কোনেনো ভাবিছিল প্ৰকাণ্ড পৃথিৱীখন অহৰহ টাকুৰী ঘূৰাদি ঘূৰি থাকে বুলি? কোনেনো ভাবিছিল পৃথিৱীখন সূৰ্য্যৰ চাৰিওপিনেও অহৰহ ঘূৰি থাকি বুলি? যিটো বেগ ছেকেণ্ডত প্ৰায় ৩০ কিলোমিটাৰ!! কেৱল সিমানেই নহয়। কোনেনো ভাবিছিল স্বয়ং সূৰ্য্যটোও একে স্থানতে ৰৈ থকা নাই, সিয়ো গোটেই সৌৰজগতৰ গ্ৰহ-উপগ্ৰহসমূহ লগতে লৈ এটা বেগেৰে...