বহুতো বিশিষ্ট ব্যক্তিৰ লেখা বা বক্তৃতাত প্ৰসংগক্ৰমে “টাইম” আলোচনীৰ কুৰি শতিকাৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গোটেই শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তিৰ তালিকাখনৰ কথা সততে পঢ়িবলৈ-শুনিবলৈ পোৱা যায়। সেয়েহে তালিকাখনৰ প্ৰতি আমাৰো কিছু কৌতুহল হয়। “ন’বেল বঁটা বিজয়ী লেখকসকল” ধৰণৰ গ্ৰন্থসমূহৰ দৰে এই “এশ”জন ব্যক্তিক সমৰি...