী, চিন্তাধাৰা প্ৰকাশৰ প্ৰণালী, কোনো অৱস্থা বা ঘটনাৰ প্ৰতি দৃষ্টিভংগী আদি কেনেধৰণৰ? এইসমূহৰ প্ৰতি সামান্য চকু দিলেই দেখা যায় তেখেত হ’ল যিকোনো বিষয়ৰ ছাত্ৰ-ছাত্ৰী বা যিকোনো ব্যক্তিৰ বাবেই হ’ব পাৰে প্ৰেৰণাৰ এক উৎস।

Cogito.org নামৰ শিক্ষামূলক ৱেৱচাইটটোৱে চাৰি বছৰ আগতে লোৱা টেৰেন্স টাওৰ এটা সক্ষাৎকাৰে বহুতো প্ৰেৰণাদায়ক কথা প্ৰকাশ কৰে। সেই সাক্ষাৎকাৰটোৰ ভৱানুবাদ ইয়াত আগবঢ়োৱা হ’ল। আমাৰ অনুৰোধ ৰক্ষা কৰি সাক্ষাৎকাৰটোৰ ভৱানুবাদ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰী অৰ্চনা মেনা আৰু বৰ্তমানৰ ছাত্ৰ ধ্ৰুৱ জ্যোতি ওজাই পৃঠকে পৃঠকে আগ বঢ়াইছিল। তেওঁলোক দুয়োজনকে ধন্যবাদ জনালো। সাক্ষাৎকাৰটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।

1 Comment
  • Priyankush Deka
    Posted at 14:47h, 22 November Reply

    Very happy to know about this Mathematical genius.

Post A Comment